মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভনিৰোধক বৰিৰ বিষয়ে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভনিৰোধক বৰিৰ বিষয়ে :

গৰ্ভনিৰোধক বৰিৰ বিষয়ে লিখা হৈছে ।

 

সমগ্ৰ বিশ্বতে জনসংখ্যা যি হাৰত বৃদ্ধি পাইছে তাক যদি নিয়ন্ত্ৰণলৈ অনা নহয় তেনেহ’লে জন বিস্ফোৰণৰ বাবে সমগ্ৰ বিশ্বই এদিন ভয়ংকৰ সমস্যাত ভুগিব লাগিব।ইউৰোপৰ অধিকাংশ দেশ,উত্তৰ আমেৰিকা,জাপান ইত্যাদিৰ দৰে উন্নতশীল দেশৰ তুলনাত দক্ষিণ আমেৰিকা,আফ্ৰিকা আৰু এছিয়া মহাদেশৰ অধিকাংশ দেশত জনসংখ্যাৰ সমস্যা বেছি,লগতে দাৰিদ্ৰ্য,ৰুগ্ন স্বাস্থ্য ,অপুষ্টি আদি সমস্যাসমুহেও ব্যাপকভাৱে প্ৰসাৰ লাভ কৰিছে।ইয়াৰ মুখ্য কাৰণবোৰ হ’ল-(ক)এই দেশসমুহত জন্মৰ হাৰ কমা নাই।(খ)জনশিক্ষা আৰু জনসচেতনতাৰ অভাৱ (গ)উন্নত শিল্প, শিক্ষা,চিকিৎসা ব্যৱস্থাৰ অভাৱ।জনসংখ্যাৰ ফালৰ পৰা ক’বলৈ গ’লে আমাৰ দেশ ভাৰতবৰ্ষৰ স্থান বিশ্বত দ্বিতীয়।অৰ্থাৎ চীনদেশৰ পাছতেই ভাৰতৰ স্থান।ৰাষ্ট্ৰ্ংসঘৰ পিয়ল মতে বিশ্বৰ জনসংখ্যা ২০১১ চনত আছিল ১১ বিলিয়ন অৰ্থাৎ এঘাৰ শ কোটি (১১*১০০ কোটি),চীনৰ জনসংখ্যা (২০১০ চনত)১.৩৮ বিলিয়ন অৰ্থাৎ ১৩৮ কোটি।ভাৰতবৰ্ষৰ জনসংখ্যা ২০১৬ চনত ১.৩২ বিলিয়ন বা ১৩২ কোটি।গতিকে জনসংখ্যা বৃদ্ধিৰ এই উৰ্দ্ধগতি হ্ৰাস কৰাৰ একমাত্ৰ কাৰ্যকৰী ব্যৱস্থা হৈছে জন্ম নিয়ন্ত্ৰণ কৰা আৰু প্ৰতি পৰিয়ালৰ সদস্য কমাই অনা।নিজৰ দেশৰ স্বাৰ্থত,পৰিয়ালবিলাকৰ অৰ্থনৈতিক সমস্যা সমাধানৰ অৰ্থে মাতৃ আৰু সন্তানৰ সু-স্বাস্থ্য,সু শিক্ষা আৰু আদৰ্শগত প্ৰতিপালন কৰাৰ বাবে পৰিয়ালসমুহ নিয়ন্ত্ৰণ কৰা অত্যন্ত আৱশ্যকীয় কথা হৈ পৰিছে।

জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে অন্যান্য দেশৰ লেখীয়া আমাৰ দেশতো গৰ্ভ নিৰোধক পদ্ধতিৰ প্ৰচলন আছে।তাৰ ভিতৰত অস্থায়ী আৰু স্থায়ী দুয়োবিধ ব্যৱস্থাই প্ৰচলিত।এই লেখাৰ মাধ্যমত আমি মাথোন দুই প্ৰকাৰ অস্থায়ী পদ্ধতি আৰু এক প্ৰকাৰ স্থায়ী পদ্ধতিৰ বিষয়েহে আলোচনা কৰিম।কাৰণ সামগ্ৰিকভাৱে গৰ্ভনিৰোধক ব্যৱস্থাৰ অৱলম্বন কৰা বৃহত্তৰ মহিলা সমাজখনৰ মাজত এই কেইবিধ ব্যৱস্থা ইমান ব্যাপকভাৱে প্ৰচলিত যে এইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকৰ আত্মতৃপ্তিৰ অনুভৱ আনবোৰ ব্যৱস্থাতকৈ অধিক হোৱা দেখা গৈছে।দুবিধ অস্থায়ী গৰ্ভনিৰোধৰ পদ্ধতি হ’ল ক্ৰমে-(ক)গৰ্ভ নিৰোধক পিল বা অৰেল কনট্ৰাচেপটিভৰ ব্যৱহাৰ।(খ)আই ইউ ডি (IUD)বা ইণ্ট্ৰা ইউটেৰাইন কণ্ট্ৰাচেপটিভ ডিভাইছ।স্থায়ী পদ্ধতিৰ ভিতৰত অস্ত্ৰোপচাৰ দ্বাৰা গৰ্ভনিৰোধক ব্যৱস্থা (লাইগেচন বা টিউৰেক্টমী)প্ৰধান।

অৰেল কণ্ট্ৰাচেপ্টিভ বা গৰ্ভনিৰোধক বৰি:মুখেৰে খোৱা এই গৰ্ভনিৰোধক বৰিক  সচৰাচৰ প্ৰচলিত শব্দৰে পিল (pill)বুলি কোৱা হয়।বিভিন্ন পদ্ধতিৰ ভিতৰত এই পিল বা গৰ্ভ নিৰোধক বৰিৰ জনপ্ৰিয়তা আটাইতকৈ বেছি কাৰণ ইয়াৰে ব্যৰ্থতাৰ হাৰ তেনেই নগন্য বা নায়েই বুলিব পাৰি।দুবিধ হৰমনৰে প্ৰস্তুত কৰা এনে পিল দুই ধৰণে পোৱা যায় কম্বাইণ্ড ইষ্ট্ৰোজেন,প্ৰ্জেষ্টেৰণ আৰু অকল প্ৰজেষ্টকৰণ কণ্ট্ৰাচেপ্টিভ পিল।পৰিয়াল পৰিকল্পনাৰ পৰিসংখ্যাবোৰেও সামগ্ৰিকভাৱে এই কথা প্ৰমাণ কৰে।

কম্বাইন ওৰেল কনট্ৰাচেপ্টিভ পিল:এই বিধ পিল বা বৰিত ইষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰণ যুগ্মভাৱে এটা নিৰ্দিষ্ট অনুপাতত থাকে আৰু ব্যৱহাৰৰ বাবে খুবেই কাৰ্যকৰী।সেয়েহে ইয়াক অন্যভাষাত ক্লাছিকেল বা বেলেনচড (blanced)কণ্ট্ৰাচেপ্টিভ বুলি কোৱা হয়।চিন্থেটিক ইষ্ট্ৰোজেন আৰু চিন্থেটিক প্ৰজেষ্টেৰণ সম্বলিত এই বিধ পিল ঋতুচক্ৰৰ পঞ্চমদিনৰপৰা ১ টাকৈ বড়ি ২১ দিনলৈকে খাব লাগে তাৰ পিছত ৭ দিনৰ বাবে পিল বন্ধ ৰখা হয়।পিল বন্ধৰ সাত দিনৰ ভিতৰত সচৰাচৰ মাহেকীয়া ঋতুস্ৰাৱে দেখা দিয়ে যাক চিকিৎসা শাস্ত্ৰৰ ভাষাত উইড্ৰল ব্লিডিং (Withdrawl bleeding)বুলি কোৱা হয়।এই পিল প্ৰস্তুতকৰণ কোম্পানীসমুহে বিভিন্ন নামেৰে বজাৰত এই গৰ্ভনিৰোধক পিলসমুহ প্ৰচাৰ কৰিছে যাএ কাৰ্যকাৰিতা সম্পৰ্কত কোনো প্ৰভেদ দেখা নাযায়।কিন্তু যিবোৰ পিলত ইষ্ট্ৰজেন-প্ৰজেষ্টেৰ’নৰ পৰিমাণ একেবাৰে নুন্যতম থাকে সেইবোৰেই ব্যৱহাৰ কৰা উচিত।কিয়নো তেনে পিল ব্যৱহাৰত পাৰ্শ্বক্ৰিয়া খুব কম বা নেথাকেই।আজিকালি অধিকাংশ এনে পিলত ইষ্ট্ৰেজেনৰ মাত্ৰা বা পৰিমাণ বেছিভাগতে ৩০mcg বা ০৩ mg থাকে।চৰকাৰী চিকিৎসালয়ত ,পি এইচ চি,চি এইচ চি আৰু পৰিয়াল পৰিকল্পনাৰ চৰকাৰী কেন্দ্ৰ,ডিচপেনচাৰী,হেলথ ইউনিটসমুহত এই পিল সহজলভ্য আৰু বিনামুলীয়া বিতৰণৰ ব্যৱস্থা আছে।

কেৱল প্ৰজেষ্টেৰ’ন কণ্ট্ৰাচেপ্টিভ:তুলনামুলকভাৱে ইয়াৰ ব্যৱহাৰ কম।কিয়নো এই পিল খোৱাসকলৰ মাজত ব্যৰ্থতাৰ হাৰ বেছি।আকৌ মাহেকীয়া হোৱা সময়তো পিল খাবই লাগিব।কিন্তু যিবোৰ মহিলাৰ ক্ষেত্ৰত ইষ্ট্ৰোজেন হৰমনৰ ব্যৱহাৰ নিষিদ্ধ বা মহিলাসকলৰ স্তনপান কৰোৱাৰ সময়ত এই প্ৰজেষ্টেৰণ পিল ব্যৱহাৰ কৰা দেখা যায়।

জীৱন বিপদাপন্ন কৰিব পৰা কোনো ৰোগ শৰীৰত নাথাকিলে ,ধুমপান আৰু সুৰাপান একেবাৰে নকৰিলে ৩৫-৪০ বছৰ বয়সৰ সকলো শ্ৰেণীৰ মহিলাই পাঁচ বছৰ পৰ্যন্ত পিল খাই থাকি বপাৰে।

পিল সেৱন কৰা মহি লাই বছৰত অন্তত:দুবাৰকৈ অভিজ্ঞ স্ত্ৰীৰোগ-বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি পৰামৰ্শ ল’ব লাগে।আৰু ব্যৱস্থা পত্ৰ লিখি দিয়া সকলো পৰীক্ষা কৰাই নিৰীক্ষণ কৰি থাকিব লাগে।

কিছুমান আপদীয়া উপসৰ্গ গৰ্ভনিৰোধক পিল সেৱন কৰা মহিলাৰ বাবে কাৰক হিচাপে ক্ৰিয়া কৰি বিপদত পেলাব পাৰে।তেনে বিপদসংকুল উপসৰ্গ দেহাত থাকিলে গৰ্ভনিৰোধক পিল সেৱন নকৰাই ভাল।

ইয়াৰ ভিতৰত বিশেষভাৱে নিষেধাজ্ঞা থকা ভয়ানক উপসৰ্গ বিধ হ’ল স্তনৰ কৰ্কট ৰোগ।তদুপৰি বহিৰ্জননেন্দ্ৰিয়,আভ্যন্তৰীণ জননেন্দ্ৰিয় আৰু শৰীৰৰ অন্যান্য যিকোনো অঙ্গৰে কৰ্কট ৰোগত ভুগি থাকিলে পিল সেৱন কৰাটো বিপজ্জনক।

দুৰ্বল যকৃত বা বৃক্কৰ ব্যাধি অথবা অন্যান্য ৰোগৰ ভিতৰত (ক)উচ্চ ৰক্তচাপ (খ)মাইগ্ৰেইন (গ)মধুমেহ (ঘ)এজমা (ঙ)যকৃত বা বৃক্কৰ বহুদিনীয়া ৰোগ (চ)চিকল চেল এনিমিয়া,(ছ)গৰ্ভৱতী মাতৃসকল (জ)উচ্চহাৰত তেজত লিপিডৰ আধিক্য-যেনে কলেষ্টেৰল আৰু ট্ৰাইগ্লীচিৰাইডৰ উচ্চ মাত্ৰা।(জ)হৃদপিণ্ডৰ ক’ৰনাৰী ধমনীৰ ৰোগ (CAD)।(ঝ)মৃগী বেমাৰী ,(ঞ)অতিৰিক্ত ডিপ্ৰেচনত ভোগা ৰোগী,(ট)ধুমপান আৰু মদ্যপানত ,গভীৰভাৱে আসক্ত মহিলা, (ঠ)ভেৰিক’চিটি ভেইন (ৰক্তবাহী সিৰাত থকা স্থায়ী সংকোচন),(ড)সিৰাত থ্ৰম্বচিচ উপসৰ্গ (Deep vein Thrombosis) ,(ঢ)গুৰুতৰ এলাৰ্জিৰ বুৰঞ্জী (ণ)জণ্ডিচ আৰু জুবিন-জনচন চিনড্ৰোম,(ত)শৰীৰত পানী জমা হ’লে ইত্যাদি ৰোগ থাকিলে পিলৰ ব্যৱহাৰ নকৰাই উচিত।

অৱশেষত দুষাৰ সতৰ্কবাণীৰে আমাৰ আলোচনা সামৰিম।উপৰোক্ত উপসৰ্গসমুহৰ ভিতৰত-১/উচ্চ ৰক্তচাপ,২/মৃগী আদি ২/৪ ৰোগ থাকিলেও এগৰাকী অভিজ্ঞ স্ত্ৰীৰোগ বিশেষজ্ঞৰ দ্বাৰা পিল সেৱনৰ বাবে প্ৰাক পৰীক্ষাসমুহ কৰাই লৈ সঠিক নিৰ্বাচনৰে সঠিক ব্ৰেণ্ডৰ গৰ্ভনিৰোধক পিল সেৱন কৰাত কোনো বাধা নাই।কেৱল নিজৰ মনেৰে লোকক দেখি বা লোকৰ কথা শুনি পিলৰ ব্ৰেণ্ড নিৰ্বাচন নালাগে।

লেখক: ডা: দীনেশ শৰ্মা (দৈনিক অসম)

 

3.12903225806
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top