মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভস্থ সন্তানৰ বাবে বিপজ্জনক কীটনাশক স্প্ৰে’
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভস্থ সন্তানৰ বাবে বিপজ্জনক কীটনাশক স্প্ৰে’

গৰ্ভস্থ সন্তানৰ বাবে বিপজ্জনক কীটনাশক স্প্ৰে’ৰ বিষয়ে লিখা হৈছে ।

 

গৰ্ভৱতী মহিলা এগৰাকীয়ে নিজৰ শৰীৰটোৰ লগতে গৰ্ভত থকা সন্তনটিৰ বাবেও খোৱা-বোৱা, ফুৰা-চকা আদিত যথেষ্ট সাৱধানতা লোৱা উচিত।

গৰ্ভৱতী অৱস্থাত মহিলাগৰাকীৰ বাবে মাদকদ্ৰব্য আৰু চিগাৰেট একেবাৰেই নিষিদ্ধ। চিকিৎসকসকলৰ মতে চিগাৰেটত থকা নিক’টিন নামৰ দ্ৰব্যবিধে গৰ্ভস্থ সন্তানৰ মগজুৰ ক্ষতি কৰে, যাৰ ফলত শিশুটি মানসিকভাৱে অস্বাভাৱিকভাৱে দুৰ্বল হৈ বিকলাংগ হৈ পৰিব পাৰে।

পিচে বৰ্তমান যুগত গৰ্ভৱতী মহিলাসকলৰ কাৰণে আন এটা ভয়ানক ক্ষতিকাৰক দ্ৰব্য়ও চিকিৎসক তথা বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হৈছে। সেই ভয়ানক দ্ৰব্যবিধ হৈছে- কীটনাশক দ্ৰব্য।

আপুনি জানেনে যে, বিশ্বৰ শতকৰা ৫৪ ভাগ(৫৪%) গৰ্ভৱতী মহিলাই কীটনাশক দৰববোৰ ঘৰৰ ভিতৰ-বাহিৰ, ঘৰৰ ফুলৰ বাগিচা, শাকনিবাৰী আদিৰ কীট-পতংগবোৰ আঁতৰাবলৈ ব্যৱহাৰ কৰে। এনেকৈ ঘৰুৱাভাৱে ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্যবোৰে গৰ্ভস্থ সন্তান আৰু কেঁচুৱাবোৰৰ শৰীৰ, মগজুত ভয়ানকভাৱে ক্ষতি কৰে।

কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ কাৰণে হোৱা ক্ষতিকাৰক দিশটোৰ অধ্যয়ন, পৰীক্ষা-নিৰীক্ষা প্ৰথমবাৰৰ বাবে স্পেইন দেশত চলোৱা হৈছিল।

সেই পৰীক্ষামতে দেশখনৰ আধাতকৈও বেছি সংখ্যক মহিলাই নিয়মিতভাৱ এই ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যবোৰ ব্যৱহাৰ কৰে। স্পেইনৰ গৱেষকসকলে সমীক্ষা চলাই ধৰা পেলাইছে যে, দেশখনৰ চাবেডে’ল, গুইপুজকোৱা আৰু আষ্টুৰিয়াছৰ বিভিন্ন অঞ্চলত প্ৰায় ২৫০০(পঁচিশ শতক) মহিলাই গৰ্ভাৱস্থাত আৰু কেঁচুৱাবোৰৰ এবছৰ বয়সলৈকে ঘৰুৱা কীটনাশক দৰববোৰ ব্যৱহাৰ কৰি থাকে।

তেওঁলোকৰ এই বিষয়ৰ সমীক্ষাটো ‘সামগ্ৰিক পৰিৱেশ বিজ্ঞান’(Science of the total environment) নামৰ পত্ৰিকাখনত প্ৰকাশ পায়।

উক্ত সমীক্ষাটোত সামাজিক বাতাবৰণ আৰু জীৱন ধাৰণৰ নানাধৰণৰ দিশবোৰ যে এই কীটনাশক দ্ৰব্যবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণভাৱে জড়িত হৈ অছে- সেই কথাবোৰো বিবেচনা কৰা হৈছিল।

সেই সমীক্ষাটোৰ সম্পৰ্কে যিটো প্ৰবন্ধ প্ৰকাশিত হৈছিল। সেই প্ৰবন্ধটোৰ প্ৰবন্ধকাৰসকলে ২০০৩ আৰু ২০০৮ চনত এই সমীক্ষাটোত জড়িত হ’বলৈ সন্মতি দিয়া মহিলাসকলক তেওঁলোকৰ গৰ্ভাৱস্থাৰ আৰম্ভণিৰ পৰা সন্তান জন্ম দিয়া পৰ্যন্ত সময়লৈকে আৰু তেওঁলোকৰ জন্ম হোৱা কেঁচুৱা সন্তানৰ এবছৰ বয়সপৰ্যন্ত জড়িত কৰোৱা হৈছিল।

উক্ত সমীক্ষাৰ প্ৰবন্ধকাৰসকলৰ মাজৰ মুখ্য প্ৰবন্ধকাৰ ছাব্ৰিনা লপ নামৰ গৱেষিকাগৰাকীয়ে ভেলেন্সিয়াৰ ‘হায়াৰ পাব্লিক হেলথ চেন্টাৰ’(Higher Public Health Centre) নামৰ সংস্থাটোৰ সৈতে জড়িত হৈ আছে।

ছাব্ৰিনাই উক্ত প্ৰবন্ধটোত লিখিছে- ‘ঘৰবোৰত কীট-প্তংগ আৰু অন্যান্য প্ৰাণীবোৰৰ উপদ্ৰবৰ পৰা ৰক্ষা পৰিবলৈ ঘৰুৱাভাৱে কীটনাশক দ্ৰব্যবোৰ ব্যৱহাৰ কৰা হয়।

এই কীটনাশক দ্ৰব্যবোৰে গৰ্ভস্থ সন্তান আৰু কেঁচুৱাবোৰৰ ওপৰত ইমানেই বেছি নেতিবাচক প্ৰভাৱ পেলায় যে, ই গৰ্ভস্থ সন্তানৰ দেহৰ বৃদ্ধি আৰু মগজুৰ বিকাশ ৰোধ কৰে। অটাইতকৈ ভয়ানক কথাটো হ’ল এনে কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ শৈশৱকালত তেজৰ কেন্সাৰ ৰোগৰ কাৰক হৈ পৰে’।

সমীক্ষাটোত দেখা গৈছিল ৫৪ শতাংশ গৰ্ভৱতী মহিলাই ঘৰৰ ভিতৰত কিবা এবিধ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰেই, ১৫ শতাংশই দুই বা তিনিবিধ ধৰণৰো কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি থাকে। শতকৰা ৪৫ ভাগ মহিলাই তেওঁলোকৰ শোৱনী কোঠাৰ ভিতৰত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে, ৫ শতাংশই গোটেই বছৰজুৰি ৭৫ শতাংশই ঋতু বিশেষে আৰু ২০ শতাংশ মহিলাই সময়ে সময়ে ব্যৱহাৰ কৰে। শোৱনি কোঠাত সঘনে ব্যৱহৃত হোৱা কীটনাশক দ্ৰব্যৰ ভিতৰত আছে ৬২ শতাংশ বৈদ্যুতিক কীটনাশক সৰঞ্জাম।

৪৭ শতাংশ সৰ্বসাধাৰণ মহিলাই ঘৰৰ ভিতৰত কীটনাশক দ্ৰব্যবোৰ ব্যৱহাৰ কৰে। তাৰে মাজৰ ৭ শতাংশই গোটেই বছৰজুৰি ৬৭ শতাংশই মাজে মাজে আৰু ২৬ শতাংশই কাচিৎ এই দ্ৰব্যবোৰ ব্যৱহাৰ কৰে।

২ শতাংশ মহিলাই তেওঁলোকৰ শোৱনী কোঠাত পোক-পতংগক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কীটনাশক ঔষধ ব্যৱহাৰ নকৰি বেলেগ ব্যৱস্থা গ্ৰহণ কৰে। ৫ শতাংশ মহিলাই শোৱনী কোঠাৰ বাবে ঘৰৰ ভিতৰৰ বাকী অংশত কীটনাশক ঔষধ ব্যহাৰ নকৰে।

সেই বেলেগ ব্যৱস্থাবোৰ হ’ল- পঁইতাচোৰাৰ ফান্দ, গুৰি কৰা কীটনাশক দ্ৰব্য নতুবা আন ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰে। মাথোন ১ শতাংশ মহিলাই গৰ্ভাৱস্থাত কীট-পতংগক আঁতৰাবলৈ ঔষধবোৰ ব্যৱহাৰ কৰে।

সমীক্ষাটোত আন এটা কথাও পৰিলক্ষিত হৈছে যে, ১০ শতাংশ গৰ্ভৱতী মহিলাই ফুলনি, শাকনি, চোতাল আদি ঘৰৰ বাহিৰৰ ঠাইবোৰত কীটনাশক ঔষধ ব্যৱহাৰ কৰে। ৯ শতাংশই প্ৰতি মাহত, ১৪ শতাংশই ২-৩ মাহৰ মূৰে মূৰে, ২০ শতাংশ বছৰেকত তিনিবাৰকৈ আৰু ৫৭ শতাংশ মহিলাই কেতিয়াবাহে কীটনাশক ঔসধ ব্যৱহাৰ কৰি থাকে।

ছাব্ৰিনা লপে প্ৰবন্ধটোত এইটোও লিখিছে- ‘এই ফলাফলবোৰ বেছ গুৰুত্বপূৰ্ণ কাৰণ এনেবোৰ তথ্যই ভৱিষ্যতে প্ৰতিৰোধী আঁচনি(বিশেষকৈ য’ত জীৱনৰে আশংকা থাকে) লোৱাত সহায় কৰে। মহিলাসকল যিমানে অশিক্ষিত হয়, সিমানেই কীটনাশক ঔষধৰ প্ৰয়োগ বাঢ়ি গৈ থাকে।

স্পেইনত জন্ম হোৱা মহিলাসকল, যাৰ শিক্ষা-দীক্ষা বহুত কম, তেওঁলোকৰ মাজৰ যিসকলৰ ফুলনি-শাকনিবাৰী আছে, নতুবা যাৰ ঘৰ খেতিপথাৰৰ কাষত থাকে তেওঁলোকে অথবা ছাবডে’ল বা ভেলেন্সিয়া অঞ্চলৰ পৰা অহা মহিলা হয়, তেন্তে তেওঁলোকে ঘৰুৱাভাৱে কীটনাশক দ্ৰব্যবোৰহে ব্যৱহাৰ কৰি থাকে।

এই কীটনাশক দ্ৰব্যবোৰক গৰ্ভৱতী মহিলাসকলে তেওঁলোকে জন্ম দিয়া সন্তানবোৰৰ ক্ষেত্ৰত এবছৰলৈকে ব্যৱহাৰ কৰি থকা যায় যদিও সেইসকল মহিলাৰ মাজেৰে ২০ শতাংশ মহিলাই এনে ঔষধৰ ব্যৱহাৰ বন্ধ কৰি দিয়ে।

স্প্ৰে’ত ৰূপত থকা কীটনাশক ঔষধবোৰক সেইখিনি মহিলাই নিজৰ শোৱনী কোঠাত ব্যৱহাৰ কৰিবলৈ এৰি দিয়ে। পিচে ৫৩ শতাংশ গৰ্ভৱতী মহিলা আৰু ২৬ শতাংশ কেঁচুৱা-শিশুৰ ক্ষেত্ৰত বৈদ্যুতিক কীট-পতংগ প্ৰতিৰোধী সৰঞ্জামবোৰৰ ব্যৱহাৰ কিন্তু অবিৰাম গতিৰে ৱলিয়েই থাকে।

বিষাক্ত কীটনাশক ঔষধবোৰ প্ৰধানকৈ উশাহ, ছালৰ সংস্পৰ্শ আৰু বিষাক্ত কীটনাশক দ্ৰব্যৰে স্প্ৰে’ পৰি থকা খাদ্যবোৰ নজনাকৈ খোৱাৰ ফলত কেঁচুৱা আৰু শিশুৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰে। সেইদৰে কীটনাশক বিষাক্ত ঔষধ মিহলি হৈ থকা ঘৰৰ ধূলিবোৰেও কীটনাশক ঔষধবোৰ মানৱ শৰীৰৰ ভিতৰলৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বাহক হিচাপে কাম কৰে।

দেখা গৈছে, ঘৰৰ ভিতৰত ব্যৱহাৰ কৰা কীটনাশক ঔষধৰ স্প্ৰে’ৰ কণিকাবোৰহে মানৱ শৰীৰৰ কাৰণে অত্যন্ত ক্ষতিকাৰক।

কাৰণ ঘৰৰ বাহিৰত ব্যৱহাৰ কৰা কীটনাশক ঔষধবোৰ বাহিৰৰ বতাহে উৰুৱাই নিয়ে, সেইবোৰে মানৱ দেহৰ ওপৰত বেছি প্ৰভাৱ পেলাব নোৱাৰে, শৰীৰটোৰ ভিতৰলৈ সোমাবলৈ সুযোগ নাপায়।

কীটনাশক ঔষধ, দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত চলোৱা সমীক্ষাটোক লৈ ৰচনা কৰা উক্ত প্ৰবন্ধটোত বৰঙণি যোগোৱা লেখকসকলে ঘৰৰ ভিতৰত বেছি সময় কটাবলগীয়া কেঁচুৱাসকলৰ প্ৰতি বেছি গুৰুত্ব দিছে। তদুপৰি কেঁচুৱাবোৰে পূৰ্ণবয়স্ক লোকসকলৰ তুলনাত বহুত বেছি কম কাপোৰ-কানি পিন্ধি থাকে।

আনহাতে, পূৰ্ণবয়স্ক লোকসকলতকৈ কেঁচুৱা আৰু শিশুসকলে উশাহ লওঁতে সিহঁতে ঘৰৰ মজিয়াখনৰ নিচেই কাষতে বা ওপৰতো শুই থাকে। আন এটা কথাও আমি মন কৰিব লাগিব যে, কেঁচুৱা আৰু বিশেষকৈ শিশুবোৰ গছ-পাত, ঘাঁহনি, কাৰ্পেটৰ দৰে মাটিত থকা বস্তুবোৰৰ সংস্পৰ্শত বেছি পৰিমাণে থাকিবলগীয়া হয়।

কাম-কাজৰ বাবে বয়স্ক লোকসকলে বহুতবাৰ ঘৰৰ বাহিৰলৈ যায়, কৰ্মস্থলীলৈ যায়। গতিকে ঘৰৰ ভিতৰত থকা কীটনাশক ঔষধ মিহলি হৈ থকা বায়ুৱে বয়স্ক লোকসকলৰ শৰীৰৰ ওপৰত একেৰাহে দীৰ্ঘ সময়জুৰি প্ৰভাৱ পেলাব নোৱাৰে।

প্ৰবন্ধটোৰ সামৰণিত ছাব্ৰিণা লপে লিখিছে- ‘ভ্ৰূণ, কেঁচুৱা আৰু শিশুসকলৰ শৰীৰত থকা প্ৰণালী আৰু প্ৰতিৰোধী ব্যৱস্থাটো সম্পূৰ্নভাৱে বিকশিত নোহোৱাকৈ দুৰ্বল অৱস্থাতে থাকে’।

সেয়েহে গৰ্ভৱতী মহিলাসকল আৰু কেঁচুৱাবোৰৰ স্বাস্থ্য ৰক্ষা তথা দুৰাৰোগ্য ৰোগৰ পৰা বচাই ৰাখিবলৈ ঘৰৰ ভিতৰত আমি বজাৰত কিনিবলৈ পোৱা কীটনাশক ঔষধ আৰু বৈদ্যুতিক সৰঞ্জামবোৰ ব্যৱহাৰ নকৰাই ভাল।

লেখিকা: বন্দনা ফুকন(সাদিন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top