মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাত টক্স’প্লাজম’ছিছ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থাত টক্স’প্লাজম’ছিছ :

গৰ্ভাৱস্থাত টক্স’প্লাজম’ছিছৰ বিষয়ে লিখা হৈছে ।

 

টক্স’প্লাজম’ছিছ হ’ল এক পৰজীৱী প্ৰ’ট’য’ৱা, টক্স’প্লাজমা গ্ৰন্থিৰ দ্বাৰা হোৱা ৰোগ । এই ৰোগৰ বীজাণু মেকুৰীৰ দেহৰ ক্ষুদ্ৰান্তত বিকশিত হয় আৰু মেকুৰীৰ বিষ্ঠাৰ দ্বাৰাই মানুহৰ দেহলৈ বিয়পে । মেকুৰীৰ বিষ্ঠাই খাদ্য, পানী আৰু মাটিৰ লগত মিহলি হৈ মানুহ তথা গাহৰি আৰু ভেড়াৰ দেহলৈ সংক্ৰমিত হয় । গাহৰি আৰু ভেড়াৰ মাংসৰ যোগেৰে এই বীজাণু মানুহৰ দেহলৈ বিয়পে । গৰ্ভৱতী মহিলা এনে বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’লে, তেনে মহিলাৰ গৰ্ভস্থ সন্তান আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে । মানুহৰ দেহলৈ বিভিন্ন পন্থাৰে এই ৰোগ বিয়পে । শুদা হাতেৰে বাগিচাত কাম কৰিলে, ভালকৈ নোধোৱাকৈ শাক-পাচলি, ফল-মূল খালে, ভালকৈ নিসিজোৱা গাহৰি আৰু ভেড়াৰ মাংস খালে, পানী পৰিশোধন নকৰাকৈ খালে । যদিহে এনে পানী উক্ত বীজাণুৰ দ্বাৰা সংক্ৰমিত হয়, তেনেহ’লে টক্স’প্লাজম’ছিছত আক্ৰান্ত হ’ব পাৰে । ভাৰতত প্ৰায় ৪০-৬০ শতাংশ গৰ্ভৱতী মহিলাৰ তেজত এই ৰোগৰ বীজাণু পোৱা গৈছে ।

লক্ষণসমূহ -

প্ৰায়ভাগ সংক্ৰমিত মহিলাৰে (৮০-৯০ শতাংশ) কোনো লক্ষণ দেখা নাযায় । ১০ শতাংশ মহিলাৰ গাত দেখা লক্ষণবোৰৰ ভিতৰত জ্বৰ ভাব, গাৰ বিষ, অৱশ ভাব, ডিঙিৰ বিষ, মাংসপেশীৰ বিষ, গাত দেখা দিয়া সৰু সৰু গুটি (ৰঙচুৱা) আদি । টক্স’প্লাজম’ছিছ সাধাৰণতে নিজে নিজেই ঠিক হোৱা বেমাৰ । ই সাধাৰণতে কেইবা সপ্তাহো থাকিব পাৰে । ২৫-৩৫ বছৰৰ মানুহ সাধাৰণতে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় । কোনো কোনোৰ দেহৰ গ্ৰন্থিসমূহ বিশেষকৈ ডিঙিৰ ওচৰৰ গ্ৰন্থিসমূহ উখহি উঠে (২০-৩০ শতাংশ), এইবোৰ সাধাৰণতে নিবিষায় । সীমিতসংখ্যক লোকৰ কেতিয়াবা কেতিয়াবা এই ৰোগে ভয়াৱহ ৰুপ লয় । ইয়াৰ ফলত মানুহগৰাকী মূৰ (এনকেফেলাইটিছ), হৃৎপিণ্ডৰ (মায়’কাৰ্ডাইটিছ), যকৃতৰ ভয়াৱহ সংক্ৰমণত ভুগিব পাৰে ।

জন্মতে হোৱা টক্স’প্লাজম’ছিছ -

প্ৰায় ০.৩ -১ শতাংশ মহিলা এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় । ইয়াৰ প্ৰায় ৬০ শতাংশ মহিলাৰ গৰ্ভাৱস্থাত গৰ্ভজাত শিশুটিলৈ ই বিয়পিব পাৰে । ১০-১৫ শতাংশ গৰ্ভৱতী মহিলাৰ প্ৰথম তিনি মাহত, ২০-২৫ শতাংশ মহিলাৰ গৰ্ভাৱস্থাৰ মাজভাগত আৰু ৬০-৭০ শতাংশ মহিলাৰ গৰ্ভাৱস্থাৰ শেষৰফালে, গৰ্ভজাত শিশু ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে । অৰ্থাৎ যিমানে গৰ্ভকাল বাঢ়ি গৈ থাকে, সিমানে গৰ্ভস্থ শিশুটিৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায় । গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহত হোৱা সংক্ৰমণে গৰ্ভস্থ সন্তানৰ দেহত বেছিকৈ বিৰুপ প্ৰভাৱ পেলায় । এনেবোৰ শিশুৰ জন্মতে ওজন কম থাকে, যকৃৎ প্লীহা বাঢ়ি যায়, জণ্ডিচ আৰু ৰক্তহীনতাত ভোগে । জন্মগতভাৱে কেতবোৰ শিশুৰ মূৰ সৰু হোৱা (মাইক্ৰ’চেফালি), বৃহদাকাৰ হোৱা (হাইড্ৰ’কেফেলাছ ) কনভালশ্বন হোৱা দেখা যায় । চকুৰ জটিল ৰোগত (কৰিয়’ৰেটিনাইটিছ) আক্ৰান্ত হোৱাৰ ফলত এনে শিশু জন্মতে অন্ধ হ’ব পাৰে ।

ৰোগ নিৰুপণ -

আক্ৰান্ত মহিলাগৰাকীৰ তেজত টক্স’প্লাজমৰ ইমিউন’গ্ল’বিউলিন ‘জি’ আৰু ‘এম’ নামৰ এণ্টিব’ডিৰ উপস্থিতি পৰীক্ষা কৰা হয় । এই ৰোগৰ সংক্ৰমণৰ প্ৰথমাৱস্থাত ইমিউন’গ্ল’বিউলিন ‘এম’ নামৰ এণ্টিব’ডিবিধ ধৰা পৰে আৰু পিচৰফালে ১-৩ সপ্তাহৰ ভিতৰত ‘জি’ নামৰ এণ্টিব’ডিবিধ ধৰা পৰে ।

পি চি আৰ (পলিমাৰাইজড চেইন ৰিয়েকচন) আন এবিধ পৰীক্ষা, যিয়ে এই ৰোগৰ অৱস্থিতি ধৰা পেলায় । গৰ্ভস্থ শিশুটি আক্ৰান্ত হোৱাৰ বিষয়ে জানিবলৈ শিশুটিৰ নাড়ীৰ তেজত ইমিউন’গ্ল’বিউলিন ‘জি’ আৰু ‘এম’ৰ অৱস্থিতি পৰীক্ষা কৰা হয় । ‘এমনিয়টিক ফ্লুইড’ পৰীক্ষা কৰিও এই ৰোগৰ অৱস্থিতি ধৰা পেলোৱা হয় ।

প্ৰতিৰোধমূলক ব্যৱস্থা -

এতিয়ালৈকে টক্স’প্লাজমাৰ কোনো টিকা (ভেকচিন) ওলোৱা নাই । সেয়েহে কেতবোৰ সাৱধানতা অৱলম্বন কৰিলে জন্মতে হোৱা টক্স’প্লাজম’ছিছ  বা আনি সময়ত হোৱা টক্স’প্লাজম’ছিছ  বাধা দিব পাৰি ।

চিকিৎসা -

গৰ্ভাৱস্থাত টক্স’প্লাজম’ছিছৰ উপস্থিতি ধৰা পৰিলে ‘স্পাইৰামাইচিন’ নামৰ দৰববিধ চিকিৎসকৰ পৰামৰ্শমতে ব্যৱহাৰ কৰিব লাগে । এই ঔষধে মাকৰ পৰা গৰ্ভস্থ শিশুটিলৈ এই ৰোগৰ বীজাণু প্ৰৱেশ কৰাত বাধা দিয়ে । এই ঔষধ গৰ্ভাৱস্থাৰ গোটেই সময়জুৰি খোৱা দৰকাৰ । ‘পাইৰিমিথামিন’ আৰু ‘ছালফাডিয়ামিন’ নামৰ দৰব দুবিধ গৰ্ভাৱস্থাৰ শেষৰফালে টক্স’প্লাজম’ছিছ  ধৰা পৰিলে ব্যৱহাৰ কৰা হয় । গৰ্ভাৱস্থাৰ আৰম্ভণিতে এই ঔষধ ব্যৱহাৰ কৰা নহয় । ই শিশুটিৰ ওপৰত বিৰুপ প্ৰভাৱ পেলাব পাৰে । গৰ্ভাৱস্থাৰ আৰম্ভণিতে যদি টক্স’প্লাজম’ছিছ ধৰা পৰে আৰু গৰ্ভস্থ শিশুটি আক্ৰান্ত হোৱাৰ বিষয়ে আল্ট্ৰাছাউণ্ড কৰি জানিব পাৰি, তেতিয়াহ’লে গৰ্ভপাত কৰিবলৈ পৰামৰ্শ দিয়া হয় । শিশুটিৰ দেহত এই ৰোগ ধৰা পৰিলে ‘পাইৰিমিথামিন’ আৰু ‘ছালফাডিয়মিন’ৰ লগতে ফলিক এচিড ব্যৱহাৰ কৰা হয় । পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্য সজাগতা, টক্স’প্লাজম’ছিছৰ বিৰুদ্ধে যুঁজাৰ মূল অস্ত্ৰ । স্বচ্ছতাই স্বাস্থ্য- ই মহামন্ত্ৰ ।

লেখক :- ডা: ৰাজীৱলোচন শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top