মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ সময়ত ব্যৱহাৰ কৰিব পৰা ঔষধ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থাৰ সময়ত ব্যৱহাৰ কৰিব পৰা ঔষধ

গৰ্ভাৱস্থাৰ সময়ত ব্যৱহাৰ কৰিব পৰা ঔষধৰ বিষয়ে লিখা হৈছে ।

 

গৰ্ভাৱস্থাৰ সময়ত ব্যৱহাৰ কৰা ঔষধবোৰে গৰ্ভস্থ সন্তানৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। নিজে নজনাকৈ বা চিকিৎসকৰ অনুমতি নোলোৱাকৈ সেৱন কৰা এনে ঔষধে গৰ্ভস্থ সন্তানৰ অপকাৰ কৰিব পাৰে।

কোনো কোনো ক্ষেত্ৰত এনে ঔষধে গৰ্ভস্থ সন্তানক বিকলাংগ পৰ্যন্ত কৰিব পাৰে। মাকে ব্যৱহাৰ কৰা এনে অপকাৰী ঔষধে প্লেচেন্টা(ফুল) অতিক্ৰম কৰি গৰ্ভস্থ সন্তানৰ দেহত প্ৰৱেশ কৰে আৰু গৰ্ভস্থ সন্তানৰ বিকাশত বিৰূপ প্ৰভাৱ পেলায়।

অৱশ্যে এনে ঔষধৰ ব্যৱহাৰে শিশুটিৰ ওপৰত পৰিব পৰা প্ৰভাৱ নিৰ্ভৰ কৰে গৰ্ভাৱস্থাৰ কোন সময়ত, কিমান পৰিমাণে ব্যৱহাৰ কৰিছে তাৰ ওপৰত। গৰ্ভাৱস্থাত ব্যৱহাৰ কৰা সকলো ঔষধ অপকাৰী নহয়।

নিৰাপদৰ ফালৰ পৰা ঔষধসমূহক পাঁচটা ভাগত ভাগ কৰা হৈছে। তলত ইয়াক বহলাই আলোচনা কৰা হ’ল।

১) ‘এ’ শ্ৰেণীৰ(কেটেগৰী) ঔষধ:

বিভিন্ন পৰীক্ষাৰ অন্তত এনে ঔষধৰ ব্যৱহাৰে গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহত গৰ্ভস্থ শিশুটিৰ কোনো অপকাৰ নকৰে বুলি নিশ্চিত হোৱাৰ পিছতহে এই শ্ৰেণীৰ ঔষধ গৰ্ভাৱস্থাত ব্যৱহাৰ কৰিবৰ বাবে অনুমতি দিয়া হয়।

গৰ্ভাৱস্থাৰ পিছৰ ফালে এনে ঔষধৰ ব্যৱহাৰে গৰ্ভস্থ শিশুটিৰ কোনো অপকাৰ নকৰে। উদাহৰণস্বৰূপে ভিটামিনৰ সংমিশ্ৰণসমূহ(মাল্টি-ভিটামিন)।

২) ‘বি’ শ্ৰেণীৰ(কেটেগৰী) ঔষধ:

জীৱ-জন্তুৰ দেহত গৰ্ভাৱস্থাত এনে ঔষধৰ ব্যৱহাৰে কোনো বিৰূপ প্ৰভাৱ পেলোৱা প্ৰতিফলিত হোৱা নাই বা মানুহৰ দেহত গৰ্ভাৱস্থাত এনে ঔষধৰ ব্যৱহাৰে কোনো বিৰূপ প্ৰভাৱ পেলোৱাটো ধৰা পৰা নাই।

উদাহৰণস্বৰূপে পেনিছিলিন জাতীয় এন্টিবায়’টিক ইয়াৰ ভিতৰত পৰে।

৩)গৰ্ভাৱস্থাৰ ‘চি’ শ্ৰেণীৰ ঔষধ:

জীৱৰ দেহত গৰ্ভাৱস্থাত এনে ঔষধৰ ব্যৱহাৰে বিৰূপ প্ৰভাৱ পেলোৱাটো প্ৰতিফলিত হৈছে যদিও মানৱ দেহত তেনে কোনো বিশ্বাসযোগ্য পৰীক্ষা সম্পন্ন হোৱা নাই।

প্ৰয়োজনবোধে অতি দৰকাৰী বুলি ভাবিলে এনে দৰব মাকৰ হিতৰ কথা ভাবি গৰ্ভাৱস্থাত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে এমাইন’গ্লাইক’ছাইড।

৪)গৰ্ভাৱস্থাৰ ‘ডি’ শ্ৰেণীৰ ঔষধ:

এনে ঔষধৰ ব্যৱহাৰে গৰ্ভাৱস্থাত বিৰূপ প্ৰভাৱ পেলোৱাটো প্ৰমাণ হৈছে যদিও মাকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অতি প্ৰয়োজনত গৰ্ভাৱস্থাত এনে ঔষধ ব্যৱহাৰ কৰা হয়।

উদাহৰণস্বৰূপে-

*কাৰ্বামাযেপিন,

*ফেনিটইন আদি।

৫)গৰ্ভাৱস্থাৰ ‘X’ শ্ৰেণীৰ ঔষধ:

এনে ঔষধৰ ব্যৱহাৰ গৰ্ভাৱস্থাত কৰাটো বৰ্জনীয়। এনে ঔষধৰ ব্যৱহাৰে গৰ্ভাৱস্থাত ক্ষতি কৰাটো, বিকলাংগ শিশুৰ জন্ম হোৱাটো প্ৰমাণ কৰিছে।

মাকৰ জীৱন বচাবলৈ, গৰ্ভস্থ শিশুৰ কথা আওকাণ কৰি এনে ঔষধ ব্যৱহাৰ কৰিবলগাত পৰে। মেথ’ট্ৰিকচেট এনে এবিধ ঔষধ।

কৰ্কট ৰোগীৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়।

গৰ্ভাৱস্থাৰ সময়ত ব্যৱহাৰ কৰিব পৰা কেতবোৰ ঔষধ আৰু ৰোগ উল্লেখ কৰা হ’ল -

১)বেদনাহাৰী(এনেলজিছিক) ঔষধ:

এছপিৰিন, এচিটামিন’ফেন(পেৰাচিটামল) ঔষধ সাধাৰণতে-

*গাৰ বিষ,

*জ্বৰ,

*মূৰৰ বিষ,

*কঁকালৰ বিষ আদিত ব্যৱহাৰ কৰা হয়।

গৰ্ভাৱস্থাত এনে ঔষধ নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰি। গৰ্ভাৱস্থাৰ সকলো সময়তে ইয়াৰ ব্যৱহাৰ নিৰাপদ।

২)সংজ্ঞালোপকাৰী ঔষধ(এনাস্থেচিয়া):

পৰাপক্ষত গৰ্ভাৱস্থাৰ সময়ত শৰীৰৰ কোনো অস্ত্ৰোপচাৰ নকৰাই ভাল। যদিহে নকৰিলে নহয়, তেতিয়াহ’লে ১৩-২৪ সপ্তাহৰ ভিতৰত কাৰোৱাব লাগে। এনাস্থেচিয়া দুই প্ৰকাৰৰ-

১)জেনেৰেল,

২)বিজ’নেল।

গৰ্ভস্থ শিশুৰ অপকাৰ নকৰা ঔষধহে এনে প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়। এনে প্ৰক্ৰিয়াৰ ফলত গৰ্ভপাতৰ সম্ভাৱনা থাকে যদিও ই তেনেই তাকৰ।

ৰোগ ভেদে জেনেৰেল(য’ত গোটেই দেহ অজ্ঞান কৰা হয় আৰু ৰিজ’নেল(য’ত দেহৰ এটা অংশ অজ্ঞান কৰা হয়) ব্যৱহাৰ কৰা হয়।

৩)এন্টিবায়’টিক:

বিভিন্ন ৰোগৰ বীজাণুৰ বিৰুদ্ধে এন্টিবায়টিক ব্যৱহাৰ কৰা হয়। ইয়ে বীজাণু নিৰ্মূল কৰি ৰোগ নিৰাময় কৰে।

এলাৰ্জী নাথাকিলে পেনিচিলিন শ্ৰেণীৰ ঔষধ গৰ্ভাৱস্থাৰ সময়ত নিৰাপদে ব্যৱহাৰ কৰিব পাৰি। পেনিচিলিন এলাৰ্জী থাকিলে ‘ভেংক’মাইচিন’ ব্যৱহাৰ কৰিব পাৰি।

*চেফেল’স্প’ৰিন,

*এৰিথ্ৰ’মাইচিন আন কেতবোৰ এন্টিবায়’টিক,

*যি গৰ্ভাৱস্থাত নিৰাপদে ব্যৱহাৰ কৰিব পাৰি।

যক্ষ্মা(টিউবাৰকুল’ছিছ) ৰোগত ব্যৱহৃত ৰিফামপিচিন আইছ’নিয়াযাইড, ই থাম বিউট’ল ৰোগীৰ ক্ষেত্ৰত নিৰাপদে ব্যৱহাৰ কৰিব পাৰি।

তেনেদৰে এইচ আই ভি ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কেতবোৰ ঔষধ, যেনে- জিড’ভিউডিন আদি গৰ্ভাৱস্থাত নিৰাপদে ব্যৱহাৰ কৰিব পাৰি।

এচাই’ক্লভিৰ আন এবিধ এন্টিভাইৰেল ঔষধ, যি ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হ’লে ব্যৱহাৰ কৰা হয়।

পেলুৰ ঔষধ যেনে- মেবেনডায়’ল, পেটৰ অসুখৰ বাবে ব্যৱহাৰ কৰা মেট্ৰ’নিডাজ’ল, মেলেৰিয়াৰ বাবে ব্যৱহাৰ কৰা ক্ল’ৰ’কুইন, কুইনাইন, টক্স’প্লাজমাৰ বাবে ব্যৱহাৰ কৰা স্মাই ৰামাই চিন গৰ্ভাৱস্থাত নিৰাপদে ব্যৱহাৰ কৰিব পাৰি।

৪)হাপানী(এজমা)ৰ ঔষধ:

হাপানীৰ উপস্থিতিয়ে গৰ্ভৱতী মহিলাগৰাকীৰ লগতে গৰ্ভস্থ শিশুটিৰ কোনো অযথা বা অতিৰিক্ত সংশয়ৰ সৃষ্টি নকৰে।

কিন্তু এনে এজমা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মাক আৰু গৰ্ভস্থ সন্তান দুয়োৰে বাবে বিপদ।

হাপানীৰ প্ৰায়ভাগ ঔষধেই গৰ্ভাৱস্থাত নিৰাপদ। উদাহৰণস্বৰূপে-

*থিয়’ফাইলিন,

*এমাইন’ফাইলিন,

*চালবিউটাম’ল,

*এপিনেফ্ৰিন,

*টাৰবিউটালিন আদি নিৰাপদ ঔষধ।

*ক্ল’ম’লিন,

*গ্লুক’কৰটিকইড,

*ইনহেলাৰ গৰ্ভাৱস্থাত নিৰাপদে ব্যৱহাৰ কৰিব পাৰে।

৫)বমি নহ’বলৈ ব্যৱহাৰ কৰা ঔষধ:

গৰ্ভাৱস্থাত ওকালি কমাবলৈ ব্যৱহাৰ কৰা ঔষধসমূহৰ ভিতৰত ডক্সিলেমাইন প্ৰধান। ইয়াৰ উপৰি-

*প্ৰ’ক্ল’ৰপাৰাযিন,

*ক্ল’ৰপ্ৰ’মাযিন,

*মেট’ক্লৰপ্ৰেমাইড আন কেতবোৰ ঔষধ, যি গৰ্ভাৱস্থাৰ সময়ত নিৰাপদ বিবেচিত হৈছে।

৬)মৃগী ৰোগৰ ঔষধ:

প্ৰায়ভাগ ঔষধৰে গৰ্ভাৱস্থাত বিৰূপ প্ৰভাৱ পৰে। সাধাৰণতে ব্যৱহাৰ কৰা ফেনিটইন গৰ্ভস্থ সন্তানৰ বিকলাংগৰ কাৰণ হ’ব পাৰে।

৭)উচ্চ ৰক্তচাপৰ ঔষধ:

মিথাইলড’পা, হাইড্ৰালাজিন, লেবেটল’ল, নিফেডিপিন আদি ঔষধ গৰ্ভাৱস্থাত নিৰাপদে ব্যৱহাৰ কৰিব পাৰি।

৮)মানসিক ৰোগৰ বাবে ব্যৱহাৰ কৰা ঔষধ:

*ডায়েযিপাম,

*ল’ৰাযিপাম,

*এলপ্ৰায়’লাম গৰ্ভাৱস্থাত কম পৰিমাণে সাৱধনে ব্যৱহাৰ কৰিব পাৰি।

যিসকল ৰোগীয়ে আগৰে পৰাই কোনো ঔষধ ব্যৱহাৰ কৰি আছে, তেনে ৰোগীয়ে গৰ্ভধাৰণৰ পৰিকল্পনা কৰাৰ আগেয়ে সংশ্লিষ্ট চিকিৎসকজনৰ লগত আলোচনা কৰি তেওঁৰ নিৰ্দেশ মৰ্মেহে ঔষধ বন্ধ কৰা বা সলনি কৰা বা পৰিমাণ কমোৱাটো কৰিব লাগে।

ইয়াৰ উপৰি যিকোনো ঔষধ খোৱাৰ আগেয়ে ঔষধ দিয়া চিকিৎসকজনক আপুনি যে গৰ্ভৱতী সেইটো জনাটো দৰকাৰ।

তেওঁ সেই মতে গৰ্ভাৱস্থাৰ নিৰাপদ ঔষধ আপোনাক খাবলৈ পৰামৰ্শ দিব।

গৰ্ভৱস্থাত ব্যৱহাৰ নকৰিবলগীয়া ঔষধসমূহ -

তলত এনে কেতবোৰ ঔষধ উল্লেখ কৰা হ’ল, যিবোৰ গৰ্ভাৱস্থাত বিশেষকৈ প্ৰথম তিনি মাহত ব্যৱহাৰ কৰিব নালাগে।

থেলিড’মাইড:

১৯৫০ চন মানত ওকালিৰ বাবে ইয়াক ব্যৱহাৰ কৰিছিল, যাৰ ফলত বহুতো শিশু বিকলাংগ হৈ উপজিছিল।

*ভিটামিন-এ উৎপন্ন, যেনে- (আইচ’ৰেটিনইক০

*কৰ্কট ৰোগত ব্যৱহৃত কেতবোৰ ঔষধ -

*শৰীৰৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ পৰিৱৰ্তনকাৰী ঔষধ, যেনে- বাতবিষৰ ঔষধ(ৰুমেটিক আৰ্থ্ৰাইটিছ)

*মদ(এলকহল) যিয়ে গৰ্ভজাত শিশুৰ এলকহল ছিনড্ৰম কৰে।

*তেজ গোট মৰা ঔষধ ৱাৰফেৰিন(ৱাৰফেৰিন)

*মানসিক ৰোগত ব্যৱহৃত ভালপ্ৰ’য়েট, লিথিয়াম আদি।

এনেবোৰ ঔষধে গৰ্ভস্থ শিশুৰ জন্মগত বিসংগতি কৰে, সেয়েহে এনে ঔষধৰ ব্যৱহাৰ গৰ্ভাৱস্থাত বৰ্জনীয়।

লেখক: ডাঃ ৰাজীৱ লোচন শৰ্মা(নিয়মীয়া বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top