মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / চুলিৰ বাবে কেইটামান টিপছ্‌
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চুলিৰ বাবে কেইটামান টিপছ্‌

চুলিৰ বাবে কেইটামান টিপছ্‌ আলোচনা কৰা হৈছে

 

  • জবা ফুল আৰু নীলা অপৰাজিতা ফুল শুকুৱাই গুড়ি কৰি এটা বটলত থৈ দিব। আমলখি আৰু শিলিখাৰ ৰসৰ লগত যদি উক্ত গুড়ি মিহলাই চুলিত লগোৱা হয়, তেন্তে চুলিৰ ৰং ক’লা হ’ব। এনেদৰে নিয়মিত লগাই চুলিৰ ৰং কৰিব পাৰি।
  • চুলি এডাল বা দুডাল পকিলে কেৱল পকা কেইডালত হাইলাইট কৰিব। ই দেখাতো ধুনীয়া লাগিবাৰু চুলিও ভালে থাকিব।
  • তেজপাত সিজাই বা ইয়াৰ ৰস উলিয়াই চুলিৰ গুড়িত লগালে চুলিৰ সমস্যা দূৰ হয় আৰু চুলি সহজে নপকে।
  • কেষ্টৰ অইলত ৰঙা জবা ফুল মিহলাই লগাব।
  • আমলখিৰ ৰস, শিলিখাৰ ৰসত লং কেইটামান গুড়ি কৰি লগালেও চুলিৰ ৰঙ সলনি কৰিব পাৰি।
  • তিতা কেৰেলা গৰুৰ ঘিৰ লগত সিজাই চুলিৰ গুৰিত লগাব। ই পাতল চুলিৰ ৰং কৰাৰ উপৰি চুলি পকা ৰোধ কৰিব পাৰি।

 

স্পা

 

স্পা কেন্দ্ৰৰ পৰিসৰ

স্পা থেৰাপি কেন্দ্ৰ সমূহ সদায় আহল – বহল আৰু প্ৰাকৃতিক পৰিবেশৰ মাজত থকা উচিত। যাতে উশাহ – নিশাহ লোৱাত কষ্ট নহয়। পোন প্ৰথম জাপান আৰু এছিয়াৰ পৰাই স্পা চিকিৎসা পদ্ধতি আৰম্ভ হৈছিল। কিয়নি এই এছিয়াৰ দেশ সমূহ যথেষ্ট প্ৰাকৃতিক সামগ্ৰীৰে ভৰপূৰ হোৱা হেতুকে প্ৰকৃতিৰ পৰা আহৰিত সমলেৰে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত  অধিক গুৰুত্ব প্ৰদান কৰা হয়।

স্পাৰ প্ৰকাৰ

 

বিভিন্ন প্ৰকাৰৰ স্পা থেৰাপি কৰিব পাৰি। এনে স্পাৰ ভিতৰত মেন্দি চুচু, এৰ’মা থেৰাপি বাথ, বালিনেচ বৰেহ ৰেপড, ট্ৰেডিচনেল লুলুৰ, ভলকেনিক স্ত্ৰাব, তিঁয়হৰ ৰেপ, থাই ৰেপ, মেন্দ্ৰি কমেৰী, নাৰিকল বডি ৰেপ, অমিতাৰ পলিছিং, চকলেট স্পা, অৰিয়েণ্টেল স্পা, থাই হিট, বনিয়ান ট্ৰি স্পা, লেভেণ্ডাৰ আৰু ছালকুঁৱৰীৰ ৰেপ, জাভা ৰেপ, জাপানিজ হেড স্পা ইত্যাদি।

 

স্পা থেৰাপিৰ গুণাগুণ

 

  • ইণ্ডোনেছিয়াত নাৰিকলৰ তেল, নাৰিকলৰ গাখীৰ, চম্পা ফুল, পেন্দানাছৰ পাত, জজবা অইল, প্ৰেপছীড অইল ব্যৱহাৰ কৰা হয়। এই স্পাৰ ফলত আমি খুব আৰাম অনুভৱ কৰো। মনৰ দুখ – বেদনা দূৰ হয়। শৰীৰত এক শান্তি অনুভৱ কৰো।
  • অৰিয়েণ্টেল বডি গ্লোৱে ছালৰ সতেজতা বঢ়ায়। ইয়াৰ বাবে লাগে তিল (বতি লোৱা), পদিনাৰ পাত, লেভেণ্ডাৰ অইল, শুকান ব্ৰাফিন পাত (থাইলেণ্ডত পায়) আৰু মৌ। আটাইবোৰ মিহলাই স্পা কৰোতে ব্যৱহাৰ কৰা হয়। পিচত কলপাতৰ দ্বাৰা গোটেই শৰীৰত মেৰিয়াই কিছু সময় থৈ দিয়ে। পিচত পানীৰে শৰীৰ স্প্ৰে কৰিব লাগে।
  • বনিয়ান ট্ৰি স্পা সাধাৰণতে ফুকেটত কৰে। ইয়াৰ মূল ট্ৰিটমেণ্ট হৈছে ভাৱৰ দ্বাৰা কৰা হয়। যাৰ ফলত আমাৰ মাংসপেশী সুস্থ – সবল হয়। শৰীৰত এক আৰাম অনুভৱ হয়। এই স্পা প্ৰাকৃতিক সামগ্ৰীৰ দ্বাৰা কৰা হয়। সাগৰৰ পাৰৰ মুকলি ঠাইত সৰু পঁজাত কৰা হয়। নিশাও কৰিব পাৰি। কিন্ত মমৰ পোহৰত আৰু ফুলৰ সুগন্ধিৰ মাজত। ফুলৰ সুগন্ধিয়ে মানসিক চিন্তা নাশ কৰাত সহায় কৰে। সাধাৰণতে থাইলেণ্ড, মালদ্বীপ, জাপানৰ সাগৰীয় ঠাই সমূহত কৰা হয়। এনে স্পাৰ বাবে ঘৰৰ চিলিং বাঁহ আৰু খেৰৰ হ’ব লাগে। এই স্পাত চম্পা ফুলৰ সুগন্ধিৰ প্ৰয়োজন। গতিকে কাষত চম্পা ফুল থাকিব লাগে। তদুপৰি মুকলি বতাহৰ প্ৰয়োজন। জান, জুৰি বা সাগৰৰ পানীৰ শব্দৰ প্ৰয়োজন। চেংৰাই নামৰ ঠাইত পাহাৰৰ জানৰ পৰা ওলোৱা পানীৰ কুলু কুলু শব্দৰ কাষত সৰু পঁজা আছে। তাৰ যি শব্দ সেই শব্দই মনৰ হতাশা দূৰ কৰে আৰু সেই ঠাইত বনিয়ান ট্ৰি স্পা কৰা হয়। আমাৰ শৰীৰত উৎপন্ন হোৱা নেতিবাচক শক্তি সমূহ তৎক্ষণাৎ দূৰ কৰে। এনে স্পাৰ বাবে প্ৰায় (থাই সামগ্ৰী) যিয়ে গাঁঠিৰ ভাগৰ নাশ কৰে। মাংসপেশীত আৰাম দিয়ে। হালধি প্ৰয়োগ কৰা হয়, কাৰণ ই এণ্টিবেক্টেৰিয়েল আৰু ছালক সতেজক্কৰি ৰাখে। মৃতকোষ পৰিষ্কাৰ কৰে। ইয়াত লেমন গ্ৰাছ ব্যৱহাৰ কৰা হয়। কাৰণ ইয়াৰ ব্যৱহাৰে ছালৰ দাগ নিৰ্মূল কৰে। ই এছট্ৰিজেনযুক্ত। থাই নেমু (কাফিৰ) ব্যৱহাৰ কৰা হয়। দেহক সতেজ কৰে বিশেষকৈ বয়সীয়াল ছালক। ৰক্ত সঞ্চালন কৰে আৰু কৰ্পূৰ ব্যৱহাৰ কৰা হয়। কৰ্পূৰে বীজাণু নাশ কৰে। বিশেষভাৱে সুগন্ধিযুক্ত ফুল ব্যৱহাৰ কৰা হয়। ই আমাৰ মগজুৰ ভিন্ন সমস্যা, চিন্তা – ভাবনা নাশ কৰি মনত প্ৰশান্তি দিয়ে। এই সামগ্ৰী কেতিয়াবা গৰম কৰিও ব্যৱহাৰ কৰে। ই শৰীৰৰ বিষ নাশ কৰে। মনক সুস্থ কৰি তোলে।

স্পা প্ৰণালী

  • সাধাৰণতে স্পা কেতিয়াও ঘৰত কৰিব নোৱাৰি। জাভা ৰেপত সাধাৰণতে সাগৰীয় কৰেল গুড়ি কৰি ব্যৱহাৰ কৰা হয়। ইউকেলিপটাছ তেল ব্যৱহাৰ কৰা হয়। ইয়াৰ সুগন্ধিয়ে হজম শক্তি সঠিক কৰে। ই শক্তিশালী এণ্টিচেপ্টিক। কৰেল ষ্ট’নত কেলচিয়াম থাকে। তদুপৰি অন্যান্য মিনাৰেল থাকে, যিয়ে শৰীৰত গৰম ভাব যোগায়। সতেজ নেমুৰ পাত ব্যৱহাৰে শৰীৰৰ দুৰ্গন্ধ নাশ কৰে। বিশেষকৈ মহিলাৰ শৰীৰৰ দুৰ্গন্ধ। ভাজ ৰেপৰ ফলত শৰীৰৰ মৃত কোষ নাশ কৰে।
  • বালি কফি স্পা কৰিবলৈ প্ৰায় এঘণ্টা সময়ৰ প্ৰয়োজন। ইয়াৰ বাবে বালিৰ কফি গুটিৰ পাউদাৰ, কেওলিন পাউদাৰ, গাজৰ, জিলেটিনৰ প্ৰয়োজন। এই স্পাৰ সুগন্ধিয়ে শৰীৰক সুস্থ কৰি সক্ৰিয় কৰি তোলে। ইয়াৰ পিচত ফুলৰ দ্বাৰা গা ধুবলৈ দিয়ে। ফুলৰ ভিতৰত খৰিকাজাই, মেগনলিয়া, জবা ফুল, ফ্ৰগনি পানী, বগেনভেলিয়া, গোলাপ, আলামাণ্ডা আৰু শেৱালি ফুল। এই ফুলৰ লগত গাখীৰ, নেমু আৰু তুলসীৰ পাতো ব্যৱহাৰ কৰা হয়। আমাৰ শৰীৰৰ টস্কিন আঁতৰাবৰ বাবে আদা, চেইজ আৰু ৰ’জমেৰী ব্যৱহাৰ কৰা হয়।
  • বালিনেচ বৰেই ৰেপ স্পাৰ দ্বাৰা আমাৰ জ্বৰ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, বাতবিষ নাশ কৰে। বিশেষকৈ গৰ্ভৱতী মহিলাক এই স্পা কৰা হয়। কাৰণ বেমাৰ হ’লে, যেনে – পানীলগা, জ্বৰ, মূৰৰ বিষ, গাৰ বিষ হ’লেও ঔষধ খাব নোৱাৰে। ইয়াৰ বাবে লাগে চন্দন পাউদাৰ, লং, আদা, ডালচেনি, ধনিয়াৰ গুটি, চাউলৰ গুড়ি, হালধি, জাঁইফল, গাজৰ, জিলেটিন ইত্যাদি। এই আটাইখিনিৰ মিশ্ৰণৰ দ্বাৰা স্পা কৰা হয়।

 

উৎস : দেওবৰীয়া সম্ভাৰ, ১৪ মে’,২০১৭।

 

 

 

3.02941176471
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top