অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছিজাৰিয়াণৰ পিছত ককাল বিষৰ উপসম

ছিজাৰিয়াণৰ পিছত ককাল বিষৰ উপসম

 

এগৰাকী গৰ্ভৱতী মহিলাক ছিজাৰিয়াণ (caesarean section) কৰি সন্তান প্ৰসৱ কৰোঁতে ককালৰ তলৰ অংশত সূষুম্না নাড়ী টান (stretching)খায়। সেয়েহে প্ৰায়েই মহিলা গৰাকী স্নায়বিক কাৰণত ককালৰ বিষ ,পিঠিৰ বিষ, তল পেটৰ বিষ , ভৰিৰ বিষ আৰু জঠৰতাত আক্ৰান্ত হয়। ইয়াৰ উপশম তলত উল্লেখ কৰা হল।


আহাৰ-বিহাৰ -


(১)মহিলা গৰাকীয়ে সম্পূৰ্ণ উপসম নোহোৱা পৰ্যন্ত তলত বেছিকৈ নবহিব , গধুৰ বস্তু নাদাঙিব ,ককাল বেকা কৰি কাম-বন নকৰিব, টান কাম নকৰিব আৰু ওখোৰা-মোখোৰা পথত দীঘলীয়া আৰু সঘনাই যাত্ৰা নকৰিব।
(২) স্পঞ্জৰ তুলি অথবা অধিক টান তুলিত নুশুব।
(৩) শোওতে সদায় এটা গাৰু লব।
(৪) সম্পূৰ্ণ ভাল নোহোলৈকে গৰম পানীৰে গা ধুব।
(৫) ভেদাইলতা পাতৰ আৰু মৰলীয়াৰ জোল খালে সোনকালে বিষ কমিব। নাৰ্ভৰ কাৰণে দুয়োবিধ সৰ্বোকৃষ্ট । সেয়েহে " ঘাই শাক মৰলীয়া" আখ্যা দিয়া হয়।
(৬) সোণবড়িয়াল , কপৌ ফুলৰ পাত সমপৰিমাণে লৈ সৰু সৰুকৈ কাটি এপো্ৱা টুকুৰা এক-ডেৰ লিটাৰ পানীত সিজাব।সিজোতে সিজোতে পানীৰ পৰিমাণ কমি ৩০০ মিলি লিটাৰ মান থাকোতে নমাই ঠাণ্ডা হবলৈ দিব। পিছত ভালদৰে ছেকি লৈ পানীখিনি পৃথক কৰিব। এইদৰে প্ৰস্তুত কৰি লোৱা ঔষধক আয়ুৰ্বেদিকত ক্বাথ বোলা হয়। এইদৰে প্ৰস্তুত ক্বাথ ৩০ মিলি লিটাৰকৈ (৬চামুচ) দিনে তিনিবাৰ খাব

আয়ুৰ্বেদিক ঔষধ -


(1) Balarista নাইবা Maharasnadi Kwath :- যিকোনো এবিধ ঔষধ চাৰি চামুচকৈ দিনে তিনিবাৰ আহাৰৰ পিছত খাব । এই ঔষধ খালে বিষ ভাল হোৱাৰ উপৰিও মহিলা গৰাকীৰ ভৱিষ্যতে জৰায়ু বিচ্যুতি(prolapse uterus) হোৱাৰ সম্ভাৱনা নাথাকে।
(2) Rasnadi gugulu নাইবা Vatari gugulu :- যিকোনো এবিধ ঔষধ দুটাকৈ টেবলেত দিনে তিনিবাৰ আহাৰৰ পিছত খাব ।
(3) Mahamash toil , saindhabadi toil , Rumalaya oil নাইবা Paralitol oil :- যিকোনো এবিধ তেল দিনে তিনি-চাৰিবাৰ বিষোৱা ঠাইত মালিছ কৰিব।
(4) Vrihat vat chintamoni ras , Yogendra ras নাইবা chaturmukh ras :- এই তিনিবিধ ঔষধত সোণ থকা বাবে দাম বেছি যদিও যাদুৰ দৰে কাম কৰে। সোনকালে বিষ উপশমৰ বাবে এটাকৈ টেবলেত দিনে দুবাৰ খাব । ঔষধ সমূহ চিকিৎসকৰ পৰামৰ্শ মতে খাব আৰু সম্পূৰ্ণ ভাল পাব ।

লেখক: ডা: মনোজ কুমাৰ শইকীয়া
ফোন নং-9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate