মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / ধূমপান মহিলাৰ বাবে অভিশাপ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধূমপান মহিলাৰ বাবে অভিশাপ :

ধূমপান মহিলাৰ বাবে অভিশাপৰ বিষয়ে লিখা হৈছে ।

 

প্ৰাকৃতিক আৰু মানৱসৃষ্ট বহু কাৰণৰ ফলত আজি পৃথিৱীৰ জলবায়ু প্ৰদূষিত হৈ পৰিছে । বিভিন্ন কল-কাৰখানা আৰু ৰাসায়নিক পদাৰ্থযুক্ত দ্ৰব্যৰ পৰা উৎপন্ন হোৱা খাদ্যদ্ৰব্য আৰু বিষাক্ত গেছে পৰিৱেশৰ লগতে মানুহৰ শৰীৰকো ৰুগীয়া কৰি তুলিছে । নিতৌ নতুন নতুন ৰোগত আক্ৰান্ত হৈছে মানৱ সমাজ । সমগ্ৰ বিশ্বজুৰি ইয়াৰ প্ৰভাৰ পৰা পৰিলক্ষিত হৈছে । ইয়াৰ পৰা পৰিত্ৰাণৰ বাবেই সাম্প্ৰতিক বিশ্বত স্বাস্থ্যখণ্ডত সৃষ্টি হৈছে এক সচেতনতাৰ বিপ্লৱৰ । বিভিন্ন ৰোগৰ পৰা কিদৰে মানৱ সমাজক ৰক্ষা কৰিব পৰা যায় তাৰ প্ৰতিৰোধৰ বাবে প্ৰতিনিয়ত চলিছে বিভিন্ন গৱেষণা । যিসমূহ কাৰকৰ বাবে এই ৰোগসমূহৰ সৃষ্টি হৈছে তাৰ ভিতৰত ধূমপান এক অন্যতম কাৰক । ধূমপানৰ ফলত বিশ্বত বছৰি বৃহৎসংখ্যক লোক আক্ৰান্ত হৈছে বিভিন্ন ৰোগত । বিশেষকৈ ধূমপানকাৰী মহিলাসকলৰ ক্ষেত্ৰত এই হাৰ অধিক দেখা গৈছে ।

এগৰাকী ধূমপান নকৰা মহিলাতকৈ এগৰাকী ধূমপানকাৰী মহিলা সাধাৰণতে অধিক ৰোগত আক্ৰান্ত হোৱা দেখা যায় । ধূমপানকাৰী মহিলাৰ প্ৰতিটো অংগত ধূমপানৰ প্ৰভাৱ পৰে । যাৰ ফলত এই অংগবোৰ ক্ৰমে দুৰ্বল আৰু সংক্ৰমিত হৈ মহিলাগৰাকীৰ জীৱনৰ আয়ুস ৰেখাডাল চুটি হৈ পৰে । সেইবাবে সুস্বাস্থ্য অটুট ৰাখিবলৈ হ’লে মহিলাসকল ধূমপানৰ পৰা বিৰত থকাটো নিতান্তই প্ৰয়োজন ।

ধূমপানকাৰী মহিলাৰ হ’ব পৰা ৰোগসমূহ শ্বাসতন্ত্ৰৰ সমস্যা -

ধূমপানকাৰী মহিলাসকল সততে শ্বাসতন্ত্ৰৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায় । ধূমপানৰ ফলত শ্বাসতন্ত্ৰ আক্ৰান্ত হৈ শ্বাস-প্ৰশ্বাস বাধাগ্ৰস্ত হয় । ফলস্বৰুপে ভালদৰে শ্বাস-প্ৰশ্বাস ল’ব নোৱাৰা হৈ এজমা, ক্ৰনিক ব্ৰংকাইটিছ আদি জটিল ৰোগত আক্ৰান্ত হয় । ধূমপানকাৰী পুৰুষৰ তুলনত মহিলাসকল সোনকালে এই ৰোগত আক্ৰান্ত হয় । গৱেষণাৰ পৰা দেখা গৈছে প্ৰতিবছৰে পুৰুষৰ তুলনাত অধিক মহিলা এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ।

যৌনসমস্যা -

১) ধুমপানকাৰী মহিলা এগৰাকী সততে বিভিন্ন যৌন ৰোগত আক্ৰান্ত হ’ব পাৰে ।ধূমপানকাৰী মহিলাসকলৰ মাহেকীয়া অনিয়মীয়া হোৱাৰ উপৰি সেই সময়ছোৱাত তলপেটত প্ৰচণ্ড বিষ অনুভৱ কৰাৰ সম্ভাৱনা থাকে ।

২) ধূমপানৰ ফলত মহিলাৰ শৰীৰত এষ্ট্ৰোজেনৰ মাত্ৰা হ্ৰাস পায় । ইয়াৰ বাবে মহিলাগৰাকীয়ে বিমৰ্ষ অথবা ক্লান্তি অনুভৱ কৰে ।

৩) ধূমপানকাৰী মহিলাসকলৰ ক্ষেত্ৰত সততে দেখা দিয়া আন এটা প্ৰধান সমস্যা হ’ল এওঁলোকৰ মেনোপ’জ সোনকালে আহে । অৰ্থাৎ কম বয়সতে এই মহিলাসকলৰ মাহেকীয়া বন্ধ হৈ যাব পাৰে । ইয়াৰ ফলত এই মহিলাসকলৰ শৰীৰত বিভিন্ন উপসৰ্গই দেখা দি মহিলাগৰাকীৰ অকাল বাৰ্ধক্য আনি দিব পাৰে ।

৪)ধূমপানকাৰী মহিলাসকলৰ শৰীৰত দেখা আন এটা গুৰুত্বপূৰ্ণ সমস্যা হ’ল তেওঁলোকৰ গৰ্ভদ্ধাৰণত বাধা । ধূমপানকাৰী মহিলাসকল গৰ্ভধাৰণৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সন্মুখীন হয় । কোনো কোনোৰ ক্ষেত্ৰত এই সমস্যাই জটিল ৰুপ ধাৰণ কৰি গৰ্ভধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণৰুপে বাধাগ্ৰস্ত কৰিব পাৰে ।

হৃদযন্ত্ৰৰ সমস্যা -

ধূমপানৰ ফলত বহু লোক হাৰ্ট এটেকৰ চিকাৰ হয় । ৫০ বছৰ বয়সৰ তলৰ হাৰ্ট এটেকৰ চিকাৰ হোৱা লোকৰ অধিকাংশৰে মৃত্যুৰ কাৰণ ধূমপান বুলি ইতিমধ্যে প্ৰমাণ হৈছে । পুৰুষৰ তুলনাত মহিলাসকল অধিক হাৰত এই মৃত্যুৰ চিকাৰ হয় ।

কৰ্কট ৰোগ -

ধূমপানকাৰীসকলৰ বাবে আটাইতকৈ বিপজ্জনক কথাটো হ’ল তেওঁলোকৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পুৰামাত্ৰা সম্ভাৱনা থাকে । যিসকলে ধূমপান কৰে তেওঁলোকৰ হাওঁফাওঁ, কিডনী, লিভাৰ, ডিঙিৰ অন্ত:ভাগ, মূত্ৰাশয় আদি বিভিন্ন অংগবোৰ বিভিন্ন ধৰণে আক্ৰান্ত হৈ শেষত কৰ্কট ৰোগলৈ পৰ্যৱসিত হয় । পুৰুষৰ তুলনাত ধূমপানকাৰী মহিলাসকল সহজেই হাঁওফাঁওৰ কৰ্কটত আক্ৰান্ত হয় । আনহাতে স্তনৰ কৰ্কট ৰোগৰো প্ৰধান কাৰণ ধূমপান বুলি ইতিমধ্যে প্ৰমাণ হৈছে ।

লেখিকা :- কৰবী গোস্বামী

উৎস :- জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top