অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নতুন মাতৃসকলৰ বাবে :

নতুন মাতৃসকলৰ ৰ বিষয়ে লিখা হৈছে ।

 

প্ৰথমবাৰৰ বাবে মাতৃত্ব অৰ্জন কৰাটো সঁচাকৈয়ে এক অনন্য অনুভূতি। এটি কণমানি শিশুক কোচত তুলি লোৱা, শিশুটিৰ যতন লোৱা- অনেক প্ৰত্যাশাৰ প্ৰতীক্ষা। যিসকল নাৰীয়ে দ্বিতীয় বা তৃতীয়বাৰৰ বাবে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে তেওঁলোকৰ বাবে এই বিষয়টো কোনো সমস্যা নহয়।

কিন্তু প্ৰথমবাৰৰ বাবে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰা নাৰীসকল প্ৰায়ে বিমোৰত পৰা দেখা যায়। কিদৰে সন্তানটিক লালন-পালন কৰিব, চোৱা-চিতা কৰিব, সন্তানটিক কেনেদৰে ভালকৈ ৰাখিব- এনে কিছু কথাই যেন তেওঁলোকক ব্যতিব্যস্ত কৰি তোলে।

নতুন মাতৃসকল যেন ‘চেলেঞ্জ’ৰহে সন্মুখীন হ’বলগীয়া হয়। কিন্তু সেই ‘চেলেঞ্জ’ সম্পূৰ্ণ কৰাটো অতিকৈ সহজ।

বিখ্যাত চিকিৎসালয় ছাৰ চেলিমুল্লাহ মেডিকেল কলেজৰ প্ৰসূতি বিভাগৰ অধ্যাপক ডাঃ ফাৰহাত হুছেইনৰ ভাষ্য অনুসৰি মাতৃগৰাকীয়ে সন্তানটিৰ লগতে নিজৰো চোৱা-চিতা কৰা উচিত।

প্ৰসৱৰ পৰৱৰ্তী সময়ত সঘনাই পেড বা ছেনিটাৰী নেপকিন পৰিবৰ্তন কৰি পৰিষ্কাৰকৈ থকা, অতিৰিক্ত ৰক্তক্ষৰণ বা দুৰ্গন্ধযুক্ত ৰক্তক্ষৰণ হৈছে নেকি তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। অৰ্থাৎ জীৱাণু সংক্ৰমণৰ পৰা সচেতন হৈ থকাৰ লগতে সময়ে সময়ে কুহুমীয়া গৰম পানীৰে ‘হিপ বাথ’ লোৱা উচিত।

শিশুটিকো সঘনাই থকা সঠিকভাৱে স্তনপান কৰোৱা উচিত। মাতৃগৰাকীয়ে স্তনৰ সঠিক যতন লোৱাৰ লগতে স্তন পৰিষ্কাৰকৈ ৰাখিব লাগে। প্ৰসৱৰ পৰৱৰ্তী সময়তো ২-৩ মাহলৈ গধুৰ বস্তু দঙাৰ পৰা বিৰত থাকিব লাগে।

যিসকল নাৰীৰ গৰ্ভাৱস্থাৰ সময়ছোৱাত মধুমেহ বা উচ্চ ৰক্তচাপৰ সমস্যা থাকে, তেওঁলোকে পৰৱৰ্তে সময়তো নিয়মীয়াকৈ চেকআপ কৰাই থাকিব লাগে। পুষ্টিকৰ খাদ্য, পৰ্যাপ্ত নিদ্ৰা তথা পৰিচ্ছন্নতা মাতৃসকলৰ বাবে অতিকৈ প্ৰয়োজনীয়।

শিশুক স্তনপান কৰোৱাৰ সময়ছোৱাত এগৰাকী মাতৃৰ গৰ্ভাৱস্থাৰ সময়ছোৱাতকৈ অধিক কেলৰিৰ প্ৰয়োজন হয়। কিন্তু সেই কেলৰি মূলতঃ প্ৰটিন বা আমিষ খাদ্যৰ পৰা লাভ কৰাটোহে উচিত, শৰ্কৰা বা চৰ্বিৰ পৰা নহয়।

এইষাৰ কথা জনায় বাৰডেম জেনেৰেল হাস্পতালৰ প্ৰধান পুষ্টিবিদ আখতাৰুন্নাহাৰ আলোৱে। তেওঁৰ মন্তব্য অনুসৰি প্ৰতিবাৰ স্তন পান কৰোৱাৰ পূৰ্বে মাতৃগৰাকীয়ে প্ৰচুৰ পৰিমাণে পানী বা অন্য জুলীয়া পদাৰ্থ সেৱন কৰিব লাগে। দিনটোৰ ভিতৰত পানীৰ উপৰিও মাতৃগৰাকীয়ে-

*গাখীৰ,

*চুপ,

*ফলৰ ৰস,

*দাইলৰ পানী সেৱন কৰিব পাৰে।

তদুপৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাৰ লগতে ভিটামিনৰ অভাৱ পূৰণ কৰিবৰ বাবে প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ফলমূল খোৱাটো প্ৰয়োজনীয়।

*ফাষ্ট ফুড,

*শীতল পানীত,

*মছলাযুক্ত খাদ্য,

*অতিৰিক্ত শৰ্কৰা আদি মাতৃসকলে পৰিহাৰ কৰা

*আইৰন,

*ভিটামিন চি,

*কেলছিয়াম আদি সমৃদ্ধ ফলমূল,

*শাক-পাচলি খাব লাগে।

গৰ্ভাৱস্থাৰ সময়ছোৱাত তথা সন্তান জন্ম দিয়াৰ পিচৰ সময়ত মাতৃগৰাকীৰ ত্বকলৈ কিছু পৰিৱৰ্তন আহে। তাৰ মাজত অন্যতম হ’ল ষ্ট্ৰেচমাৰ্ক তথা মেলাজমা বা প্ৰেগনেন্সি মাস্ক।

সময় বাগৰাৰ লগে লগে হৰমনৰ ছন্দ ঘূৰি আহিলে এনে সমস্যা বহু পৰিমাণে দূৰ হয় যদিও কিছু ঘৰুৱা উপায়েও সহায় কৰিব পাৰে। সন্তান জন্ম হোৱাৰ ৫-৬ মাহলৈ মাতৃগৰাকীৰ নিয়মীয়াকৈ চুলি সৰা দেখা যাব।

ই অতি স্বাভাৱিক। সেয়েহে সন্তান জন্ম হোৱাৰ পূৰ্বেই মাহে কমেও দুবাৰকৈ চুলিৰ গুৰিৰ লগতে মূৰৰ মালিছ কৰিব লাগে। ইয়াৰ ফলত চুলিৰ গুৰিৰ ৰক্ত সঞ্চালন নিয়মীয়া হৈ থাকে।

শিশুৰ বয়স ডেৰ-দুই মাহ হ’লে মাতৃগৰাকীয়ে নিয়মীয়াকৈ কিছু সৰল ব্যায়াম কৰিবলৈ আৰম্ভ কৰা উচিত।

সন্তান জন্ম হোৱাৰ পিচতে মাতৃগৰাকীয়ে কঠিন ব্যায়াম কৰাৰ লগতে খোৱা-বোৱা নিয়ন্ত্ৰণ কৰি অতি দ্ৰুতভাৱে ওজন হ্ৰাস কৰাৰ চেষ্টা কৰাটো অনুচিত।

সন্তান প্ৰসৱ হোৱাৰ পিচত বহু নাৰী পোষ্ট পাৰটাম ব্লু বা বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱা দেখা যায়।

*হৰমনৰ আকস্মিক বঢ়া-কমা হোৱা,

*শাৰীৰিক পৰিৱৰ্তন,

*নতুন জীৱন যাপন প্ৰণালীৰ সৈতে তাল মিলাব নোৱাৰে,

*নিদ্ৰাৰ তাৰতম্য আদি হ’ল ইয়াৰ মূল কাৰণ।

এই সমস্যাৰ বাবে মাতৃ এগৰাকী অধিক আৱেগপ্ৰৱণ হৈ পৰে। তেওঁ মন মাৰি থাকে, যিকোনো সময়ত কন্দা-কটা কৰে আৰু অতি খিংখিঙীয়া হৈ পৰে। এই সময়ছোৱাত পৰিয়ালৰ প্ৰত্যেকগৰাকী ব্যক্তি নতুন মাতৃগৰাকীৰ কাষতে থকা উচিত।

বিশেষকৈ নাৰীগৰাকীৰ স্বামীয়ে তেওঁক সকলো ক্ষেত্ৰত সহায় কৰিব লাগে। তদুপৰি এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাঞ্ছনীয়।

মাতৃত্ব এক অপাৰ আনন্দ। মাতৃত্ব লাভে নাৰীগৰাকীক এক সুকীয়া পৰিচয় দিয়ে। মাতৃ হ’বৰ বাবে এগৰাকী যুৱতীয়ে নিজৰ দৈনন্দিন জীৱনৰ বহু কথাই পৰিৱৰ্তন কৰিবলগীয়া হয়। সেই আক্ষেপ বহু নাৰীৰ গোটেই জীৱনৰ বাবে বৈ যায়। পিচে এনে হোৱা অনুচিত। এগৰাকী নাৰীৰ অন্য সকলো পৰিচয়ৰ সৈতে সংযুক্ত হোৱা ‘মাতৃ’ও এক পৰিচয়েই। সেয়েহে মাতৃত্বৰ আনন্দ উপভোগ কৰা উচিত। গৰ্ভাৱস্থাৰ পৰাই সন্তান ডাঙৰ-দীঘল কৰিবলৈ সকলো সময় আনন্দৰে উপভোগ কৰি সমাজৰ অন্য বহু ঘটনাৰ দৰে ‘মাতৃত্ব’ লাভকো এই ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰি জীৱনত আগুৱাই যাব লাগে।

লেখিকা: নিষ্ঠা দাস(সাদিন)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top