মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / পলিচিস্টিক অ'ভাৰিয়ান চিনড্ৰম (PCOS বা PCOD)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পলিচিস্টিক অ'ভাৰিয়ান চিনড্ৰম (PCOS বা PCOD)

পলিচিস্টিক অ'ভাৰিয়ান চিনড্ৰম (PCOS বা PCOD)ৰ বিষয়ে লিখা হৈছে ।



আজিকালি বেছিভাগ মহিলাৰ বাবে এটা পৰিচিত নাম হ'ল অ'ভাৰিত হোৱা চিস্ট(cyst) যাক চিকিৎসা বিজ্ঞানত কোৱা হয় পলিচিস্টিক অ'ভাৰিয়ান চিনড্ৰম বা সংক্ষেপতে PCOS। ই সচৰাচৰ মহিলাসকলৰ প্ৰজনন জীৱনত দেখা দিয়া অন্তঃস্ৰাবী গ্ৰন্থিৰ এক বিসংগতি। বেছিভাগ মহিলাৰে ডিম্বাশয়ত একেলগে বহুকেইটা এনেকুৱা চিস্ট বা পূঁজকোষ বা জলকোষ দেখা যায় বাবে ইয়াক পলিচিস্টিক বুলি কোৱা হয়। এতিয়া প্ৰশ্ন হ'ল চিস্ট মানেনো কি? অ'ভাৰিয়ান চিস্ট বা অণ্ডাশয়ৰ চিস্ট হ'ল অণ্ডাশয়ৰ ভিতৰত জমা হোৱা কিছুমান তৰল পদাৰ্থ আৰু ইয়াক আগুৰি থকা পাতল মোনাৰ নিচিনা এটা আকৃতি। অণ্ডাশয়ত হোৱা চিস্টৰ আকৃতি এটা সৰু মটৰ মাহৰ পৰা এটা কমলা টেঙাৰ আকৃতি পৰ্য্যন্ত হব পাৰে। এই চিস্টবিলাক বিশেষ অনিষ্টকাৰী নহয় যদিও এইবিলাকে মহিলাসকলৰ ক্ষেত্ৰত হৰমনৰ বিসংগতিৰ সৃষ্টি কৰিব পাৰে। এটা হৰমনৰ বিসংগতিৰ ফলত অন্য এটা হৰমনৰ বিসংগতিৰ সৃষ্টি হব পাৰে আৰু এনেদৰে গোটেই শৰীৰটোত ইয়াৰ দুস্প্ৰভাব পৰিব পাৰে।
পলিচিস্টিক অ'ভাৰিয়ান চিনড্ৰম ৰ কাৰণ সমূহ:-
আধুনিক চিকিৎসা বিজ্ঞানত PCOS ৰ কাৰণ সম্পৰ্কে বিশেষ ধাৰণা দিব নোৱাৰে যদিও তলত দিয়া কাৰণসমূহক ইয়াৰ বাবে জগৰীয়া কৰিব পাৰি।
*বংশগত- বংশগতি বা জেনেটিক সম্পৰ্ককো এই সমস্যাটোৰ এটা কাৰণ বুলি থাৱৰ কৰা হৈছে। মাক বা দেউতাৰ বংশৰ কোনো সদস্যৰ এই বেমাৰ থাকিলে পিছৰ জেনেৰেচত এই বেমাৰটো হোৱাৰ আশংকা থাকে।
*হৰমনৰ বিসংগতি - PCOS ৰ ক্ষেত্ৰত এণ্ড্ৰজেন, লুটেনাইজিং, যৌন হৰমন, প্ৰোলেক্টিন হৰমন ইত্যাদিৰ বিসংগতি দেখা যায়। ইয়াৰ ফলত অণ্ডাশয়ত অণ্ড বা ডিম্ব উৎপন্ন প্ৰক্ৰিয়াত (Ovulation) ব্যাঘাত জন্মে।
*ইনচুলিনৰ প্ৰতিৰোধ- আমাৰ শৰীৰত ইনচুলিন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সমস্যা থাকিলে তেজত শৰ্কৰাৰ পৰিমাণগত অস্বাভাৱিকতাৰ সৃষ্টি হব পাৰে। ইয়াৰ ফলত শৰীৰত ইনচুলিনৰ পৰিমাণ বাঢ়ি যাব পাৰে আৰু ফলশ্ৰুতিত শৰীৰত এণ্ড্ৰোজেন হৰমন বেছিকৈ নিঃসৰিত হয়। এই বৰ্ধিত এণ্ড্ৰোজেন হৰমনে শৰীৰত অন্য হৰমন বিলাকৰ ভাৰসাম্যতাত প্ৰভাৱ পেলায়। এই হৰমন বিলাকৰ বিসংগতিৰ আচল কাৰণ জনা নাযায়।
PCOS ৰ লক্ষণ :-
*অনিয়মীয়া ঋতুস্ৰাৱ বা মাহেকীয়া।
*মাহেকীয়া বন্ধ হৈ যাব পাৰে (তিনি চাৰি মাহৰ বাবে)
*অনিয়মীয়া আৰু অস্বাভাৱিক ৰক্তস্ৰাৱ হব পাৰে।
*বন্ধাত্ব
*মুখ, বুকু ইত্যাদিত পুৰুষৰ নিচিনা নোম গজিব পাৰে।
*ছালৰ অস্বাভাৱিকতা - মুখত শালমইনা, তেলেতীয়া ছাল, উফি ইত্যাদি হব পাৰে।
*মেদবহুলতা।
*খুব চুলি সৰিব পাৰে।
*মুখমণ্ডল, ডিঙি ইত্যাদি বিভিন্ন ঠাইত ক'লা ক'লা দাগ হব পাৰে।
*মানসিক চিন্তা, উদ্বেগ ইত্যাদি হব পাৰে।
#PCOS ৰ ফলত হব পৰা দীৰ্ঘকালীন জটিলতা :-
*বন্ধাত্ব
*জৰায়ুৰ অন্তগৰ্ভাশয়কলাৰ (endometrium) কৰ্কট ৰোগ।
*মধুমেহ বা ডায়েবেটিজ।
*লিপিড বা চৰ্বী কলাৰ অস্বাভাৱিকতা।
*হৃদৰোগ।
*উচ্চ ৰক্তচাপ।
PCOS ৰ ফলত গৰ্ভৱতী মহিলাৰ হব পৰা জটিলতা :-
*গৰ্ভপাত।
*গৰ্ভাৱস্থাত হোৱা ডায়েবেটিজ।
*গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপ, প্ৰি - এক্লামচিয়া ।
*একাধিক গৰ্ভাৱস্থা (বিশেষকৈ ঔষধ ব্যৱহাৰ কৰি অণ্ডাশয়ৰ পৰা ডিম্ব বা কণীৰ সৃষ্টি কৰিলে)
PCOS ৰ বাবে কৰিবলগীয়া লেবৰেটৰী পৰীক্ষা সমূহ:-
*বিভিন্ন হৰমনৰ পৰীক্ষা যেনে- থাইৰইড, প্ৰলেক্টিন, লুটেনাইজিং, ফলিকল ষ্টিমুলেটিং হৰমন ইত্যাদি।
*আল্ট্ৰা চনোগ্ৰাফি।
*লিপিড প্ৰফাইল ইত্যাদি।
আয়ুৰ্বেদিক দৃষ্টিভংগী :-
আচাৰ্য্য শুশ্ৰূতে বন্ধ্যা নামৰ এবিধ যোনীব্যাপদৰ উল্লেখ কৰিছে যাৰ লক্ষণ হ'ল মাহেকীয়া বন্ধ হোৱা বা কমকৈ হোৱা। তেনেদৰে আচাৰ্য্য চৰকে অৰাজস্ক নামৰ যোনীব্যাপদৰ বৰ্ণনাত মাহেকীয়া বন্ধ হোৱাৰ কথা উল্লেখ কৰিছে।
যদি এই সমস্যাটো বাত দোষৰ প্ৰাধান্যতাৰ বাবে হয় তেনেহলে মাহেকীয়াৰ সময়ত খুব বিষ হয়, ৰক্তস্ৰাৱৰ অস্বাভাৱিকতা দেখা দিয়ে, ওজন হ্ৰাস পায় আৰু খুব ঠাণ্ডা অনুভৱ কৰে।
পিত্ত বিকাৰৰ প্ৰাধান্যতাৰ বাবে চুলি সৰা, শালমইনা, হৃদৰোগ ইত্যাদি হব পাৰে।
কফ দোষৰ প্ৰাধান্যতাৰ ফলত ওজন বঢ়া, বন্ধাত্ব, মুখ, বুকু আদিত নোম গজা, মধুমেহ ৰোগৰ আশংকা, খুব ঠাণ্ডা লগা ইত্যাদি লক্ষণ দেখা দিয়ে।
আয়ুৰ্বেদিক চিকিৎসা :-
আয়ুৰ্বেদিক চিকিৎসাৰ মূল নীতি হ'ল শ্ৰোণী(PELVIS) অঞ্চলত কোনো বাধা থাকিলে তাক আতঁৰোৱা, বিপাক প্ৰক্ৰিয়া স্বাভাৱিক কৰা, নিয়মীয়াকৈ মাহেকীয়া হোৱাৰ ব্যৱস্থা কৰা।
আয়ুৰ্বেদিক চিকিৎসাত বিভিন্ন ধৰণৰ ঔষধৰ উপৰিও পঞ্চকৰ্ম, যোগাসন আৰু লগতে এটা সুস্থ জীৱনশৈলীৰ জড়িয়তে এই সমস্যাৰ পৰা নিৰাময় লাভ কৰিব পৰা যায়। সচৰাচৰ ব্যৱহাৰ কৰা আয়ুৰ্বেদিক ঔষধ সমূহ হ'ল-
*একক ঔষধ - এলো-ভেৰা বা ঘৃতকুমাৰী , দালচেনী, মেথি, আমলখি, শতাৱৰি, অশ্বগন্দ্ধা, কোঞ্চ, অশোক, লটাকৰন্জ ইত্যাদি।
*যৌগিক ঔষধি - কাঞ্চনাৰ গুগ্গুল, চন্দ্ৰপ্ৰভা বটী, আৰোগ্যবৰ্ধিনি বটী, পুশ্যনুগ চুৰ্ন, দশমূল ক্বাথ, অশোকাৰিষ্ট ইত্যাদি । মাহেকীয়া বন্ধ হৈ গ'লে ৰজপ্ৰবৰ্তিনি বটী ব্যৱহাৰ কৰা হয়। ঔষধসমূহ চিকিৎসকৰ পৰামৰ্শ লৈ সেৱন কৰা উচিত।
*ইয়াৰ উপৰিও পঞ্চকৰ্ম যেনে - মাত্ৰা বস্তি, উত্তৰ বস্তি, অভ্যংগ, স্বেদন ইত্যাদি ব্যৱহাৰ কৰিব পাৰি।
*যোগাসন- সৰ্বাঙ্গাসন, মৎস্যাসন, অৰ্ধ মৎসেন্দ্ৰিয়াসন, পশ্চিমোত্তানসন, সূৰ্য্য নমস্কাৰ, উস্ত্ৰাসন আৰু যিকোনো পিছফালে হালি পেলাই কৰা আসন এই সমস্যাৰ বাবে ফলপ্ৰসূ হয়। কিন্তু আসনসমূহ মানুহজনৰ সাধ্যানুসাৰে এজন যোগ পৰামৰ্শদাতাৰ তত্বাৱধানত কৰা উচিত।
*জীৱনশৈলীৰ পৰিবৰ্তনৰ ক্ষেত্ৰত নিজৰ শৰীৰৰ মেদ বা চৰ্বী কমোৱাৰ ব্যৱস্থা কৰা উচিত, নিয়মিত ব্যায়ামৰ অভ্যাস কৰিব লাগে, মানসিক চাপ, উদ্বেগ পৰিহাৰ কৰা উচিত, সমতুল্য আহাৰ গ্ৰহণ কৰা উচিত। অধিক চৰ্বীজাতীয় খাদ্য, ময়দাৰ দ্বাৰা বনোৱা খাদ্য, অধিক শৰ্কৰাজাতীয় বা মিঠা খাদ্য, দিনত শুৱা আৰু ৰাতি দেৰিলৈকে উজাগৰি থকা অভ্যাস পৰিহাৰ কৰা উচিত।

ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী
চিকিৎসা বিষয়া, মুলাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ফোন নং- ৯৫০৮০২৬৮২৫

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

 

 

 

3.07692307692
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top