মহিলা মানুহৰ জৰায়ু বা গৰ্ভাশয়টো তিনিটা আৱৰণেৰে গঠিত। বাহিৰৰ আৱৰণখনক পেৰিমেত্ৰিয়াম (Perimetrium) বুলি কোৱা হয় যিখন আচ্ছাদক বা আৱৰণী কলাৰে গঠিত আৰু ই গোটেই জৰায়ুটোক আৱৰি ৰাখে। মাজৰ আৱৰণখনক মাইওমেত্ৰিয়াম বুলি জনা যায় যিখন মাংসপেশীৰ কোষেৰে গঠিত। আনহাতে একেবাৰে ভিতৰৰ শ্লেষ্মাৱৰণখনক এণ্ডমেট্ৰিয়াম বুলি কোৱা হয় যিখন প্ৰত্যেক মাহতে নিষেচিত (fertilized) ডিম্বানুৰ কাৰণে বিকশিত হয় যাতে নিষেচনৰ (fertilization) পিছত ভ্ৰূণটো ইয়াতে থিতাপি লব পাৰে আৰু প্ৰয়োজনীয় পুষ্টি লাভ কৰিব পাৰে। যদি মহিলাগৰাকী গৰ্ভৱতী নহয় তেন্তে এই এণ্ডমেট্ৰিয়ামখন ধ্বংস হৈ মাহেকীয়াৰ ঋতুস্ৰাৱৰ লগত বাহিৰ হৈ যায়। এণ্ডমেট্ৰিয়ামখন ডাঠ বা পাতল হোৱাটো আৰু মহিলা গৰাকী গৰ্ভৱতী হব নে নাই ইয়াৰ এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। সাধাৰণতে ডিম্বাশয়ৰ পৰা ডিম্ব বা কণী নিঃসৰিত হৈ আহি গৰ্ভাশয়ত সংস্থাপিত হোৱাৰ বাবে এণ্ডমেট্ৰিয়ামখন ৮-১০ মিলিমিটাৰ ডাঠ হোৱাটো বাঞ্চনীয়। এণ্ডমেট্ৰিয়ামখন পাতল হ'লে আশা কৰা ধৰণে ডিম্বাণু জৰায়ুত সংস্থাপিত নহব পাৰে যিয়ে গৰ্ভধাৰণত বাধাৰ সৃষ্টি কৰিব পাৰে। মহিলাৰ জৰায়ুৰ এণ্ডমেট্ৰিয়াম বহুতো কাৰণত পাতল হব পাৰে ।
১) তেজৰ ইষ্ট্ৰজেন হৰমনৰ অভাৱ।
২) জৰায়ুলৈ তেজৰ চলাচল কমি যোৱা।
৩) জৰায়ুৰ ফাইব্ৰইড।
৪) জৰায়ুত পোৱা কোনো আঘাত বা সংক্ৰমণৰ বাবে আৱৰণসমূহ লিপিট খাই ধৰা।
৫) হাইড্ৰচেল্ফিক্স (hydrosalphynx) বা জৰায়ুৰ ফেলোপিয়ান নলীৰ শেষৰ পিনে পানী আদি জমা হৈ অৱৰুদ্ধ হোৱা।
৬) এণ্ডমেট্ৰিয়ামৰ পুৰণি সংক্ৰমণ।
ইষ্ট্ৰজেন হৰমনৰ অভাৱৰ বিষয়ে জনাৰ আগতে ইষ্ট্ৰজেন হৰমননো কি জনাতো দৰকাৰ। ইষ্ট্ৰজেন নামৰ হৰমন বিধ মহিলা মানুহৰ ডিম্বাশয়ৰ পৰা নিৰ্গত হয়। মহিলাৰ স্বাস্থ্যৰ ওপৰত ইষ্ট্ৰজেন হৰমনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ছোৱালী মানুহৰ ৰজস্বলা (Puberty) হোৱাৰ সময়ত হোৱা যৌন বিকাশত ই সহায় কৰে। ই মহিলাৰ ঋতুচক্ৰ তথা গৰ্ভাৱস্থাৰ সময়ত জৰায়ুৰ ভিতৰৰ এণ্ডমেট্ৰিয়াম খনৰ বৃদ্ধি তথা বিকাশত সহায় কৰে। লগতে ই তেজৰ কলেষ্টেৰল নিয়ন্ত্ৰণ তথা হাড়ৰ বিকাশ ক্ৰিয়াত সহায় কৰে। সেয়েহে ইষ্ট্ৰজেন হৰমনৰ অভাৱত গম্ভীৰ সমস্যাৰ সৃষ্টি হব পাৰে। যিহেতু ইষ্ট্ৰজেন হৰমন মহিলাৰ ডিম্বাশয়ৰ পৰা নিৰ্গত হয় গতিকে মহিলাৰ ডিম্বাশয়ক আক্ৰান্ত কৰা যিকোনো অৱস্থাতেই শৰীৰত ইষ্ট্ৰজেন হৰমনৰ অভাৱ পৰিলক্ষিত হব পাৰে।
ৰজস্বলা হোৱাৰ আগত ছোৱালীবিলাকৰ আৰু ৰজো নিবৃত্তি হোৱা মহিলা বিলাকৰ স্বাভাৱিকতে তেজত ইষ্ট্ৰজেন হৰমনৰ পৰিমাণ কম থাকে যদিও সকলো বয়সৰ মহিলাৰ ক্ষেত্ৰতেই শৰীৰত ইষ্ট্ৰজেন হৰমনৰ অভাৱ পৰিলক্ষিত হব পাৰে। তলত ইষ্ট্ৰজেন হৰমনৰ অভাৱত পৰিলক্ষিত হোৱা কিছুমান লক্ষণ উল্লেখ কৰা হ'ল -
যদিও অত্যধিক ব্যায়ামৰ প্ৰভাৱত শৰীৰত ইষ্ট্ৰজেন হৰমন উৎপাদন ব্যাহত হয় কিন্তু সদায় মজলীয়া ধৰণৰ ব্যায়ামৰ দ্বাৰা জৰায়ুলৈ তেজৰ চলাচল বৃদ্ধি পায়। তেনে ক্ষেত্ৰত সাতোৰ, যোগাসন, দৌৰা বা অন্য ব্যায়ামৰ দ্বাৰা জৰায়ুলৈ তেজৰ চলাচল বৃদ্ধি পায় যাৰ ফলত পাতল এণ্ডমেট্ৰিয়াম ডাঠ হোৱাত সহায়ক হয়।
ভিটামিন ই পৰিপূৰক বা খাদ্য বস্তুৰ প্ৰয়োগৰ ফলত জৰায়ুলৈ তেজৰ চলাচল বৃদ্ধি হয় বুলি গৱেষণাৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছে যিয়ে এণ্ডমেট্ৰিয়াম ডাঠ কৰাত সহায় কৰে। সেয়েহে পাতল এণ্ডমেট্ৰিয়াম যুক্ত মহিলাক পৰ্য্যাপ্ত পৰিমাণে ভিটামিন ই যুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিয়া হয়। তেনে খাদ্যবস্তুৰ ভিতৰত আলমণ্ড, বাদাম, মটৰমাহ, ৰঙালাওৰ বীজ বা গুটি, সূৰ্য্যমূখীৰ বীজ, সৰিয়হ, পালেং, সৰিয়হৰ শাক, চালগোম, ব্ৰুকলি, বিলাহী, আম, অমিতা ইত্যাদি প্ৰধান। ভিটামিন ই কেপচুলো ব্যৱহাৰ কৰিব পৰা যায়।
তেজৰ আইৰণ বা হিম'গ্লবিনৰ অভাৱতো জৰায়ুলৈ তেজৰ চলাচল কমি যাব পাৰে যাৰ ফলত এণ্ডমেট্ৰিয়াম খন পাতল হব পাৰে। তেনে ক্ষেত্ৰত তেজৰ পৰীক্ষাৰ দ্বাৰা আইৰণৰ অভাৱ নিৰ্ণয় কৰিব লাগে আৰু আইৰণযুক্ত খাদ্য পদাৰ্থ তথা ঔষধী সেৱন কৰিব লাগে।
✳জৰায়ুৰ ফাইব্ৰইডো পাতল এণ্ডমেট্ৰিয়ামৰ অন্য এটি কাৰণ হব পাৰে। ফাইব্ৰইড বহুতো কাৰণত হব পাৰে যদিও মূখ্য:ত ইষ্ট্ৰজেন আৰু প্ৰজেষ্ট্ৰেৰণ হৰমনৰ বিসংগতিৰ ফলত বেছিকৈ হোৱা দেখা যায়। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ সহায়ত বিনা অস্ত্ৰোপচাৰে ফাইব্ৰইড নিৰ্মূল কৰিব পৰা যায়। অৱশ্যে ইয়াৰ বাবে কিছু খাদ্যাভ্যাস তথা জীৱনশৈলীৰ পৰিবৰ্তনৰো দৰকাৰ হয়। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত কাঞ্চনাৰ গুগ্গুল, বৃদ্ধি বাধিকা বটী, কানকায়ন বটী, পূষ্যনুগ চূৰ্ণ ইত্যাদি বিভিন্ন ঔষধীৰ প্ৰয়োগ এই ক্ষেত্ৰত কৰিব পৰা যায়। ঔষধ সমূহ অভিজ্ঞ চিকিৎসকক দেখুৱাইহে গ্ৰহণ কৰা উচিত।
✳পাতল এণ্ডমেট্ৰিয়ামৰ অন্য এটি কাৰণ হ'ল জৰায়ু বা এণ্ডমেট্ৰিয়ামৰ সংক্ৰমণ। এই সংক্ৰমণ বহুতো কাৰণত হব পাৰে। যেনে - যৌন সংক্ৰমিত ৰোগ (sexually transmitted diseases), যক্ষ্মা ৰোগ বা অন্য কোনো বেক্টেৰিয়াৰ সংক্ৰমণ। উপযুক্ত চিকিৎসাৰ সহায়ত এই সংক্ৰমন ৰোধ কৰিব পৰা যায়। লগতে জৰায়ুত পোৱা কোনো আঘাত বা গৰ্ভপাত (abortion) বা গৰ্ভস্ৰাৱ (miscarriage) ৰ ফলটো এণ্ডমেট্ৰিয়াম পাতল হৈ পৰিব পাৰে। আয়ুৰ্বেদত এণ্ডমেট্ৰিয়ামত হোৱা বিভিন্ন সংক্ৰমণৰ চিকিৎসাৰ ক্ষেত্ৰত চোপচিন্যাদি চূৰ্ণ, পূষ্যনুগ চূৰ্ণ, চন্দ্ৰপ্ৰভা বটী, বৃহৎ সোমনাথ ৰস, বৃহৎ বংগেশ্বৰ ৰস, পট্ৰাংগাসৱ, লোধ্ৰাসৱ ইত্যাদি বিভিন্ন ঔষধীৰ প্ৰয়োগ কৰা হয়।
আনহাতে পাতল এণ্ডমেট্ৰিয়াম ডাঠ বনাবলৈ সুকুমাৰ ক্বাথ, শতাৱৰী লেহ্যম্, ফল ঘৃত ইত্যাদি ঔষধীৰ ব্যৱহাৰ কৰা হয়।
ইষ্ট্ৰজেন হৰমনৰ মাত্ৰা স্বাভাৱিক কৰিবলৈ অশোক, লোধ্ৰ, লজ্জালু, ঘৃত কুমাৰী, উলটকম্বল ইত্যাদি একক ঔষধী আৰু পূষ্যনুগ চূৰ্ণ, কপিকচ্চু চূৰ্ণ, অশোকাকিষ্ট, কুমাৰিআসৱ, বৃষ্য বটী ইত্যাদি বিভিন্ন শাস্ত্ৰীয় ঔষধীৰ প্ৰয়োগৰ বিষয়ে আয়ুৰ্বেদত উল্লেখ আছে।কিন্তু মনত ৰখা উচিত এই ঔষধ বোৰৰ প্ৰয়োগ এজন অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে কৰা উচিত।
যোগাসন - এজন যোগ পৰামৰ্শদাতাৰ তত্বাৱধানত তলত দিয়া যোগাসন সমূহ কৰিলে সুফল পোৱা যায়। যেনে-ত্ৰিকোনাসন, ভূজংগাসন, গোমূখাসন, ধনুৰাসন, উৎথিত পাদাসন, পশ্চিমোত্তানাসন, হস্তপাদাসন, জানু শীৰ্ষাসন, বদ্ধ কোনাসন, বিপৰীত কৰণী, বালাসন।লগতে কপালভাটি, অনুলোম বিলোম, ভ্ৰষ্টিকা আৰু ভ্ৰামৰি প্ৰানায়াম।
লেখক :- ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 6/5/2020