মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / পি চি অ’এছ ৰোগৰ চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পি চি অ’এছ ৰোগৰ চিকিৎসা :

পি চি অ’এছ ৰোগৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান সময়ত মহিলাসকলৰ মাজত ব্যাপক হাৰত দেখা দিয়া ৰোগ হৈছে পি চি অ’এছ অৰ্থাৎ পলিসিষ্টিক ওভাৰিয়ান ছীনড্ৰ’ম। সাধাৰণ ভাষাত জীৱন ধাৰণ শৈলীৰ লগত এই ৰোগৰ ওতপ্ৰোতভাৱে সম্পৰ্ক আছে। মহিলাসকলৰ হৰম’নৰ লগত জড়িত ৰোগৰ ভিতৰত পি চি অ’ এছ হৈছে অন্যতম ৰোগ। সমীক্ষাৰ পৰা পোৱা তথ্য অনুসৰি বিশ্বৰ ৭-২৮% মহিলাই এই ৰোগত আক্ৰান্ত। ভাৰত বৰ্ষজুৰি বিভিন্ন গৱেষণামুলক অধ্যয়নৰ পৰা তথ্যমতে দক্ষিণ ভাৰত অৰু মহাৰাষ্ট্ৰত এই ৰোগৰ হাৰৰ শতাংশ হৈছে ক্ৰমে ৯.২৩% আৰু ২২.৫%।

পি চি অ’এছৰ মুল কাৰণসমুহ -

১) অনিয়মীয়া মাহেকীয়া, বন্ধাত্ব, দ্ৰুতগতিত ওজন বৃদ্ধি, মুখ, বুকু, পেট অথবা উৰু অংশত অতিৰিক্ত চুলি বৃদ্ধি।

২) গালত দেখা দিয়া শাল মইনা।

৩) ডিম্বাশয়ত একাধিক ক্ষুদ্ৰ ছিষ্ট।

৪) হতাশাগ্ৰস্থতা।

পি চি অ’এছ ৰ নিৰ্দিষ্ট কাৰণ নাই যদিও দৰাচলতে এণ্ড্ৰোজেন (পুৰুষ হৰম’ন) শৰীৰত বৃদ্ধি পোৱাৰ ফলত মাহেকীয়া অনিয়মীয়া হয়।

পি চি অ’এছ ৰ দীৰ্ঘকালীন প্ৰভাৱ- এই ৰোগৰ চিনাক্তকৰণ অথবা চিকিৎসা পদ্ধতি যদি বিলম্ব হয়, তেতিয়াহ’লে ৰোগীৰ শৰীৰত Type  -২ মধুমেহ ৰোগ, হৃদৰোগ হোৱাৰ লগতে ৰক্তচাপ বৃদ্ধি পোৱা দেখা যায়। এই ৰোগ হ’লে মাহেকীয়া অনিয়মীয়া হয়, যাৰ ফলত দীৰ্ঘদিন চিকিৎসা নকৰাৰ কাৰণে পি চি অ’এছ ৰোগীৰ জৰায়ুত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা দেখা যায়।

পি চি অ’ এছৰ চিকিৎসা -

এই ৰোগৰ প্ৰথম আৰু প্ৰধান চিকিৎসা হ’ল জীৱন ধাৰণ শৈলী নিয়মিত কৰাৰ লগতে নিয়মিত খাদ্যাভ্যাস। সুষম আহাৰ যেনে বজাৰৰ বিভিন্ন ফলমুল, শাক-পাচলি প্ৰচুৰ পৰিমাণে খোৱা, বিভিন্ন ফলমুল, শাক-পাচলি প্ৰচুৰ পৰিমাণে খোৱা, মাহজাতীয় খাদ্য, মাছ, মাংস, গাখীৰ অথবা গাখীৰৰ তৈয়াৰী বস্তু গ্ৰহণ কৰা।

১) তেলযুক্ত খাদ্য, মাখন, চিজ পৰিহাৰ কৰা।

২) সঠিক সময়ত আহাৰ গ্ৰহণ

৩) নিয়মিত ব্যায়াম।

৪) নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ ।

বিশ্বজুৰি বহু মহিলা পি চি অ’এছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাবে ছেপ্টেম্বৰ মাহটো বিশ্ব ব্যাপী সজাগতা মাহ হিচাপে এই ৰোগৰ বিভিন্ন দিশসমুহৰ বিষয়ে নাৰী সমাজৰ মাজত সজাগতা সৃষ্টি কৰা হয়। তথ্য অনুসৰি ভাৰতবৰ্ষত আক্ৰান্ত হোৱা ১০ গৰাকী পি চি অ’ এছ ৰোগীৰ ভিতৰত ৬ গৰাকী কিশোৰী। সেয়েহে এই ৰোগৰ সজাগতা অতিকে প্ৰয়োজন। এনে আক্ৰান্ত নাৰীসকলৰ বহুকেইগৰাকী তাৰকাৰ ভিতৰত সোনম কাপুৰ উল্লেখযোগ্য। অভিনেত্ৰী সোনম কাপুৰে পি চি অ’ এছ ৰ লগত কৰা নিজস্ব সংগ্ৰামৰ কথা প্ৰকাশ কৰি সজাগতাৰ বাবে আগবাঢ়ি আহিছে। এনে জনপ্ৰিয় তাৰকাসকলৰ পি চি অ’ছৰ লগত কৰা সংগ্ৰামসমুহৰ কাহিনীয়ে নাৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে এনে বিষয়সমুহত মুকলিকৈ আলোচনা কৰাত সহায় কৰে।

ৰজ:সন্ধিৰ বিষয়ে মহিলাসকলে জানিবলগীয়া কিছু কথা -

প্ৰতিবছৰৰ ১৮ অক্টোবৰৰ দিনটো International Menopause Day অৰ্থাৎ আন্তৰাষ্ট্ৰীয় ৰজ:সন্ধি দিন হিচাপে বিশ্বজুৰি পালন কৰি আহিছে। বিশ্বৰ মহিলাসকলৰ মাজত সজাগতা বৃদ্ধিৰ লগতে এনে সময়ত দেখা দিয়া বিভিন্ন সমস্যাসমুহৰ বিষয়ে মুকলিকৈ আলোচনা কৰিবলৈ তথা চিকিৎসকৰ সু-পৰামৰ্শ ল’বলৈ উৎসাহ যোগোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসুচী হাতত লোৱা দেখা যায়।

ৰজ:সন্ধি মানে সাধাৰণতে মাহেকীয়া বন্ধ হোৱা বুজা যায়। এবছৰৰ অধিককাল যদি মাহেকীয়া নহয়, তেতিয়াই ৰজ:সন্ধি হোৱা বুলি ধৰা হয়। ভাৰতীয় নাৰীৰ ৰজ:সন্ধি হোৱা বয়সৰ হাৰ ৪৬ বছৰ। কিন্তু লক্ষণসমুহ মাহেকীয়া বন্ধ হোৱাৰ বহু বছৰ আগৰ পৰাই দেখা দিয়ে। ইয়াক পেৰীমেন’পজ বুলি কোৱা হয়।

লক্ষণসমুহ -

১) অনিয়মীয়া মাহেকীয়া

২) Hot Flash অৰ্থাৎ তাৎক্ষণিক ডিঙি মুখমণ্ডল বা দেহৰ ওপৰৰ অংশ গৰম অনুভৱ হোৱা।

৩)  Night Sweat অৰ্থাৎ নিশা অতিমাত্ৰা গৰমৰ ফলত ঘামি উঠা।

৪) সংগম কালত বিষ অনুভৱ কৰাৰ লগতে ড্ৰাইনেছ।

৫) হতাশাত ভোগা বা সঘনাই মন সলনি হোৱা।

৬) নিদ্ৰাৰ সমস্যা।

৭) শৰীৰৰ ওজন বৃদ্ধি হোৱা।

৮) শৰীৰৰ ছাল শুকাই যোৱা আৰু চুলি সৰা।

৯) সঘনাই হৃদস্পন্দন বৃদ্ধি হোৱা।

১০) পেচা বৰ দ্বাৰত সংক্ৰমণ হোৱা।

১১) হাড় পাতল হোৱা।

মাহেকীয়া হোৱাৰ লক্ষণসমুহ প্ৰায়ে ভিন্ন হোৱা দেখা যায়। সৰহসংখ্যক মহিলাই অনিয়মীয়া মাহেকীয়াত কিছু বছৰ ভোগাৰ পিছত সম্পুৰ্ণৰুপে বন্ধ হৈ যায়। কিছুমানৰ দুই বা তিনি মাহ বন্ধ হৈ আকৌ মাহেকীয়া আৰম্ভ হোৱা দেখা যায়।

চিকিৎসকৰ পৰামৰ্শ -

মাহেকীয়া অনিয়মীয়া হোৱৰ লগে লগে স্বাস্থ্যৰ অৱনতি প্ৰতিৰোধ কৰিবলৈ চিকিৎসকৰ কাষ চাপিব লাগে। ৰজ:সন্ধি হোৱাৰ লগে লগে দেহত বিভিন্ন পৰীক্ষা চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰাব লাগে। এনে সময়ত প্ৰায় মহিলাসকলে অস্বাভাৱিক উচ্চ ৰক্তচাপ আৰু অস্থিৰতাত ভোগে। ৰজ:সন্ধি হোৱাৰ পিছত যোনিয়েদি যদি তেজ ওলায়, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কেতিয়া বা ৰজ:সন্ধি কালত মহিলাই শাৰীৰিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে আৰু তেনে অৱস্থাত চিকিৎসকৰ দ্বাৰা পৰামৰ্শ লৈ হৰম’নৰ চিকিৎসা কৰাব লাগে।

খাদ্য -

এনে সময়ত মহিলাসকলে পুষ্টিকৰ খাদ্যৰ লগতে কেলচিয়ামযুক্ত আহাৰ খাব লাগে। গাখীৰ বা গাখীৰৰ দ্বাৰা তৈয়াৰী খাদ্য, মাছ,শাক-পাচলি, ফলমুল প্ৰচুৰ পৰিমাণে খাব লাগে। একে সময়তে চৰ্বিযুক্ত আহাৰ পৰিহাৰ কৰিব লাগে। যেনে-চিজ, বাটাৰ ইত্যাদি। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিব লাগে। শৰীৰত ওজন বৃদ্ধি হোৱাৰ সম্ভৱনা দেখা যায়। সেয়েহে সুষম খাদ্য আৰু শৰীৰ চৰ্চাৰ দ্বাৰা নিজৰ যত্ন ল’ব লাগে।

লেখিকা: ডা: আয়না বৰঠাকুৰ (নিয়মীয়া বাৰ্তা)

 

 

 

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top