অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিছ বছৰত স্বাস্থ্য পৰীক্ষা কৰাওক

 

এটা সময় আছিল , যেতিয়া ধাৰণা কৰা হৈছিল যে মহিলাসকলে ত্ৰিশ-পঁয়ত্ৰিশ বছৰ বয়সৰ পিছৰ পৰা স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত । কিয়নো, বয়স বঢ়াৰ লগে লগে শৰীৰটোত বিভিন্ন ৰোগ-ব্যাধিয়ে আক্ৰমণ কৰিবলৈ ধৰে । কিন্তু আজি সময় সলনি হ’ল । বৰ্তমান দৌৰি-ঢাপৰি থাকিবলগীয়া জীৱন, পৰিৱৰ্তনীয় জীৱনশৈলী, বাঢ়ি অহা কামৰ বোজা, খোৱা-বোৱাৰ অনিয়মীয়া অভ্যাস আদিলৈ চাই এতিয়া বিছ বছৰ বয়সৰ পৰাই স্বাস্থ্য পৰীক্ষা কৰোৱাৰ প্ৰয়োজন আহি পৰিছে ।

কিয় পৰীক্ষা কৰিব লাগে -

১) পৰীক্ষা কৰালে এইটো জানিব পৰা যায় যে  আপুনি সম্পূৰ্নৰুপে সুস্থ হয় নে নহয় ।

২) পৰীক্ষা কৰালে সময় থাকোতেই কঠিন ৰোগৰ সম্ভাৱনা সম্ভেদ পোৱা যায়, যাৰ ফলত সময় থাকোতেই তাৰ চিকিৎসা কৰাব পাৰি ।

৩) চিকিৎসকৰ পৰীক্ষাৰ দ্বাৰা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বিয়পা বংশানুক্ৰমিক কেতবোৰ ৰোগৰ বিষয়ে জানিব পৰা যায় ।

কোনবোৰ পৰীক্ষা কৰাব লাগে -

ভিটামিন-ডি পৰীক্ষা :-

চিকিৎসা শাস্ত্ৰৰ এক তথ্যৰ পৰা এইটো পোহৰলৈ আহিছে যে আশী শতাংশ মহিলাৰ মাজত ভিটামিন-ডিৰ অভাৱ দেখা যায় । যাৰ ফলত হাড়বোৰ ক্ৰমান্বয়ে নৰম আৰু দুৰ্বল হৈ আহে । এই কাৰণতে হাড় তথা কঁকাল আৰু ভৰিৰ বিষ সঘনাই হৈ থাকিলে ভিটামিন ডি- তেজ পৰীক্ষা কৰাব লাগে ।

ব্লাড ছুগাৰ :-

ঘৰ আৰু অফিচৰ দায়িত্বসমূহৰ কাৰণে বাঢ়ি অহা উদ্বিগ্নতা, সঠিক সময়ত আহাৰ গ্ৰহণ কৰিব নোৱাৰা আৰু ওজন কমি যোৱা আদি অলেখ সমস্যাৰ উদ্ভৱ হয়, যি কাৰণে ব্লাড ছুগাৰ বাঢ়ি যায় । সেয়েহে তেজত গ্লুক’জৰ মাত্ৰা জানিবৰ বাবে এইবিধ পৰীক্ষা কৰাটো অতি আৱশ্যক । এবছৰত দুবাৰকৈ কৰাব লাগে ।

ভিটামিন-বি১২ পৰীক্ষা :-

দুৰ্বল অনুভৱ কৰা, হাত-ভৰি শোটোৰা শোটোৰ পৰা আৰু শৰীৰত তেজৰ অভাৱ হোৱাৰ অৰ্থ হৈছে আপোনাৰ শৰীৰত ভিটামিন-বি১২ অভাৱ । প্ৰায়সংখ্যক নিৰামিষভোজী ব্যক্তিৰ দেহত ভিটামিন-বি১২ ৰ অভাৱ দেখা যায় । এই পৰীক্ষাৰ যোগেদি আপুনি এইটো জানিব পাৰিব যে আপোনাৰ শৰীৰক কিমানখিনি ভিটামিন-বি১২ ৰ প্ৰয়োজন । দহ-বাৰ ঘণ্টা অনাহাৰে থকাৰ পিছত ইয়াৰ তেজ পৰীক্ষা কৰোৱা ভাল, য’ত নিজৰ ভিটামিন-বি১২ ৰ মাত্ৰাৰ অনুমান কৰিব পাৰিব ।

থাইৰয়ড :- থাইৰয়ড বেছি সময়ৰ মহিলাৰেই নহয়, বৰং বিছ বছৰ বয়সৰ তলৰ আৰু বেছি সময়ৰ ছোৱালীৰো হ’ব পাৰে । অকাৰণত ওজন বাঢ়ি যোৱা, ডিঙি ফুলি উঠা, মাহেকীয়া অনিয়মীয়া হোৱা আদি ইয়াৰ প্ৰধান লক্ষণ । যদি ইয়াৰে কিবা লক্ষণে ইতিমধ্যে দেখা দিছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তৎক্ষণাৎ থাইৰয়ড পৰীক্ষা কৰাওক ।

স্তন পৰীক্ষা :-

বিছ বছৰ বয়সত স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা একেবাৰে কম । কিন্তু স্তনত সৰু-ডাঙৰ টেমুনা বন্ধা অনুমান কৰিলে আৰু বিষ হ’লে চিকিৎসকে মেমোগ্ৰাফী কৰোৱাৰ পৰামৰ্শ দিয়ে । এই সমস্যা কেৱল মহিলাসকলৰেই নহয়, বৰঞ্চ কিশোৰী এগৰাকীৰো হ’ব পাৰে । সেই গতিকে কিশোৰ অৱস্থাৰ পৰাই স্তন পৰীক্ষা কৰাই থাকিব লাগে । ইয়াৰোপৰি যদি পৰিয়ালত স্তন কেন্সাৰ ইতিহাস আছে তেন্তে এইবিধ পৰীক্ষা অৱশ্যেই কৰোৱা উচিত ।

কলেষ্টেৰল পৰীক্ষা:-

কলেষ্টেৰল পৰীক্ষা কৰোৱাৰ কোনো নিশ্চিত বয়স নাই । পৰিৱৰ্তনীয় জীৱনশৈলী আৰু খোৱা-বোৱাৰ বদঅভ্যাস , ব্যায়াম নকৰাৰ ফলত মহিলাসকলৰে নহয়, যৌৱনপ্ৰাপ্ত ছোৱালীৰো কলেষ্টেৰলৰ মাত্ৰা বাঢ়ি যায় আৰু তেওঁলোকে এইটো গমকে নাপায় । কলেষ্টেৰলৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত হৃদৰোগ তথা হৃদযন্ত্ৰৰ ক্ৰিয়া অস্বাভাৱিক হোৱা আদি সমস্যাই দেখা দিয়ে । স্বাভাৱিকতেই মহিলাসকলে, চল্লিশ বছৰ বয়সৰ পিছৰ পৰাই কলেষ্টেৰল পৰীক্ষা কৰোৱাৰ প্ৰয়োজন । কিন্তু এতিয়া জীৱনশৈলী সম্বন্ধীয় ৰোগৰ প্ৰাদুৰ্ভাৱলৈ চাই বিছ বছৰ বয়সৰ পৰাই এইবিধ পৰীক্ষা কৰাই ল’ব লাগে । তদুপৰি বিছ বছৰৰ তলৰসকলে, যিসকলৰ থাইৰয়ড বা মেদবহুলতাৰ সমস্যা আছে বা যিসকলৰ পৰিয়ালত উচ্চ ৰক্তচাপ বা অত্যধিক কলেষ্টেৰল ৰোগী আছে, তেওঁলোকে এই পৰীক্ষা অৱশ্যেই কৰাব লাগে ।

অন্যান্য কিছু নিয়মীয়া পৰীক্ষা -

১) দাঁত দুপাৰিৰ কিবা সমস্যাই দেখা দিলেহে যে চিকিৎসকৰ ওচৰলৈ যাব লাগে, এইটো নহয় । দুই-তিনি বছৰত এবাৰকৈ দাঁত তথা দাঁতৰ গুৰিৰ পৰীক্ষা কৰোৱা ভাল ।

২) চকুযুৰি দুৰ্বল হৈ পৰাৰ বিভিন্ন কাৰণ থাকে । যেনে- অনবৰতে কম্পিউটাৰৰ কামত ব্যস্ত হৈ থকা, মূৰৰ বিষ, ধুঁৱলী-কুঁৱলী দেখা, এই কাৰণতে নিয়মীয়াকৈ চকু পৰীক্ষা কৰাই থাকিব লাগে ।

৩) ছালৰ কেন্সাৰো যিকোনো বয়সৰ ব্যক্তিৰ হ’ব পাৰে । সেয়ে ছালত কোনো ধৰণৰ পৰিৱৰ্তনে দেখা দিলে ততালিকে নিৰ্দিষ্ট চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।

এইখিনিতে মন কৰিবলগীয়া কথা যে পৰীক্ষা কৰোৱাৰ আগেয়ে এবাৰ চিকিৎসকৰ পৰামৰ্শ অৱশ্যে ল’ব । তেওঁ আপোনাক পৰীক্ষা কৰি চোৱাৰ পিছত পৰামৰ্শ দিব যে কোনবোৰ পৰীক্ষা আপুনি কৰোৱা খুবেই প্ৰয়োজন আৰু কোনবোৰৰ প্ৰয়োজন নাই ।

লেখিকা :- ডা: ৰীণা দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য

 

 

 

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate