অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃহৎ নিতম্ববিশিষ্ট নাৰীৰ বিষয়ে ৫টি তথ্য

বৃহৎ নিতম্ববিশিষ্ট নাৰীৰ বিষয়ে ৫টি তথ্য

 

সাধাৰণতে ডাঙৰ নিতম্বযুক্ত যুৱতীসকল সকলো পুৰুষৰ কাৰণেই আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। কিন্তু কেৱল দৈহিক আকৰ্ষণেই নহয়, তেনে নিতম্বযুক্ত নাৰীৰ ভালেকেইটা উপকাৰো আছে। এনেধৰণৰ নাৰী বা যুৱতীৰ সুবিধাবোৰৰ বিষয়ে আপুনি জানি থোৱা ভাল।

*যদি কোনো যুৱতী বা মহিলাৰ শৰীৰত ফেট বা চৰ্বি যিকোনো অংগত বেছিকৈ বাঢ়ি যায় আৰু সেই অংগ শৰীৰৰ অন্যান্য অংশৰ অনুপাতত বেছি মেদবহুল আৰু গধুৰ যেন হয়, তেনেহ’লে তেনে বৰ্ধিত চৰ্বিৰ ফলত সেই নাৰীৰ শৰীৰ দেখাত আপচু হৈ পৰে। যদি শৰীৰৰ উপৰিভাগত এনে ধৰণে চৰ্বি বৃদ্ধি পায়, তেনেহ’লে সেই চৰ্বি শৰীৰৰ কাৰণে যথেষ্ট হানিকাৰক হয়। এনে ধৰণে জমা হোৱা বগা চৰ্বি শৰীৰৰ প্ৰায় সকলো অংশতে পোৱা যায় আৰু এনে চৰ্বিয়ে উচ্চ ৰক্তচাপৰ দৰে কেইবাটাও ৰোগ সৃষ্টি কৰে। কিন্তু শৰীৰৰ বাবে বিশেষ অসুবিধাৰ সৃষ্টি নকৰে আৰু লগতে এনে চৰ্বিয়ে শৰীৰটোক সুগঢ়ীহে কৰি তোলে। শৰীৰটোক এটা আকৰ্ষণীয় ৰূপহে প্ৰদান কৰে।

চিৰি বগোৱা -

চিৰি বগাবৰ কাৰণে শৰীৰটো কিছু পেশী বহুল হ’ব লাগে। সহজভাৱে চিৰি বগাই উঠিবৰ কাৰণে পিঠিফালটো বিশেষভাৱে নিতম্ব যথেষ্ট শক্তিশালী হোৱা উচিত। যদি এই পেশীবিলাক দুৰ্বল হয়, তেনেহ’লে তেওঁ অলপতে ভাগৰি পাৰিব। ইয়াৰ কাৰণে কঁকালৰ তলতে ‘গ্লুটজ’ নামৰ এডাল মাংসপেশী থকাটো অত্যন্ত জৰুৰী আৰু সেইবাবে দাঙৰ নিতম্ববিশিষ্ট মহিলাই পাতল নিতম্বৰ মহিলাতকৈ বেছি ওপৰলৈ সহজে বগাই উঠিব পাৰে আৰু সহজতে নামিও আহিব পাৰে।

ডাঙৰ নিতম্বযুক্ত মহিলাই জৰুৰীকালীন সময়ত শক্তি সঞ্চয় কৰি ল’ব পাৰে। শুনিবলৈ এই কথা আচৰিত যেন লাগিলেও কিন্তু ডাঙৰ আকাৰৰ নিতম্বযুক্ত মহিলাই দিনটো কামত ব্যস্ত থকাৰ বাবে, সময় উলিয়াব নোৱাৰিলে এসাজ খাবলৈ আহৰি নেপালেও তেওঁ বেছি ভোক অনুভৱ নকৰে। কাৰণ এনেকুৱা মহিলাৰ নিতম্বত থকা চৰ্বিয়ে যথেষ্ট পৰিমাণে শক্তি সঞ্চয় কৰি ৰাখে আৰু এনেদৰে খোৱাৰ সুযোগ নথকাৰ সময়ত এই সঞ্চিত শক্তিকে কামত লগায়। তাৰোপৰি পিঠিৰ নিম্নাংশত নিৰাপত্তাৰ ক্ষেত্ৰতো ডাঙৰ নিতম্বই যথেষ্ট সহায় কৰে।

এটি গৱেষণাত প্ৰমাণ পোৱা গৈছে যে দুৰ্বল মহিলাই ভৰিৰ বিষত সঘনাই ভুগিব পাৰে। কাৰণ তেনে মহিলাৰ নিতম্বত কম সংখ্যক পেশী থাকে আৰু সেই বাবেই তেওঁলোকৰ ভৰিত বিষ হ’বলৈ ধৰে আৰু তেনে মহিলা সামান্য পৰিশ্ৰমতে ভাগৰি পৰে। কিন্তু ডাঙৰ নিতম্বৰ মহিলাই তেনে ধৰণৰ সমস্যাত কেতিয়াও ভুগিবলগীয়া নহয়। এনে মহিলাই কোনো ধৰণৰ ভাগৰ অনুভৱ নকৰাকৈ দীৰ্ঘসময় ধৰি খোজ কাঢ়ি গৈ থাকিব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate