মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মহিলা-ছোৱালীৰ হাড়ৰ ক্ষয় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলা-ছোৱালীৰ হাড়ৰ ক্ষয় :

মহিলা-ছোৱালীৰ হাড়ৰ ক্ষয় :

 

হাড়ৰ ভিতৰৰ ঘনত্ব বঢ়া-কমা এটি সাধাৰণ প্রক্রিয়া। সাধাৰণতে ১৪ ৰ পৰা ১৮ বছৰ বয়সলৈ হাড়ৰ দৈর্ঘ্য বৃদ্ধি বন্ধ হৈ যায়। কিন্তু ২০ বছৰ বয়সলৈ হাড়ৰ ভিতৰৰ গঠন ও ক্ষয় একেই গতিত চলি থাকে। ৪০ বছৰ অতিক্ৰম হোৱাৰ পিছৰে পৰা হাড়ৰ ক্ষয়ৰ মাত্রা অলপ অলপকে বাঢ়ি গৈ থাকে। পুৰুষৰ তুলনাত নাৰীসকল এই ৰোগত বেছি আক্রান্ত হয়। বিশেষকৈ নাৰীসকলৰ মাহেকীয়া ঋতুস্রাৱ বন্ধৰ পিছত শৰীৰৰ ইস্ট্রোজেন নামৰ হৰমন বিধ কমি যায়, ফলত হাড়ৰ ক্ষয়ৰ মাত্রা বাঢ়ি যায়।

কি কি কাৰণত নাৰীৰ হাড় ক্ষয় বেছি হয় -

১.মেনোপজ বা মাহেকীয়া ঋতুস্রাৱ বন্ধ হৈ যোৱাৰ বাবে।

২.পর্যাপ্ত পৰিমাণে শাৰীৰিক পৰিশ্রম নকৰাৰ বাবে।

৩.পর্যাপ্ত পৰিমাণে কেলচিয়াম ও ভিটামিন-ডি গ্রহণ নকৰিলে।

৪.শৰীৰৰ ওজন (বিএমআই অনুযায়ী অতিৰিক্ত কম হলে)।

৫.অতিৰিক্ত ধূমপান বা এলক'হল পান কৰিলে।

৬.ইয়াৰ উপৰিও তলত দিয়া ৰোগবোৰত ভোগী থাকিলেও হাড় ক্ষয়ৰ পৰিমাণ বাঢ়ি যায়।

যেনে :-

*শৰীৰত ইস্ট্রোজেন হৰমনৰ মাত্রা কমি গলে।

*শৰীৰত থাইৰয়ড বা পেৰাথাইৰয়ড হৰমনৰ মাত্রা স্বাভাবিকভাৱে বাঢ়ি গলে।

৭.যিবোৰ ৰোগত দীর্ঘদিন ধৰি শুই থাকিবলগীয়া হয়....! খোজ নকৰাকৈ থাকিলে হাড়ৰ ক্ষয় বেছি হয়। ব্রেইন স্ট্রোক,কেঞ্চাৰ ইত্যাদি ৰোগত ব্যৱহৃত ঔষধেও হাড় ক্ষয় কৰে।

হাড় ক্ষয়ৰ লক্ষণসমূহ -

বয়স বৃদ্ধিৰ লগে লগে হাড় ক্ষয় এটি প্রাকৃতিক প্রক্রিয়া,সেয়ে প্রাথমিক পর্যায়ত তেনে কোনো লক্ষণ দেখা নাযায়। কিন্তু হাড়ৰ ভিতৰৰ উপাদান বা মজ্জা অধিক পৰিমাণে কমি গলে বিভিন্ন উপসর্গ দেখা দিয়ে। যেনেঃ গোটেই শৰীৰত একেলেথাৰিয়াকৈ বিষ অনুভূত হয়। বেছি সময় খোজ বা চলাচল কৰিলে কষ্ট হয়; শৰীৰৰ ভাৰসাম্য কমি যায়। যাৰ ফলত পৰি গৈ হাড় ভাঙি যোৱাৰ সম্ভৱনা বহুত বেছি থাকে।

হাড় ক্ষয় নির্ণয় কিদৰে কৰিব -

হাড়ৰ ক্ষয় ৰোগ সহজেই নির্ণয় কৰা যায়। চিকিৎসকে ৰোগীৰ ক্লিনিকেল উপসর্গ পর্যবেক্ষণ, ৰোগীৰ বয়স, পূর্বৰ ৰোগ, হাড়ৰ এক্স-ৰে,এমআৰআই আৰু বিএমডি (ব'ন মিনাৰেল ডেনচিটি) পৰীক্ষাৰ মাধ্যমেৰে হাড়ৰ ঘনত্ব নির্ণয় কৰা হয়।

হাড় ক্ষয় প্রতিৰোধৰ বাবে কৰণীয় -

১.সুষম খাদ্যাভ্যাস অনুসৰণ কৰা। প্রচুৰ পৰিমাণে কেলচিয়াম ও ভিটামিন ডি সমৃদ্ধ আহাৰ গ্রহণ কৰা।

২. নিয়মিত শৰীৰচর্চা ও ব্যায়াম কৰা।

৩. ধূমপান ও মদ্যপান ত্যাগ কৰা।

৪. ৫০ ৰ ঊর্ধ্বৰ বয়সৰ প্রত্যেক নাৰীৰ হাড়ৰ ঘনত্ব নির্ণয় কৰোতে চিকিৎসকৰ পৰামর্শ লোৱা।

হাড় ক্ষয়ৰ প্ৰতিৰোধ চিকিৎসা নকৰিলে তাৰ পৰিণতিঃ

হাড়ৰ ক্ষয়ত প্রাথমিক অবস্থাত তেনে কোনো উপসর্গ দেখা নাযায়। হাড় ক্ষয়ৰ ফলত হাড়ৰ ঘনত্ব কমি হাড় দুর্বল আৰু ভঙ্গুৰ হৈ যায়। যাৰ ফলত সামান্য আঘাত লাগিলে কিংবা পৰি গলেও হাড়ৰ অনিষ্ট হয়।

লেখক: ডাঃ শ্বাহিদুল প্ৰীতম

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 9707738197

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top