মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মহিলাৰ ডায়েবেটিছ ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ ডায়েবেটিছ ৰোগ :

মহিলাৰ ডায়েবেটিছ ৰোগৰ বিষয়ে লিখা হৈছে ।

 

পুৰুষ আৰু নাৰীৰ ডায়েবেটিছ ৰোগৰ লক্ষণসমূহ প্ৰায় একেই যদিও নাৰীৰ ক্ষেত্ৰত কিছুমান বিশেষ লক্ষণ পৰিলক্ষিত হয়, যেনে- জেছটেশ্যনেল ডায়েবেটিছ, পলিচিষ্টিক অভেৰি ছিন্দ্ৰম , যৌনাংগৰ (Vaginal) ইনফেকশ্যন, মাহেকীয়া বা ঋতুচক্ৰত হৰম’নৰ পৰিৱৰ্তন (Hormonal changes during Menstrual cycle) ইত্যাদি – যিবোৰত ইনচুলিনৰ ক্ৰিয়াত প্ৰভাৱ পৰা দেখা যায় । মহিলাৰ ডায়েবেটিছ ৰোগত ফিজিলজিকেল ঋতুচক্ৰ (Menstrual cycle) আৰু তেজৰ গ্লুকজ মাত্ৰা ইটোৱে সিটোক ভিন্ন মাত্ৰাত প্ৰভাৱ পেলায় ।

ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ঋতুচক্ৰ আৰু হৰম’ন -

*গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে ঋতুচক্ৰৰ ফলিকুলাৰ আৰু লিউটিয়েলফে’জটোত হৰম’ন পৰিৱৰ্তনৰ বাবে তেজৰ গ্লুকজৰ (Blood Sugar) কণ্ট্ৰল বেলেগ হয় ।

*ইষ্ট্ৰজেন আৰু প্ৰজেচটেৰন হৰম’নে ইনচুলিন হৰম’নৰ লগত ক্ৰিয়া কৰি নিজৰ আৰু ইনজেকটেড ইনচুলিনৰ প্ৰতি শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে । এই ঘটনাটো বেলেগ বেলেগ মহিলাৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় ।

*এইবোৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বাবে মহিলা ডায়েবেটিক ৰোগীয়ে মাহেকীয়া হোৱাৰ ৩- ৪ দিনৰ আগৰ পৰা আৰু ৩-৪ দিন পাছলৈকে উচ্চ ব্লাড গ্লুকজৰ মাত্ৰা অনুভৱ কৰে ।

*এই প্ৰভাৱবোৰ সদায় একেও থাকিব পাৰে বা প্ৰতিমাহে বেলেগো হ’ব পাৰে,- যাৰ বাবে তেজৰ গ্লুকজৰ মাত্ৰা পৰ্যবেক্ষণ কৰা বা আগতীয়াকৈ কোৱাত অসুবিধা হয় ।

*অধিক প্ৰজেচটেৰন হৰম’নৰ বাবে মহিলাগৰাকীৰ আহাৰ গ্ৰহণ কৰাৰ ইচ্ছা বাঢ়ি যায়, যিটোৱে ডায়েবেটিছৰ চিকিৎসাত ব্যাঘাত জন্মায় ।

ঋতুচক্ৰত ডায়েবেটিছৰ প্ৰভাৱ -

*অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে টাইপ-১ ডায়েবেটিছ মেলাইটাছত মহিলাগৰাকীৰ ৩০ বছৰ বয়সৰ আগেয়েই ঋতুচক্ৰ সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে ।

*মহিলা ডায়েবেটিক ৰোগীৰ ঋতুচক্ৰটো দীঘলীয়া, ঋতুস্নানৰ সময়খিনি দীঘলীয়া আৰু অধিক মাত্ৰাত ঋতুচক্ৰ হয় । মেন’প’জ (ঋতুচক্ৰ বন্ধ হোৱা) সোনকালে হয় । ঋতুচক্ৰৰ পৰিৱৰ্তন আৰু ব্লাড গ্লুকজ মাত্ৰাৰ সতৰ্কতাৰে পৰ্যবেক্ষণ কৰাৰ লগতে উপযোগী জীৱন-ধাৰণৰ পৰিৱৰ্তন, শাৰীৰিক ব্যায়াম, পুষ্টিকৰ আহাৰ আৰু সু-স্বাস্থ্যৰ অভ্যাসে ডায়েবেটিছ চিকিৎসাত যথেষ্ট সহায় কৰে ।

গৰ্ভৱতী ডায়েবেটিছ ৰোগী সক্ৰিয়, কাৰ্যক্ষম আৰু পৰিশ্ৰমী হৈ থকাটো মহিলাগৰাকীৰ বাবে এক প্ৰত্যাহ্বান । ডায়েবেটিছ ৰোগমুক্ত গৰ্ভৱতী নাৰীৰ সুস্থ সন্তান আৰু সুস্থ মাতৃত্বৰ বাবে উপযুক্ত নিয়ম- প্ৰণালী, সতৰ্ক পৰ্যবেক্ষণ আৰু উপযুক্ত ডায়েবেটিছ চিকিৎসাৰ প্ৰয়োজন আৰু এইখিনি সুচাৰুৰুপে কৰাত ডায়েবেটিক পৰামৰ্শদাতাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ।

ডায়েবেটিক মহিলাই কেইটামান বিশেষ কথা মনত ৰাখিব লাগে -

*ডায়েবেটিছ ৰোগ থকা নাৰীয়ে সদায় পৰিকল্পিত গৰ্ভাধাৰণ (Planned Pregnancy) কৰিব লাগে । গৰ্ভাধাৰণৰ আগতে লোৱা প্ৰয়োজনীয় উপদেশে মাতৃ আৰু শিশু দুয়োকে সমস্যামুক্ত কৰিব পাৰে । গৰ্ভধাৰণৰ আগৰ পৰা ব্লাড গ্লুকজ মাত্ৰা নিয়ন্ত্ৰণ অৱস্থাত ৰাখি প্ৰতিৰোধক স্বাস্থ্য সেৱাৰ (Preventive health Service) অন্তৰ্ভুক্ত হৈ থাকিলে এক সফল প্ৰসৱ সম্ভৱ হ’ব পাৰে ।

*সকলো ডায়েবেটিক মহিলাই অপৰিকল্পিত গৰ্ভাধাৰণৰ (Unplanned Pregnancy) পৰা উদ্ভৱ হ’ব পৰা বিপদ-আশংকাৰ প্ৰতি সজাগ হোৱা উচিত ।

*গৰ্ভাৱস্থাৰ ডায়েবেটিক চিকিৎসাত উপযুক্ত চিকিৎসা, শৰীৰৰ পৰিশ্ৰম আৰু সঠিক ওজনৰ প্ৰতি যত্ন ৰখা ইত্যাদি সকলো কথা অন্তৰ্ভুক্ত হয় ।

*যদি ইনচুলিনৰ দ্বাৰা চিকিৎসা কৰা হয়, তেন্তে নিয়মিত পৰ্যবেক্ষণৰ প্ৰয়োজন ।

*ডায়েবেটিক গৰ্ভৱতী নাৰীয়ে শাৰীৰিক ব্যায়াম সতৰ্কতাৰে কৰা উচিত । ব্যায়ামৰ আগত আৰু পাছত গৰ্ভত থকা শিশুটিৰ কাৰ্যক্ৰম (Activity) আৰু মাতৃগৰাকীৰ তেজৰ গ্লুকজ মাত্ৰা পৰীক্ষা কৰিব লাগে । শাৰীৰিক পৰিশ্ৰম ১৫-৩০ মিনিটতকৈ বেছি কৰিব নালাগে ।

*যিবিলাক ডায়েবেটিক মহিলাই গৰ্ভাধাৰণৰ আগৰ পৰাই শাৰীৰিকভাৱে পৰিশ্ৰমী হয়, তেওঁলোকে একেই জীৱন প্ৰণালী অনুকৰণ কৰিব লাগে ।

ডায়েবেটিছ ৰোগত সক্ৰিয় হৈ থকাৰ উপায় হৈছে নিয়মিত ব্যায়াম -

ডায়েবেটিছ ৰোগীৰ বাবে উপযুক্ত ব্যায়াম হৈছে-

১) খোজকঢ়া

২) সাঁতোৰা

৩) চাইকেল চলোৱা

ইয়াৰ ভিতৰত খোজকঢ়াটো সকলোতকৈ উত্তম আৰু সহজ ব্যায়াম । কিন্তু ডায়েবেটিক ৰোগীয়ে ব্যায়াম কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত ।

*প্ৰথম কথা হ’ল তেওঁলোকে ব্যায়াম কৰাৰ আগত আৰু পাছত সদায় তেজৰ গ্লুকজ (Blood Sugar) পৰীক্ষা কৰি চাব লাগে, যাতে শৰীৰে ব্যায়ামটোক কেনেদৰে সঁহাৰি দিছে জানিব পাৰে ।

*দ্বিতীয়তে, ব্যায়াম কৰোঁতে ভৰি আৰু চকুৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । খোজ কাঢ়োঁতে আৰামদায়ক উপযুক্ত জোতা আৰু লগত ভাল মোজা পিন্ধিব লাগে, যাতে ভৰিত কোনোধৰণৰ ‘ঢৌ’, ‘পানীজোলা’ বা ‘ঘা’ নহয় । যদি ৰোগীৰ চকুত ডায়েবেটিক ৰেটিন’পেথি থাকে, তেন্তে বেছি গধুৰ বস্তু দাঙিব নালাগে,- যাৰ দ্বাৰা হঠাতে উচ্চ ৰক্তচাপ হৈ চকুৱেদি তেজ ওলাব পাৰে । ডায়েবেটিক ৰোগীয়ে ব্যায়াম কৰাৰ সময়ত সদায় পানী আৰু খোৱাবস্তু, বিশেষকৈ কাৰ্ব’হাইড্ৰেট জাতীয় খাদ্য (চকলেট, মৰ্টন, মিঠা বিস্কুট আদি) লগত ৰাখিব লাগে, যাতে ব্যায়াম কৰি থাকোঁতে যদি হঠাতে ছুগাৰ কমি যায়, তেন্তে সেই খাদ্য খই লগে লগে ছুগাৰ নৰ্মেল কৰিব পাৰে ।

ব্যায়াম কৰাৰ উপযুক্ত সময় -

খোৱাৰ এঘণ্টামানৰ পাছত ব্যায়াম কৰা উচিত । যেতিয়া তেজত গ্লুকজ আপেক্ষিকভাৱে উচ্চ হৈ থাকে । ডায়েবেটিছত ব্যায়াম অতিকৈ প্ৰয়োজনীয় । ব্যায়াম অৰ্থাৎ নিয়মিত খোজকঢ়াই তেজৰ ছুগাৰ লেভেলটো কমাই ৰাখে । ব্যায়ামে শৰীৰৰ মেটাবলিক কণ্ট্ৰল উন্নত কৰিব পাৰে, যিটো তেজৰ গ্লুকজ মাত্ৰা,  Hb A/C  আৰু ইনচুলিন চেনচিটিভিটি টেষ্টৰ দ্বাৰা জানিব পৰা যায় ।

অধ্যয়নৰ পৰা জানিব পৰা গৈছে- নিয়মিত ব্যায়ামে ডায়েবেটিছ ৰোগীৰ হৃদযন্ত্ৰ আৰু শ্বাসতন্ত্ৰ সুস্থ সবল কৰি ৰাখে । নিয়মিত ব্যায়ামে ৰক্তচাপ, মেদবহুলতা নিয়ন্ত্ৰণ কৰে আৰু তেজৰ লিপিড প্ৰফাইল উন্নত কৰে ।

সেইবাবে পুৰুষেই হওক বা নাৰীয়েই হওক, ডায়েবেটিক ৰোগীৰ বাবে ব্যায়াম বিশেষভাৱে প্ৰয়োজনীয় । মাত্ৰ গৰ্ভৱতী ডায়েবেটিক মহিলাই সতৰ্কতাৰে ব্যায়াম কৰা উচিত ।

লেখক :- ডা: অংকিত শৰ্মা

উৎস :- দৈনিক জনমভূমি

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top