অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ প্ৰধান সমস্যা

 

অভাৰিয়ান চিষ্ট

 

ৰোগৰ কাৰণ:এই ৰোগৰ কোনো নিৰ্দিষ্ট কাৰণ নাই।এষ্ট্ৰোজেন হৰম’নৰ অস্বাভাৱিক ক্ৰিয়া,ডিম্বাশয়ত অধিক ৰক্ত সঞ্চালন,ডিম্বাশয়ত হোৱা উত্তেজনা,গৰ্ভনিৰোধক আৰু থাইৰয়ড হৰম’নজাতীয় ঔষধ অত্যধিক ব্যৱহাৰ,ডিম্বাশয় শোথ,বন্ধ্যা,ভয়,ক্ৰোধ,মানসিক উৎকণ্ঠা আৰু বংশগত কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ:প্ৰায় সকলো বয়সৰ মহিলা এই ৰোগত আক্ৰান্ত হয়।চিষ্ট খোলা এটাৰ ভিতৰত আবৃত হৈ থাকে।খোলাটোৰ ভিতৰত বগা বা চকলেট বৰণীয়া লেতকেতীয়া প্ৰ’টিশ থাকে,স্পৰ্শ কৰিলে নিমজ আৰু কোমল অনুভৱ হয়,নীল-বগা বৰণীয়া,গোলাকাৰ,সৰু-ডাঙৰ বিভিন্ন আকাৰৰ হয়।চিষ্টৰ আকাৰ বৃদ্ধিৰ লগে লগে পেট আৰু শ্ৰোণীগহ্বৰ বাঢ়িবলৈ ধৰে।সচৰাচৰ এটা ডিম্বাশয় আক্ৰান্ত হোৱা বাবে তলপেটৰ একাষ বেছিকৈ বাঢ়ে।চিষ্টৰ আকাৰ অনুযায়ী কেৱল তলপেট অথবা গোটেই পেটটো উখহি উঠে।পেটৰ সিৰাবোৰ স্পষ্টকৈ দেখা যায়,পেটত মৃদু ধৰণৰ বিষ হয়।ৰোগৰ আৰম্ভণিতে স্বাস্থ্যৰ অৱনতি নহয়,ৰোগ পুৰণি হ’লে অথবা চিষ্টৰ আকাৰ বৃদ্ধি হ’লে অৰুচি,অজীৰ্ণতা,ৰক্তহীনতা,দুৰ্বলতা আৰু শুকাই-ক্ষীণাই যায়।ৰোগৰ কাৰণে সাধাৰণতে ঋতুস্ৰাৱৰ গণ্ডগোল নহয় যদিও কেতিয়াবা ৰক্তস্ৰাৱ,ৰজৰোধ,কষ্ট আতৰ্ৱ হয়।শ্ৰোণী অঞ্চলত আভ্যন্তৰীণ চাপ পৰিলে প্ৰস্ৰাৱ অৱৰোধ,সঘনাই প্ৰস্ৰাৱ লগা,দুয়ো ভৰিত শোথ আৰু কেতিয়াবা জলোদৰ হয়।ওপৰ পেট আৰু বক্ষগহ্বৰত আভ্যন্তৰীণ চাপ পৰিলে শ্বাসকষ্ট আৰু হৃদকম্পন হয়।পেটত হাতেৰে স্পৰ্শ কৰিলে নিমজ,কোমল বা কঠিন,লৰচৰ কৰিব পৰা গোলকাৰ চিষ্ট পোৱা যায়।চিষ্টটো কিবা কাৰণত পাক খালে তীব্ৰ ধৰণৰ পেটৰ বিষ হয়।কেতিয়াবা চিষ্ট ফাটিলে তীব্ৰ বিষ আৰু বীজাণু সংক্ৰমণৰ কাৰণে জ্বৰ আৰু অন্যান্য লক্ষণ দেখা পোৱা যায়।

ৰোগৰ উপসৰ্গ

 

ডিম্বাশয় পাক খায়,পাকখোৱা ডিম্বাশয় কেতিয়াবা পেটৰ অন্য অংগত এঠা খাই লাগি ধৰে,চিষ্টা ফাটি সংক্ৰমণ হোৱাৰ সম্ভাৱনা,উদৰাবৰণ কলা শোথ,দুয়োটা ভৰি ফুলে,জলোদৰ আৰু ৰোগ পুৰণি হ’লে কৰ্কট ৰোগলৈ ৰুপান্তৰিত হোৱাৰ সম্ভাৱনা।আজিকালি গৰ্ভধাৰণ কৰিব নোৱাৰা অধিকাংশ মহিলা ডিম্বাশয় চিষ্ট ৰোগত আক্ৰান্ত।

চিকিৎসা:

 

ডিম্বাশয়ৰ চিষ্ট আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা বিনা অস্ত্ৰোপচাৰে সম্পুৰ্ণ ভাল হয়।

(১)পেটেণ্ট ঔষধ:CLEMENSTAL,ASHOK CORDIAL, GYNOCURE,AMYCORDIAL syr HYPONIDD tab মাহেকীয়া ঋতুস্ৰাৱ স্বাভাৱিক কৰি ৰখাৰ বাবে।অথবা মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া কৰাৰ বাবে PATRANGASAVA,LODHRASAVA  চাৰি চামুচকৈ দিনে তিনিবাৰ খাব।

(২)শাস্ত্ৰীয় ঔষধ: KANCHANAR GUGULU,TRIFALA GUGULU যিকোনো এবিধৰ দুটাকৈ দিনে তিনিবাৰ খালে চিষ্টৰ আকাৰ কমিব ধৰে।

(৩)ROUDTA RAS,NITYANANDA RAS যিকোনো এবিধ দুটাকৈ দিনে তিনিবাৰ খালে চিষ্টৰ আকাৰ কমিব ধৰে।

(৪)Hyponidd tablet দুটাকৈ দিনে দুবাৰ খাব।এই ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছুদিন খোৱাৰ পাছত সম্পুৰ্ণ নোহোৱা হয়।এই ৰোগ ধৰা পৰিলে আয়ুৰ্বেদিক চিকিৎসকৰ লগত পৰামৰ্শ কৰি ঔষধ খালে অস্ত্ৰোপচাৰ নকৰাকৈ সম্পুৰ্ণ ভাল পাব।

লেখক:ডা: মনোজ কুমাৰ শইকীয়া (দেওবৰীয়া সুকন্যা)

2.88235294118
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top