মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মহিলাৰ বগা স্ৰাবৰ সমস্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ বগা স্ৰাবৰ সমস্যা :

মহিলাৰ বগা স্ৰাবৰ সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

আজি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ যিটো বিষয়ে প্ৰায়বিলাক মহিলাই কবলৈ বা চিকিৎসকৰ ওচৰ চাপিবলৈ সংকোচবোধ কৰে৷ এগৰাকী নাৰীৰ প্ৰাপ্তবয়স্ক হোৱাৰ পৰা ৰজোনিবৃ্তি (মেন'পজ) হোৱালৈকে কম-বেচি পৰিমাণে যোনিৰ ৰস নিৰ্গত হয়৷ কিন্তু তেনে হোৱাটো কেতিয়া স্বাভাৱিক আৰু কেতিয়া বিসংগতিপূৰ্ণ (Pathological) সেয়া জনাৰ একান্ত আৱশ্যকতা আছে৷ সাধাৰণতে এগৰাকী যুৱতীয়ে পোন প্ৰথমবাৰ ৰজস্বলা (Menarche) হবৰ সময়ত যোনিদ্বাৰত কিছু পিছল তৰল গোন্ধবিহীন পানীৰ ৰঙৰ পদাৰ্থ নিৰ্গত হোৱা অনুভৱ কৰে৷ সেই সময়ত শৰীৰত অইষ্ট্ৰজেন হৰমোনৰ পৰিমাণ বৃদ্ধি হয় আৰু স্ত্ৰীৰ জননাংগ সমূহৰ ৰক্ত সঞ্চালন বাঢ়িব ধৰে যাৰ ফলত এনে ৰসৰ নি:সৰণ ঘটে৷ কেতিয়াবা নৱজাতকৰো যোনিৰ পৰা এনে ৰস ওলাব পাৰে - সেয়া মাতৃৰ দেহৰ পৰা অহা অইষ্ট্ৰজেন হৰমোনৰ আধিক্যৰ প্ৰভাৱত৷ মাহেকীয়াৰ মাজ ভাগত ডিম্ব প্ৰস্ফুটন (Ovulation)হবৰ সময়তো কিছু পৰিমাণে পাতল স্ৰাৱ নিৰ্গত হয়৷ ইয়াৰ ওপৰিও যৌন উত্তেজনাৰ সময়ত আৰু গৰ্ভ অৱস্থাত এনে যোনিৰ ৰস নিৰ্গত হব পাৰে৷ এই ৰস হ'ল সুৰক্ষা প্ৰদায়ক - প্ৰজনন তন্ত্ৰক পৰিষ্কাৰ কৰাত সহায়ক হয় আৰু যৌন-মিলনৰ ক্ৰিয়াত সুগমতা প্ৰদান কৰে৷ এনে ধৰণৰ যোনিৰ স্ৰাৱ হ'ল স্বাভাবিক (Physiological)৷ 
কিন্তু যোনিৰ স্ৰাৱৰ প্ৰকৃতি (ৰঙ, গোন্ধ,পৰিমাণ) সলনি হ'লে আৰু লগত নানান আনুসংগিক শাৰীৰিক লক্ষণ (যেনে যৌনাংগৰ খজুৱতি,প্ৰসাবৰ সমস্যা) দেখা দিলে সেয়া হ'ল অস্বাভাৱিক৷ এনে যোনিৰ প্ৰৱাহক শ্বেত প্ৰদৰ (বগা স্ৰাৱ) বা লিউকোৰিয়া বুলে৷ বেচি ভাগ ক্ষেত্ৰত যোনিৰ স্ৰাৱৰ বৰণ বগা হয় বাবেই এই নামাকৰণ৷ ইংৰাজী লিউকোৰিয়া (Leucorrhoea) শব্দৰ উৎপত্তি গ্ৰীক লিউকচ + অৰিয়াৰ পৰা আহিছে যাৰ অৰ্থ হ'ল বগা প্ৰবাহ৷ জাতি-ধৰ্ম বাচ বিচাৰ নকৰাকৈ বিশ্বৰ সকলো ঠাইৰ মহিলাই লিউকোৰিয়াৰ ভুক্তভোগী হব পাৰে৷

কোন সহজতে লিউকোৰিয়াত আক্ৰান্ত হব পাৰে?

মেদবহুলতা, হাইপোথাইৰয়েডিজম, পুষ্টিহীনতা, ষ্টেৰইড আৰু গৰ্ভ নিৰোধক পিল ব্যৱহাৰকাৰী লোক, এইচ আই ভিত আক্ৰান্ত ব্যক্তি সহজে বগা স্ৰাৱ হোৱা অসুখত ভোগে৷

লিউকোৰিয়াৰ কাৰণ কি কি হব পাৰে?

১)সংক্ৰমণ - বেক্টেৰিয়াৰ, উদাহৰণ যৌনব্যাধি (STD); প্ৰটযোৱাৰ,উদাহৰণ ট্ৰাইকোমনাচ ভেজাইনেলিচ; শেলুৱৈ বা ফাংগাছৰ- ভেজাইনেল কেনডিডিয়াচিচ৷ প্ৰশ্ন হব পাৰে ৰাজহুৱা চুইমিংপুলৰ পৰা প্ৰটযোৱাৰ সংক্ৰমনৰ সম্ভাৱনা থাকেনে? উত্তৰত আমাৰ বক্তব্য হ'ল - ভালকৈ তদাৰক কৰা, নিয়মীয়াকৈ উচিত মাত্ৰাত ক্লৰিন দি পানী শোধিত ৰখা চুইমিং পুলত ট্ৰাইকোমোনাচ ভেজাইনেলিচ নামৰ প্ৰটোযোৱাই মিনিটৰ ভিতৰতে সক্ৰিয়তা আৰু সংক্ৰমণশীলতা হেৰুৱায়৷ কিন্তু অপৰিষ্কাৰ চুইমিং পুলৰ পৰা ৰোগ বিয়পাৰ বেচ সম্ভাৱনা থাকে৷

২)হৰমোনৰ বিসংগতি।

৩)পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ।

৪)খাদ্যৰ বিসংগতি।

৫)ৰক্তহীনতা আৰু ডায়বেটিজ।

৬)শৰীৰৰ ইমিউনিটি হ্ৰাসপোৱা।

৭)অপ্ৰাকৃতিক যৌনসংগম।

৮)বহুগামী যৌনতা।

৯)সঘন বা বাৰম্বাৰ গৰ্ভপাত।

১০)জৰায়ুৰ মুখত ঘাঁ হোৱা।

১১)প্ৰসাবৰ সংক্ৰমণ।

১২)খজুৱতিৱে যৌনাংগত কৰা ঘাঁ।

১৩)গৰ্ভনিৰোধক সামগ্ৰীৰ প্ৰয়োগ (যেনে ক'পাৰ টি)।

১৪)জননাংগৰ কৰ্কট ৰোগৰ ফলতো লিউকোৰিয়া হব পাৰে৷

লিউকোৰিয়াৰ লক্ষণসমূহ কি কি?

*ডাঠ, আঠাসদৃশ, বেয়া গোন্ধযুক্ত বগা,হালধীয়া বা সেউজ বৰণীয়া যোনিৰ স্ৰাৱ ওলোৱা৷

*যৌনাংগৰ খজুৱতি।

*কঁকাল, কৰঙণত বিষ বা গধুৰ ভাৱ অনুভৱ কৰা।

*শৰীৰৰ দুৰ্বলতা।

*শৌচ কচা হোৱা।

*এলাহ আৰু শৰীৰৰ দূৰ্বলতা।

*সঘন মূৰৰ বিষ।

*স্বভাৱ খিঙখিঙিয়া হোৱা।

চিনাক্তকৰণৰ বাবে কৰিবলগীয়া পৰীক্ষাসমূহ কি কি?

তেজ, প্ৰসাব পৰীক্ষা কৰাৰ ওপৰিও যোনিৰ স্ৰাৱৰ অণুবীক্ষণত পৰীক্ষা কৰা আৱশ্যক৷ আকৌ যোনিৰ স্ৰাৱৰ পেপ স্মেৰ পৰীক্ষা কৰিব লাগে -যাৰ দ্বাৰা কৰ্কটৰোগ চিনাক্ত কৰিব পাৰি৷

চিকিৎসা কি দৰে কৰে? সংক্ৰমণৰ কাৰণ চিনাক্ত হ'লে সেইমতে উপযুক্ত দৰব খাবলৈ বা লগাবলৈ দিয়া হয়৷ ট্ৰাইকোমনাৰ সংক্ৰমণত পতি-পত্নী দুয়ো চিকিৎসা লব লাগে৷ মেট্ৰনিডাজল,চেকনিডাজল, অৰনিডাল আদি হ'ল সঘনাই প্ৰয়োগ হোৱা দৰব৷ আনহাতে ফাংগাছৰ চিকিৎসা ফ্ল'কনাজনেৰে কৰা হয়৷ যৌনব্যাধি ধৰা পৰিলে উপযুক্ত এন্টিবায়টিকেৰে চিকিৎসা কৰিব লাগিব৷ জৰায়ুৰ মুখত ঘাঁ হোৱাৰ বাবে বগা স্ৰাৱ নিৰ্গত হ'লে ডায়েথাৰ্মিৰ সহায়ত সেই অংশটো জলাই (Electrocotorization) দিয়া হয়৷

আজিকালি বিশ্ব স্বাস্থ্য সংস্থাই তিনিবিধ একেলগে থকা দৰব পতি-পত্নী দুয়োজন যৌন সংগীক একেলগে লোৱাৰ পৰামৰ্শ দিয়ে৷ সেই কেইবিধ হ'ল- ফ্ল'কনাজল+মেট্ৰনিডাজল+ এজিথ্ৰমাইচিন৷

যোনিৰ দূৰ্গন্ধ কিয় হয় আৰু আতৰাবলৈ লবলগীয়া সতৰ্কতাসমূহ কি কি?

যোনিৰ ৰসৰ পৰা দূৰ্গন্ধ আহিলে সি বেক্টেৰিয়া, প্ৰটযোৱা,ফাংগাছ বা ইষ্টৰ সংক্ৰমণ হোৱাটো বুজায়৷ ফলপ্ৰসু সতৰ্কতামূলক ব্যৱস্থাসমূহ তলত উল্লেখ কৰিলোঁ : -

*নিতৌ পৰিষ্কাৰকৈ গা ধুব ৷ বেচিকৈ ঘামিলে বা ব্যায়াম কৰাৰ পিছত গা নুধোৱাকৈ নাথাকিব৷
*তীব্ৰ গোন্ধ থকা চাবুনৰ সলনি প্ৰাকৃতিক উপাদন থকা (যেনে অমিতা,হালধি,নিম) চাবুন ব্যৱহাৰ কৰিব৷

*গৰম পানীৰ বাথ টাব ব্যৱহাৰ নকৰিব৷ তেনে উষ্ণতাত যোনিত থকা স্বাভাৱিক সুৰক্ষা প্ৰদানকাৰী Doderlein Lactobacilli বিনষ্ট হ’ব৷

*গা ধুবলৈ নিম পাত সিজোৱা পানী কুহুমীয়া বা শীতল কৰি ব্যৱহাৰ কৰিব পাৰে৷
*জননাংগ পৰিষ্কাৰ কৰিবলৈ douche আৰু perfumed spray কেতিয়াও ব্যৱহাৰ 
নকৰিব৷

*শুকান কোমল টাৱেলেৰে জননাংগ মচিব৷

*কপাহী কাপোৰৰ পেন্টিহে পিন্ধিব৷ বেচি চেপা খোৱাকৈ কাপোৰ নিপিন্ধিব৷

*সুস্বাস্থ্যৰ বাবে সেউজীয়া পাচলি, ফলমূল গ্ৰহণ কৰিব৷

*প্ৰচুৰ পানী আৰু জুলীয়া আহাৰ গ্ৰহণ কৰি নিজকে ডিহাইড্ৰেচনৰ পৰা বচাই ৰাখিব৷

*নিয়মীয়াকৈ ব্যায়াম কৰিব৷ আসনৰ ভিতৰত পদ্মাসন উপযোগী৷

*সংগমৰ পিছত পানীৰে যোনিদ্বাৰ ধুই মচি থব৷

*প্ৰবায়টিক নামৰ এবিধ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে গ্ৰহণ কৰিব৷

হাততে পোৱা ঘৰুৱা পদক্ষেপ কেইটিমান -

*মেথি গুটিৰ চাহ দিনে ২৷৩বাৰকৈ কিছুদিন খালে লিউকোৰিয়াৰ উপশম ঘটে৷
*অলপমান ধনীয়া গুটি ৰাতি তিয়াই থৈ পুৱা সেই পানী খালি পেটত খালে উপকৃত হব৷

*কটা ভেন্দী ১০০গ্ৰাম কুৰি মিনিট সময় বইল কৰি তাত মৌ মিহলাই খালে বগাস্ৰাব কমে৷

*আমলখি গুৰিত মৌ মিহলাই খালেও বগাস্ৰাব কমে৷

*দিনে ২/৩টা কল খোৱা মহিলাৰ বগাস্ৰাৱ ৰোগ কমকৈ হয়।

*আমাৰ অসমীয়াৰ অতি প্ৰিয় তামোল পাণ নিয়মীয়াকৈ খালে লিউকোৰিয়াৰ উপশম ঘটে৷

ৰোগীৰ বাবে উপযুক্ত খাদ্য কি?

*কল, আমলখি, মধুৰী, ডালিম আদি হ'ল উপকাৰী ফল৷ গাজৰ,বিলাহী,ভেন্দী, নহৰু, মেথিশাক, সেউজীয়া শাক পাচলি আদিও হ'ল উপকাৰী৷

*অহিতকাৰী খাদ্যসমূহ: চাহ,কফি,মদ,বাহি খাদ্য,বেচি তেল-মছলাযুক্ত ফ্ৰাইড খাদ্য৷

উপসংহাৰত কেইটিমান লাগতিয়াল পৰামৰ্শ :

*ৰোগাক্ৰান্ত মহিলাই কপাহী কাপোৰৰ অন্তৰ্বস্ত্ৰ দিনে দুবাৰকৈ সলোৱা ভাল৷

*সংগমৰ পিছত যৌনাংগ পৰিষ্কাৰ পানীৰে ধুই কাপোৰৰে মচি শুকুৱাই লব৷

*নিয়মীয়া ব্যায়াম আৰু আসন কৰি, পৰিষ্কাৰ পৰিচ্ছন্ন থাকি স্বাস্থ্যৰ যতন লব৷

*পৰাপক্ষত আনৰ টাৱেল, পেন্টি কেতিয়াও ব্যৱহাৰ নকৰিব৷

*ৰোগে জটিল ৰূপ ধাৰণ কৰাৰ আগতেই অভিজ্ঞ গাইনোক'লজিষ্ট অৰ্থাৎ স্ত্ৰীৰোগ বিশেষজ্ঞৰ হতুৱাই শৰীৰটো পৰীক্ষা কৰোৱাওঁক৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

2.92307692308
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top