মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মহিলাৰ বন্ধাত্ব্য অভিশাপ নহয় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ বন্ধাত্ব্য অভিশাপ নহয় :

মহিলাৰ বন্ধাত্ব্য অভিশাপ নহয়, সেই বিষয়ে লিখা হৈছে ।

প্ৰতি গৰাকী মহিলাৰে হাবিয়াস থাকে যে তেওঁ এদিন মাক হব। কিন্তু কেতিয়াবা কিবা কাৰণত মহিলা এগৰাকী মাক হোৱাৰ পৰা বঞ্চিত হৈ থাকে। অৱশ্যে মাক হোৱা নহোৱাৰ কাৰণটো স্বামী স্ত্ৰী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে।

যেতিয়া কোনো দম্পতিৰ অসুৰক্ষিত যৌন সম্বন্ধ কৰাৰ এবছৰ ভিতৰত মহিলা গৰাকী গৰ্ভৱতী নহয় তেন্তে তাক বন্ধাত্ব্য নাম দিয়া হয়। এই বন্ধাত্ব্যৰ কাৰণটো যদি স্ত্ৰীগৰাকী হয় তেন্তে তাক মহিলাৰ বন্ধাত্ব্য বুলি কোৱা হয়।

অৰ্থাৎ যদি মহিলাগৰাকীৰ ডিম্ব সঠিকভাৱে নিৰ্গত নহলে বা ডিম্ব নিষেচন বা fertilization ৰ বাবে উপযুক্ত নহলে তাক মহিলাৰ বন্ধাত্ব্য বুলি কোৱা হয়।

মহিলাৰ বন্ধাত্ব্যৰ কাৰণ -

মহিলাৰ বন্ধাত্ব্যৰ কাৰণসমূহক মূখ্যতঃ দুটা ভাগত বিভক্ত কৰা হৈছে।

(১)গঠনসম্পৰ্কীয় কাৰণ আৰু (structural reason)।

(২) কাৰ্য্যকাৰিক কাৰণ (functional reason)।

গঠনসম্পৰ্কীয় কাৰণ-

গঠনসম্পৰ্কীয় কাৰণ বুলি কলে সাধাৰণতে আমি মহিলাগৰাকীৰ প্ৰজনন তন্ত্ৰটো সঠিকভাবে গঠিত হয় নে নহয় সেইটো পৰীক্ষা কৰা হয়। যেনে- জৰায়ু বা গৰ্ভাশয়, ডিম্বাশয় ইত্যাদি সঠিকভাবে বিকশিত হৈছে নে নাই সেইটো পৰীক্ষা কৰা হয়। কাৰণ ভ্ৰূণবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা কেতিয়াবা জৰায়ুৰ বিকাশ সঠিকভাবে নহয়, কেতিয়াবা ফেলোপিয়ান টিউব সঠিকভাবে বিকশিত নহয়, কেতিয়াবা ডিম্বাশয় অনুপস্থিত থাকে ইত্যাদি।

গতিকে, প্ৰথমতে আমি জৰায়ু বা গৰ্ভাশয়টোৰ আকাৰ আৰু আকৃতি সঠিক আছে নে নাই বা গৰ্ভাশয়টো সঠিত অৱস্থানত আছে নে নাই সেইটো সুনিশ্চিত হব লাগে। আনহাতে জৰায়ুৰ অন্য এটি অংশ ফেলোপিয়ান টিউবৰ সক্ষমতাও মহিলাৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত অতিকৈ জৰুৰী।

কাৰণ ডিম্বাশয়ৰ পৰা নিৰ্গত ডিম্ব বা কণীবিলাক প্ৰথমে আহি ফেলোপিয়ান টিউবৰ শেষ অংশত থকা ফিম্ব্ৰিয়াবিলাকৰ জড়িয়তে আহি ফেলোপিয়ান টিউবত প্ৰৱেশ কৰে আৰু ইয়াতেই পুৰুষজনৰ শুক্ৰকীটৰ লগত ডিম্ব বা কণীৰ নিষেচন (fertilization) হৈ ভ্ৰূণ উৎপন্ন হয় আৰু এই ভ্ৰূণটো ফেলোপিয়ান টিউবৰ জড়িয়তে আহি জৰায়ুত থিতাপি লয় আৰু বিকশিত হবলৈ ধৰে। গতিকে ফেলোপিয়ান টিউবে ডিম্বাশয় আৰু গৰ্ভাশয়ৰ মাজত যোগাযোগকাৰী নলী হিচাপে কাম কৰে।

এই ফেলোপিয়ান টিউবত যদি কোনো অৱৰোধ থাকে বা যদি ফেলোপিয়ান টিউব সঠিকভাবে বিকশিত নহয় তেন্তে ইয়াৰ ফলতো বন্ধাত্ব্যৰ সৃষ্টি হব পাৰে। আনহাতে ডিম্বাশয় যদি সঠিকভাবে বিকশিত নহয় তেন্তে ডিম্ব বা কণীবিলাক ঠিকমতে উৎপন্ন নহব পাৰে বা সঠিকভাবে বিকশিত নহব পাৰে যাৰ ফলতো বন্ধাত্ব্যৰ সৃষ্টি হব পাৰে।

গতিকে বন্ধাত্ব্যৰ চিকিৎসাৰ আৰম্ভণিতে মহিলাগৰাকীৰ প্ৰজনন তন্ত্ৰৰ কিবা গঠনাত্মক বিকৃতি আছে নেকি পৰীক্ষা কৰি চোৱা উচিত। ইয়াৰ বাবে তল পেটৰ এটা সাধাৰণ আল্ট্ৰাচাউণ্ড কৰিবলৈ পৰামৰ্শ দিয়া হয়। অৱশ্যে ফেলোপিয়ান টিউবত থকা কোনো অৱৰোধ ধৰা পেলাবলৈ HSG (Hystosalphinography) কৰা হয়।

কাৰ্য্যকাৰিক কাৰণ -

গঠনসম্পৰ্কীয় কাৰণৰ উপৰিও কিছুমান কাৰ্য্যকৰিক কাৰণেও মহিলাৰ বন্ধাত্ব্যৰ সৃষ্টি কৰিব পাৰে। কাৰ্য্যকৰিক কাৰণৰ ক্ষেত্ৰত মহিলাগৰাকীৰ ডিম্বাশয়ত কণী বা ডিম্ববিলাক ঠিকমতে কিয় উৎপন্ন হোৱা নাই বা পূৰঠ কিয় হোৱা নাই সেই বিষয়টো চালিজাৰি মাৰি চাব লাগে। বহুতো কাৰণত মহিলা এগৰাকীৰ ডিম্ব ঠিকমতে উৎপন্ন বা পূৰঠ নহব পাৰে। যেনে - হৰমন সম্পৰ্কীয় কাৰণ, খাদ্যাভ্যাস সম্পৰ্কীয় কাৰণ আৰু জীৱনশৈলীগত কাৰণ।

হৰমন সম্পৰ্কীয় কাৰণ -

মহিলা এগৰাকীৰ ডিম্ব বা কণী উৎপন্ন হোৱা প্ৰক্ৰিয়াটোত চাৰিটা হৰমন প্ৰত্যক্ষ ভাবে জড়িত হৈ থাকে। সেইকেইটা হ'ল Gonadotropin releasing hormon চমুকৈ GRH, Follicle stimulating hormon (FSH), Lutenizing hormon (LH) আৰু Estrogen (ডিম্বাশয়ৰ পৰা নিৰ্গত হয়)।

এই আটাইকেইটা হৰমনৰ সহযোগত তথা সঠিক মাত্ৰাত নিৰ্গত হ'লেহে ডিম্ব উৎপন্ন তথা পূৰঠ হোৱাত কোনো বাধাৰ সৃষ্টি নহয় আৰু ডিম্বাশয়ে সঠিকভাবে কাম কৰে। এই হৰমন সমূহৰ সঠিক মাত্ৰাই অকল ডিম্বৰ উৎপত্তি আৰু পূৰঠ হোৱা কামতেই সহায় নকৰে বৰঞ্চ ডিম্ববিলাক ডিম্বাশয়ৰ পৰা বাহিৰ হৈ অহাতো সহায় কৰে।

এই ডিম্ববিলাকৰ পৰাই যিকোনো এটা ডিম্ব পুৰুষৰ শুক্ৰকীটৰ লগত লগ লাগি ভ্ৰূণৰ সৃষ্টি কৰে। যদি এই হৰমনৰ বিলাকৰ যিকোনো কাৰণত বিসংগতিৰ সৃষ্টি হয় তেন্তে ডিম্ব ঠিকমতে উৎপন্ন হোৱা আৰু পূৰঠ হোৱা প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰি বন্ধাত্ব্যৰ সৃষ্টি কৰিব পাৰে। হৰমনৰ এই বিসংগতিৰ মগজুৰ হাইপোথেলামাচ বা পিটুইটেৰী গ্ৰন্থি বা ডিম্বাশয়তো হব পাৰে।

খাদ্যসম্পৰ্কীয় কাৰণ –

আজিকালি বেছিভাগ মহিলাৰে খাদ্যাভ্যাসৰ ক্ষেত্ৰত অনিয়মিয়তা লক্ষ্য কৰা যায়। তাৰে ভিতৰত আম্লিক বা এচিডিক খাদ্যৰ অত্যধিক ভোজনো এটা। সাধাৰণভাবে চালে আমি আমাৰ খোৱা খাদ্যক দুটা ভাগত বিভক্ত কৰিব পাৰো।

আম্লিক বা এচিডিক খাদ্য আৰু ক্ষাৰীয় বা এলকালাইন খাদ্য। যদি আমি লক্ষ্য কৰো তেনেহ'লে দেখা যায় যে আমি খোৱা খাদ্যৰ ৯০ শতাংশই আম্লিক খাদ্য আৰু বাকী ১০ শতাংশ ক্ষাৰীয় খাদ্য। গতিকে ক্ষাৰীয় খাদ্যৰ প্ৰচলন লাহে লাহে কমি গৈছে।

আম্লিক খাদ্য খোৱাৰ ফলত মহিলাগৰাকীৰ গোটেই শৰীৰৰ তেজৰ লগতে জৰায়ুৰ ph factor আম্লিক হৈ যায়। আম্লিক আৰু ক্ষাৰীয় গুণৰ লগত মহিলাৰ ডিম্ব পূৰঠ হোৱা বা নোহোৱাৰ সম্পৰ্ক আছে। অত্যধিক আম্লিক মাধ্যমত শুক্ৰকীট বিলাক গতি (Motility) কমি যায় ।ফলত শুক্ৰকীট গৈ গৰ্ভাশয় পোৱাত বাধাৰ সৃষ্টি হয়।

বহুতো দম্পতিৰ ক্ষেত্ৰত দেখা যায় যে পৰীক্ষা নিৰীক্ষা কৰি সকলো স্বাভাৱিক থকাৰ পিছতো ল'ৰা ছোৱালীৰ মূখ দেখা নাপায়। তেনে ক্ষেত্ৰত অত্যধিক আম্লিক খাদ্যৰ সেৱনৰ বাবে মহিলা গৰাকীৰ জৰায়ুৰ ph factor আম্লিক হৈ গৈ তেনে মহিলা গৰ্ভধাৰণ নকৰিব পাৰে। এইটো দেখাত এটি সৰু কথা যদিও মহিলাৰ গৰ্ভৱতী হোৱা নোহোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

মানসিক কাৰণ বা জীৱনশৈলীগত কাৰণ -

মানুহ যিমানেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ শিখৰত আৰোহণ কৰিছে সিমানেই মানসিক চাপ বা টেনচন বৃদ্ধি পাইছে। দ্ৰুত জীৱনশৈলীকেই ইয়াৰ প্ৰধান কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। বহুতো এনেকুৱা দম্পতী দেখা যায় যে পুৰুষজনৰ বীৰ্য্য পৰীক্ষাত শুক্ৰকীটৰ সংখ্যা আৰু গুণগত মানদণ্ড থিকেই থাকে আৰু মহিলা গৰাকীৰ প্ৰজনন তন্ত্ৰৰ গঠন তথা হৰমনৰ মাত্ৰা ইত্যাদি সকলোবোৰ স্বাভাৱিক থাকিলেও আৰু ডিম্ব থিকমতে উৎপন্ন তথা পূৰঠ হোৱাৰ পিছতো মহিলা গৰাকী গৰ্ভধাৰণ কৰিবলৈ অপাৰগ হয়।

এনেকুৱা ক্ষেত্ৰত আমি প্ৰায়ে লক্ষ্য কৰো যে মানসিক চাপ, উদ্বেগ, নিৰাশা ইত্যাদি কাৰণৰ ফলত মহিলাগৰাকীৰ বন্ধাত্ব্যৰ সৃষ্টি হব পাৰে। অৱশ্যে থাইৰয়ড ইত্যাদি হৰমনৰ প্ৰভাৱতো এনে মানসিক চাপৰ সৃষ্টি হব পাৰে।

এনেকুৱা মহিলাক শান্তিপূৰ্ণ বাতাবৰণ থাকিবলৈ তথা সদায় ধনাত্মক দৃষ্টিভংগী অটুট ৰাখিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। এনেকুৱা পৰিস্থিতিত নিয়মিত ধ্যানৰ অভ্যাসো বহুত সহায়ক হয়। কেতিয়াবা কেবল যোগাসনৰ অভ্যাসৰ জড়িয়তেও মহিলাগৰাকী গৰ্ভৱতী হোৱাত সক্ষম হোৱা দেখা যায়।

চিকিৎসা –

প্ৰথম অৱস্থাত আমি মহিলা গৰাকীৰ প্ৰজনন অংগসমূহৰ গঠনাত্মক কিবা বিকৃতি আছে নেকি সেইটো পৰীক্ষা কৰিব লাগে। যদি কোনো গঠনাত্মক বিকৃতি থাকে যেনে- যদি মহিলাগৰাকীৰ ফেলোপিয়ান টিউবত কোনো অৱৰোধ থাকে তেন্তে সেইটো থিক কৰিবলৈ কিছুমান আয়ুৰ্বেদিক ঔষধ প্ৰয়োগ কৰিব পৰা যায় লগতে কিছুমান যোগাসনৰ পৰামৰ্শ দিয়া হয়। অৱশ্যে কেতিয়াবা শল্য চিকিৎসাৰো সহায় লব লগীয়া হব পাৰে।

কাৰ্য্যকাৰিক যুক্ত বিকৃতিৰ ক্ষেত্ৰত প্ৰথমতে মহিলাগৰাকীৰ কিবা হৰমনৰ বিসংগতি আছে নেকি সেইটো নজৰ দিব লাগে। যদি মহিলাগৰাকীৰ কোনে হৰমনৰ বিসংগতি আছে তেন্তে আয়ুৰ্বেদত এই হৰমনৰ বিসংগতি থিক কৰাৰ বাবে বহুতো ঔষধীৰ কথা উল্লেখ আছে।

আজিকালি বেছিভাগ মহিলাৰে এটা সচৰাচৰ দেখা যোৱা সমস্যা হ'ল পলিচিস্টিক অ'ভাৰিয়ান চিনড্ৰম চমুকৈ PCOS বা PCOD আৰু এই PCOS ৰ সমস্যাৰ বাবে বন্ধাত্ব্যক আকোঁৱালি লোৱা দেখা যায়। এই PCOS ৰো মূখ্য কাৰণ হ'ল হৰমনৰ বিসংগতি। আয়ুৰ্বেদত এই সমস্যাৰ বাবেও উৎকৃষ্ট চিকিৎসাৰ ব্যৱস্থা আছে( ইতিমধ্যে PCOS সম্পৰ্কে বহু কেইটা পোষ্ট গ্ৰুপত দিয়া হৈছে)। এনেকুৱা সমস্যাৰ ক্ষেত্ৰত আয়ুৰ্বেদত কাঞ্চনাৰ গুগ্গুল, আৰোগ্য বৰ্ধিনী বঁটী, পুস্পধ্বন্ন ৰস, নিত্যানন্দ ৰস ইত্যাদি ঔষধীৰ উল্লেখ আছে।

এই ঔষধী বিলাকে মহিলা এগৰাকীৰ হৰমনৰ মাত্ৰা স্বাভাৱিক হোৱাত সহায় কৰাৰ লগতে ডিম্বাশয়ৰ কণীবিলাক সঠিকভাবে বিকশিত তথা পূৰঠ হোৱাত সহায় কৰে যাক আমি ovulation বুলি জানো। ইয়াৰ ফলত মহিলাগৰাকী গৰ্ভৱতী হোৱাৰ পথ মুকলি হয়। বৰ্তমান সময়ত IVF চিকিৎসাৰ প্ৰৱনতাই গা কৰি উঠা দেখা গৈছে। IVF চিকিৎসাত স্বামী আৰু স্ত্ৰীৰ শুক্ৰকীট তথা ডিম্বকেই ব্যৱহাৰ কৰা হয়। এই IVF চিকিৎসাৰ সফলতাৰ হাৰ কিন্তু বহু কম ৩০ ৰ পৰা ৪০ শতাংশ।

তেনে ক্ষেত্ৰত এই IVF চিকিৎসাৰ বিকল্প হিচাপে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰয়োগ অধিক ফলপ্ৰসূ হিচাপে বিবেচিত হয়। কিছুমান ক্ষেত্ৰত আকৌ IVF চিকিৎসা বিফল হোৱাৰ পিছতো আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা গৰ্ভৱতী হোৱাৰ উদাহৰণো পোৱা যায়। আয়ুৰ্বেদত উল্লেখিত শতাৱৰী নামৰ ঔষধ বিধৰ প্ৰয়োগৰ দ্বাৰা মহিলা এগৰাকীৰ প্ৰজনন তন্ত্ৰৰ যিকোনো দোষ প্ৰতিকাৰ কৰাৰ সক্ষমতা আছে। এই শতাৱৰীক আমি ঘৃত বা ৰস বা কল্প বা চূৰ্ণ হিচাপে ব্যৱহাৰ কৰিব পাৰো।

যোগাসন :-

এজন যোগ পৰামৰ্শদাতাৰ তত্বাৱধানত তলত উল্লেখ কৰা যোগাসন সমূহ কৰিলে সুফল পোৱা যায়।

  • ভ্ৰামৰি প্ৰানায়াম,
  • অনুলোম বিলোম,
  • পশ্চিমোত্তানাসন,
  • বদ্ধ কোনাসন,
  • সৰ্বাংসন,
  • বিপৰীত কৰণী,
  • ভূজংগাসন,
  • সেতুবন্ধাসন,
  • হস্তপাদাসন,
  • জানু শীৰ্ষাসন ইত্যাদি ।

লেখক :- ডা মুকুল শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top