মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মহিলাৰ মেন’পজৰ সহায়ত হোৱা “হট ফ্লাছ”ৰ চিকিৎসা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ মেন’পজৰ সহায়ত হোৱা “হট ফ্লাছ”ৰ চিকিৎসা:

মহিলাৰ মেন’পজৰ সহায়ত হোৱা “হট ফ্লাছ”ৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে

 

যেতিয়া এগৰাকী মহিলাৰ ঋতুস্ৰাৱ বন্ধ হৈ যায়, তাৰ এবছৰৰ পিছৰ পৰা মেন’পজ বা ৰজোনিবৃত্তি হোৱা বুলি কোৱা হয়। মেন’পজৰ সময়ত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন ঘটে। এগৰাকী ঋতুমতী ছোৱালীৰ দেহত এষ্ট্ৰোজেন আৰু প্ৰ’জেষ্টেৰণ নামৰ দুবিধ হৰমোনৰ নিৰ্দিষ্ট মাত্ৰাত তেজৰ পৰিবাহিত হৈ থাকে। ঋতুমতী হোৱাৰ আগত এই দুই হৰমোনৰ কোনোটোৱেই দেহত সঠিক পৰিমাণ আৰু মেন’পজ হোৱাৰ পিছত দুয়োটাৰে পৰিমাণ হ্ৰাস পায়। প্ৰথমে প্ৰ’জেষ্টেৰণ কমে, পিছলৈ ইষ্ট্ৰোজেনো কমি যায়। আনফালে এই সময়তে ‘এলড্ৰো’জেন’ নামৰ আন এবিধ হৰমোনো বাঢ়ি যায়।

ছোৱালীৰ প্ৰজনন তন্ত্ৰৰ বিষয়ে সম্যক জ্ঞান নাথাকিলে এই হৰমোনৰ বিক্ৰিয়া-প্ৰক্ৰিয়াসমূহ বুজিবলৈ অসুবিধা হয়। ঋতুস্ৰাৱ জৰায়ুৰ পৰা হয়। জৰায়ুৰ দুয়োকোষে ডিম্বাশয়(বা অ’ভেৰি) থাকে। এই অ’ভেৰিৰ পৰাই প্ৰত্যেক মাহত দুটা বা এটাকৈ ডিম্বাণু পৰিপক্ক হৈ ফুটি ওলায়। যদি ডিম্বাণু ক্ষৰণৰ সময়তে পুৰুষৰ শুক্ৰাণুৰ সৈতে মিলিত হয়, তেতিয়া গৰ্ভধাৰণ হয়, তেতিয়া গৰ্ভধাৰণ হয়। এই প্ৰক্ৰিয়াক নিষিক্তকৰণৰ(Fertilization)বোলে। নিষিক্ত নোহোৱাকৈ থকা ডিম্বাণু ঋতুস্ৰাৱৰ সৈতে ওলাই গুচি যায়।

মেন’পজ হোৱাৰ বয়স হ’ল আমাৰ দেশত ৪৫ বছৰ। কিন্তু প্ৰায় ৪০ বছৰ বয়সৰ পৰাই মহিলাৰ ৮মাহেকীয়া অনিয়মীয়া হ’বলৈ আৰম্ভ কৰে। এই সময়ছোৱাক ‘ক্লাইমেক্টেৰিক’ বুলি কোৱা হয়। এই সময়ছোৱাত মহিলাৰ মন অস্থিৰ হয়, সৰু সৰু কথাতে মন বেয়া লাগে, মাহেকীয়া অনিয়মীয়া হয়, শৰীৰত মেদ(ফেট) জমা হ’বলৈ ধৰে, স্তনৰ গঠন সলনি হয়, বুকু ধপধপায়, মূৰৰ বিষ, মূৰ ঘূৰণী আদি লক্ষণবোৰে দেখা দিয়ে। তাৰোপৰি পেট, কঁকাল আৰু উৰুত মেদ অতিৰিক্তভাৱে জমা হয়, গাঁঠিৰ বিষ হয়, বগাস্ৰাৱ হয় ইত্যাদি। এনেধৰণৰ লক্ষণৰ বাবে মহিলাসকল অধৈৰ্য হ’ব নেলাগে, কোনোধৰণৰ ভয় খাব নালাগে। এইবোৰ প্ৰাকৃতিক লক্ষণ।

‘ক্লাইমেক্টেৰিক’ৰ পিছতে আহে মেন’পজ। সাধাৰণতে মাহেকীয়া ৪৫ বছৰ বয়সৰ ওচৰে-পাজৰে নোহোৱা হয়। নিয়মীয়া ঋতুস্ৰাৱ বিভিন্ন প্ৰকাৰে এই সময়ত অনিয়মীয়া হ’ব পাৰে। মাহৰ মূৰত মাহেকীয়া হোৱাৰ পৰিৱৰ্তে দিন বাঢ়ি যাব পাৰে বা ঋতুস্ৰাৱৰ পৰিমাণ লাহে লাহে কমি আহিব পাৰে বা এই দুয়োটা বিসংগতিৰ লক্ষণ বৃদ্ধি পাই অৱশেষত ঋতুস্ৰাৱ বন্ধ হৈ পৰে। সাধাৰণতে এই সময়ত মহিলাসকলে সকাহ অনুভৱ কৰে।

মাহেকীয়া বন্ধ হোৱাৰ এবছ পিছলৈকে যদি পুনৰ ঋতুস্ৰাৱ নহয়, তেতিয়াই মহিলাগৰাকীৰ মেন’পজ হোৱা বুলি কোৱা হয়। ডিম্বাশয়ৰ পৰা ডিম্বাণুৰ ক্ষৰণ এই বয়সত নোহোৱা হয়। ‘ইষ্ট্ৰোজেন’ পিছে আগতকৈ কমি যায়, কিন্তু তেতিয়াও একেবাৰে নাইকিয়া নহয়। এফ.এছ.এইচ(FSH) নামৰ হৰমোনবিধ বাঢ়ি যায়। এল.ডি.এল. নামৰ উপাদানবোৰ(লিপোপ্ৰোটিন) বাঢ়ি যায় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। হাড়ৰ কেলচিয়াম অলপ অলপকৈ কমিব ধৰে, হাড়বোৰ ঠুনুকা হয়, সামান্য আঘাততে ভাগি যাব পাৰে। বিশেষকৈ পিঠিৰ ৰাজহাড়ৰ এক বিশেষ পৰিৱৰ্তন ঘটে আৰু ৰাজহাড়ৰ কশেৰুকাবোৰৰ সমূখৰ অংশ দেহৰ ওজনতে ক্ৰমান্বয়ে কমি যাবলৈ ধৰে, মানুহগৰাকী আগলৈ হালি যায় বা কুঁজা হৈ গৈ থাকে। হাতৰ সৰু গাঁঠিটো সেইদৰে সামান্য আঘাততে ভাগি যাব পাৰে। (Colle’s Fracture)যৌন স্পৃহা কমি যায়, জননাংগৰ ভিতৰৰ আৱৰণ পাতল হয়। এই পৰিৱৰ্তনখিনি লাহে লাহে হয় আৰু মেন’পজৰ দহ বা বিছ বছৰৰ পিছতহে সম্পূৰ্ণ হয়।

হ’ট ফ্লাছ(Hot Flush):

 

অতি বেছিকৈ হোৱা লক্ষণ এটা হ’ল ‘হট ফ্লাছ’। মেন’পজৰ এক বা দুবছৰৰ ভিতৰতে সাধাৰণতে এই লক্ষণটো দেখা যায়। হঠাতে গাটো গৰম লাগে, ঘাম ওলায়, গাল-মুখ ৰঙা পৰে, ৰাতি শোৱাৰ পৰা হঠাতে সাৰ পাই যায়। ইয়াৰ ঠিক অলপ পিছতেই ঠাণ্ডা অনুভৱ হয়, কিছু সময়ৰ পিছতে মূৰ গৰম হয়, ৰাতি টোপনিত ব্যাঘাত হয়। বতৰৰ তাপমাত্ৰাৰ লগত এই লক্ষণৰ কোনো সংগতি নাথাকে। গৰম বা ঠাণ্ডা বতৰতো এই লক্ষণবোৰে দেখা দিব পাৰে।

মহিলাসকলৰ মেন’পজৰ সময়ত হোৱা এই সকলো পৰিৱৰ্তনৰ মূল কাৰক হ’ল শৰীৰত ক্ৰমান্বয়ে হ্ৰাস পাই অহা ইষ্ট্ৰোজেনৰ পৰিমাণ। বহু মহিলাৰ পুন: ঋতুস্ৰাৱ হোৱা দেখা যায়। এনে হ’লে অতি সোনকালে অভিজ্ঞ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজন। বিভিন্ন সময়ত এনে ৰোগৰ কাৰক জৰায়ুৰ কেন্সাৰ বা বিভিন্ন টিউমাৰ ইত্যাদি হ’ব পাৰে।

জৰায়ুৰ যি অংশৰ পৰা ঋতুস্ৰাৱ হয়, তাক ‘এণ্ডোমেট্ৰিয়া’(Endometrium)বুলি কোৱা হয়।

মেন’পজৰ পিছত সাধাৰণতে এই তৰপ শুকাই যায়। কিন্তু ডায়েবেটিছ থাকিলে বা মহিলাগৰাকী যথেষ্ট শকত হ’লে এই তৰপৰ বৃদ্ধিও হ’ব পাৰে। তেতিয়া পুনৰ ঋতুস্ৰাৱ আৰম্ভ হয়। আমাৰ দেশত জৰায়ুৰ কেন্সাৰতকৈ জৰায়ু মুখৰ কেন্সাৰ বেছিকৈ হয়।

এনেধৰণৰ অসুবিধাবোৰৰ পৰা মুক্ত হ’বলৈ ‘হৰমোন ৰিপ্লেচমেন্ট থেৰাপি’(Hormone replacement therapy, HPT) কৰাব পাৰে। যেতিয়া মেন’পজ হোৱাৰ পিছত জৰায়ুৰ পৰীক্ষা-নিৰীক্ষা কৰি একো ৰোগ পোৱা নাযায়, তাৰ পিছতহে এনে চিকিৎসা ব্যৱহাৰ কৰিব পাৰি। স্তনৰ পৰীক্ষা কৰাটোও অতি প্ৰয়োজন। হৰমোন ৰিপ্লেচমেন্ট থেৰাপিত মূলত: এই জাতীয় ঔষধ খালে আগতে উল্লেখ কৰি অহা ‘হট ফ্লাছ’ সম্পূৰ্ণৰূপে নাইকিয়া হয়। হাড়ৰ গঠন প্ৰণালীত আমূল পৰিৱৰ্তন ঘটে আৰু কেলচিয়াম নষ্ট হৈ যোৱা প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। সেয়ে হাড় ঠুনুকা হোৱাৰ পৰা মহিলাগৰাকী ৰক্ষা পৰে। হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ আশংকা বহু পৰিমাণ কমি আহে। সেয়ে মহিলাগৰাকী বহু দিবলৈ কাৰ্যক্ষম হৈ থাকে। ছালৰ উজ্জ্বলতা বৃদ্ধি পায়, মনৰ পৰিৱৰ্তন ঘটে আৰু শৰীৰলৈ যৌৱন ঘূৰি অহাৰ দৰে লাগে।

‘হৰমোন ৰিপ্লেচমেন্ট থেৰাপি’ যদিও উপৰিউক্ত অসুবিধাবোৰ আঁতৰ কৰাত কাৰ্যক্ষম, ইয়াৰ মূলতে আছে ঔষধৰ দামৰ লগতে ৰোগী আৰু ডাক্তৰৰ কম সচেতনতা। সেয়ে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ মতেহে এনে দৰব ব্যৱহাৰ কৰিব লাগে। মেন’পজ প্ৰকৃততে একো বিশেষ ৰোগ নহয় আৰু দৈহিক-মানসিক পৰিৱৰ্তন মাত্ৰ। এই সময়ত দেখা দিয়া দৈহিক বা মানসিক বিসংগতিবোৰ দীৰ্ঘম্যাদী চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰিব পাৰি। তাৰ বাবে লাগে মাথোন মহিলাগৰাকী আৰু পৰিয়ালৰ সচেতনতা, লগতে এজন অভিজ্ঞ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞৰ পৰামৰ্শ।

মেন’পজৰ সমস্যা দূৰ কৰাত ঘৰুৱা চিকিৎসা:

 

মহিলাৰ মেন’পজৰ কালছোৱাত কেলচিয়ামৰ অভাৱ বেছিকৈ হোৱাৰ বাবে যথেষ্ট পৰিমাণে ‘কেলচিয়াম’যুক্ত খাদ্য খোৱা দৰকাৰ। কেলচিয়ামৰ লগতে ভিটামিন-‘ডি’ৰ অতীব প্ৰয়োজন। সেয়ে এই কালছোৱাত ‘ডি’-ভিটামিনযুক্ত খাদ্য খাব লাগে। যিসকল মহিলাই মেন’পজৰ পিছত নানা সমস্যাত ভোগে, তেওঁলোকে দৈনিক ১,০০০ ইউনিট প্ৰাকৃতিকভাৱে আহৰণ কৰা ভিটামিন ‘ডি’ থকা খাদ্য ব্যৱহাৰ কৰি উচিত। তাৰোপৰি দিনে ৫০০ মিলিগ্ৰাম ‘মেগনেচিয়াম ছাপ্লিমেন্ট’ খাব লাগে। আৰু দৈনিক এক লিটাৰ পৰ্যন্ত গাখীৰ খাই থাকিলে যথেষ্ট পৰিমাণে কেলচিয়াম পাব পাৰি।

  • মেন’পজ সংক্ৰান্ত সমস্যাৰ উৎপত্তি বিটৰ ৰস খোৱা অতি উপকাৰী। এনে সময়তে ৬০ৰ পৰা ৯০ গ্ৰাম ৰস দিনটোত তিনিবাৰকৈ খাব লাগে।
  • গাজৰৰ ব্যৱহাৰেও মেন’পজ কালত সৃষ্টি হোৱা নানা সমস্যা আঁতৰ কৰাত সহায় কৰে। এগিলাচ গাখীৰত গাজৰ কেইটুকুৰামান উতলাই সেইখিনি দিনে এবাৰকৈ খাব পাৰিলে ভাল ফল পোৱা যায়।
  • ক’লা তিম এচামুচ(গুড়ি) পানীত উতলাই চেঁচা কৰি মিশ্ৰণখিনি খাব লাগে, দিনে এবাৰকৈ। কিছুদিন ব্যৱহাৰ কৰা উচিত।
  • মেন’পজ কালত কেতিয়াবা অতিৰিক্ত ৰক্তক্ষৰণ হ’লে আমলখিৰ ৰস(কেঁচা অৱস্থাত) দুচামুচকৈ দিনে দুবাৰকৈ চাৰি-পাঁচ দিন খাব লাগে। ৰক্তক্ষৰণ বন্ধ হ’ব।

মেন’পজৰ সংক্ৰান্তত হোৱা হটফ্লাছৰ পৰা মুক্ত হ’বলৈ মহিলাসকলে খাদ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে।

বাদাম, আটাৰ ৰুটি, শাক-পাচলি, ফল-মূল যথেষ্ট পৰিমাণে খাব লাগে। ‘ই’ ভিটামিন সমৃদ্ধ খাদ্য খোৱাত গুৰুত্ব দিব লাগে। ৰিফাইন আটা, ময়দা আৰু কৃত্ৰিম উপায়েৰে তৈয়াৰী জাম-জেলি, চাওমিন, চিপছ, কৃত্ৰিম ফলৰ ৰস নেখাব। প্ৰাকৃতিকভাৱে পোৱা পকা কল, বেল, শাক-পাচলি খাব লাগে।

এই অসুখত ভোগা মহিলাই দৈনিক খোজকঢ়া, ব্যায়াম কৰা অতি প্ৰয়োজন। তাৰোপৰি চাইকেল চলোৱা, জগিং কৰা, নিয়মিত শোৱা, খেলা-ধূলা কৰা, টিভি চোৱা, সভা-সমিতিলৈ যোৱা, বিয়া-সবাহলৈ যোৱা আদি নিয়মিতভাৱে কৰিব। মানসিক চিন্তা দূৰ কৰি প্ৰাণায়াম, মেডিটেচন আদিৰ প্ৰতি মনোনিৱেশ কৰা উচিত।

উৎস:স্বাস্থ্য

3.11428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top