মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মহিলাৰ সুস্বাস্থ্যৰ বাবে- হৰম’নৰ বেলেন্স অত্যন্ত জৰুৰীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ সুস্বাস্থ্যৰ বাবে- হৰম’নৰ বেলেন্স অত্যন্ত জৰুৰীঃ

মহিলাৰ সুস্বাস্থ্য ৰক্ষা কৰাত শৰীৰৰ হৰম’নে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে

মহিলাৰ সুস্বাস্থ্য ৰক্ষা কৰাত শৰীৰৰ হৰম’নে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰতি মাহত মহিলাৰ শৰীৰত ইষ্টোজেন আৰু প্ৰজেষ্টেৰণ হৰম’ন উত্পন্ন হয়। যদি এই দুই হৰম’নৰ ভাৰসাম্য থাকে তেনেহ’লে মহিলাগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হ’ব। ইয়াক কোৱা হয় হৰম’ন বেলেন্স। আনফালে যদি এই দুই হৰম’নৰ ভাৰসাম্য ঠিক নাথাকে তেনেহ’লে মহিলাগৰাকীৰ শৰীৰত নিগেটিভ প্ৰভাৱ পৰিব। যাক চমুকৈ ক’ব পাৰি হৰম’নেল ইমবেলেন্স।

হৰম’নেল ইমবেলেন্সৰ বাবে মহিলাগৰাকী বিভিন্ন সমস্যাত ভুগিব লগা হয়। সেয়েহে হৰম’নেল ইমবেলেন্স মানে কি ইয়াৰ লক্ষণ, চিকিত্সা, ডায়েট, দৈনন্দিন জীৱনযাত্ৰা ইত্যাদি সম্পৰ্কে চমুকৈ উল্লেখ কৰা হ’ল।

হৰম’নেল ইমবেলেন্সঃ

মহিলাৰ শৰীৰে উত্পন্ন কৰা ইষ্টোজেন আৰু প্ৰজেষ্টেৰণ হৰম’নৰ ভাৰসাম্য ঠিক নাথাকিলে মেডিকেলৰ ভাষাত কোৱা হয় হৰম’নেল ইমবেলেন্স। ইয়াৰ উপৰি শৰীৰত আন কিছু হৰম’নে হাইপোথেলামাছৰ কাৰ্যকাৰিতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ফলস্বৰূপে পিটুইটাৰি গ্ৰন্থি প্ৰভাৱিত হয় আৰু ইয়াৰ প্ৰভাৱত অ’ভেৰী ফেলোপিয়ান টিউব আৰু ইউটেৰাছৰ কাৰ্যত কিছু পৰিৱৰ্তন হ’ব পাৰে। ইষ্টোজেন হৰম’নৰ ভাৰসাম্যৰ ফলত মেনোপজ হ’ব পাৰে। মেনোপজৰ সময়তো হৰম’নেল ইমবেলেন্স হয়। কোনো বিশেষ কাৰণত শৰীৰত এই হৰম’নৰ উত্পন্ন নহ’লেও হৰম’নেল ইমবেলেন্স হ’ব পাৰে। আনফালে দুটা হৰম’নৰ এটাৰ উত্পন্ন বেছি হ’লেও হৰম’নেল ইমবেলেন্স হ’ব পাৰে।

হৰম’নেল ইমবেলেন্সৰ লগত যুক্ত কিছুমান ফেক্টৰ হ’ল ইটিং ডিছঅৰ্ডাৰ, গেণ্ডুলাৰ প্ৰব্লেম, পলিচটিফ অভেৰী চিনড্ৰোম, আগতীয়া মেনোপজ, থাইৰয়ড প্ৰব্লেম ইত্যাদি।

হৰম’নেল ইমবেলেন্সৰ লক্ষণঃ

প্ৰধান লক্ষণ হ’ল মহিলাৰ মাহেকীয়াৰ অনিয়ম, কম পৰিমাণে হোৱা, বেছি পৰিমাণে হোৱা ইত্যাদি। ওজন বাঢ়ি যাব পাৰে। ইনফাটিলিটীৰ সমস্যা হ’ব পাৰে। কনচিভ কৰাৰ সময়ত বিভিন্ন সমস্যাই দেখা দিব পাৰে বা বহু সময় ল’ব পাৰে। মহিলাৰ গালত ব্ৰণ হ’ব পাৰে। শাৰীৰিক তাপমাত্ৰাৰ ফ্লাকচুয়েচন হ’ব পাৰে। অতিৰিক্ত ক্লান্তি, বিমৰ্ষতা, টেনচন হ’ব পাৰে। ছেক্স কমি যাব পাৰে। প্ৰিমেনষ্টুৰেল চিনড্ৰোমৰ সমস্যা হ’ব পাৰে। ইউৰিনাৰী ট্ৰেক সংক্ৰমণ হ’ব পাৰে। শৰীৰত পানী জমা হোৱা বাবে হাত-ভৰি ফুলি যাব পাৰে। পিৰিয়ডৰ আগে আৰু পিৰিয়ডৰ সময়ত অতিৰিক্ত বিষ, শাৰীৰিক মিলনত পেইন অনুভৱ, পেলভিক পেইন, লোবেক পেইন ইত্যাদি বিভিন্ন সমস্যাত জৰ্জৰিত হ’ব পাৰে।

চিকিত্সাঃ

উপৰিউক্ত লক্ষণবোৰ অনুভৱ কৰাৰ লগে লগে গাইনোকোলজিষ্টৰ পৰামৰ্শ মতে চিকিত্সা গ্ৰহণ কৰিব লাগে।

চিকিত্সকে ৰোগ নিৰ্ণয় কৰি চিকিত্সা কৰিব। ধৰি লোৱা হ’ল কোনো মহিলাৰ পলিচিষ্টিক অভেৰীৰ সমস্য আছে। তেনে ক্ষেত্ৰত ঔষধ প্ৰয়োগ কৰি হৰম’নৰ চিকিত্সা কৰিব। লগে লগে শৰীৰৰ ওজন নিয়মীয়া কৰাৰ পৰামৰ্শ দিব। আন কাৰণত হৰম’নৰ ইমবেলেন্স হ’লে তাৰ বাবে স্পেচিফিক ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব।

লাইফষ্টাইল মেনেজমেণ্টঃ

দৈনন্দিন জীৱনত যিমান পৰা যায় অতিৰিক্ত টেনচনৰ পৰা মুক্ত থাকিবলৈ চেষ্টা কৰক। আপোনাৰ সাধ্যৰ বাহিৰৰ কথা বা কামৰ বিষয়ে চিন্তা নকৰিব। জীৱন সহজভাৱে গ্ৰহণ কৰক। নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস কৰক। সুষম আহাৰ গ্ৰহণ কৰক। দৈনিক কিছু সময় খোজকঢ়া, ব্যায়াম কৰক। চিগাৰেট, এলকহল বৰ্জন কৰক। ডায়েবেটিছ থাকিলে তাক নিয়ন্ত্ৰণ কৰি ৰাখক।

যৌন জীৱনঃ

হৰম’নেল ইমবেলেন্স হ’লেই যৌন ইচ্ছা শেষ হ’ব এনে ধাৰণা কৰা উচিত নহয়। নিৰ্দিষ্ট কিছু হৰম’নেল ইমবেলেন্সৰ ক্ষেত্ৰত যৌন জীৱন আগৰ দৰেই থাকে। অৱশ্যে কিছু ক্ষেত্ৰত লো ছেক্স ডাইভৰ সমস্যা হ’ব পাৰে।

হৰম’নেল ৰিপ্লেচমেণ্ট থেৰাপীৰ মাধ্যমেৰে আপুনি পুনৰ আগৰ দৰে যৌন জীৱন উপভোগ কৰিব পাৰিব।

খাদ্যঃ

হৰম’নেল ইমবেলেন্স নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দিষ্ট পৰিমাণে পানী খাব লাগে। কেলচিয়ামসমৃদ্ধ খাদ্য অতি দৰকাৰী। লোকেল গাখীৰৰ দৈ নিয়মীয়াকৈ খালে শৰীৰৰ পক্ষে বেছি উপকাৰী। দৈনন্দিন খাদ্য তালিকাত ফাইবাৰসমৃদ্ধ শাক-পাচলি আৰু বতৰত পোৱা বিভিন্ন ফলমূল অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন। ভিটামিন ‘এ’, ‘চি’ আৰু ‘ডি’যুক্ত খাদ্য গ্ৰহণৰ লগতে কালাৰ ভেজিটেবল আৰু ফল গ্ৰহণ কৰিলে শৰাৰে প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্ট পাব।

লেখকঃ ড সনাতন ডেকা

উত্সঃ অসমীয়া খবৰ


3.04347826087
Mamata Tiwari Sep 09, 2016 03:51 PM

ভাল লাগিল এই বিষয়ত জানিব পাৰি।আশাকৰো আগলৈও এনেধৰনৰ লিখনী অসমীয়া বিকাশপেডিয়া পৰ্টেলত পঢ়িবলৈ পাম।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top