মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মাকৰ স্তন গাখীৰ আৰু মা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাকৰ স্তন গাখীৰ আৰু মা :

মাকৰ স্তন গাখীৰ আৰু মা, সেই বিষয়ে লিখা হৈছে ।

মাকৰ স্তন গাখীৰ সন্তানৰ কাৰণে অমৃত সমান , কথাষাৰ প্ৰত্যেক মাতৃয়ে স্পষ্ট ভাবে সদায় জানি থকা কৰ্তব্য তথা দায়িত্ব । আমাৰ সমাজৰ প্ৰায়ে মাতৃৰ মুখত শুনা যায় , শিশুক জন্মৰ পিছৰে পৰা মাকৰ গাখীৰ খোৱালে মাকৰ স্তনযুগল কোমল হয় আৰু আউজি পৰে ফলত নাৰীৰ সৌন্দৰ্য্য লোপ পায় । সেয়েহে মাতৃ সমাজে প্ৰায়ে শিশুক মাতৃৰ গাখীৰ খোৱাৰ পৰা বিৰত ৰাখি কৃত্ৰিম গাখীৰ খোৱাবলৈ আৰাম্ভ কৰে । এই কৃত্ৰিম গাখীৰ সন্তানটোৰ কাৰণে যে কিমান নিৰাপদ হব পাৰে সেয়া এবাৰ ভাবিলেই সদুত্তৰ পাবো পাৰো । তাৰ মানে মাতৃ সমাজে সন্তানৰ কথা চিন্তা কৰাতকৈ নিজৰ সৌন্দৰ্য্যৰ কথাকে বৰকৈ চিন্তাত ব্যস্ত হৈ থকা দেখা যায় । পৰিণতি স্বৰূপে সন্তানটোক মৃত্যুৰ দুৱাৰ দলিত ঠেলি দিয়া হয় ।
শিশু এটাক বজাৰৰ পৰা কৃত্ৰিম গাখীৰ কিনি খোৱাওতে মাতৃ এজনে যে কিমান সতৰ্কতা অৱলম্বন কৰিব লাগে সেয়া চিন্তা কৰিলেই মাতৃহতে উপলব্ধি কৰিব পাৰে। সচাঁ কথাত কবলৈ গলে মাতৃহতে সেয়া উপলব্ধি কৰা দূৰৰ কথা নিজৰে নিজৰ ব্যস্থতাত সকলোবোৰ পাহৰি যায় । সদায় কথা এটা মনত ৰাখিবা মাতৃহত ,মাতৃৰ সতৰ্কতাই শিশুৰ ভবিষ্যত, আকৌ মাতৃৰ সতৰ্কতা মানে শিশুৰ নিৰাপদ । কৃত্ৰিম গাখীৰৰ ওপৰত সেয়েহে অলপ আলোচনা যুগতালো —গৰুৰ গাখীৰ যদিও কৃত্ৰিম নহয় তথাপিও শিশুক খোৱাওতে বৰ সাৱধান হব লাগে । যধে মধে খোৱাবলৈ গলে নৱজাত শিশুটিয়ে ৰোগৰ আক্ৰমণত পৰিব পাৰে — উদাহৰণ স্বৰূপে বজাৰৰ পৰা অবিভাৱক সকলে গৰুৰ গাখীৰ কিনিবলৈ গৈ যদি বেমাৰি গৰুৰ গাখীৰ কিনি আনি অপৰিস্কাৰ অবস্তাতে শিশুক খোৱায় , কিবা কৰি যদি শিশুটিৰ পেতত গৰুটোৰ ৰোগ বীজানু প্ৰবেশ কৰে তেনেহলে নিশ্চয় শিশুটি বেমাৰত নপৰি সুস্থ থাকিব নোৱাৰে , এটি কথা হল কথাটো মন দি এবাৰ ভাবি চাবলৈ চেষ্টা কৰিবা মাতৃহঁত নিশ্চয় উপকাৰত আহিব কোনোবা এজন সদাসয় ব্যক্তিক বজাৰৰ পৰা গাখীৰ কিনি আনিবলৈ দিলা , মানুহজন খুব পৰিস্কাৰ , নিসন্দেহ তেওঁ কেতিয়াও বজাৰৰ পৰা অপৰিস্কাৰ মানুহৰ পৰা গাখীৰ কিনি আনিব নোৱাৰে, আপোনাৰ দীৰ্ঘ বিশ্বাস , কিন্তু দেখা গল মানুহজন সঁচা কৈ পৰিস্কাৰ মানুহৰ পৰা গাখীৰ কিনি আনিছে, যদিও কিন্তু দেখা যায় বজাৰত মানুহে গাখীৰ কিনিবলৈ গলে শতকৰা নব্বৈ পাৰচেণ্ড মানুহে ঘৰুৱা পদ্ধতিৰে গাখীৰ পৰীক্ষা কৰিহে গাখীৰ কিনি আনে , যি পদ্ধতিটোত কোনো বৈজ্ঞানিকতা নাই আকৌ সম্পূৰ্ণ অপৰিস্কাৰ পদ্ধতি, যাৰদ্বাৰা সুস্থ সৱল মানুহৰ মাজত ৰোগ বীজানুৰ বিয়পাই দিয়া হয় । সাধাৰণ মানুহবোৰে কি কৰে প্ৰায়ে দেখা যায় বজাৰত গাখীৰ কিনাৰ আগতে গাখীৰত হাতৰ আঙুলি টোৱাই গাখীৰ পৰীক্ষা কৰে, গাখীৰত হাত টোৱা মানুহজন কি সম্পূৰ্ণকৈ পৰিস্কাৰ নাইবা নিৰোগী, বিশ্বাস নহয়, হাতৰ অপৰিস্কাৰ খিনি গাখীৰত লাগি ধৰাত ৰোগ বীজানুৱে সুস্থ সৱল শিশুটোক ৰোগৰ মুখত হেচি দিয়া নহয় নে । লগতে আকৌ জানি থোৱা ভাল উদাহৰণ নহয় বাস্তৱ কথা, প্ৰত্যেক মাতৃয়ে যেতিয়া শিশুক কৃত্ৰিম গাখীৰ নাইবা গৰুৰ গাখীৰ খোৱাবলৈ যায় , তেতি শিশুৱে এই কৃত্ৰিম গাখীৰ খাওঁতে বৰকৈ কাজিয়া কৰে, কৃত্ৰিম গাখীৰ খাব নিবিচাৰে । বাধ্যত শিশুৱে কৃত্ৰিম গাখীৰ খায় যদিও তথাপিও বৰকৈ কান্দে, হাত ভৰি লৰচৰ কৰাত কৃত্ৰিম গাখীৰ খোৱাবলৈ লোৱা চামুচ নাইবা বটল যি থাকে তাকে পেলাই দিয়ে, মাতৃ সকলে প্ৰায়ে মাটিৰ পৰা তেনেয়ে তুলি ভালকৈ নোধোৱাকৈ পুণৰায় খোৱায় । ফলত শিশুৱে ৰোগত আক্ৰান্ত হৈ পৰে ।

নৱজাত শিশুয়ে কৃত্ৰিম গাখীৰ খাব নিবিচাৰে কিয় ?

তাৰ ওপৰত গৱেষণা কৰিলে নিশ্চয় সদুত্তৰ নিজে নিজে বিচাৰি পাব পাৰে মাতৃহঁতে । নৱজাত শিশু এটিয়ে ধৰাৰ বুকুলৈ অহাৰ লগে লগে একমাত্ৰ মাকৰ বাহিৰে কাকো চিনি নাপায় , মাকৰ কোলাত বুকুৰ উমে তাঁৰ জীৱন পৰিক্ৰমাৰ মূল আস্থান , সেয়েহে শিশুৱে জানে মাতৃৰ কিৱা হলে তাৰ পক্ষে জীৱনক জীৱন ৰূপে গঢ়ি তোলাত বৰকৈ কঠিন হৈ পৰিব , সেয়েহে মাকৰ গাখীৰৰ বাহিৰে বেলেগ কিবা কৃত্ৰিম গাখীৰ নাইবা আহাৰ খালে, ভৱিষ্যতত মাকৰ স্তন গাখীৰ স্তনতে বহি গৈ কেনঞ্চাৰৰ দৰে মাৰাত্মক ৰোগে আক্ৰমন কৰিব পাৰে । ফলত শিশুহঁতে কেতিয়াও কৃত্ৰিম আহাৰ নাইবা গাখীৰ খাব নিবিচাৰে ।

লেখক :- আমিনুৰ ৰহমান

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top