অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাতৃদুগ্ধ সম্পৰ্কে থকা অন্ধবিশ্বাস

জন্মৰ পিছত কেঁচুৱাৰ মুখত মৌ দিব লাগে। একেবাৰে ভুল কথা। জন্মৰ এঘন্টাৰ ভিতৰতে কেঁচুৱাক মাকৰ গাখীৰ দিব লাগে।

মাকৰ গাখীৰৰ বাহিৰে আন বস্তু, যেনে- মৌ, গ্ৰাইপৱাটাৰ আদি দিব নালাগে। কেতিয়াবা কেঁচুৱাক অন্যায় কৰিব পাৰে।

বয়স অনুসাৰে প্ৰকৃত খাদ্যই শিশুক জীয়াই ৰখাৰ উপৰি তেওঁলোকৰ বৰ্ধন, বিকাশ, স্বাস্থ্য আৰু পৰিপুষ্টিত সহায় কৰে। শিশুৰ বাবে মাতৃদুগ্ধ সৰ্বোকৃষ্ট আহাৰ।

জন্মৰ এঘন্টাৰ ভিতৰতে শিশুক মাকৰ গাখীৰ খাব লাগে আৰু ছমাহ বয়সলৈকে অকল মাকৰ গাখীৰ খুৱাব লাগে।

আৰু ছয় মাহৰ পিছত মাতৃদুগ্ধৰ লগতে পৰিপূৰক খাদ্যৰ প্ৰয়োজন। কিন্তু দুখৰ বিষয়, আমাৰ দেশত ৭৮.৭ শতাংশ চিকিৎসালয়ত জন্ম হয় যদিও মাত্ৰ ৪৪.৬ শতাংশক জন্মৰ এঘন্টাৰ ভিতৰত মাকৰ গাখীৰ খাব দিয়া হয় আৰু মাত্ৰ ৬৪.৯ শতাংশ শিশুকহে ছয় মাহ বয়সলৈ অকল মাকৰ দিয়া হয়।

বিভিন্ন ধৰণৰ ভুল ধাৰণা আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ বহুতে মাকৰ গাখীৰৰ পৰিৱৰ্তে বা মাকৰ গাখীৰৰ লগত কৃত্ৰিম আহাৰ দিয়া দেখা যায়। কৃত্ৰিম আহাৰ শিশুৰ বাবে অপকাৰী।

মাতৃদুগ্ধ সম্পৰ্কে থকা কেতবোৰ ভ্ৰান্ত ধাৰণা -

গাখীৰ হ’বলৈ হ’লে মাকে গাখীৰ খাব লাগিব।

কথাটো সঁচা নহয়। ঘৰতে উপলব্ধ যিকোনো ধৰণৰ খাদ্য উপযুক্ত পৰিমাণত আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খালেই যথেষ্ট।

আচলতে গাখীৰ হোৱাটো কেঁচুৱাটোৱে গাখীৰ খাবলৈ চেষ্টা কৰাৰ ওপৰত নিৰ্ভৰ কৰে। কেঁচুৱাই যেতিয়া চুপে, স্তনৰ পৰা মাকৰ মগজুলৈ এটা সংকেত যায়। এই সংকেত যায়।

মগজুত পিটুইটাৰী নামৰ এটা গ্ৰন্থি আছে। এই স্ংকেতৰ ফলত পিটুইটাৰী গ্ৰন্থিয়ে দুটা হৰ্ম’ন তেজত এৰি দিয়ে- প্ৰ’লেক্টিন আৰু অক্সিট’চিন।

এই হৰম’ন দুটাই স্তনলৈ গৈ স্তনত গাখীৰ প্ৰস্তুত কৰা আৰু দুগ্ধ গ্ৰন্থিৰ পৰা গাখীৰ ওলোৱাত সহায় কৰে। গতিকে কেঁচুৱাই যিমানে মাকৰ গাখীৰ চুপি চুপি খাব, সিমানেই মাকৰ গাখীৰ কেঁচুৱাই বেছিকৈ পাব।

সৰু স্তনৰ পৰা কম গাখীৰ ওলায়।

কেঁচুৱাই গাখীৰ পোৱা-নোপোৱাটো স্তনৰ আকাৰৰ ওপৰত নিৰ্ভৰ নকৰে। স্তনৰ আকাৰ ভিতৰত থকা চৰ্বি ওপৰত নিৰ্ভৰ কৰে।

গাখীৰ ওলায় স্তনত থকা দুগ্ধ গ্ৰন্থি কিছুমানৰ পৰা। কেঁচুৱাই যিমানে মাকৰ স্তন চুপিব, সিমানেই মাকৰ গাখীৰ বেছিকৈ পাব।

মাকে কিছুমান বস্তু খালে গাখীৰ কমকৈ ওলায়।

মাকে খোৱা বস্তুৰ ওপৰত গাখীৰ হোৱা-নোহোৱাটো নিৰ্ভৰ নকৰে। মাকে ইচ্ছা অনুসাৰে খাদ্য খাব পাৰে।

কিন্তু মাকৰ যদি মনত ভাব হয় যে কিবা বিশেষ বস্তু খালে কেঁচুৱাৰ অন্যায় হয়, তেন্তে মাক প্ৰথমতে কমকৈ খাব আৰু যদি দেখিছে প্ৰকৃততে কেঁচুৱাটোক অন্যায় কৰিছে সেইটো বস্তু বাদ দিব।

আগৰবাৰ কেঁচুৱাই মাকৰ গাখীৰ পোৱা নাই, গতিকে এইবাৰো নাপাব।

আগৰ বাৰ কেঁচুৱাই কিবা কাৰণত গাখীৰ পোৱা নাছিল বাবে এইবাৰো নাপাব, তেনেকুৱা নহয়। আত্মবিশ্বাস ৰাখি নতুন উদ্যমেৰে কেঁচুৱাক গাখীৰ খুৱাব লাগে।

মাতৃদুগ্ধ সম্পৰ্কে থকা অন্ধবিশ্বাস।

জন্মৰ পিছত কেঁচুৱাৰ মুখত মৌ দিব লাগে। একেবাৰে ভুল কথা। জন্মৰ এঘন্টাৰ ভিতৰতে কেঁচুৱাক মাকৰ গাখীৰ দিব লাগে।

মাকৰ গাখীৰৰ বাহিৰে আন বস্তু, যেনে- মৌ, গ্ৰাইপৱাটাৰ আদি দিব নালাগে। কেতিয়াবা কেঁচুৱাক অন্যায় কৰিব পাৰে।

কেঁচুৱাৰ জন্মৰ ৩-৪ দিনলৈ মাকৰ গাখীৰ ভালকৈ নহয়।

কথাটো সঁচা নহয়। কেঁচুৱা জন্মৰ পিছতে কেইদিনমানলৈ পাতল হালধীয়া ৰঙৰ ডাঠ গাখীৰ এবিধ ওলায়। ইয়াক কল’ষ্ট্ৰাম বুলি কয়।

কল’ষ্ট্ৰাম যদিও কম পৰিমাণৰ ওলায়, কেঁচুৱাৰ বাবে সেই বয়সত সেয়াই যথেষ্ট। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন ‘এ’ আৰু ‘কে’ৰ উপৰি বেমাৰ প্ৰতিৰোধী এন্টিব’ডী আৰু অন্যান্য কাৰক থাকে।

কেঁচুৱাটোক দুয়োটা স্তনৰ পৰা ২০ মিনিটকৈ গাখীৰ খুৱাব লাগে।

তেনেকুৱা নহয়। কিছুমান কেঁচুৱাই ৫-১০ মিনিটতে নিজৰ প্ৰয়োজনীয় গাখীৰখিনি চুপি লয় আৰু কিছুমান কেঁচুৱাক অলপ দীঘলীয়া সময়ৰ প্ৰয়োজন হয়।

কিমান সময় মাকৰ গাখীৰ খাব কেঁচুৱাটোক নিজেই ঠিক কৰিব ল’ব দিব লাগে। কেঁচুৱাবোৰে গাখীৰ চুপি চুপি অলপ সময় ৰৈ আৰু চুপে।

এই ৰৈ দিয়া সময়খিনিত ই মুখত থকা গাখীৰখিনি গিলে। এনেদৰে কেঁচুৱাই ৰৈ ৰৈ গাখীৰ খায়। আৰু গাখীৰ খোৱা হ’লে স্তনৰ পৰা মুখ আঁতৰাই আনি শুই পৰে বা খেলি থাকে।

কেঁচুৱাই যেতিয়া এটা স্তনৰ পৰা গাখীৰ খাবলৈ আৰম্ভ কৰে, সেই স্তনৰ প্ৰথম আৰু শেষৰ গাখীৰখিনি কেঁচুৱাটোৰ বাবে বহুত প্ৰয়োজন।

গতিকে মাকে নিজে এটা স্তন এৰুৱাই আন পেটা স্তনৰ পৰা গাখীৰ খাব দিয়াৰ প্ৰয়োজন নাই। এটা স্তনৰ গাখীৰ খোৱা হ’লে পাছৰবাৰ আনটো স্তনৰ পৰা খাব লাগে।

গৰমৰ দিনত কেঁচুৱাক মাকৰ গাখীৰৰ উপৰি পানী পিব দিব লাগে।

কেঁচুৱাৰ বাবে মাকৰ গাখীৰেই যথেষ্ট। গৰমৰ দিন হ’লেও মাকৰ গাখীৰৰ বাহিৰে বেলেগকৈ পানী দিয়াৰ প্ৰয়োজন নাই।

কেঁচুৱাক গাখীৰ খুৱাই থকা মহিলাই কোনো ঔষধ খাব নোৱাৰে।

এইটো সঁচা নহয়। দুগ্ধপান কৰোৱা মহিলাই কিছুমান ঔষধ খোৱাত বাধা আছে যদিও বেছিভাগ ঔষধেই খাব পাৰে।

চিকিৎসকে গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাক প্ৰয়োজন অনুসাৰে পৰামৰ্শ দিয়ে। এই বিষয় লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই।

কেঁচুৱাৰ এবছৰ বয়সৰ পিছত মাকৰ গাখীৰত কোনো পুষ্টি নাথাকে।

এইটো সঁচা নহয়। মাকৰ গাখীৰত ছয় মাহলৈ শিশুৰ বৰ্ধন আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সকলোবোৰ উপাদানেই পোৱা যায়।

তাৰ পিছত এবছৰ বয়সলৈ শিশুৰ পুষ্টিৰ আধা অংশ আৰু দুই বছৰ বয়সলৈ, এক-তৃতীয়াংশ পুষ্টি মাকৰ গাখীৰৰ পৰা আহে। গতিকে ছয় মাহৰ পিছত মাতৃদুগ্ধৰ লগতে পৰিপূৰক খাদ্যৰো প্ৰয়োজন।

কিন্তু কেঁচুৱাৰ বাবে মাতৃদুগ্ধ কেতিয়াও অপ্ৰয়োজনীয় হৈ নাযায়। শিশুৰ দুই বছৰ বয়সলৈ মাকৰ গাখীৰতো দিবই লাগে, ইচ্ছ কৰিলে মাকে তাৰ পিছতো দি থাকিব পাৰে।

মাক ৰোগৰ দ্বাৰা সংক্ৰমিত হ’লে কেঁচুৱাক মাকে গাখীৰ খুৱাব নালাগে।

এয়া সঁচা নহয়। মাক ৰোগৰ দ্বাৰা সংক্ৰমিত হ’লেও কেঁচুৱাক গাখীৰ দি থাকিব লাগে। চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে কেঁচুৱাক গাখীৰ দিয়াটো বন্ধ কৰিব নালাগে। মাতৃদুগ্ধই শিশুক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।

কেঁচুৱাৰ ডায়েৰীয়া বা বমি হ’লে মাকৰ গাখীৰ দিয়াটো বন্ধ কৰিব লাগে।

এইটো সত্য নহয়। ডায়েৰীয়া বা বমি হ’লে কেঁচুৱাক মাকৰ গাখীৰ দিয়াটো বন্ধ কৰিব নালাগে। মাকৰ গাখীৰে কেঁচুৱাৰ বাৰে বাৰে হোৱা ডায়েৰীয়া বা বমিৰ পৰা হ’ব পৰা জটিলতাৰ পৰা ৰক্ষা কৰে। (বিশেষ কিবা কাৰণৰ বাবে যদি চিকিৎসকে মাতৃদুগ্ধ বন্ধ কৰে, সেয়া বেলেগ কথা।)

চিজাৰিয়ান চেকচন ডেলিভাৰী হ’লে কেঁচুৱাক মাকৰ গাখীৰ দিব নোৱাৰি।

কথাটো শুদ্ধ নহয়। চিজাৰিয়ান চেকচন ডেলিভাৰীৰ পিছতো মাতৃদুগ্ধ দিব পাৰি। স্বাভাৱিকভাৱে হোৱা প্ৰসৱৰ ক্ষেত্ৰত কেঁচুৱা জন্মৰ এঘন্টাৰ ভিতৰত মাকৰ গাখীৰ খাব দিব লাগে।

কিন্তু চিজাৰিয়ান চেকচন ডেলিভাৰীৰ কিমান সময় পিছত মাকৰ গাখীৰ আৰম্ভ কৰিব, সেয়া এনাস্থেচিয়াৰ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। এই সম্পৰ্কে চিকিৎসকৰ লগত পৰামৰ্শ কৰিব লাগে।

স্তনৰ আকাৰৰ ওপৰত মাকৰ গাখীৰৰ পৰিমাণ নিৰ্ভৰ কৰে, ডাঙৰ স্তনৰ পৰা বেছি আৰু সৰুৰ পৰা কেঁচুৱাই কম গাখীৰ পায় স্তনৰ আকাৰৰ ওপৰত গাখীৰৰ পৰিমাণ নিৰ্ভৰ নকৰে। কেঁচুৱাই যিমানে মাকৰ স্তন চুপিব, সিমানেই মাকৰ গাখীৰ বেছিকৈ পাব।

কেঁচুৱাই মাকৰ গাখীৰ পৰ্যাপ্ত পৰিমাণে পাইছে নে নাই জনাৰ কোনো উপায় নাই।

কথাটো শুদ্ধ নহয়। অকল মাকৰ গাখীৰ খোৱা ছয় মাহৰ তলৰ শিশু এটাই দিনটোত ছয় বাৰতকৈ বেছিকৈ প্ৰসাৱ কৰে আৰু সাধাৰণতে তেনে শিশুৰ সুষম গতিত মাহত ৫০০ গ্ৰামকৈ ওজন বৃদ্ধি হয়। এই দুটা লক্ষণ চাই শিশুটোৱে পৰ্যাপ্ত পৰিমাণে মাকৰ গাখীৰ পাইছেনে নাই জানিব পাৰি।

চাকৰি কৰা মহিলাৰ কেঁচুৱাৰ বাবে মাতৃদুগ্ধ সম্ভৱ নহয়।

আজিকালি বহুতো মহিলাই চাকৰি কৰে। কেঁচুৱা জন্ম হোৱাৰ কেইমাহমান পিছতে তেওঁলোকে চাকৰিত জইন কৰিবলগীয়া হয়।

সেয়েহে তেওঁলোকে মাতৃদুগ্ধৰ পৰিৱৰ্তে বা মাতৃদুগ্ধৰ লগতে কৃত্ৰিম আহাৰ কেঁচুৱাক দিয়া দেখা যায়। কিন্তু এনেকুৱা কৰাৰ প্ৰয়োজন নাই।

যিসকল মহিলাই দুপৰীয়াৰ আহাৰৰ বাবে কিছু সময় ছুটী পায়, তেওঁলোকে সেইখিনি সময়তে কেঁচুৱাক গাখীৰ দি যাব পাৰে।

অন্যথা কেঁচুৱাক গাখীৰ দি যাব পাৰে। অন্যথা নিম্নোক্ত উপায়সমূহ প্ৰয়োগ কৰিব পাৰে।

ক)ৰাতিপুৱাই কেঁচুৱাটিক গাখীৰ দিয়ক আৰু অফিচলৈ যোৱাৰ আগত দি যাওক।

খ)অফিচৰ পৰা আহি আৰু ৰাতি কেঁচুৱাটিক সঘনাই গাখীৰ দিয়ক।

গ)অফিচলৈ যোৱাৰ আগতে স্তন চেপি গাখীৰ উলিয়াই এটা পৰিষ্কাৰ পাত্ৰত ভালকৈ ঢাকি থওক। পৰিচৰ্যাকাৰীয়ে এই গাখীৰেই কেঁচুৱাটিক দিব পাৰিব।

গাখীৰ কেতিয়াও বটলত লৈ খুৱাব নালাগে। সৰু বাটি বা কাপৰ নিচিনা বহল মুখৰ পাত্ৰত লৈহে খুৱাব লাগে।

(প্ৰয়োজন হ’লে চিকিৎসাকৰ্মীৰ পৰা শিকি ল’ব পাৰি) স্তন চেপি উলিয়াই ৰখা গাখীৰ সাধাৰণ উত্তাপত ৮ ঘন্টালৈকে ভালে থাকে।

মাতৃ দুগ্ধ আৰু টেমা/বটল গাখীৰ প্ৰায় একে।

সত্য নহয়। টেমা/বটলৰ গাখীৰ কেতিয়াও মাতৃদুগ্ধৰ সমান হ’ব নোৱাৰে। মাতৃদুগ্ধত জীৱিত কোষ আৰু কিছুমান হৰম’ন থাকে। সেয়া কৃত্ৰিম গাখীৰত সম্ভৱ নহয়।

মাতৃদুগ্ধত কেঁচুৱাৰ বৰ্ধন আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পুষ্টিকাৰক উপাদান আৰু ৰোগ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় এন্টিব’ডী আৰু অন্যান্য কাৰণবোৰ উপযুক্ত পৰিমাণত পোৱা যায়।

কেঁচুৱাক গাখীৰ খুৱলে স্তনৰ আকাৰ বেয়া হয়।

কথাটো সঁচা নহয়। গৰ্ভৱতী মহিলাৰ দেহত গৰ্ভাৱস্থান হেতু কিছুমান পৰিৱৰ্তন আহে। সেই পৰিৱৰ্তন স্বাভাৱিকতে স্তনতো দেখা যায়। দুগ্ধপানৰ ফলত স্তনৰ আকাৰ বেয়া হোৱা কথাটো শুদ্ধ নহয়।

ওপৰোক্ত ভুল ধাৰণাবোৰৰ বাবে বা অঞ্চল ভেদে থকা তেনে ধৰণৰ ভুল ধাৰণা অন্ধবিশ্বাসৰ বাবে বহুতে শিশুক ছয় মাহৰ আগতেই মাতৃদুগ্ধৰ লগত বটল/টেমাৰ গাখীৰ বা আন কৃত্ৰিম আহাৰ দিয়া দেখা যায়। কিন্তু ধৰণে অপকাৰ কৰিব পাৰে।

কৃত্ৰিম আহাৰৰ(বটলৰ বা টেমাৰ গাখীৰ বা আন খাদ্য) পৰা হ’ব পৰা সমস্যা।

  • কৃত্ৰিম আহাৰে কেঁচুৱা আৰু মাকৰ মাজত কোনো আৱেগিক বান্ধোনৰ সৃষ্টি নকৰে। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ভালপোৱাৰ আৱেগিক বান্ধোন এটাৰ নিতান্তই প্ৰয়োজন।
  • কৃত্ৰিম আহাৰ যিহেতু সন্তুলিত নহয়, সেয়েহে শিশু পুষ্টিহীনতা আৰু তাৰ আনুষংগিক ৰোগত ভোগাৰ সম্ভাৱনা বেছি।
  • কৃত্ৰিম আহাৰ খোৱা শিশুৰ ৰোগ সংক্ৰমণৰ আৰু পুষ্টিহীনতাৰ হাৰ বেছি আৰু সেয়েহে মৃত্যুমুখত পৰাৰ সম্ভাৱনা বেছি।
  • শিশুৱে গৰু বা জন্তুৰ গাখীৰ সহি কৰিব নোৱাৰিব পাৰে আৰু ডায়েৰীয়া, ছালৰ ৰোগ আদি হ’ব পাৰে।
  • কৃত্ৰিম আহাৰ খোৱা শিশু ডাঙৰ হ’লে উচ্চ ৰক্ত চাপ, ডায়েবেটিছ আদিৰ দৰে ৰোগত ভোগাৰ সম্ভাৱনা বেছি থাকে।
  • কিছুমান শিশুৱে আকৌ প্ৰয়োজনতকৈ বেছিকৈ কৃত্ৰিম আহাৰ খাই মেদ বহুলতাত ভুগিব পাৰে।
  • কৃত্ৰিম আহাৰ খোৱা শিশুৰ বুদ্ধি মাকৰ গাখীৰ খোৱা শিশুতকৈ কম হ’ব পাৰে।
  • কৃত্ৰিম আহাৰ খোৱা শিশু সঘনাই ডায়েৰীয়া, নিউমোনিয়া, কাণ আদি ৰোগত ভোগে।
  • স্তন পান নকৰোৱা মহিলাৰ সন্তান প্ৰসৱৰ পিছত আগতীয়া ঋতুস্ৰাৱ আৰম্ভ হয় আৰু সোনকালে পুনৰাই গৰ্ভধাৰণ কৰাৰ সম্ভাৱনা থাকে।

চৰকাৰী আইন -

কৃত্ৰিম আহাৰে শিশুৰ ওপৰত পেলাব পৰা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই আহাৰৰ ব্যৱহাৰ বন্ধ কৰিবলৈ চৰকাৰে দুখন আইন প্ৰণয়ন কৰিছে-

ক)Infant Milk Substitutes, Feedling Bottle and Infant Foods(Regulation of Production, Supply and Distribution) Act, 1992(Amended in 2003) আৰু

খ)Cable Television Network(Regulation) Act, 1985.

এই আইন দুখনৰ মূল উদ্দেশ্য হৈছে মাতৃদুগ্ধৰ প্ৰসাৰ আৰু প্ৰ্চাৰ কৰা, কেঁচুৱাৰ গাখীৰৰ পৰিৱৰ্তে আন গাখীৰ ব্যৱহাৰ, শিশুৰ খাদ্য আৰু বটলেৰে গাখীৰ খুওৱাৰ প্ৰচাৰ বন্ধ কৰা আৰু এইবোৰ কৃত্ৰিম আহাৰৰ আৰু বটলেৰে গাখীৰ খুওৱাৰ বিজ্ঞাপন বন্ধ কৰা।

মাতৃদুগ্ধই শিশুৰ শাৰীৰিক আৰু মানসিক বৰ্ধন আৰু বিকাশত সহায় কৰাৰ লগতে মাকৰ ৰক্তহীনতা, মেদবহুতা আদি কম হোৱাত সহায় কৰে। তদুপৰি, স্তনপানে গৰ্ভনিৰোধক হিচাপেও কাম কৰে আৰু মহিলাসকলক স্তন আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰে। সেয়েহে ভ্ৰান্ত ধাৰণাস্মূহ আঁতৰ কৰি শিশুৰ বাবে মাতৃদুগ্ধৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে সকলোৱে চেষ্টা চলাব লাগে।

লেখক: ডাঃ প্ৰদীপ কুমাৰ শৰ্মা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate