মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মাহেকীয়াৰ সময়ত পেটৰ বিষ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাহেকীয়াৰ সময়ত পেটৰ বিষ :

মাহেকীয়াৰ সময়ত পেটৰ বিষৰ বিষয়ে লিখা হৈছে ।


মাহেকীয়া ঋতুৰ সময়ত জৰায়ূ, ককা‌ল আৰু তলপেটত অসহ্য বিষ হোৱাক কষ্ট আৰ্তব (Dysmenorrhoea) বোলা হয় । কষ্ট আৰ্তব দুই প্ৰকাৰৰ।
প্ৰাথমিক কষ্ট আৰ্তব

কিছুমান যুৱতী আৰু কম বয়সীয়া তিৰোতাৰ জৰায়ূ গ্ৰীবা ঠেক হোৱা কাৰণে ঋতুস্ৰাৱৰ সময়ত বাহিৰ হব ধৰা ৰক্ত বাহিৰ ওলোৱাত বাধা প্ৰাপ্ত হয় বাবে জৰায়ুত ৰক্ত সঞ্চিত হয়। অন্যহাতে জৰায়ুৰ সঙ্কোচন ক্ৰিয়া চলি থকা বাবে ৰক্তাধিক্য কাৰণত তলপেট বিষাবলৈ ধৰে ।
ঋতুস্ৰাৱৰ সময়ত ক্ষৰিত হোৱা তেজত প্ৰষ্টাগ্লেনডিন (Prostaglandins) নামৰ এবিধ ৰাসায়নিক পদাৰ্থ উৎপন্ন হোৱা বাবে জৰায়ুৰ মাংসপেশীৰ শ্লেষ্মিক কলা আৰু সিৰা-উপসিৰা সঙ্কোচন হয়। সেয়েহে ঋতুস্ৰাৱৰ দুদিনমান আগৰ পৰা ককাল আৰু তলপেট বিষায়। এই বিষ ঋতুস্ৰাৱৰ দুই-তিনি দিনলৈকে থাকে। আসোৱাহপূৰ্ণ জৰায়ূ গঠনৰ কাৰণেও ঋতুস্ৰাৱৰ সময়ত বিষ অনুভৱ হয়।জৰায়ূৰ মাংসপেশীত ৰক্তসন্চালন কমকৈ হলেও অক্সিজেনৰ অভাৱৰ হেতু ঋতুস্ৰাৱৰ জৰায়ূ, তলপেট আৰু ককালৰ বিষ হবলৈ ধৰে। মানসিক চিন্তা, উত্তেজনা, সামাজিক কাৰণ, স্নায়বিক কাৰণ, স্বাস্থ্যৰ অৱনতি, অন্তস্ৰাৱী গ্ৰন্থিৰ অস্বাভাৱিক ক্ৰিয়াৰ কাৰণে প্ৰাথমিক কষ্ট আৰ্তব হয়।
গৌণিক কষ্ট আৰ্তব

জৰায়ূ টিউমাৰ, ডিম্বাশয়ৰ চিষ্ট, গৰ্ভাশয় শোথ, ডিম্বাশয় শোথ আৰু শ্ৰোণী গহ্বৰত হোৱা নানান প্ৰকাৰ ৰোগৰ কাৰণে বয়সীয়াল মহিলাৰ গৌণিক কষ্ট আৰ্তব হয় ।
ৰোগৰ লক্ষণ

কষ্ট আৰ্তৱ হলে ঋতূস্ৰাৱ কমকৈ হয় ; জৰায়ূ, তলপেট, উৰু আৰু ককাল বিষায়। সাধাৰণতে যুৱতী সকলৰ জৰায়ূ পেশী স‌ঙ্কোচনৰ বাবে ঋতুস্ৰাৱৰ প্ৰায় ১২ ঘন্টা আগৰ পৰাই তলপেটত খামুচিয়া বিষ (প্ৰাথমিক কষ্ট আৰ্তৱ) হৈ ক্ৰমে উৰু আৰু ককাল পৰ্যন্ত বিষায়। বয়সীয়াল মহিলাৰ শ্ৰেণী আৰু জননেন্দ্ৰিয় ৰোগৰ কাৰণে ঋতুস্ৰাৱৰ প্ৰায় ২-৩ দিন আগৰ পৰা ককাল আৰু তলপেট (গৌণিক কষ্ট আৰ্তৱ) বিষায়। ঋতুস্ৰাৱ হোৱাৰ পিছত লাহে লাহে বিষ কমিবলৈ ধৰে । কিছুমান ৰোগীৰ দুবাৰমান স্বাভাৱিক ধৰণৰ ঋতুস্ৰাৱ হৈ পুণৰ কষ্ট আৰ্তৱ হয় । কিছুমান ৰোগীৰ বছৰৰ পিছত বছৰ ধৰি কষ্ট আৰ্তব হৈ থাকে। কষ্ট আৰ্তৱৰ কাৰণে মূৰ ঘূৰাই, বমি ভাৱ আহে , শৰীৰ অৱশ হয় ,এলাহ ভাৱ আহে ,খাবলৈ মন নাযায় , বগা স্ৰাৱ ওলাই , পাতল শৌচ হয় আৰু ঋতুস্ৰাৱ হওতে বিষায়।
সাধ্যাসাধ্য (prognosis)

জৰায়ু সঙ্কোচনৰ বাবে হোৱা কষ্ট আৰ্তৱ বিয়াৰ পিছত নিয়মীয়া যৌন সঙ্গম আৰু গৰ্ভধাৰণৰ দ্বাৰা আৰোগ্য হয়। সচৰাচৰ ৩০ বছৰ বয়সৰ পিছত প্ৰাথমিক কষ্ট আৰ্তব নহয়। গৌণিক কষ্ট আৰ্তৱ ৩০ বছৰ বয়সৰ পিছত বয়সীয়াল মহিলাৰ হয়।
আহাৰ-বিহাৰ

প্ৰাতভ্ৰমন এই ৰোগৰ কাৰণে অতি উপকাৰী।কষ্ট আৰ্তৱৰ সময়ত ককাল আৰু তলপেটত গৰম সেক দিলে বিষ উপশম হয়। গৰম পানীৰে গা ধুব, শৰীৰত ঠাণ্ডা নলগাব।পুষ্টিকৰ আৰু সহজে হজম কৰিব পৰা আহাৰ খাব
চিকিৎসা-চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি আয়ুৰ্বেদিক ঔষধ খালে এই ৰোগ ভাল হয়।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.78947368421
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top