মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বা কষ্টাৰ্তৱ (Dysmenorrhea) :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বা কষ্টাৰ্তৱ (Dysmenorrhea) :

মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বা কষ্টাৰ্তৱ (Dysmenorrhea)ৰ বিষয়ে লিখা হৈছে ।



মহিলা আৰু ছোৱালী মানুহৰ বাবে কষ্টাৰ্তৱ এটা ডাঙৰ সমস্যা। প্ৰত্যেক মাহত যেতিয়া এটা নিৰ্দিষ্ট সময়ত মহিলাবিলাকে তল পেটত এটা খামুচ মাৰি ধৰা বিষ উৎপত্তি হয় তেওঁলোকৰ বাবে এইটো এটা অসহনীয় সমস্যা আৰু ভয়ৰ কাৰণ হৈ পৰে। সমীক্ষা মতে প্ৰায় ৯০ শতাংশ ছোৱালীয়ে নিজৰ যৌৱনপ্ৰাপ্তিৰ সময়ত এই সমস্যাটোৰ দ্বাৰা আক্ৰান্ত হয়। যেতিয়া সদ্য কন্যাকাল প্ৰাপ্ত ছোৱালী এজনীয়ে নিজৰ পেটত অসহ্য বিষ অনুভৱ কৰিব তেতিয়া সেই ছোৱালীজনীৰ পৰৱৰ্তী মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ সময় অহাৰ লগে লগে কেনেকুৱা মানসিক অৱস্থাৰ সৃষ্টি হব পাৰে এবাৰ ভাবি চাওকচোন। কষ্টাৰ্তৱ দুই ধৰণৰ হয়।
১/প্ৰাথমিক (Primary) কষ্টাৰ্তৱ আৰু
২/গৌণ (Secondary) কষ্টাৰ্তৱ ।
* প্ৰাথমিক কষ্টাৰ্তৱ :-

প্ৰাথমিক কষ্টাৰ্তৱত ছোৱালী এজনীয়ে নিজৰ ৰজোদৰ্শনৰ আদি অৱস্থাত পেটত খামুচ মাৰি ধৰা বিষ অনুভৱ কৰে আৰু এই বিষটো মাহেকীয়া ঋতুস্ৰাৱৰ থিক আগে আগে হয় আৰু কেবামাহ ধৰি এই বিষটো ঋতুস্ৰাৱৰ আগে আগে অনুভৱ কৰে। সাধাৰণতে এই অৱস্থাটোৰ ক্ষেত্ৰত ছোৱালীগৰাকীৰ প্ৰজনন অংগবিলাকত কোনো অস্বাভাৱিকতা দেখা নাযায় আৰু প্ৰষ্টাগ্লেণ্ডিন নামৰ হৰমন বিধে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।
* গৌণ কষ্টাৰ্তৱ :-

গৌণ কষ্টাৰ্তৱ মহিলাসকলৰ প্ৰজনন জীৱনৰ যিকোনো সময়তে এই সমস্যাটো দেখা দিব পাৰে। সাধাৰণতে এনে মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মিত হয় যদিও গৰ্ভাশয় বা প্ৰজনন তন্ত্ৰৰ অন্য অংগবিলাকত হোৱা কোনো বেমাৰ বা সমস্যাৰ ফলত এনেকুৱা ধৰণৰ কষ্টাৰ্তৱ দেখা যায়। এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰ যেনে - এণ্ডমেট্ৰায়চিচ, গৰ্ভাশয়ৰ ফাইব্ৰইড্ ইত্যাদিৰ ফলত এনেকুৱা গৌণ কষ্টাৰ্তৱ হোৱা দেখা যায়।
* এই সমস্যাটো কিমান গম্ভীৰ?
সাধাৰণতে বিশ্বৰ প্ৰায় ৫০ শতাংশ মহিলা ক্ষেত্ৰত তেওঁলোকৰ প্ৰজনন জীৱনত এই সমস্যাটো হোৱা দেখা যায়। এইসকলৰ ভিতৰত আকৌ ১৫ শতাংশ মহিলাৰ অতিপাত পেটত খামুচ মাৰি ধৰা বিষ দেখা যায়। প্ৰাথমিক কষ্টাৰ্তৱ সাধাৰণতে এন্টিস্মাজমোদিক, গৰ্ভাশয়ৰ টনিক, আইৰণ ফলিক এচিড ইত্যাদি ঔষধৰ সহায়ত মুক্তি লাভ কৰিব পাৰি যদিও গৌণ কষ্টাৰ্তৱৰ ক্ষেত্ৰত সঠিক কাৰণ নিৰ্ণয় কৰিহে চিকিৎসা কৰিবলগীয়া হয়। তলত উল্লেখ কৰা লক্ষণ সমূহ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। যেনে - তল পেটৰ বিষ, সামান্যৰ পৰা তীব্ৰ জ্বৰ (যিয়ে আমাক হৈ থকা কোনো সংক্ৰমণৰ সংকেত দিয়ে), বহু দিনৰ পৰা হৈ থকা শ্বেতপ্ৰদৰ, ঋতুস্ৰাৱৰ সময়ত তীব্ৰ পেটৰ বিষ, যৌনাংগৰ পৰা দুৰ্গন্ধ ওলোৱা বা অস্বাভাৱিক স্ৰাৱ ওলোৱা ইত্যাদি আৰু লগতে এসপ্তাহৰ বেছি পেটৰ বিষৰ লগে লগে ৰক্তস্ৰাৱ হৈ থকা।
পৰীক্ষাগাৰত কৰিব লগীয়া পৰীক্ষা :-
*তেজৰ সামান্য পৰীক্ষা।
*পেচাৱৰ সামান্য পৰীক্ষা।
*পেটৰ আল্ট্ৰাচোনোগ্ৰাফী।
*পেটৰ চি টি স্কেন।
*যৌনাংগৰ পৰা ওলোৱা স্ৰাৱৰ বিশ্লেষণাত্মক পৰীক্ষা।
*তেজৰ শৰ্কৰাৰ পৰীক্ষা।
ঘৰত লবলগীয়া যতন:-
*যথেষ্ট পৰিমাণে জুলীয়া পদাৰ্থ সেৱন কৰিব লাগে।
*কম পৰিমাণে আৰু স্বাস্থ্যকৰ খাদ্য সেৱন কৰিব লাগে।
*তল পেটত বৃত্তাকাৰ চক্ৰৰ আকাৰত কিছুমান ঔষধি গুণেৰে ভৰপূৰ তেলেৰে মালিচ কৰিব লাগে।
*সাগৰীয় মাছ সেৱন কৰিব লাগে কাৰণ সাগৰীয় মাছ যথেষ্ট পৰিমাণে অ'মেগা-৩-ফেটি-এছিড সমৃদ্ধ হয়।
*সেউজীয়া আৰু সজীৱ শাক পাচলি আৰু ফল মূল সেৱন কৰিব লাগে কাৰণ এনে ধৰণৰ খাদ্য খনিজ পদাৰ্থ আৰু এণ্টি-অক্সিডেণ্ট সমৃদ্ধ হয়।
*মানসিক চাপ পৰিত্যাগ কৰিব লাগে।
*গূৱামূৰী সেৱন কৰিব লাগে কাৰণ গূৱামূৰী বায়ুৰোগ হৰণকাৰী আৰু এণ্টি-স্পাজমোদিক গুণ সম্পন্ন হয়।
*কেঁচা হালধীৰ ৰসো ফলপ্ৰসূ হয়।
*সময়মতে খাদ্য সেৱন কৰিব লাগে।
*পৰিষ্কাৰ পৰিচ্ছন্নতাত মনোযোগ দিব লাগে আৰু ঋতুস্ৰাৱৰ সময়ত চেনিটাৰী পেদ ব্যৱহাৰ কৰিব লাগে।
*কোষ্ঠকাঠিন্যতা আতৰাই ৰাখিব লাগে।
আয়ুৰ্বেদ চিকিৎসা পদ্ধতিতো কষ্টাৰ্তৱৰ বহু ফলপ্ৰসূ ঔষধৰ বৰ্ণনা আছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই ঔষধসমূহ ব্যৱহাৰ কৰা উচিত।
যোগাসন :- জানু শীৰ্ষাসন, পাশাসন, উষ্ট্ৰাসন, শুপ্ত পাদাংগুস্থাসন, শৱাসন, বালাসন ইত্যাদি ।

ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী
চিকিৎসা বিষয়া, মুলাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ফোন নং- ৯৫০৮০২৬৮২৫

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top