মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / মেনোপ'জ বা ৰজ নিবৃত্তি(MENOPAUSE)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেনোপ'জ বা ৰজ নিবৃত্তি(MENOPAUSE)

মেনোপ'জ বা ৰজ নিবৃত্তিৰ বিষয়ে লিখা হৈছে ।



এজনী ছোৱালী যৌৱনৰ দূৱাৰদলিত উপনীত হোৱাৰ পিছত প্ৰতিমাহে নিয়মিত ভাৱে ঋতুস্ৰাৱ হৈ থাকে। এইদৰে মাহ , বছৰ পাৰ হোৱাৰ লগে লগেই যৌৱন কাল , প্ৰৌঢ়া কাল অতিক্ৰম কৰি বৃদ্ধাৱস্থাত উপনীত হয়।স্ত্ৰীৰ বয়স ৪৫-৫০ বছৰ পাৰ হোৱাৰ লগে লগেই নিয়মিত ভাৱে চলি থকা ঋতুস্ৰাৱ বন্ধ হোৱাক ৰজনিবৃতি বা মেনোপ'জ বোলা হয় ।এগৰাকী স্ত্ৰীৰ শাৰীৰিক স্বাভাৱিক ক্ৰিয়াবশত: এনে পৰিৱৰ্তন হয় । ৰজনিবৃতি হোৱাৰ চাৰি-পাচ বছৰ আগৰ পৰা ঋতুস্ৰাৱ অনিয়মীয়া হোৱাকে আদিকৰী কিছুমান লক্ষণ প্ৰকাশ পায় । সেয়েহে এই সময়ছোৱাক পৌঢ়সন্ধি (climacteric) বোলা হয়।
স্ত্ৰীৰ ডিম্বাশয়ত এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰণ হৰমণ দুবিধৰ উৎপাদন হ্ৰাস পোৱা আৰু ডিম্বকোষ পূৰঠ হোৱাৰ ক্ষেত্ৰত বাধা ওপজিবলৈ ধৰাৰ লগে লগেই পৌঢ়সন্ধি আৰম্ভ হয়।কিছুমান দিন এইদৰে অতিবাহিত হোৱাৰ পিছত হৰমণৰ উৎপাদন সম্পূৰ্ণ ৰূপে নোহোৱা হয় আৰু ডিম্বকোষ প্ৰতিমাহে পূৰথ হোৱাত সম্পূৰ্ণৰূপে বাধা ওপজে বাবে ঋতুস্ৰাৱ বন্ধ হয়। ৰজনিবৃতি আৰম্ভ হোৱাৰ সময়ত ডিম্বাশয় সঙ্কূচিত হৈ পৰে বাবে যৌনাঙ্গ তথা ডিম্বাশয়ত তন্তু কোষৰহে অৱস্থিতি থাকেগৈ ।ডিম্ববাহী নলী ( fallopian tube)সঙ্কূচিত হোৱা কাৰণে গৰ্ভধাৰণ কৰিব পৰা ক্ষমতা লোপ পায়। গৰ্ভাশয়ৰ মাংসপেশী শুকাই সঙ্কূচিত হোৱাৰ উপৰিও ভিতৰত থকা শ্লেষ্মিক কলা পাতলহৈ পৰে । সেইদৰে জৰায়ুৰ চাৰ্ভিক্স ,যোনী আদিৰ মাংসপেশী শুকাই সঙ্কূচিত হৈ পৰে বাবেই গৰ্ভধাৰণ ক্ষমতা সম্পূৰ্ণৰূপে লোপ পায় ।
জৰায়ু আৰু স্তনৰ মাজত নিবিড় সম্পৰ্ক থাকে‌। এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰণ হৰমশৰ অভাৱৰ কাৰণে স্তনৰ আকাৰ সৰু হ'বলৈ ধৰে । আনহাতে স্তনত অধিক পৰিমাণে চৰ্বি জমা হ'বলৈ ধৰে বাবে স্তনযুগল শিথিল হৈ তললৈ ওলমি নামি আহে । কাষলতিৰ তলত থকা নোম পাতল হয় । ছালবোৰ কোচখাই টোটোৰা পৰাৰ লগে লগেই শৰীৰৰ কমনীয়তা হ্ৰাস পায় । হৰমনৰ অভাৱৰ বাবে হাড় ক্ষয়প্ৰাপ্ত (osteoporosis) হ'বলৈ ধৰে ‌নিতম্ব,শ্ৰোণী আৰু স্তনত অধিক চৰ্বি জমা হবলৈ ধৰে। ‌ৰজ নিবৃত্তিৰ কাৰণে যৌন আসক্তি কমিব ধৰে । বাৰ্থলিন গ্ৰন্থিৰ পৰা বাৰ্থলিন স্ৰাৱ নি:সৰণ কমিব ধৰে।মাংসপেশী
শিথিলতাৰ কাৰণে ককালৰ বিষ,শৰীৰ আৰু গাঁঠিৰ বিষ আৰম্ম হয় । ৰজনিবৃতি হোৱা বাবে শৰীৰৰ অশেষ ক্ষতি হোৱাৰ উপৰিও সোনকালে বুঢ়ী হলো বূলি মহিলা সকলৰ মনলৈ চিন্তা আহে। এই মানসিক দূ:চিন্তাৰ কাৰণে হোৱা উত্তেজনাৰ পৰা খিংখিঙীয়া , মূৰৰ বিষ, মূৰঘূৰণি, অনিদ্ৰা, হতাশা, খোৱাৰ প্ৰতি অনিচ্ছা , দূৰ্বলতা হয়। তলপেটত চৰ্বি জমাহয় বাবেই এলেহুৱা হয় ।শৰীৰৰ হথাতে অসুস্হ অনুভৱ হয় । দিনত একাধিক বাৰ শৰীৰত , বিশেষকৈ ডিঙি আৰু মুখত উত্তাপ অনুভৱ হয় আৰু ঘাম বাহিৰ হয়। সকলো মহিলাৰ ৰজনিবৃতি হয় আৰু ই বয়সৰ বাবে হোৱা এক শাৰীৰিক পৰিৱৰ্তন মাথোঁ। ঋতুস্ৰাৱ বন্ধ হোৱাৰ পৰা স্বাস্থ্যৰ একো ক্ষতি নহয় । সেয়েহে কোনো ধৰণৰ চিন্তা কৰিব নালাগে।
আহাৰ বিহাৰ

মনলৈ কোনো ধৰণৰ চিন্তাভাৱ নানিব । ঠাণ্ডা পানী প্ৰচুৰ পৰিমাণে খাব যাতে শৰীৰ ঠাণ্ডা হৈ থাকে । পূৱা সোনকালে উঠি প্ৰাতভ্ৰমন কৰিব। ৰাতি ৯ -১০ বজাত শুব আৰু টি,ভি চোৱাৰ পৰা বিৰত থাকিব। মূৰত নাৰিকল তেল নাসানিব । নাৰিকল তেল সানিলে অধিক গৰম অনুভৱ হয় । পৰাপক্ষত হিমসাগৰ বা বনফুল তেল সানিলে ঠাণ্ডা অনুভৱ হোৱাৰ উপৰিও ৰাতি ভাল টোপনি হয় । মাণিমূণি , ব্ৰাহ্মী, বকফুল , তগৰফুল খালে উপকাৰ পাব । প্ৰতিদিনে ৫০গ্ৰাম গাজী মগুমাহ খাব । গাজী মগুত ভিটামিন-ই আৰু প্ৰাটিন থাকে ।সেয়েহে দূৰ্বলতা আতৰাৰ উপৰিও ভিটামিন-ই য়ে স্ত্রী হৰমন উৎপাদন,নি:সৰনত সহায় কৰে ।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top