মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / লৌহ পদাৰ্থ আৰু ৰক্তাল্পতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লৌহ পদাৰ্থ আৰু ৰক্তাল্পতা :

লৌহ পদাৰ্থ আৰু ৰক্তাল্পতাৰ বিষয়ে লিখা হৈছে ।

এগৰাকী নাৰীৰ মাতৃত্বৰ পূৰ্ণতাৰ ফলতেই আমাৰ সৃষ্টি। আমাৰ পুৰুষপ্ৰধান সমাজখনে এই চূড়ান্ত বৈজ্ঞানিক যুগত মাতৃসকলক বিভিন্ন দিশত অৱহেলা কৰা দেখা যায়। তৃতীয় বিশ্বৰ দেশসমূহৰ অনিয়ন্ত্ৰিত জনসংখ্যাই নাৰী জাতিৰ উন্নতিৰ প্ৰধান অন্তৰায়।

এই ব্যৰ্থতাৰ বাবে শতকৰা ৬০-৭০ ভাগ নাৰীয়ে ৰক্তাল্পতাত আক্ৰান্ত হয় আৰু যাৰ কাৰণে নতুনকৈ পৃথিৱীলৈ আহিবলগীয়া নৱজাতকটোও অপৈণত অৱস্থাত ভূমিষ্ঠ হৈ বিকলাংগ হিচাপে সমাজত অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি কৰে।

বিজ্ঞান চূড়ান্ত উন্নতিৰ পথত আহি পৰা বাধাসমূহ আঁতৰাই নিৰাপদ মাতৃত্ব প্ৰদান কৰাটো আমাৰ প্ৰধান কৰ্তব্য। কিন্তু আমাৰ এই সৎ প্ৰচেষ্টাৰ প্ৰত্যাহ্বান ৰূপে থিয় দিয়া ৰক্তাল্পতা বা এনিমিয়াৰ বিষয়ে আমি আটায়ে সম্যক জ্ঞান লাভ কৰাটো জৰুৰী।

আমাৰ শৰীৰত প্ৰায় এশ মিঃলিঃ তেজত প্ৰায় ১৪-১৫ গ্ৰাম হিম’গ্লবিন থাকে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে মানুহৰ শৰীৰত যেতুয়া শতকৰা ৭০ ভাগতকৈ কম হিম’গ্লবিন থাকে, তেতিয়াই সেয়া এনিমিয়া ৰোগত আক্ৰান্ত হোৱা বুলি ব্যাখ্যা কৰিছে।

সেয়ে বয়স, লিংগ অনুপাতে হিম’গ্লবিনৰ পৰিমাণ প্ৰতি এশ মিঃ লিটাৰত ৬ মাহৰ পৰা ৫ বছলৈকে ল’ৰা-ছোৱালীৰ শতকৰা ১১ ভাগতকৈ কম থাকে। ৫ বছৰৰ পৰা ১৪ বছৰলৈকে ল’ৰা-ছোৱালীৰ শৰকৰা ১২ ভাগতকৈ কম থাকিলে, প্ৰাপ্তবয়স্ক নাৰীৰ ক্ষেত্ৰত শতকৰা ১২ গ্ৰামতকৈ কম থাকিলে এনিমিয়া হোৱা বুলি কোৱা হয়।

আনহাতে, প্ৰাপ্তবয়স্ক গৰ্ভৱতী নাৰীৰ ক্ষেত্ৰত শতকৰা ১১ গ্ৰামতকৈ কম থাকিলে এনিমিয়া বা ৰক্তাল্পতাত ভুগি থকা বুলি কোৱা হয়। এই ৰক্তাল্পতা বা এনিমিয়া সাধাৰণতে তিনিটা ভাগত ভগোৱা হৈছে।

যেনে-

১)লঘু:

যেতিয়া হিম’গ্লবিনৰ নিৰ্ধাৰিত গাঢ়তা নিম্নগামী হয়, কিন্তু শতকৰা ৮০ ভাগৰ বেছি থাকে।

২)মধ্যমীয়া:

যেতিয়া হিম’গ্লবিনৰ নিৰ্ধাৰিত গাঢ়তাৰ তলত শতকৰা ৬০-৮০ ভাগৰ ভিতৰত থাকে।

৩)প্ৰবল:

যেতিয়া হিম’গ্লবিনৰ গাঢ়তাৰ ৬০ ভাগতকৈ কম হয়।

ৰক্তাল্পতা হোৱাৰ কাৰণসমূহ -

১)তেজত থকা লোহিত ৰক্তকণিকাৰ সৃষ্টিত কোনো বেমেজালি হ’লে।

২)হাড়ৰ মজ্জা উৎপন্ন হোৱাত বাধা পৰিলে।

৩)তৎকালীনভাৱে লোহিত ৰক্তকণিকাবোৰ ধ্বংস হ’লে।

৪)অতিমাত্ৰা ৰক্তক্ষৰণ হ’লে।

ৰক্তাল্পতা হোৱাৰ লক্ষণসমূহ -

শৰীৰত ৰক্তাল্পতাই দেখা দিয়াৰ লগে লগে বিভিন্ন উপসৰ্গই দেখা দিয়ে। যেনে-

  • সহজেই ভাগৰ লগা,
  • শৰীৰ শেঁতা পৰি যোৱা,
  • বুকুৰ ধপধপনি বাঢ়ি যোৱা,
  • মূৰৰ বিষ,
  • এলাহ ভাব,
  • ৰাতিপুৱা শোৱাপাটীৰ পৰা উঠিবলৈ মন নোযোৱা,
  • কোনো কামত মন নবহা,
  • মনৰ সফূৰ্তি ভাব নোহোৱা হোৱা,
  • শৰীৰটো দুৰ্বল লগা,
  • অৱসাদ অহা ইত্যাদি বিভিন্ন ধৰণৰ লক্ষণে দেখা দিব পাৰে।
  • বৰ্তমান সময়ত ৰক্তাল্পতা অধিক হোৱাৰ কাৰণ কি -

    লৌহ জাতীয় পদাৰ্থৰ অভাৱৰ বাবেই প্ৰধানতঃ এনিমিয়াৰ লক্ষণ দেখা দিয়ে। ই আচলতে ৰোগ নহয়, বৰং ৰোগৰ লক্ষণহে। তৃতীয় বিশ্বৰ দেশসমূহৰ মাতৃ আৰু আৰু শিশুৰ মৃত্যুৰ মূল কাৰণ ৰূপে এই ৰক্তাল্পতা চিহ্নিত হৈ আহিছে।

    ৰোগীৰ দেহত লৌহ পদাৰ্থৰ অভাৱৰ ফলতে শৰীৰত হিম’গ্লবিনৰ পৰিমাণ কমি যায়। আয়ৰন ডেফিচিয়েনেচী এনিমিয়া বা লৌহ পদাৰ্থৰ অভাৱত হোৱা ৰক্তাল্পতা ঐতিহাসিক আভাস বৈদিক যুগৰ পৰা মূল্যাংকন কৰি অহা হৈছে।

    আজিৰ পৰা কিছু বছৰ আগলৈকে যেতিয়া ৰন্ধন গেছ, প্ৰেছাৰ কুকাৰ আদি ব্যৱহাৰ নহৈছিল আৰু তেতিয়া আমাৰ মানুহবোৰে ৰান্ধিবলৈ লোহাৰ কেৰাহী আদি ব্যৱহাৰ কৰিছিল। তেতিয়া লোহাৰ কেৰাহী ব্যৱহাৰৰ মূলহে আছিল লৌহ পদাৰ্থৰ ক্ষুদ্ৰ অংশ আহাৰ হিচাপে আমাৰ শৰীৰত প্ৰৱেশ কৰা।

    ১৯ শতিকাৰ আগলৈকে এনিমিয়াত লাখ লাখ লোকৰ মৃত্যু হৈছিল যদিও সেই সময়ত ডাঃ পিয়াৰ ব্লাউড নামৰ চাহাবজনে লৌহ পদাৰ্থক ঔষধ ৰূপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ব্লাউডে লৌহ পদাৰ্থৰ মানৱ দেহত অজৈৱিক অৱস্থাত অতি কম পৰিমাণে ব্যৱহাৰ কৰিছিল।

    নানা পৰীক্ষাৰ অন্তত আজিকালি সেই লৌহ পদাৰ্থযুক্ত আয়ৰন পিল ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বৰ্তমান সময়ত প্ৰাকতিক লোহ পদাৰ্থযুক্ত, ফলমূল আদি কমকৈ খোৱা হয় কাৰণেও শৰীৰত লৌহ পদাৰ্থৰ অভাৱে দেখা দিয়ে।

    শৰীৰত লৌহ জাতীয় পদাৰ্থৰ অভাৱৰ কাৰণ -

    শৰীৰত আয়ৰন বা লৌহ জাতীয় পদাৰ্থসমূহ বিভিন্ন কাৰণত কমি যাব পাৰে। যেনে-

    ১)আহাৰত কম পৰিমাণে লৌহ পদাৰ্থ থকা, পুষ্টিহীনতা, অৰ্থনৈৰিক অৱস্থা, সুষম আহাৰৰ বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ হ’লে।

    ২)শৰীৰৰ খাদ্যনলীৰ বিভিন্ন অংশই কম পৰিমাণে লৌহ পদাৰ্থ হজম কৰিলে। উদাহৰণস্বৰূপে বয়সিয়াল লোক, খাদ্যনলীৰ বিভিন্ন অস্ত্ৰোপচাৰৰ বাবে।

    ৩)কেঁচুৱা, যুৱক-যুৱতী, গৰ্ভৱতী নাৰীসকলক কাৰ্যক্ষম কৰি ৰাখিবলৈ লৌহ পদাৰ্থৰ পৰিমাণ কমি যায়।

    ৪)হাকোটা পেলু, অংশ, ঋতুস্ৰাৱৰ সময়ত ৰক্তক্ষৰণ বেছি হ’লে দেহত লৌহ পদাৰ্থৰ পৰিমাণ কমি যায় আৰু ফলস্বৰূপে এনিমিয়া বা ৰক্তাল্পতাত ভুগি থকা দেখা যায়।

    মাহৱ দেহত লৌহ, জাতীয় পদাৰ্থৰ আৱশ্যক কিয় হয় -

    ক)মানৱ শৰীৰত থকা হিম’গ্লবিনৰ মূল উৎস হৈছে আয়ৰন বা লৌহ পদাৰ্থ।

    খ)শৰীৰৰ ভিতৰত বিভিন্ন জৈৱিক প্ৰক্ৰিয়াত লৌহজাতীয় পদাৰ্থ বা আয়ৰনৰ প্ৰয়োজন হয়।

    গ)শৰীৰত দহন কাৰ্যত আয়ৰনৰ প্ৰয়োজন হয়।

    ঘ)কেৱল শৰীৰৰ স্বাভাৱিক গঠনৰ বাবেই নহয়, ই আমাৰ মানসিক উৎকৰ্ষ সাধনাত অতি প্ৰয়োজন।

    ঙ)শৰীৰৰ ৰোগ প্ৰতিৰোধ সবলকৰণত আয়ৰনে অংশগ্ৰহণ কৰে।

    গৰ্ভৱতী নাৰী আৰু লৌহ জাতীয় এনিমিয়া -

    গৰ্ভৱতী মহিলাৰ আটাইতকৈ বেছি লৌহজাতীয় পদাৰ্থ বা আয়ৰনৰ প্ৰয়োজন হয়। ঋতুস্ৰাৱ হোৱা মহিলাৰ ক্ষেত্ৰত ১৫ মিঃ গ্ৰাম আৰু সাধাৰণ মহিলাৰ ক্ষেত্ৰত দৈনিক ১০ মিঃ গ্ৰাম আয়ৰনৰ প্ৰয়োজন।

    এগৰাকী গৰ্ভৱতী নাৰীয়ে মাত্ৰ খোৱা খাদ্যৰ পৰা প্ৰয়োজনীয় গোটেইখিনি আয়ৰন লাভ নকৰে বাবে অতিৰিক্ত লৌহ পদাৰ্থ ঔষধ হিচাপে গ্ৰহণ কৰিব লাগে। সন্তানক দুগ্ধ পান কৰোৱা মহিলায়ো প্ৰায় এবছৰলৈ আন আন ভিটামিনৰ লগতে আয়ৰনযুক্ত দৰব সেৱন কৰা দৰকাৰ।

    লেখক: ডাঃ আশ্বৰাফুল আলম(নিয়মীয়া বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top