অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৌন্দৰ্য্য চৰ্চা

সৌন্দৰ্য্য চৰ্চাৰ বিষয়ে

গৰমত নিজৰ যতন-

 

গৰমৰ প্ৰখৰ ৰ’দত আমি বিভিন্ন সমস্যাত ভোগো। যেনে—চুলি সৰা, চুলি শুকান হোৱা, চুলিৰ আগ ফটা আদি। ছালৰ কোষসমূহ ডাঙৰ হোৱা, ছালত এলাৰ্জী হোৱা, শালমইনা হোৱা ইত্যাদি। এনেবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সদায় নিজৰ যত্ন ল’ব লাগে। মন কৰিবলগীয়া যে আজিৰ দিনত আমাৰ জীৱন ধাৰা সলনি হৈছে। খুব ব্যস্ততাৰ মাজত থাকিবলগীয়া হয়। নিজৰ বাবেই সময়েই নাই। ১২ ঘন্টা আমাৰ বাবে বহু সময়। কিন্তু কেনেকৈ সময়বোৰ ঠিক কৰিব, সেয়া আটাইতকৈ ডাঙৰ কথা। নিজৰ মতে সময় ঠিক কৰি ল’লে দেখিব সময়েই সময়। আমি আনৰ কথা পাতি, ম’বাইলত সময় কটোৱাতকৈ নিজৰ কাম কৰি যাব লাগে।

যিমান পাৰি নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল’লে আহাৰখিনি সোৱাদ হয়। এনে আহাৰ খালে সাধাৰণতে সোৱাদ হয়। এনে আহাৰ খালে সাধাৰণতে বেমাৰ নহয়। বিশেষকৈ সেউজীয়া শাক-পাচলি, চুপ আৰু ফল-মূল আদি নিয়মীয়াকৈ খাব লাগে। আমাৰ স্বাস্থা খাদ্য, ব্যায়াম আৰু মেডিটেচনৰ ওপৰত নিৰ্ভৰ কৰে। সুস্থ স্বাস্থ্যৰ ফলত আমাৰ ছাল আৰু চুলি ভালে থাকে। ইয়াৰ বিপৰীতে জাংক ফুড খালে শকত হয়, চুলি সৰে, ছালৰ বৰণ ভিন্ন হয়। অর্থাৎ ছালত মাজে মাজে ক’লা চামনি পৰে। সেইবাবে ফাইবাৰ আৰু ভিটামিনযুক্ত ফল-মূল বেছিকৈ খাব লাগে। ছালৰ বৰণত ভিন্নতাই দেখা দিলে তৎক্ষণাৎ ফাষ্ট ফুড এৰি ফলৰ ৰস আৰু পাচলিৰ চালাড খাব। গাজৰ, বীট, তিয়াহ, পালেং শাক, দৈ ইত্যাদি। খাদ্যই চুলিৰ অৱস্থা ভাললৈ আনে। চুলিৰ গুৰি পৰিষ্কাৰ ৰখাৰ বাবে বগা ভিনেগাৰত সমান পৰিমাণত পানী মিহলাই লৈ কপাহৰ সহায়ত চুলিৰ গুৰিত লগাব। এসপ্তাহমান নিতৌ কৰিলে ভাল ফল পাব। গৰমৰ দিনত মইশ্ব’ৰাইজাৰযুক্ত, অইল, মিৰাকলজাতীয় শ্বেম্পু ব্যৱহাৰ কৰিলে, চুলিৰ স্বাস্থ্য ভালে থাকে। বন্ধৰ দিনত তেল লগাবলৈ মন নাযায়। এনে ক্ষেত্ৰত স্প্ৰে কণ্ডিচনাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ পছন্দ মতে চুলিখিনি ৰাখিব পাৰে।

গৰমত যিহেতু চুলি সোনকালে দীঘল হয়, সেইবাৰে চুলি ঘনাই কাটিব। যাৰ ফলত চুলিৰ অৱস্থা ভাললৈ আহিব। গৰমত চুলি সদায় পানীত তিয়াব নালাগে। এনে কৰিলে চুলিৰ অৱস্থা বেয়ালৈ আহি ছিঙিবলৈ লয়। সস্তীয়া স্পা কৰি চুলি শুকান নকৰিব। ৰং কৰা চুলিৰ বাবে চুলিৰ ৰঙক এনে কৰি ৰখাৰ বাবে ঢাকনিযুক্ত স্পা কৰিব লাগে। গৰমত চুলিত স্কাৰ্ফ লগাব লাগে যদি স্কুটাৰত উঠি যোৱা হয়। চেৰাম লগাই গ’লে ৰদ-বতাহৰ পৰা চুলিক ৰক্ষা কৰে।

আমাৰ ছালৰ বাবে যি ছানস্ক্ৰীন ব্যৱহাৰ কৰা হয়, সেয়া সুগন্ধি থকা আৰু ৰঙীন হ’ব নালাগে। এনে হ’লে পাছলৈ ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে। যিহেতু গৰমত ছানস্ক্ৰীন উঠি যায় ঘামৰ বাবে। এনে ক্ষেত্ৰত কপাহত টনাৰ লৈ মুখখন মচি যাব লাগে। টৰ্নাৰ সদায় সুগন্ধিবিহীন আৰু এলক'হল ফ্ৰী হ’ব লাগে। গৰমত আমি পনীয়া অর্থাৎ পানী, জুচ আৰু চুপৰ মাত্রা বঢ়ালে আমাৰ ছাল আটিল হয়। গৰমত ৰাতি ছালত গোলাপজলৰ লগত তুলসীৰ পাত মিলাই লগাব।

এইদৰে গৰমত নিজৰ স্বাস্থ্যৰ যত্ন ল’ব। গৰমত গৰম বুলি নাভাবি নিজৰ কাম কৰি গৈ থাকিলে গৰমতো সতেজতা আহিব।

 

ছালৰ বৰণ উজ্জ্বল কৰিবলৈ=


সকলোৱেই ইচ্ছা কৰে এখন উজ্জ্বল আৰু মিহি ছালৰ অধিকাৰী হ’বলৈ। এনে ছালৰ গৰাকী হ’বলৈ ছালৰ যত্ন লব লাগিব। বিশেষকৈ প্ৰদূষণৰ বাবেই ছালৰ বিভিন্ন ধৰণৰ সমস্যা হয়। এই সমস্যা দূৰ কৰাৰ বাবে প্রাকৃতিক সামগ্ৰীৰ দ্বাৰাই ছালত পুষ্টি যোগাই পৰিস্কাৰ কৰি ৰাখিব লাগিব। প্রাকৃতিক সামগ্ৰীৰ ভিতৰত অমিতা অন্যতম। পকা অমিতা যদি সদায় পুৱা এটুকুৰা খায়, আন এটুকুৰা পিটিকি ল’ব লাগিব। পিটিকি লোৱাখিনিৰ লগত কমলাৰ বাকলিৰ গুড়ি মিহলাই ল’ব । মুখখন পৰিস্কাৰ কৰি ১৫ মিনিটমান লগাই ধুই দিব। তৎক্ষণাৎ ঠাণ্ডা পানী লগাব। অমিতা যিহেতু ‘পেপিন’যুক্ত’ হয় গতিকে আমাৰ ছালৰ মৃতকোষসমূহ পৰিষ্কাৰ কৰি নোমছিত্ৰসমূহ সৰু কৰি ৰাখে। ছালৰ পৰা বীজাণু নাশ কৰে। শালমইনা আদি নহয়।

শালমইনা থাকিলেও ছালকুঁৱৰীৰ ৰস আৰু পকা অমিতা মিহলাই লগাব। এনে কৰিলে ছালৰ পৰা লেতেৰা আৰু ট’ক্সিন আঁতৰি যাব। ফলত ছালখন সতেজ হ’ব। নিয়মিতভাৱে কৰিলে ছালখন বগা হ’ব।

যিসকলৰ ছালত দাগ থাকে, তেওঁলোকে ছালত কমলাৰ বাকলিৰ লগত দৈ আৰু মৌ মিহলাই লগাব| এনে কৰিলে ছালৰ মৃত কোষসমূহ পৰিস্কাৰ হ’ব। ই তেজ চলাচল সঠিক কৰি ছালৰ উজ্জ্বলতা বঢ়াব। নিয়মিত লগালে বগাও হ’ব।

নিস্তেজ ছালৰ বাবে কল অতি উত্তম। দুটা কল পিটিকি লৈ মৌ আৰু দৈ মিহলাব। পৰিস্কাৰ মুখত এই প্রলেপ লগাব। ২০ মিনিটমান থকাৰ পাছত ধুই দিব। ছালত গোলাপ-জল লগাব। তৎক্ষণাৎ বগা আৰু মিহি হ’ল। মৌৱে ছালৰ পৰা অতিৰিক্ত তেল শুহি ল’ব। ছালক মিহি আৰু কোমল কৰিব।

ওটমিল হৈছে ছালৰ বাবে উত্তম স্কাৱ। ই এণ্টি অক্সিডেন্ট। ছালৰ পৰা মৃতকোষসমূহ পৰিস্কাৰ কৰি ছালক উজ্জ্বল আৰু মিহি কৰে। ছালৰ পৰা ক’লা দাগসমূহ আতৰাই বগা কৰে।

ছালৰ বৰণ সকলোৰে বাবে আকৰ্ষণীয় কৰাৰ বাবে পকা বিলাহীৰ লগত চেন মিহলাই মুখত ১৫-২০ মিনিটৰ বাবে লগাব। পাছত কুহুমীয়া পানীৰে ধুই দিব। পাছত ঠাণ্ডা পানী ছটিয়াই দিব। এনে কৰিলে ছালত বয়সৰ চাপ নপৰে। এই প্রলেপ ছালৰ দাগ আতৰাবলৈ অতি উত্তম। নিয়মিত ব্যৱহাৰ কৰিলে ছালত বয়সৰ ছাপ সহজে পৰে।

মৌ আৰু নেমুৰ ৰস সদায় গা ধোৱাৰ আগেয়ে লগালে, কম দিনৰ ভিতৰতেই বগা হ’ব পাৰিব।

অলিভ অইল, চেনি আৰু হালধিৰ পাউডাৰ মিহলাই ছালত ১৫ মিনিটৰ বাবে লগাব। এনে কৰিলে ছালৰ উজ্জ্বলতা বাঢ়িব। বেছি শুকান ছালৰ বাবে উত্তম। অলিভ আইলে এন্টি অক্সিডেন্টৰ কাম কৰিব। চেনিয়ে মৃত কোষ আঁতৰাই বগা কৰাত সহায় কৰিব। হালধিয়ে বীজাণুমুক্ত কৰি ছালক বগা কৰাত সহায় কৰিব। এনে ধৰণৰ প্রাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি ছালক স্বাস্থ্যৱান কৰি ৰাখিব পৰিবা। টক্সিনমুক্ত ৰাসায়নিক ক্রীম লোচনে আপোনাৰ ছালখন ক্ষয় নিয়াত সহায় কৰিব। গতিকে প্রাকৃতিক সামগ্ৰী আমাৰ ছালৰ উত্তম আহিলা।

 

শীতৰ খাদ্য আৰু সৌন্দৰ্য চৰ্চা

শীতৰ দিন বুলিলেই খাদ্যৰ মেলা বুলিব পাৰি। বিভিন্ন ধৰণৰ খাদ্য পোৱা যায় এই শীতৰ বতৰত। আমি আমাৰ স্বাস্থ্য ভালে ৰখাৰ বাবে কেনে ধৰণৰ খাদ্য খাম, সেয়া জনাটো আৱশ্যক। স্বাস্থ্য ভালে থাকিলে অধিক হাৰত সৌন্দর্যচর্চা নকৰিলেও হয়। শীতৰ দিনত আমাৰ ছাল আৰু চুলি শুকান হয়। যাৰ বাবে ছালখন শোটোৰা পৰে আৰু চুলি সৰে। এনে নোহোৱাৰ বাবে ভিটামিন ‘এ’ যুক্ত খাদ্য খাব লাগে। ভিটামিন ‘এ’ৰ অভাৱত শালমইনা হয় আৰু খজুৱতি হয়। ছালখনো খুব শুকান হয়। ফলত মানসিকভাৱে দুর্বল হোৱা যায়। তাৰ বাবে আমি চিন্তিত হৈ পৰিবলগীয়া হয়। শৰীৰৰ বাবে ভিটামিন ‘এ’ পাবলৈ কণী, গাখীৰ, মাংস, পালেং শাক, গাজৰ, স্কোৱাচ, ওলকবি খাব পাৰো। এনে খাদ্যই আমাৰ শৰীৰত ভিটামিন ‘এ’ যোগান ধৰে। শীতৰ বতৰত ছাল শুকান হোৱাৰ পৰা ৰেহাই পাব পাৰো। বয়সৰ ছাপ যথেষ্ট কমি থাকে। এনে খাদ্য নিয়মিত খোৱাৰ ফলত চুলিও শুকান নহয়। চুলিৰ আগ নাফাটে।

ভিটামিন ‘বি’ কমপ্লেক্সৰ বাবে চুলি সৰা বন্ধ হয়। চুলি গজাত সহায় কৰে, ছালৰ মসৃণতা ধৰি ৰাখে আৰু চুলিৰ গুৰি সবল কৰে। সাধাৰণতে কল, কণী, চাউল, ওটমিলত এই “বি কমপ্লেক্স” পোৱা যায়। এনে খাদ্য আমি নিয়মিত খাব লাগে। চুলিৰ অসুবিধা এই ভিটামিনৰ দ্বাৰা আঁতৰাব পাৰি। ভিটামিন ‘চি’ৰ দ্বাৰা আমাৰ ছাল সতেজ আৰু কমনীয় হৈ থাকে। বয়সৰ ছাপ কমি যায়। ছালৰ ৰং ভিন্ন নহয়। অর্থাৎ ছালৰ ৰং চামনি পৰা নহয়। ছালৰ ৰং বগা কৰে। ছালৰ ইলাচটিচিটী ৰক্ষা কৰে। ছাল শোটোৰা পৰা নহয়। “চি” ভিটামিনৰ বাবে জলফাই, নেমু, কমলা, কল, ব্রকলি, ষ্ট্ৰবেৰী, বন্ধাকবি খাব পাৰো। গতিকে শীতৰ দিনত ছাল সতেজ কৰি ৰখাৰ একমাত্র উপায় এই সুষম খাদ্য গ্রহণ।

ভিটামিন ‘ই’ৰ পৰা আমি আমাৰ ছাল সতেজ কৰি ৰাখিব পাৰো। বয়স কমাই ৰাখিব পাৰো। ছালৰ মসৃণতা ধৰি ৰখাত সহায় কৰে। ছালক মিহি কৰি ৰাখিব পাৰো। আইৰণে তেজলৈ  অক্সিজেন কঢ়িয়াই ছাল আৰু চুলিক স্বাস্থ্যৱান কৰি ৰাখে। মহিলাসকলে আইৰণ নিয়মিত খাব লাগে। ফল-মূল, পছলা, ডালিম, কলমৌ, ভেদাইলতা, নৰসিংহ আদিত এই আইৰণ পোৱা যায়।

জিংকৰ সহায়ত বয়সৰ ছাপ কমাই ৰাখিব পাৰো। চুলি পকাই ৰোধ কৰে। সূর্যমুখী ফুলৰ....., ৰঙালাউৰ গুটি আদিত পোৱা য়ায় এই ভিটামিন।

ভিটামিন ই আৰু চিয়ে ছল-চুলিক মইশ্ব' কৰি ৰাখে।

গতিকে আমি আমাৰ স্বাস্থ্য ভালে ৰখাৰ বাবে নিয়মিতভাৱে সতেজ পাচলি, ফল-মূল খাব লাগে, বিশেষকৈ শীতৰ পাচলিসমূহে আমাৰ স্বাস্থ্য ভালে ৰখাৰ উপৰি ছাল আৰু চুলিৰ স্বাস্থ্যও ভাল কৰে। যেতিয়া আমাৰ সুন্দৰ স্বাস্থ্য হ’ব, তেতিয়া আমাৰ মনটোও ভালে থাকিব। ভাল মনে বহু কাম নিয়াৰীকৈ কৰিব পৰাত সহায় কৰে। আত্মবিশ্বাসো বাঢ়ে। যিকোনো পৰিৱেশত সকলোৰে লগত আনন্দেৰে থাকিব পাৰি।

 

ৰাসায়নিক সামগ্ৰীৰ পৰা সাৱধান


আমি ছালত ব্যৱহাৰ কৰিবলৈ বজাৰত বিভিন্ন ধৰণৰ সামগ্রী পাওঁ। তদুপৰি বন্ধু-বান্ধৱসকলেও ব্যৱহাৰ কৰা সামগ্ৰীও ব্যৱহাৰ কৰিবলৈ কয়। কিন্তু ছালে জানো গ্রহণ কৰে ? কেতিয়াবা এনে ধৰণৰ বজাৰৰ সামগ্রী ব্যৱহাৰ কৰাৰ ফলত ছালৰ সমস্যাই দেখা দিয়ে। ফলত মনত হতাশা আহি যায়। আৰু আন সমস্যায়ো মনটো দুৰ্বল কৰে। এনে ক্ষেত্ৰত আপোনাৰ ছালৰ প্ৰকাৰৰ বিষয়ে জানি ল'ব। মুখখন ধুই দিয়াৰ ফলত যদি ছালখন শুকান আৰু টানি ধৰে, তেন্তে শুকান ছাল বুলিব পাৰি। মুখখন ধুই দিয়াৰ পাছতো যদি অতিৰিক্তভাৱে তেল নিৰ্গত হয়, তেন্তে অতি তেলেতীয়া বুলিব পাৰি।

সাধাৰণতে আমি পুৱাই গা ধুই আমাৰ ছালত টনাৰ ব্যৱহাৰ কৰিব লাগে। ৰ’দৰ প্ৰখৰ তাপত আমাৰ ছালৰ যথেষ্ট ক্ষতি হয়। সেইবাবে ছানস্কীন ব্যৱহাৰ কৰিব লাগে। কিন্তু ৰ’দৰ ইউ ভি-এ ৰেৰ দ্বাৰা ছালত ৰ’দে পোৰে, বয়স হয় আৰু বয়সৰ চাপ পৰে। ইউ ভি-বিৰ ৱেৰ দ্বাৰা ৰ’দে পোৰে আৰু কৰ্কট ৰোগ হয়।

ছানস্ক্ৰীন ক্রীমটো শুকান ছালৰ বাবে জিংক-অক্সাইড আৰু টিটেনিয়াম যুক্ত হ’ব লাগে। সচেতন ছালৰ বাবে টিটেনিয়াম ডাই-অক্সাইড, ছিনামেট যুক্ত হ’ব লাগে। তেলেতীয়া ছালৰ বাবে তেলমুক্ত, এভ’ বেনজন আৰম অক্সিবেন্‌জন যুক্ত হ’ব লাগে। এছ পি এফ ৩০ মিনাৰেল তেলবিহীন হ’লে বা মেট ফিনিছ হ’লে ভাল। কিন্তু শুকান ছালত এলক'হলযুক্ত হ’ব নালাগে। হাইড্রটিং যুক্ত হ’লে ভাল। গ্লিচাৰিণ আৰু এল' ভেৰাযুক্ত হ’লে ছালক মসৃণ আৰু সতেজ কৰি ৰাখে।

বয়সৰ ছাপ আঁতৰাবলৈ ব্যৱহাৰ কৰা সামগ্রীত জিনচেং থকা হ’লে ভাল। ই ছালৰ ক’লাজেনসমূহ সক্রিয় কৰি ৰাখে। বয়সৰ ছাপ আঁতৰায়। আদাৰ ৰস থাকিলে ছালৰ ইলাছটিচিটী বঢ়ায় আৰু এণ্টি অক্সিডেণ্ট হয়। প্র’টিনযুক্ত হ’লে বয়সৰ ছাপ কমাইক'লাজেনক সক্রিয় কৰে।

প্রতিদিনে ক্লিনিজাৰ কৰা সামগ্ৰীত হালধি, তুলসী আৰু থাইম (Thyme) থকা হ’লে ছালৰ পৰা লেতেৰা আঁতৰায়, এন্টিচেপ্টিক আৰু প্রতিদিনে ছালত অনিষ্ট কৰাৰ পৰা ৰক্ষা কৰে।

ছালখন বগা হোৱাৰ সামগ্ৰীত কেতিয়াও হাইড্র’কুইনান আৰু ষ্টেৰইড থকা হ’ব নালাগে। ই ছালক প্রথম অৱস্থাত খুব ধুনীয়া বগা, মিহি কৰে যদিও পাছলৈ ছালত ঘাঁ হৈ কৰ্কট ৰোগ সৃষ্টিৰ কাৰক হয়।

পেৰাফিনযুক্ত সামগ্ৰী সদায় এৰাই চলিব লাগে। ই ছালত কৰ্কট ৰোগ সৃষ্টি কৰে। বেছিভাগ ট’ক্সিন পেৰাফিনত থাকে। সাধাৰণতে পেৰাফিন মইশ্ব’ৰাইজাৰত থাকে। লিপ্‌ষ্টিকটো পেৰাফিন থাকে। ফলত কম দিন ব্যৱহাৰ কৰাৰ পাছতেই ওঁঠৰ ৰং ক’লা পৰি যায়।

আমি ব্যৱহাৰ কৰা সামগ্রী কেতিয়াও সুগন্ধি আৰু ৰং থকা হ’ব নালাগে।

বগা হোৱা ক্ৰীমত ষ্টেৰইড (Steroid),হাইড্ৰ’কুইনাইন আৰু ট্ৰিটিন’ইন (Treetinoin) থাকে। বেছিদিন ব্যৱহাৰ কৰিলে পিগমেন্টটেচন হয়। লিভাৰ নষ্ট হয়। ছাল পাতল হয়। ষ্টেৰইড থকা সামগ্ৰীয়ে ছালত শুহি লয় আৰু ছালৰ স্বাস্থ্যৰ ক্ষতি কৰে।

ৰ’দৰ পৰা আঁতৰত থকাই বগা হোৱাৰ মূল চাবি-কাঠী। ছাল বগা হোৱাৰ বাবে ব্লিচিং ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ব্যৱহাৰে ছালত ক'লা দাগ পেলায়, ছাল পাতল হয়, লিভাৰ নষ্ট হয় আৰু চকুত কেটেৰেক পৰে আৰু হাঁপানী হয়।

গতিকে বজাৰৰ পৰা ক্রীম কিনোতে সাৱধান হৈ কিনিব লাগে। কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে ক্ৰীমত সেয়া চাইহে ব্যৱহাৰ কৰিব লাগে। ক্ৰীম, লোচন, মইশ্ব’ৰাইজাৰ কিনোতে সদায় মন কৰিব সুগন্ধি আৰু ৰংবিহীনতা। এইদৰেই নিজে সচেতন হ’লে এখন সুন্দৰ আৰু স্বাস্থ্যৱান ছালৰ অধিকাৰী হৈ থাকিব পাৰিব।

 

ঘৰুৱাভাৱে ছালৰ যতন-


আমি সকলোৱে নিজৰ ছালখন বগা আৰু মিহি বিচাৰো। তাৰ বাবে আমি বহু চেষ্টা কৰো। সেইবাবে ঘৰতে কৰিব পৰা কেইটামান উপায় আগ বঢ়ালো, যাতে তৎক্ষণাৎ বগা হ’ব পাৰি।

বিভিন্ন কাৰণত আমাৰ ছালৰ বৰণ নিস্তেজ আৰু ক’লা হয়। কাৰণসমূহ হৈছে, শাৰীৰিক আৰু মানসিক হেঁচা, হতাশা, মানসিক দুর্বলতা, অপুষ্টিকৰ খাদ্য, প্ৰদূষণ, ৰ’দে পোৰা, বেছিকৈ চিগাৰেট, মদ খোৱা আদি। এনে অৱস্থাত আমাৰ ছালৰ অৱস্থা ক’লা আৰু নিস্তেজ হয়।

বিভিন্ন শাৰীৰিক অসুস্থতাৰ বাবেও ছালৰ অৱস্থা বেয়া হয়।

ছালৰ বাবে হালধি অতি উত্তম। পুৰণি কালৰ পৰাই চলি আহিছে হালধিৰ দ্বাৰা সৌন্দর্যচর্চা। হালধিয়ে ছালৰ দাগ নাইকিয়া কৰে। ছালক বগা কৰে, এলাৰ্জী নাশ কৰে। শেঁতা পৰা ছালৰ বাবে হালধি উত্তম।

হালধিৰ ৰস নতুবা পাউডাৰ আধা চামুচ প্রয়োজন অনুসৰি আনাৰসৰ লগত মুখত লগালে তৎক্ষণাৎ বগা হ’ব পাৰি। প্রতিদিনে মুখত এবাৰকৈ কৰিলে ছালৰ বৰণ বগা আৰু নিমজ হ’ব। প্ৰসাধন কৰাৰ আগেয়ে লগাই ধুই লৈ প্রসাধন কৰিলে ধুনীয়া দেখি। ছালখন নিমজ আৰু কোমল হয়।

হালধি পাউডাৰ আধা চামুচৰ লগত এচামুচ মৌ আৰু পাউডাৰ গাখীৰ মিহলাই ২৫ মিনিটমান মুখত লগাব। পাছত সাধাৰণ পানীৰে ধুই দিব। এনে কৰাৰ পাছত গোলাপজল লগাব। এই প্রলেপ লগোৱাৰ পাছত ৰ’দত তৎক্ষণাৎ ওলাব নালাগে। গৰমত কিছুসময়ৰ মূৰে মূৰে ঠাণ্ডা পানী লগাই থাকিলে ছালৰ বৰণ ক’লা নপৰে আৰ ছালখনো নিমজ হৈ থাকে। মৌ হৈছে বেক্টেৰিয়া প্রতিৰোধক। গতিকে গৰমৰ দিনত মৌ মুখত লগোৱাটো ভাল। মৌ নিয়মীয়াকৈ লগালে মুখৰ ৰং বগা হ’ব, মইশ্ব” হ’ব আৰু কোমল হ’ব।

আমি যিমান পাৰো মুখত চাবোন আদি ক্ষাৰযুক্ত সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে। যিমানেই চাবোন, ক্লিনজিং ব্যৱহাৰ কৰো, সিমানেই ৰ’দত ওলালে ক’লা পৰে। গতিকে ৰ’দৰ দৰে তাপ ছালত নলগাকৈয়ো থাকিব নোৱাৰো।

বাহিৰত যিহেতু ওলাব লাগে, তেনে ক্ষেত্ৰত ৰংবিহীন, সুগন্ধিবিহীন সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। গৰমৰ দিনত খোৱা আৰু সৌন্দৰ্য্যচৰ্চাৰ বাবে তিয়ঁহ অতি উত্তম। ই ছালখনক শীতল কৰি ৰাখে। তদুপৰি ই ছালক সতেজ কৰি পুষ্টি যোগোৱাতো সহায় কৰে। তিয়ঁহে এছট্রেনজেন্টৰ কাম কৰে। মৃত কোষসমূহ পৰিস্কাৰ কৰে। ছালৰ মসৃণতা বঢ়ায়। তিয়ঁহ আমি ছালত বিভিন্ন ধৰণেৰে ল’ব পাৰো। তিয়ঁহৰ ফেচিয়েল গৰমৰ দিনত কৰিব পাৰে। ই ছালক সতেজ আৰু মসৃণ কৰি ৰাখে। গৰমত তিয়ঁহ আৰু গাজৰ খালে স্বাস্থ্য ভালে থাকে। চকুৰ গুৰি ক’লা নপৰে। ছালখন মিহি কৰি ৰাখে। গাজৰ নিতৌ খালে ছালৰ উজ্জ্বলতা বাঢ়ে আৰু চুলিৰো অৱস্থা উন্নত হয়। চুলি মিহি আৰু কোমল হয়। চুলিৰ আগ নাফাটে। গাজৰ আৰু তিয়ঁহৰ ৰস সমানে মিহলাই লগালে ছাল শুকান নহয়; বৰঞ্চ বগা আৰু মিহি হয়।

দৈ গৰমৰ দিনৰ বাবে উত্তম। দৈ ত যিহেতু লেকটিক (lactic) এচিড থাকে, ই ছালত কেলচিয়াম আৰু ভিটামিন ‘বি’ ৰ যোগান ধৰে। ছালখন বগা কৰি বয়সৰ চাপ কমোৱাত সহায় কৰে। মৃত কোষ পৰিষ্কাৰ কৰি নতুন কোষ গঠন কৰাত সহায় কৰে। ছালৰ বয়সীয়াল যেন লগা অৱস্থা নাশ কৰাত সহায় কৰে দৈয়ে। অর্থাৎ ছালখন কোমল কৰাত সহায় কৰে। গৰমত হজম শক্তি কমি যায়। গতিকে দুপৰীয়া এবাটিকৈ দৈ, খালে দূষিত বেক্টেৰিয়াসমূহ নাশ কৰি ভাল বেক্টেৰিয়াসমূহ শক্তিশালী হয়।

এইদৰেই গৰমত ঘৰুৱাভাৱে নিজৰ ছালখনৰ যত্ন লৈ আনন্দ ল’ব পাৰে। তেনে কৰিলে গৰমৰ দিনকেইটাৰ কথা পাহৰি যাব।

শীতত শৰীৰৰ যতন

শীতৰ দিনত আমি নিজকে স্বাস্থ্যৱান কৰি ৰাখিব লাগে। তাৰ বাবে শীতকালি ব্যায়াম, যোগাসন আদি কৰিব লাগে। ব্যায়াম কৰোতে সদায় আৰামদায়ক কাপোৰ পিন্ধিব লাগে।

তদুপৰি এনে দিনবোৰত আমাৰ ছাল সতেজ কৰি ৰাখিব লাগে। তাৰ বাবে পুৱা, গধূলি আধা ঘণ্টামান সময়ৰ বাবে বায়াম কৰিব লাগে। ব্যয়ামৰ ফলত শৰীৰটো ঘামে আৰু প্রাকৃতিক তেল ঘামৰ লগত নিৰ্গত হয়। ফলত ছাল সতেজ হৈ থাকে। ব্যায়ামৰ পাছত শৰীৰে প্রয়োজনীয় পানী বিচাৰে। এই পানীয়ে শৰীৰক সতেজ কৰি ৰখাত সহায় কৰে।

শীতত যেতিয়া ব্যায়াম কৰো, তেতিয়া যি ঘাম ওলায়, সেই ঘামৰ দ্বাৰা শৰীৰৰ পৰা বিষাক্তখিনি নিৰ্গত হয়, শৰীৰ পাতল আৰু আৰাম লাগে। শৰীৰৰ যৌৱন ধৰি ৰখাত সহায় কৰে।

শীতকালি আমাৰ চুলি শুকান আৰু ছিঙি যোৱা হয়। সেইবাবে শীতকালি চুলিৰ কণ্ডিছনাৰ ব্যৱহাৰ বেছিকৈ কৰিব লাগে। ব্যায়ামৰ ফলত আমাৰ চুলিৰ গুৰি ঘামি যায়। সেইবাবে শীতত চিলিকণযুক্ত চুলিৰ কণ্ডিছনাৰ ব্যৱহাৰ কৰিব লাগে। যিয়ে আমাৰ চুলিৰ মইশ্ব’ৰাইজাৰ ধৰি ৰখাত সহায় কৰে।

শীতত আমি ব্যায়াম কৰাৰ ফলত চুলিৰ গুৰিত অক্সিজেন প্ৰৱাহিত হয়। ফলত চুলি সোনকালে দীঘল হয়। কিন্তু মৃত কোষ আৰু ঘামৰ ফলত নোমছিদ্র বন্ধ হৈ চুলি সৰাত সহায় কৰে। সেইবাবে চুলি নিতৌ পৰিস্কাৰ কৰাৰ বাবে ব্যায়াম কৰিব লাগে। তদুপৰি চুলিত ছালফেট ফ্রী শ্বেম্পু ব্যৱহাৰ কৰিব লাগে।

শুকান চুলি আৰ ছালৰ বাবে সদায় অলিভ অয়ল আৰু তিল তেলৰ মিশ্ৰণৰ তেল ব্যৱহাৰ কৰিব লাগে। বহুতে গাত চাবোন ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰে, তেওঁলোকে চাবোন ব্যৱহাৰ কৰি গা ধুই পুনৰ তেল (মিশ্ৰণৰ তেল) লগাই গা ধুলে ছাল সতেজ আৰু মিহি হৈ থাকে। গতিকে তেলৰ বটলটো গা ধোৱা ঘৰত থৈ দিব।

শীতকালি আমাৰ ভৰি খুব ফাটে। ফলত অতি লেতেৰা দেখায়। এনে ক্ষেত্ৰত আনাৰসৰ ৰস আৰু অলিভ অইল কুহুমীয়াকৈ গৰম কৰি দুয়োটা ভৰি ভালদৰে ধুই তিয়াই থ’ব। পাছত মালিচ কৰি সূতাৰ মোজা এযোৰ পিন্ধি থাকিব। নিতৌ ৰাতি শোৱাৰ আগেয়ে কৰিলে ভৰি দুটা চাই থাকিবলৈ মন যাব।

দিনটোৰ ভাগৰ নাশ কৰাৰ বাবে ব্যায়াম পুৱা-গধূলি কৰি ৰাতি সময় মতে শুব লাগে। এই টোপনিয়ে ছালক সতেজ কৰে। চুলিৰ স্বাস্থ্য ভাল কৰে। মনকো উৎফুল্লিত কৰি ৰাখে। জীয়াই থকাৰ প্রেৰণা পায়। হতাশা নাহে। শাৰীৰিক আৰু মানসিক হেঁচা নাহে।

আমাৰ ছালখনক দাগবিহীন কৰাৰ বাবে আমাৰ লিভাৰটোৰ যত্ন ল’ব লাগে। আমাৰ তেজক বীজাণুমুক্ত কৰি ৰাখিব লাগে। তেজৰ ছুগাৰ লেবেল নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। পুষ্টিৰ ক্ষেত্ৰত চকু ৰাখিব লাগে। ভিটামিন, চর্বি, কলেষ্ট’ৰেলৰ প্ৰতিও মনোযোগ দিব লাগে।

আমাৰ হজম শক্তি দুর্বল হ’লে শৰীৰত টক্সিন জমা হয় আৰু আমাৰ শৰীৰত বেমাৰ হয় লগতে আমি নিয়মীয়াকৈ পানী খোৱাৰ প্ৰতিও মন দিব লাগে। ফাইবাৰযুক্ত আহাৰ খাব লাগে। মাছ, শাক-পাচলি, ব্ৰকলি, বন্ধাকবি, সৰিয়হৰ শাক খাব লাগে মাকৈ, চয়াবিন তেল, সূর্যমুখী তেল আদি খাব নালাগে।

এইদৰেই আমি আমাৰ স্বাস্থ্যৰ যত্ন লৈছিল, চুলিৰ স্বাস্থ্যও ভালে ৰাখিব লাগে।

লেখিকা: ভানু শৰ্মা, অসম বাণী।

 

 

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top