মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / সৌন্দৰ্যৰক্ষাত লেটাবাহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৌন্দৰ্যৰক্ষাত লেটাবাহ

 

আমাৰ ৰাজ্যখনে আগৰে পৰাই পাট আৰু মুগাৰ কাপোৰৰ বাবে পৃথিৱীৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰি আহিছে। শেহতীয়াভাৱে আকৌ পলুৰ বাহ বা লেটাবাহ ব্যৱহাৰ কৰা হৈছে সৌন্দৰ্যৰক্ষাৰ বাবে। কাৰণ আমাৰ ছালৰ সৌন্দৰ্য ৰক্ষাৰ বাবে ইয়াৰ প্রয়োজনীয়তা বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে। কিন্তু কেনেকৈ? হয়, ইতিমধ্যে প্রমাণিত হৈছে যে লেটা বাহ প্ৰ’টিন, কলাজেন আৰু এমিন’ এচিড আদিৰে ভৰপূৰ, যি আমাৰ ছালৰ বাবে অতি লাগতিয়াল। পাট-মুগা লেটাৰ পৰা প্রস্তুত কৰা মাস্ক, জেল আদি বিভিন্ন সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীৰ সম্প্রতি বিশ্বজুৰি চাহিদা বাঢ়িছে।

কেনেকৈ ব্যৱহাৰ কৰিব?

  • প্ৰথমেই লেটাবাহ গৰমপানীত বিশ মিনিট মান সময় তিয়াই থ’ব। দেখিব, সুন্দৰকৈ কোমল হৈ পৰিছে। এতিয়া আঙুলিৰ মূৰত এইটো পিন্ধি লাহে লাহে ঘূৰণীয়া আকৃতিত সাধাৰণতে আমাৰ বলিৰেখা পৰা ঠাইসমূহ যেনে, চকুৰ কাষ, কপালৰ মাজভাগ, নাকৰ আশে-পাশে তথা মুখৰ আশে-পাশে কোমলভাৱে মালিচ কৰি স্ক্ৰাব কৰিব। ফলত অলাগতিয়াল মৃত ছাল, ব্লেক হেড্‌চ আৰু মলিসমূহ আঁতৰাই ছালখন মসৃণ কৰি তুলিব।
  • সপ্তাহত তিনি বা চাৰিবাৰ কৰিব পাৰে। এনেদৰে কৰা স্ক্রাবে আমাৰ মুখমণ্ডলৰ ছালখন সুন্দৰকৈ হাইড্রেট কৰি ৰাখে, ফলত নোমকূপসমূহ সক্রিয় হৈ থকাৰ বাবে প্ৰকৃতিগতভাৱে কলাজেনৰ যোগান ধৰে (সাধাৰণতে বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ মুখৰ ছালৰ কলাজেন কমি আহিবলৈ ধৰে)। ফলত ছালৰ স্থিতিস্থাপকতা ধৰি ৰখাত আৰু বলিৰেখা পৰাৰ পৰা ছালখনক সুৰক্ষিত কৰে।
  • পাট আৰু মুগা দুয়োবিধ লেটাই সৌন্দর্য প্রসাধনৰ কামত ব্যৱহাৰ হয়।
  • এটা লেটাবাহ (cocoon) তিনিবাৰমান ব্যৱহাৰ কৰিব পাৰি, সেয়ে এবাৰ ব্যৱহাৰৰ পিছত ধুই শুকুৱাই বটলত ভৰাই থ’লে পুনৰ ব্যৱহাৰ কৰিব পাৰি।
  • লেটাবাহৰ দ্বাৰা এক্সফলিয়েট কৰিলে ছাল পৰিষ্কাৰ হোৱাৰ উপৰিও মসৃণ হৈ কমনীয়তা ঘূৰি আহে।
  • লেটাবাহত থকা চিৰিচিন (sericin) নামৰ প্ৰ’টিনৰ বাবেই এণ্টি এজিং ৰূপে কাম কৰে।
  • ইতিমধ্যে প্রসাধনৰ সামগ্রী হিচাপে এই লেটাবাহসমূহৰ পৰা মাস্ক, জেল আদিও উপলব্ধ হৈছে।
  • সৌন্দৰ্য্যবদ্ধনৰ বাবে অতি প্রয়োজনীয় এই লেটাবাহসমূহ অনলাইনযোগে সহজে উপলব্ধ।

সাৱধানতা

সাধাৰণতে ছালৰ এলাৰ্জী থকাসকলে লেটাবাহ ব্যৱহাৰ কৰোতে কোনো বিশেষজ্ঞৰ পৰামর্শ লোৱা ভাল।

লেখিকা: শ্ৰুতি জৈন।

3.13636363636
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top