অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুৰাপান কৰা মহিলাৰ সমস্যা :

 

মহিলাৰ দেহত সুৰাৰ বিপাক -

সুৰা সহজতে পানীত দ্ৰৱীভূত হয় । পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ পৰা হজম হোৱাৰ পিচত তেজত মিহলি হৈ যকৃৎ পায় আৰু ইয়াতেই সুৰাৰ বিপাক সম্পূৰ্ণ হয় । পাকস্থলীত এলক’হল ডিহাইড্ৰজিনে’জ নামৰ এবিধ পাচক ৰস (এনজাইম) থাকে । ই সুৰাৰ বিপাকত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । পুৰুষৰ তুলনাত মহিলাৰ দেহত এই পাচক ৰসৰ ক্ষমতা প্ৰায় ৭০-৮০ শতাংশ কম । একেদৰে মহিলাৰ দেহত পানীৰ পৰিমাণ তুলনামুলভাৱে কম । সম পৰিমাণৰ সুৰাপান কৰিলেও পুৰুষৰ তুলনাত মহিলাৰ দেহত ইয়াৰ প্ৰভাৱ বেছি হয় ।

ফিটেল এলক’হল ছিণ্ড্ৰম -

সুৰাত আসক্ত মহিলাৰ গৰ্ভধাৰণ ক্ষমতা হ্ৰাস পাব পাৰে । গৰ্ভৱতী মহিলাই যদি সুৰাপান অব্যাহত ৰাখে, তেন্তে ই মাকৰ দেহৰ পৰা গৰ্ভস্থ সন্তানৰ দেহলৈ যায় আৰু মাকৰ লগতে সন্তানৰো অনিষ্ট সাধন কৰে । এনেকুৱা অৱস্থাত গৰ্ভস্খলন হহ’ব পাৰে , প্ৰসৱ আগতীয়াকৈ হ’ব পাৰে অথবা সন্তান গৰ্ভতে মৃত্যুমুখতো পৰিব পাৰে । আনহাতে সঠিক সময়ত জন্মলাভ কৰা সন্তানো স্বাস্থ্যৱান নহ’ব পাৰে । সুৰাৰ প্ৰভাৱৰ কাৰণে গৰ্ভস্থ সন্তানৰ মগজু, স্নায়ু আৰু আন আন অংগ-প্ৰত্যংগৰ বৰ্ধন সুষম গতিত নহয় । সন্তান জড় বুদ্ধিৰ হ’ব পাৰে । দৃষ্টিশক্তি বা শ্ৰৱণশক্তি হ্ৰাস পাব পাৰে । হৃদযন্ত্ৰৰ সমস্যাত ভুগিব পাৰে বা অস্থিৰ স্বভাৱৰ হ’ব পাৰে । এই আটাইবোৰ অৱস্থাক একেলগে ফিটেল এলক’হল ছিণ্ড্ৰম বুলি কোৱা হয় । অৱশ্যে এটা সন্তানৰ গাত আটাইবোৰ লক্ষণ দেখা নাযাবও পাৰে ।

মহিলাৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ -

মানুহৰ প্ৰজনন এটা জটিল প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়া নিৰ্ভৰ কৰে মূলত: সুস্থ যৌনাংগ আৰু কেতবোৰ হৰম’নৰ ওপৰত । সুৰাই মানৱ দেহত থকা বিভিন্ন গ্ৰন্থিসমূহৰ ওপৰত ক্ৰিয়া কৰে আৰু নি:সৰিত হৰম’ন আৰু এই হৰম’নৰ কৰ্মস্থল নিৰ্দিষ্ট অংগসমূহত প্ৰভাৱ পেলায় । প্ৰজনন ক্ষমতা নিয়ন্ত্ৰণকাৰী হৰম’ন ইষ্ট্ৰ’জেনৰ ওপৰত পৰা প্ৰভাৱৰ কাৰণে মদ্যপায়ী মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হ’ব পাৰে আৰু সুৰাৰ প্ৰতি আসক্তি বহুদিনীয়া হ’লে ৰজ:অৱসানপৰ্যন্ত হ’ব পাৰে ।

সুৰাৰ ব্যৱহাৰ আৰু মানসিক সমস্যা -

মানসিক অশান্তি আৰু সুৰাপানৰ মাজত এক সম্পৰ্ক আছে । ব্যক্তিয়ে প্ৰথমে সুৰাই দিব পৰা আনন্দ উপভোগ কৰাৰ বাবে ইয়াক পান কৰে । কিছুমান মহিলাই মানসিক আৰু দৈহিক অশান্তিৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে সুৰাৰ আশ্ৰয় লয় । কিন্তু দুখৰ বিষয়, শেষত গৈ ই অৱসাদৰহে সৃষ্টি কৰে । এই অৱসাদৰ পৰা মুক্তি বিচাৰি পুনৰ সুৰাপান কৰে আৰু এনেদৰে অৱসাদ আৰু সুৰা পান চক্ৰৱৎ চলি থাকে । চাকৰিজীৱী মহিলাই এহাতে কৰ্মক্ষেত্ৰত প্ৰতিযোগিতা আৰু আনহাতে ঘৰুৱা কামৰ বোজাৰ বাবে মনত এক গভীৰ চাপ অনুভৱ কৰে । এনেকুৱা অৱস্থাত কিছুমান মহিলা সুৰাৰ প্ৰতি আকৃষ্ট হয় । বিবাহ, বিচ্ছেদ, গৃহ কন্দল, সন্তান বা পতিৰ অকাল মৃত্যু আদি জীৱনৰ ঘাত-প্ৰতিঘাতসমূহ চম্ভালিব নোৱাৰিও কিছুমান মহিলাই সুৰা গ্ৰহণ  কৰিবলৈ আৰম্ভ কৰে । কিন্তু সুৰাই এই সমস্যাসমূহ সমাধান  কৰাৰ সলনি আন কিছুমান সমস্যাৰ সৃষ্টি কৰে । বিশেষকৈ যিসকল মহিলাৰ পৰিয়ালত (বংশত) সুৰাসক্ত ব্যক্তি থাকে, তেনে মহিলা সুৰাৰ প্ৰতি আসক্ত হোৱাৰ বেছি সম্ভাৱনা থাকে । তেওঁলোকে লাহে লাহে বেছি পৰিমাণৰ সুৰা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে । সুৰা গ্ৰহণ বন্ধ অথবা পৰিমাণ কমাই দিলে তেওঁলোক কেতবোৰ দৈহিক আৰু মান সিক সমস্যাত ভোগে আৰু সেয়েহে ইচ্ছা কৰিলেও নিজে সুৰাৰ ব্যৱহাৰ বন্ধ কৰিব নোৱাৰা হয় । সেয়েহে তেওঁলোকে কেতিয়াও সুৰা গ্ৰহণ কৰিব নালাগে । সমীক্ষাৰ পৰা দেখা গৈছে, ৩০ ৰ পৰা ৪০ শতাংশ সুৰাসক্ত ব্যক্তি বিষণ্ণতাত ভোগে ।

সামাজিক সমস্যা -

সুৰাপান কৰা মহিলাৰ প্ৰতি সমাজে পক্ষপাতমূলক দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায় । সমাজে তেওঁলোকক হেয়জ্ঞান কৰে আৰু তেওঁলোকৰ চৰিত্ৰ সম্পৰ্কে সন্দেহ প্ৰকাশ কৰে । এনেকুৱা মহিলাৰ ক্ষেত্ৰত নিজৰ ঘৰখনো নিৰাপদ আশ্ৰয় স্থান নহ’ব পাৰে । তেওঁলোক নানা ধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হ’বলগীয়া হয় । বহুতে আকৌ লাজ আৰু শংকা হেতু আসক্তিৰ কথা লুকুৱাই ৰাখে । গতিকে সুৰাৰ প্ৰতি আসক্তিৰ পৰা একান্তভাৱে মুক্তি বিচাৰিলেও চিকিৎসাৰ বাবে তেওঁলোকে সহজভাৱে ওলাই আহিব নোৱাৰে ।

মহিলাৰ দৈনিক সমস্যা -

উপৰি উক্ত সমস্যাসমূহৰ উপৰি অন্যান্য বহুতো সমস্যা পুৰুষ-মহিলা নিৰ্বিশেষে দেখা যায় । পুৰুষৰ তুলনাত সুৰাসক্ত মহিলাৰ যকৃতৰ ৰোগ সোনকালে আৰম্ভ হয় । মগজুৰ ওপৰত পৰা প্ৰভাৱ হেতু স্মৃতিশক্তি হ্ৰাস হোৱা ৰোগ (ডিমেনছিয়া) মহিলাৰ ক্ষেত্ৰত তুলনামূলকভাৱে সোনকালে আৰম্ভ হয় । উচ্চ ৰক্তচাপ আৰু ইয়াৰ ফলত হ’ব পৰা বিভিন্ন ধৰণৰ জটিলতা, হৃদযন্ত্ৰৰ ৰোগ, ৰক্তহীনতা, মাংসপেশীৰ ৰোগ, ভিটামিনৰ অভাৱ আদি সুৰাসক্ত ব্যক্তিসকলৰ মাজত বেছিকৈ দেখা যায় । সঘনাই সুৰাপান কৰা মধুমেহ ৰোগীয়ে চিকিৎসাৰ সুফল পোৱাৰ আশা কম । সুৰাসক্ত ব্যক্তিৰ দেহত ৰোগ-প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি যায় । দেখা গ’ল সুৰাৰ ব্যৱহাৰে ব্যক্তিক শাৰীৰিক, মানসিক, সামাজিক আৰু আৰ্থিকভাৱে অনিষ্ট সাধন কৰে । গতিকে সুৰাৰ প্ৰতি থকা আসক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ পুৰুষৰ দৰে সুৰাসক্ত মহিলাসকলেও উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে ।

প্ৰতিকাৰৰ উপায় -

কোনো এজন ব্যক্তিয়ে কেতিয়াবা কেতিয়াবা সুৰা গ্ৰহণ কৰিলেও তেওঁ সুৰাসক্ত নহ’বও পাৰে । সুৰাৰ প্ৰতি প্ৰচণ্ড আকৰ্ষণ, একে পৰিমাণৰ নিচাৰ বাবে ক্ৰমে বেছি সুৰাৰ প্ৰয়োজন হোৱা, ইচ্ছা কৰিলেও সুৰা পানৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা, সুৰা অবিহনে হাত-ভৰিৰ লগতে গোটেই শৰীৰত কঁপনি, কামত মন বহাব নোৱৰা অৱস্থা, খিংখিঙীয়া অৱস্থা, সামাজিক আৰু ঘৰুৱা হাই- কাজিয়া সত্ত্বেও সকলো সময়তে সুৰা কেনেকৈ গোটাব পাৰি, তাৰ চিন্তা আদি সুৰাসক্ত ব্যক্তিসকলৰ মাজত দেখা যায় । মহিলাই হওক অথবা পুৰুষেই হওক, এই কথাকেইটা জিজেও সুধি চাওক-

১) কেতিয়াবা আপোনাৰ মনলৈ এনেকুৱা ভাব আহিছে নেকি যে সুৰা পান আপোনাৰ বেছি হৈছে, গতিকে কমাব লাগে ।

২) সুৰাপান কৰাৰ বাবে কোনোবাই সমালোচনা কৰিলে আপোনাৰ খং উঠে নেকি ?

৩) সুৰা পান কৰা অভ্যাসটোৰ বাবে নিজেই অপৰাধবোধ কৰে নেকি?

৪) নিজক সতেজ ৰাখিবলৈ আপুনি কেতিয়াবা পুৱাই উঠিয়েই সুৰা পান কৰিবলগীয়া হৈছে নেকি ?

যদি এই চাৰিটাৰ কাৰোবাৰ ক্ষেত্ৰত দুটাও প্ৰযোজ্য, তেন্তে তেনে ব্যক্তি সুৰাসক্ত হোৱাৰ সম্ভাৱনা আছে আৰু তেনে ব্যক্তিৰ চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন । বহুতে ভবাৰ দৰে স্বভাৱ-চৰিত্ৰৰ দোষৰ বাবে ব্যক্তি সুৰাসক্ত হোৱা কথাটো শুদ্ধ বুলি ক’ব নোৱাৰি । গতিকে গালি-শপনি পাৰি সুৰাৰ আসক্তি নোহোৱা কৰিব নোৱাৰি । সুৰাৰ প্ৰতি আসক্তি আচলতে এটা ৰোগ । এই ৰোগ চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি । পুৰুষেই হওক অথবা মহিলাই হওক, আসক্তিৰ পৰা মুক্তি পাবলৈ উপযুক্ত চিকিৎসকৰ দ্বাৰা পৰামৰ্শ গ্ৰহণ কৰিব লাগে । মানসিক ৰোগৰ চিকিৎসকসকলে ঔষধ আৰু বিভিন্নধৰণৰ ছাইক’লজিকেল থেৰাপিৰে সুৰাসক্ত ব্যক্তিসকলৰ চিকিৎসা কৰে । সকলো ৰোগীকে ৰিহেবিলিটেচন চেণ্টাৰত ৰাখি চিকিৎসা কৰিব লাগিব বুলিও কোনো কথা নাই । বহি: বিভাগৰ চিকিৎসাৰ দ্বাৰাও বহু ৰোগীক সুস্থ কৰি তুলিব পাৰি  ।

লেখক: ডা: প্ৰদীপ কুমাৰ শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate