অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্তন কেনছাৰ :

স্তন কেনছাৰৰ বিষয়ে লিখা হৈছে ।

 

শৰীৰৰ অন্যান্য স্থানৰ দৰে স্তনত অস্বাভাৱিক কোষ বৃদ্ধিৰ ফলত কোনো গোটা টান মাংসপিণ্ডৰ সৃষ্টি হ’লে তাক টিউমাৰ বোলে। শৰীৰৰ বিনা প্ৰয়োজনত অনিয়ন্ত্ৰিত কোষ বিভাজনৰ ফলত ইয়াৰ সৃষ্টি হয়। সাধাৰণতে টিউমাৰ দুই ধৰণৰ হয়। এটা হৈছে বিনাইন টিউমাৰ বা অক্ষতিকাৰক টিউমাৰ- যি উৎপত্তি স্থানৰ মাজতেই সীমাবদ্ধ থাকে। ওচৰৰ বা দূৰৰ শৰীৰৰ কোনো অংগ-প্ৰত্যংগকে আক্ৰান্ত নকৰে। আনটো হ’ল মেলিগনেণ্ট (malignant) টিউমাৰ বা ক্ষতিকাৰক টিউমাৰ – যি উৎপত্তি স্থানৰ সীমা অতিক্ৰম কৰি শৰীৰৰ আশে-পাশে অন্যান্য অংগ-প্ৰত্যংগ নাইবা গ্ৰন্থিক আক্ৰান্ত কৰে। স্তনৰ এই মেলিগনেণ্ট টিউমাৰটোৱেই হৈছে স্তন কেনছাৰ।

কাৰ কাৰ হোৱাৰ প্ৰৱণতা থাকে -

১) মাক বা দেউতাকৰ পৰিয়ালৰ কোনো মহিলাৰ স্তন কেনছাৰ থাকিলে সেই বংশত হোৱাৰ প্ৰৱণতা থাকে।

২) ১২ বছৰ বয়সৰ পূৰ্বে মাহেকীয়া আৰম্ভ আৰু ৫০ বছৰ পাছত মাহেকীয়া বন্ধ হ’লে হোৱাৰ প্ৰৱণতা থাকে।

৩) দীৰ্ঘ সময় ধৰি জন্মনিয়ন্ত্ৰণ টেবলেট সেৱন কৰিলে স্তন কেনছাৰৰ প্ৰৱণতা বঢ়ায়।

৪) যিসকলে দীৰ্ঘসময় ধৰি অতিৰিক্ত ইষ্ট্ৰ’জেনৰ সংস্পৰ্শত থাকে, মাহেকীয়াৰ নিৰ্দিষ্ট তাৰিখৰ ব্যাঘাত জন্মাব টেবলেট গ্ৰহণ কৰে তেখেতসকলৰ হোৱাৰ প্ৰৱণতা থাকে।

৫) এটা স্তনত কেনছাৰ হোৱাৰ পাছত আনটোতো হোৱাৰ সম্ভাৱনা থাকে।

৬) নি:সন্তান মহিলাৰ স্তন কেনছাৰ প্ৰৱণতা বেছি থাকে।

৭) ৩০ বছৰৰ পাছত বিয়া আৰু প্ৰথম সন্তানৰ মাক হোৱাৰ পাছত সন্তানক দুগ্ধপান নকৰালেও স্তন কেনছাৰৰ প্ৰৱণতা থাকে।

৮) শাক-পাচলিৰ কম ব্যৱহাৰ আৰু চৰ্বী জাতীয় খাদ্যৰ অত্যধিক ব্যৱহাৰৰ ফলতো হ’ব পাৰে।

৯) মদ, পান অতিৰিক্ত ওজন আৰু শাৰীৰিক কম পৰিশ্ৰমৰ ফলতো হ’ব পাৰে।

১০) সকলো সময়তে অন্তৰ্বাস পিন্ধি থকাৰ ফলতো স্তন কেনছাৰৰ প্ৰৱণতা বৃদ্ধি পায়।

লক্ষণসমূহ -

অধিকাংশ মহিলাৰ ক্ষেত্ৰত স্তন কেনছাৰৰ প্ৰথম লক্ষণৰ ভিতৰত বিষহীন মাংসপিণ্ডৰ অৱস্থিতি দেখা যায়। ইয়াৰ উপৰি তলত দিয়া লক্ষণসমূহত সচেতন থকা দৰকাৰ।

১) স্তনৰ আকাৰ বা আকৃতিত পৰিৱৰ্তন।

২) স্তনৰ নিপুলত পৰিৱৰ্তনৰ লগতে নিপুলত ডাঠ ক’লা দাগ পৰা, নিপুল ভিতৰৰ ফালে সোমাই যোৱা।

৩) স্তনৰ নিপুলৰ পৰা ৰক্তসহ তৰল পদাৰ্থৰ ক্ষৰণ হোৱা । নিপুলত অত্যধিক খজুৱতি।

স্তন কেনছাৰ স্ক্ৰিনিং -

যিসকলৰ ওপৰোক্ত লক্ষণসমূহ দেখা দিয়া নাই, কিন্তু কেনছাৰ হোৱা পৰিয়ালত জন্ম বা মনত সন্দেহ হৈছে স্তনৰ পৰিবৰ্তন দেখি তেখেতসকলৰ মাজৰ পৰা বাছি উলিওৱা পদ্ধতিয়েই হৈছে কেনছাৰ স্ক্ৰিনিং ।

স্তন কেনছাৰ স্ক্ৰিনিঙৰ বাবে মূলত : তিনিটা পদ্ধতিয়েই প্ৰধান –

১) মেম’গ্ৰাম

২) ক্লিনিকেল ব্ৰেষ্ট এক্সামিনেশ্যন

৩) ব্ৰেষ্ট ছেলফ এক্সামিনেচ্যন

মনত ৰাখিব , প্ৰাথমিক পৰ্যায়ত ধৰা পৰিলে স্তন কেনছাৰ নিৰাময়ৰ সম্ভাৱনা প্ৰায় এশ শতাংশ।

লেখক :- ডা: শ্বাহিদুল ইছলাম প্ৰীতম

উৎস :- দৈনিক জনমভূমি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top