মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / স্তন কেন্সাৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজন সজাগতাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্তন কেন্সাৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজন সজাগতাৰ :

স্তন কেন্সাৰ প্ৰতিৰোধৰ বিষয়ে লিখা হৈছে ।

 

সাম্প্ৰতিক কালত পৃথিৱীৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে ভাৰতবৰ্ষতো স্তন কেন্সাৰত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতি বছৰে দেশখনৰ কেৱল চহৰাঞ্চলতেই ৮০ হেজাৰৰপৰা ১ লাখ মহিলা নতুনকৈ এই মাৰাত্মক ৰোগত আক্ৰান্ত হয়। অৱশ্যে সঠিক সময়ত ৰোগ চিনাক্ত হ’লে, যথোচিত চিকিৎসাৰ জৰিয়তে এই ৰোগক কাবু কৰিব পৰা যায়।

স্তন কেন্সাৰত আক্ৰান্ত মহিলাসকলৰ অধিকাংশই চল্লিশোৰ্দ্ধ বয়সৰ যদিও কিছুসংখ্যক আপেক্ষিকভাৱে কম বয়সীয়া, বিশেষকৈ ত্ৰিশোৰ্দ্ধ মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। নিসন্তান মহিলা আৰু কিবা কাৰণত সন্তানক স্তনপান কৰাব নোৱৰা মহিলাসকল এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি থাকে। বংশগত বা জেনেটিক কাৰণতো স্তন কেন্সাৰ হোৱাৰ আশংকা থাকে। কোনো এগৰাকী মহিলা স্তন কেন্সাৰত আক্ৰান্ত হ’লে তেওঁৰ মাক, ভনীয়েক অথবা কন্যাৰ(first degree relative) এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ২২-৩৩ শতাংশ বৃদ্ধি পায়। বৰ্তমানলৈকে স্তন কেন্সাৰৰ কাৰক্ৰূপে চিহ্নিত ৮ প্ৰকাৰৰ জিন আৱিষ্কাৰ হৈছে, ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য দুবিধ হ’ব বিআৰ চি এ ১ আৰু বি আৰ চি এ ২।

স্তন কেন্সাৰৰ লক্ষণ:

এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে স্তনৰ কোনো অংশ উখহি উঠিলে বা টান অনুভৱ কৰিলেই কেন্সাৰ হোৱা বুলি থিৰাং কৰিব নোৱাৰি, সেয়েহে এনে লক্ষণে দেখা দিলে ততালিকে বিশেষজ্ঞ চিকিৎসকৰ ওচৰ চাপি ৰোগ চিনাক্তকৰণৰ ব্যৱস্থা কৰা উচিত। আনহাতে, স্তনবৃন্ত বা নিপলৰপৰা ৰঙা বৰণৰ ৰস নিঃসৰণ হ’লে বা ৰক্তক্ষৰণ হ’লেও স্তন কেন্সাৰ হোৱা বুলি আশংকা কৰাৰ থল থাকে। যিসকল মহিলাই উল্লিখিত উপসৰ্গবোৰ আওকাণ কৰে অথবা ভয় বা লজ্জাৰ বাবে চিকিৎসকৰ ওচৰ নচপালৈ থাকে, তেওঁলোক কিছু পলনকৈ চিকিৎসকৰ ওচৰলৈ যোৱালৈকে তেওঁলোকৰ বেছিভাগৰ স্তনৰ ছাল কোঁচ খোৱাৰ দৰে হয় বা স্তনত ঘা হয়। এনে অৱস্থাই ৰোগ বহুখিনি বৃদ্ধি পোৱাকে সূচায়। গতিকে স্তনৰ কোনো বিসংগতি ধৰা পৰিলে চিকিৎসকৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত হোঁহকা-পিছলা নকৰাই মংগল। স্তনত কেন্সাৰে থিতাপি ল’লেও সতকাই বিষ অনুভৱ নহয়।

স্তন কেন্সাৰ চিনাক্তকৰণ -

বুকুত উখহা বা ফুলা ভাব থাকিলেব মেমোগ্ৰাফী বা আল্ট্ৰাছ’ন’গ্ৰাফী কৰোৱাৰ পিছত ছাৰ্জনে এফ এন এ চি বা কোৰ বায়’পসী কৰে। এইখিনি পৰীক্ষাকে একেলগে ট্ৰিপল এছেছমেন্ট বোলে। ট্ৰিপল এছেছমেন্ট ভালদৰে কৰিলে স্তনৰ যিকোনো সমস্যাৰ চিনাক্তকৰণ হয়। ৰোগৰ চিনাক্তকৰণ সঠিকভাৱে হ’লে চিকিৎসকৰ পক্ষে ফলপ্ৰসূ চিকিৎসা প্ৰদান কৰাটোও সহজসাধ্য হৈ পৰে। কেন্সাৰ হোৱা সন্দৰ্ভত নিশ্চিত হোৱাৰ পিছত ব্ৰেষ্ট ছাৰ্জন, মেডিকেল অংক’লজিষ্ট আৰু ৰেডিঅ’থেৰাপিষ্টে একেলগে আলোচনা কৰি ৰোগীৰ চিকিৎসা প্ৰক্ৰিয়াৰ পৰিকল্পনা কৰে। পৰিকল্পনা যুগুতাই লোৱাৰ লগে লগেই চিকিৎসা আৰম্ভ কৰা হয়। যিবোৰ চিকিৎসা প্ৰতিষ্ঠানত উল্লিখিত বিশেষজ্ঞসকলে এনেদৰে একত্ৰিত হৈ পৰিকল্পিতভাৱে ৰোগীক চিকিৎসা প্ৰদান কৰে, সেইবোৰ প্ৰতিষ্ঠানত চিকিৎসাৰ ফলাফলো যথেষ্ট ভাল হোৱা দেখা যায়।

চিকিৎসা -

স্তন কেন্সাৰ ধৰা পৰাৰ পিছত প্ৰথমে তেজৰ কেতবোৰ পৰীক্ষাৰ উপৰি বুকুৰ এক্স-ৰে’, বোন স্কেন আৰু যকৃতৰ আল্ট্ৰাছ’ন’গ্ৰাফী কৰা হয়। এইবোৰ পৰীক্ষাৰ জৰিয়তে অংগবোৰলৈ কেন্সাৰ বিয়পি যোৱা নাই বুলি নিশ্চিত হ’ব পাৰিলে কিউৰেটিভ ছাৰ্জাৰী আৰু কেমোথেৰাপীৰ জৰিয়তে ৰোগীক আৰোগ্য কৰি তুলিব পৰা যায়। আজিকালি স্তন সম্পূৰ্ণৰূপে আঁতৰাই নেপেলোৱাকৈও স্তন কেন্সাৰৰ চিকিৎসা কৰিব পৰা যায়। এইক্ষেত্ৰত অস্ত্ৰোপচাৰৰ পিছত ৰোগীক ৰেডিঅ’থেৰাপী দিয়া হয়। বয়স যিমানেই নহওক কিয়, প্ৰাথমিক অৱস্থাতে স্তন কেন্সাৰ চিনাক্ত হ’লে প্ৰায়ভাগ ৰোগীকে আৰোগ্য কৰি তুলিব পৰা যায়। স্তন কেন্সাৰৰ চিকিৎসাৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ উপৰি কেমোথেৰাপী আৰু হৰম’ন থেৰাপীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। যথেষ্ট বয়সিয়াল ৰোগীসকলৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ বা কেমোথেৰাপীৰ বাহিৰে হৰম’ন থেৰাপী কৰিও যথেষ্ট ভাল ফল পোৱা যায়। উল্লিখিত চিকিৎসাবোৰ দক্ষ তথা অভিজ্ঞ ব্ৰেষ্ট ছাৰ্জনৰ তত্ত্বাৱধানত কৰোৱা উচিত।

প্ৰাথমিক অৱস্থাত কেন্সাৰ ধৰা পেলোৱাৰ বাবে মহিলাসকলে নিজেই নিয়মিত সময়ৰ মূৰে মূৰে স্তন পৰীক্ষা কৰা উচিত। আইনাত স্তন তথা স্তনবৃন্তত কিবা বৃসংগতি তথা অস্বাভাৱিকতাই দেখা দিছে নেকি, সেয়া সূক্ষ্মভাৱে নিৰীক্ষণ কৰা উচিত। ইয়াৰ লগতে হাতৰ আঙুলিৰেও স্তনৰ প্ৰতিটো অংশত হেঁচি ক’ৰবাত টান বা খহটা অনুভৱ হয় নেকি, সেয়া চোৱা উচিত। এনেদৰে মাজে মাজে নিজেই পৰীক্ষা কৰি থাকিলে স্তন কেন্সাৰ ধৰা পেলোৱাটো সহজসাধ্য হৈ পৰে। ইয়াৰ বাহিৰে চল্লিশোৰ্দ্ধ মহিলাসকলে, বিশেষকৈ যিসকলৰ কোনো নিকটাত্মীয় ইতিমধ্যে স্তন কেন্সাৰত আক্ৰান্ত হৈছে, তেওঁলোকে নিয়মিতভাৱে মেমোগ্ৰাম কৰাই থকা উচিত। এই পৰীক্ষাত এক বিশেষ ধৰণৰ এক্স-ৰে’ৰ সহায়ত স্তন উখহি উঠাৰ বহু পূৰ্বেই কেন্সাৰ চিনাক্ত কৰিব পৰা যায়, এনে অৱস্থাত কেন্সাৰ ধৰা পৰিলে চিকিৎসাৰ ফলো যথেষ্ট ভাল হয়।

লেখক: অমল ভাগৱতী(দৈনিক অসম)

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top