বয়স বৃদ্ধিৰ লগে লগে মানুহৰ কৰ্মপন্থা, চিন্তা আৰু আবেগ অনুভূতিৰ পৰিৱৰ্তন ঘটে। ২০ বছৰ বয়সলৈ মানুহক সংকল্প, লক্ষ্য সাধনৰ সাধনাই ব্যস্ত ৰাখে। ৩০ বছৰ বয়সলৈ আত্ম প্ৰতিষ্ঠাৰ বাবে বুদ্ধি-বৃত্তিয়ে মানুহক নিয়ন্ত্ৰণ কৰি ৰাখে আৰু ৪০ বছৰ বয়সৰ পিছত মানুহক নিয়ন্ত্ৰণ কৰে বিবেকে। বয়সে স্বয়ংক্ৰিয় ভাবে মানুহৰ দৈনন্দিন জীৱন-যাত্ৰাক নিয়ন্ত্ৰণ কৰে সঁচা, কিন্তু বয়সৰ এই নিয়ন্ত্ৰণ উপেক্ষা কৰি যিজনে অফুৰন্ত প্ৰাণ চঞ্চলতাৰে নিজৰ কৰণীয়খিনি উদ্দাম গতিৰে কৰি যাব পাৰে- তেৱেই বয়সক হাৰ মনাব পাৰে। বয়সক অগ্ৰাহ্য কৰি কামত অগ্ৰসৰ হোৱাজনৰ জীৱনত অন্তহীন উৎসাহ আৰু উদ্যম অটুট থাকে। জীৱনৰ প্ৰতিটো ক্ষণ মধুময় ৰূপত তেৱেঁই উপভোগ কৰিব পাৰে – যিজনে বয়সৰ হাত বাউলিক কটাক্ষ নকৰে। মনত মহৎ আকাংক্ষা সুদৃঢ় হৈ থাকিলে কৰ্মশক্তিক বয়সে ম্লান কৰিব নোৱাৰে। সেয়েহে মনলৈ বয়সৰ চিন্তা-দুশ্চিন্তা অহাৰ পথ মুকলি কৰি নাৰাখিব। যিজনে বয়সৰ দোহাই দি নতুন কথা শিকাৰ উৎসাহ হেৰুৱাই পেলাইছে তেৱেঁই বয়সৰ কু-প্ৰভাৱক প্ৰশ্ৰয় দিছে বা বয়স হোৱা বুলি অনুভৱ কৰে বেছি। চল্লিছৰ দুৱাৰডলিত উপস্থিত হোৱা একৈশ শতিকাৰ পুৰুষ-মহিলাৰ মাজত কিন্তু আগৰ দিনৰ লোকৰ দৰে কোনো ক্ষেত্ৰতে উদাসীনতা নাইকিয়া হৈছে। বৰং আত্মবিশ্বাস বৃদ্ধি হোৱাহে দেখা গৈছে। আজিকালি চল্লিছোৰ্ধ মহিলাসকলে বয়সৰ এই সন্ধিক্ষণক কোনো ধৰণৰ অভিসম্পাত বা হেঙাৰ বুলি ধৰি নলয়। বৰং এই বয়সক জীৱনটোক পুনৰ ৰঙীণ ৰূপত চোৱাৰ এক প্ৰকৃতি প্ৰদত্ত বিৰল সুযোগ বুলিহে গ্ৰহণ কৰিবলৈ শিকিছে। চল্লিছ বছৰ বয়সলৈকে আহৰণ কৰা জীৱনৰ তিতা-মিঠা অভিজ্ঞতাক নিজৰ উপলব্ধিৰে এক শক্তিশালী পথ প্ৰদৰ্শকৰ ৰূপত প্ৰতিষ্ঠিত কৰি ভৱিষ্যৎ জীৱন পৰিচালিত কৰিবলৈ আগবাঢ়ি আহিছে আজি সমগ্ৰ বিশ্বৰে চল্লিছোৰ্ধ বয়সৰ উদ্যমী মহিলা। বিভিন্ন ক্ষেত্ৰত এওঁলোক সফল হৈছে কেৱল বয়সৰ প্ৰতিবন্ধক হেলাৰঙে অতিক্ৰম কৰিব পাৰিছে বাবেই।
চল্লিছ বছৰৰ পিছত যিকোনো সময়তে হ’ব পৰা ৰজোনিবৃত্তিৰ কাৰণে অধিকাংশ মহিলাৰে কম-বেছি পৰিমাণে মানসিক পৰিৱৰ্তন হয়। এষ্ট্ৰোজেন হৰমোন মাহেকীয়া চলি থকাৰ সময়ছোৱাত শৰীৰত পৰ্যাপ্ত পৰিমাণে নি:সৰণ হয়। কিন্তু মেনোপ’জ বা ৰজোনিবৃত্তিৰ পিছত লাহে লাহে এই হৰমোনৰ উৎপাদন শৰীৰত হ্ৰাস পাই আহে আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ মহিলাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত পৰে। কিন্তু কেলচিয়াম, ভিটামিন আৰু প্ৰোটিনৰ যোগান সঠিক মাত্ৰাত ৰাখিব পাৰিলে, এষ্ট্ৰোজেন হৰমোনৰ অভাৱত হোৱা মান্সিক পৰিৱৰ্তন প্ৰতিৰোধ কৰিব পৰা যায়। এই সময়ত নিজকে অসহায় আৰু অকলশৰীয়া অনুভৱ কৰিবলৈ সুযোগ নিদিব। আপুনি ব্যক্তিগতভাবে অকলশৰীয়া হয়তো হ’ব পাৰে কিন্তু নিসংগ নহয়। নিজৰ জীৱন শৈলী পৰিৱৰ্তন কৰি সময়ৰ লগত খোজ মিলাই আগবাঢ়িব পাৰিলে আপুনি আপোনাৰ বয়স অতি কমেও দহ বছৰ কমাই ৰাখিব পাৰিব। বয়স বঢ়াৰ লগে লগে মহিলাসকলৰ জীৱনত আৰম্ভ হোৱা মানসিক পৰিবৰ্তনে যৌন-জীৱনৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায় আৰু ‘ছেক্স’ৰ প্ৰতি লাহে লাহে আগ্ৰহ কমি আহে। কিন্তু বিভিন্ন পৰীক্ষা আৰু গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল মহিলাই যৌৱনকালত শাৰীৰিক আৰু মানসিক সন্তুষ্টিৰ পৰা বঞ্চিত হৈছে, তেওঁলোকৰ মাজতহে যৌন-জীৱনৰ প্ৰতি উদাসীনতা বেছি। এনে ধৰণৰ কোনো সামান্য পৰিশ্ৰমতে বেছিকৈ ভাগৰি পৰে। তেনে মহিলাই বয়সৰ লগে লগে দেহৰ সৌষ্ঠৱ ম্লান হৈ অহা দেখি বেছিকৈ হতাশ হয়। সাধাৰণতে যৌৱন কালত অতৃপ্ত মহিলাসকল পিছৰ বয়সত হীনমন্যতাত ভোগে আৰু কোনো কামতে অকলে আগবাঢ়িব নোৱাৰা হয়। বহুসংখ্যক চল্লিছোৰ্ধৰ মহিলাৰ কামোত্তেজনা হ্ৰাস পোৱাৰ অন্যতম কাৰণ হৈছে মনত উদ্ভৱ হোৱা এক প্ৰকাৰৰ হীনমন্যতা আৰু হতাশা। ৪০ বছৰৰ পিছত পতি-পত্নী দুয়ো অলপতে ভাগৰি পৰাৰ এক প্ৰৱণতাই দেখা দিয়ে। নিজ নিজ ক্ষেত্ৰত সফলতাৰে প্ৰতিষ্ঠিত কৰাৰ চেষ্টাৰ ফলত এক প্ৰকাৰৰ ব্যস্ততাই কেতিয়াবা কেতিয়াবা জীৱনটোক একঘেয়ী কৰি তোলে আৰু তাৰ ফলতো একপ্ৰকাৰৰ ক্লান্তিয়ে এনে দম্পতিক আচ্ছন্ন কৰি তোলে। এনে ধৰণৰ ভাগৰ শাৰীৰিক নহয়, মানসিকহে। এনে অৱস্থা হ’লে পতি-পত্নী দুয়ো শোৱাৰ সমখিনিক জিৰণিৰ বাবে এক দুৰ্লভ সময় বুলিহে গ্ৰহণ কৰে। সেইখিনি সময়ত দুআষাৰ আন্তৰিক কথা-বতৰা বা শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰাটো জিৰণিৰ অমূল্য সময় নষ্ট কৰা প্ৰক্ৰিয়া বুলিহে গণ্য কৰিবলৈ লয়। সেয়ে ভাগৰ আৰু ব্যস্ততাৰ প্ৰসংগটো লৈ বেছিকৈ চিন্তা কৰি লাভ নাই। সপ্তাহৰ কামৰ দিনকেইটাত টোপনি পূৰা হোৱাকৈ শোৱক। সপ্তাহৰ শেষৰ কেইদিন ভাগৰ পলুৱাই অলস সময় বিছনাত কটাৱক। যোগ-ব্যায়ামৰ অভ্যাস আপোনাৰ শৰীৰ সতেজ কৰি ৰখাৰ বাবে আটাইতকৈ উপযোগী উপায়। সময় পালেই যোগাসন বা ব্যায়াম কৰক। ইয়াৰ দ্বাৰা দেহ, মনৰ ক্লান্তি দূৰ হয় আৰু লগতে বয়সৰ প্ৰভাৱকো বহুগুণে নিয়ন্ত্ৰণত ৰাখিব পাৰি।
চল্লিছ বছৰ পাৰ হোৱাৰ লগে লগে মহিলাসকলৰ শাৰীৰিক পৰিৱৰ্তন আৰম্ভ হয়। আৰম্ভণিতে এই পৰিৱৰ্তনসমূহৰ কাৰণ সম্পৰ্কে সকলো মহিলাই বুজিব নোৱাৰি অশান্তিত ভোগে। আমাৰ দেশত চল্লিছোৰ্ধৰ মহিলাসকলে এই পৰিৱৰ্তনসমূহৰ বাবে ডাক্তৰৰ পৰামৰ্শ নলয়। যেতিয়া এই পৰিৱৰ্তনবিলাকে বেছিকৈ আমনি দিবলৈ লয়, তেতিয়াহে তেওঁলোক ডাক্তৰৰ ওচৰলৈ আহে। বিশ্বৰ উন্নত দেশবিলাকত চল্লিছ বছৰ বয়সৰ পিছত হোৱা শাৰীৰিক পৰিৱৰ্তন সম্পৰ্কীয় চিকিৎসাৰ বাবে সুকীয়া ক্লিনিকৰ ব্যৱস্থা আছে। বিশেষজ্ঞ চিকিৎসকৰ মতে, মহিলাসকলক এই অৱস্থাত চিকিৎসা আৰু কাউন্সেলিঙৰ প্ৰয়োজন আটাইতকৈ বেছি। এই বয়সত শৰীৰৰ এষ্ট্ৰোজেন আৰু প্ৰোজেষ্টেৰণ হৰমোনৰ নি:সৰণ কৰি আহে। তাৰ ফলত প্ৰথমতেই মহিলাসকলে ‘হট ফ্লেছেজ’ৰ সন্মুখীন হ’ব লগা হয়। এই অৱস্থা হ’লে সমগ্ৰ শৰীৰত গৰম অনুভৱ হয়। কেতিয়াবা কেতিয়াবা মূৰত গৰম উঠি মূৰ ভম্ভমায়। মুখমণ্ডল গৰমত ৰঙা পৰে আৰু পিছলৈ ভয় ভয় ভাৱ হয়। গাটো অকাৰণতে বেছিকৈ ঘামে। মহিলাসকলৰ এই উপসৰ্গ ৰজোনিবৃত্তিৰ পূৰ্বাভাস। এনে ধৰণৰ ‘হট ফ্লেছেজ’ মাহটোৰ ভিতৰত ৩-৪ বাৰ হ’ব পাৰে। ৪৫ বছৰ পাৰ হোৱাৰ পিছত মহিলাসকলে যোনিত শুষ্কতা অনুভৱ কৰিব পাৰে। শৰীৰৰ এষ্ট্ৰোজেন হ্ৰাস পোৱাৰ কাৰণে এনে উপসৰ্গই দেখা দিয়ে। ইয়ো ৰজোনিবৃত্তিৰ অন্যতম লক্ষণ। যোনিপথৰ শুষ্কতাৰ কাৰণে শাৰীৰিক মিলন কষ্টদায়ক হ’ব পাৰে। সেয়ে এনে অৱস্থা হ’লে তৎক্ষণাত ডাক্তৰৰ পৰামৰ্শ ল’ব। এষ্ট্ৰোজেন হৰমোন হ্ৰাস পোৱাৰ ফলত শৰীৰত দ্ৰুতগতিত কেলচিয়ামৰ পৰিমাণ কমি আহে। ইয়াৰ পৰিণতিত ‘অ’ষ্টিওপৰোছিছ্’ নামৰ হাড় থুনুকা হোৱা ৰোগটো হ’ব পাৰে। কোনো কোনো মহিলাই ৰজোনিবৃত্তিৰ আৰম্ভণিৰ ৫ ৰ পৰা ৭ বছৰৰ ভিতৰত শতকৰা ২০ ভাগতকৈও বেছি পৰিমাণৰ ‘ব’ন মাচ’ হেৰুৱায়। তাৰ ফলত সামান্য আঘাততে তেনে মহিলাৰ হাড় ভাগিব পাৰে। সেয়ে মহিলাসকলে ৪০ বছৰ হোৱাৰ পিছৰেপৰা খাদ্যত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি কৰিব লাগে। গাখীৰ আৰু দৈ কেলচিয়ামৰ উৎকৃষ্ট উৎস। নিয়মীয়াকৈ ব্যায়াম আদি কৰিলেও ‘হাড় থুনুকা; হোৱা দোষ নাইকিয়া হয়। বয়স বৃদ্ধিৰ লগে লগে নাইটচোৱেটিং বা ‘ৰাতি ঘমা’ উপসৰ্গই দেখা দিব পাৰে। ৰাতি শুই থাকোঁতে গোটেই গাটো অত্যধিক পৰিমাণে ঘামি তিতি যাব পাৰে। এনে অৱস্থা হ’লেও পিছদিনা গাটো দুৰ্বল লাগে আৰু খিংখিঙীয়া হৈ উঠিব পাৰে। এনেবিলাক লক্ষণ কোনো কোনো মহিলাৰ সোনকালে আকৌ কোনো কোনো ক্ষেত্ৰত দেৰিকৈ আৰম্ভ হ’ব পাৰে। চিকিৎসকৰ মতে, ৪০ বছৰ পাৰ কৰা মহিলাই শাৰীৰিক পৰিৱৰ্তনবিলাক অৱহেলা কৰা উচিত নহয়। এই আটাইবিলাক লক্ষণৰে উপযুক্ত চিকিৎসা আছে। যিকোনো ধৰণৰ চিকিৎসা গ্ৰহণ কৰাৰ আগতে মহিলাসকলে নিজৰ নিজৰ মেডিকেল হিষ্ট্ৰী ডাক্তৰক মুকলিকৈ কোৱা দৰকাৰ। হৰমোনেল ৰিপ্লেচমেণ্ট থেৰাপী (এইচ আৰ টি) এই ক্ষেত্ৰত জনপ্ৰিয় হৈ উঠিছে। এই চিকিৎসাৰ দ্বাৰা মহিলাসকলে বয়সৰ ফলত হ’ব পৰা ভালেমান ৰোগৰ পৰা হাত সাৰি থাকি ‘চিৰ যৌৱনা’ হৈ থাকিব পাৰে। কিন্তু এইচ আৰ টি চিকিৎসা পদ্ধতিত সামান্য ভুল থাকি গ’লে ৰোগীৰ শৰীৰত অন্যান্য জটিল ৰোগ আক্ৰান্ত হোৱাৰ আশংকা থাকে। সেয়ে এই চিকিৎসা গ্ৰহণ কৰাৰ আগতে ডাক্তৰক আপোনাৰ হৈ থকা অন্য ৰোগ আৰু আপোনালোকৰ পৰিয়ালৰ অন্যান্য সদস্যসকলৰ অসুখৰ বিষয়ে বিতংভাৱে জনাওক। ৪০ বছৰ পাৰ কৰা মহিলাসকলে যিকোনো চিকিৎসা গ্ৰহণ কৰাৰ আগতে নিজৰ ব্লাড চুগাৰ আৰু ব্লাড কাউণ্ট প্ৰতি তিনি বছৰৰ মূৰে মূৰে কৰোৱা উচিত। গৰ্ভাশয়ৰ গ্ৰীবা (cervix) মেমোগ্ৰাফী আৰু ব’ন ডেন্চিটিৰ (Bone density) পৰীক্ষা প্ৰতি দুবছৰৰ মূৰত এবাৰকৈ কৰোৱা উচিত। এষ্ট্ৰোজেন আৰু প্ৰোজেষ্টেৰণ হৰমোনৰ অভাৱ পূৰাবৰ বাবে হৰমোনেল ৰিপ্লেচমেণ্ট থেৰাপীৰ পৰা ব্লাড ক্লট, পেটৰ বিষ, স্তন ঢিলা হৈ পৰা, অসময়ত ৰক্তস্ৰাৱ, মূৰৰ বিষ, চুলি সৰা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। হৰমোনেল ৰিপ্লেচমেণ্ট থেৰাপী দীৰ্ঘদিন ধৰি চলিলে গৰ্ভাশয় বা স্তন কেন্সাৰ হোৱাৰো সম্ভাৱনা থাকে। সেয়ে চল্লিছোৰ্ধৰ মহিলাই যিকোনো ধৰণৰ চিকিৎসা গ্ৰহণৰ আগতে স্ত্ৰীৰোগ বিশেষজ্ঞৰ লগত ভালদৰে প্ৰয়োজনীয় পৰামৰ্শ কৰি লোৱাটো অতিশয় জৰুৰী কথা।
চল্লিছ বছৰৰ পিছত পুৰুষ-মহিলা সকলোৰে মুখৰ সৌন্দৰ্য কিছু ম্লান পৰাটো স্বাভাৱিক কথা। মুখমণ্ডলৰ ছাল কোঁচ খোৱা আৰু মুখত অবাঞ্চিত বলিৰেখা পৰা আৰু সামগ্ৰিক ভাৱে শৰীৰৰ ছালৰ কমনীয়তা হ্ৰাস পোৱাটো এই বয়সৰ এক স্বাভাৱিক সমস্যা। এনেবিলাক সমস্যাৰ সমাধানৰ বাবে তলত কেইটিমান টিপচ্ আগবঢ়োৱা হ’ল –
মুখমণ্ডলত বিশেষকৈ চকুৰ বাহিৰৰ কোণ, কপাল আৰু ওঁঠযুৰিৰ দুয়োকাষে বলিৰেখাই দেখা দিলে, প্ৰতিদিনে ৰাতি শুবলৈ যোৱাৰ আগতে আধা-চামুচ কেষ্টৰ অইল আৰু মৌ ভালদৰে মিহলাই লৈ গোটেই মুখমণ্ডল কোমলকৈ মালিচ কৰক। একেৰাহে দহদিনমান এনেদৰে মালিচ কৰি আপুনি মুখমণ্ডলৰ পৰিৱৰ্তন লক্ষ্য কৰক।
মুখৰ ৰং ক’লা হ’লে আৰু ছালৰ উজ্জ্বলতা হ্ৰাস পালে মচুৰ দাইল আৰু চিৰোঞ্জি সম পৰিমাণত লৈ ৪ ঘণ্টা গাখীৰত তিয়াই ৰাখি পিছত মিহিকৈ পিহি লওক। এই মিশ্ৰণ মুখমণ্ডলত সানি ২ ঘণ্টা সময় ৰাখি থওক। পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক। লক্ষ্য কৰক ছালখনলৈ যৌৱনৰ কমনীয়তা আৰু সৌন্দৰ্য ঘূৰি আহিছে।
কোনো কাৰণত ওঁঠযুৰি ক’ল পৰিলে এই ব্যৱস্থা লওক। ৰঙা গোলাপৰ পাহি এমুঠিমান গ্লিচাৰিণৰ সৈতে মিহলাই পিহি পাতল পেষ্ট এটা বনাই লওক। ৰাতি শোৱাৰ আগতে এই পেষ্ট ওঁঠত লগাই শুই থাকক। পুৱা ওঁঠযোৰ ধুই পেলাওক। এসপ্তাহ এই ব্যৱস্থা ল’লে ওঁঠযোৰ গুলপীয়া, উজ্জ্বল আৰু সতেজ দেখাব।
কিলাকুটি আৰু আঁঠুৰ ওপৰৰ ছালত ক’লা ছামনি বান্ধিলে দেখাত বৰ আপচু লাগে। ৰস চেপি উলিওৱা নেমু এডোখৰত সামান্য পৰিমাণে চ’ডা ছটিয়াই লৈ তাৰে কিলাকুটি আৰু আঁঠু দুটা ঘঁহি লৈ পিছত পানীৰে ধুই পেলাওক। এনেদৰে কিছুদিন কৰিলে ক’লা ছাল নোহোৱা হ’ব।
আপোনাৰ মুখৰ ৰং বেছি ক’লা পৰিছে যদিও বেছি হতাশ নহ’ব। মুখৰ ক’লা ৰং আপুনি অকণমান চেষ্টা কৰিলে বহুখিনি বগা কৰি তুলিব পাৰে। সতেজ কেঁচা নিমপাত এমুঠিমান লৈ তাৰ লগত এডোখৰ কেঁচা হালধি মিহলাই লওক। নিমপাত, হালধি একেলগে খুন্দি পেষ্ট এটা তৈয়াৰ কৰি গা ধোৱাৰ আগতে মুখখনৰ লগতে গোটেই গাটোতে ঘঁহক। ১৫-২০ মিনিট সময় গাতে সেই প্ৰলেপটো অকণমান শুকাবলৈ দি পিছত ধুই পেলাওক। এনেদৰে প্ৰতিদিনে এবাৰকৈ একেৰাহে ৬ৰ পৰা ৮ সপ্তাহ পৰ্যন্ত এই ব্যৱস্থা ল’লে মুখখনৰ লগতে আপোনাৰ গাৰ ছালৰ ৰং ভালেখিনি বগা হ’ব।
ফেচিয়েল কৰাৰ আগতে মুখখন ব্লিচ কৰিব লগা হ’লে মুখত মূলাৰ ৰস সানি দহ মিনিট ৰৈ ঠাণ্ডা পানীৰে পৰিষ্কাৰ কৰি ধুই পেলাওক। নহ’লে মধ্যমীয়া জোখৰ আলু এটা খুন্দি তাৰ ৰস উলিয়াই মুখত সানি ৫ মিনিট পিছত ধুই পেলাওক।
বজাৰৰ ৰেডিমেড ফেচ পেকতকৈ বেছি উপযোগী ফেচ পেক এটা আপুনি ঘৰতে তৈয়াৰ কৰি ল’ব পাৰে। পকা অমিতা এডোখৰ ভালদৰে পিহি লৈ তাত এচামুচ বেচন বা এচামুচ মূলতানী মাটি বা অধা চামুচ চন্দনৰ গুৰি মিহলাই পেষ্ট এটা তৈয়াৰ কৰি চাবোনেৰে ধুই পৰিষ্কাৰ কৰি লোৱা মুখত ডাঠকৈ সানি থওক। প্ৰলেপটো ভালদৰে শুকাই গ’লে, ঠাণ্ডা পানীৰে ভালদৰে ধুই পেলাওক। মুখখনৰ উজ্জ্বলতা ভালদৰে চকুত লগা হৈ পৰিব।
মুখত সৰু সৰু গুটি উঠি ছালখন দেখাত অশুৱনি হ’লে মুখখনত ভালদৰে পকা বিলাহী কাটি ঘঁহক। দহ মিনিট মানৰ পিছত পানীৰে মুখখন ভালদৰে ধুই পেলাওক।
গৰমৰ দিনত শৰীৰৰ পৰা নিৰ্গত হোৱা অনিয়ন্ত্ৰিত ঘামে বৰ অশান্তি দিয়ে। এই অশান্তি দূৰ কৰি ঘাম ওলোৱাটো নিয়ন্ত্ৰণ কৰাৰ বাবে গা-ধোৱাৰ আধাঘণ্টা মানৰ আগতে সৰ্বশৰীৰত মূলতানী মাটি ঘঁহি লওক। মাটিখিনি শুকাই গ’লে ভালদৰে ঠাণ্ডা পানীৰে গাটো ধুই পেলাওক। ঘাম ওলোৱা নিয়ন্ত্ৰণ হ’ব আৰু লগতে ঘামচি ওলোৱাটোও বন্ধ হ’ব।
মুখত কেতিয়াবা কোনো অজ্ঞাত কাৰণত ক’লা দাগ পৰিব পাৰে। কেতিয়াবা এনেধৰণৰ ক’লা দাগ কিছুদিনৰ পিছত নিজে নিজে নাইকিয়া হয়। কিন্তু কেতিয়াবা কিছুমান নুঠিবও পাৰে। তেনে অৱস্থা হ’লে নাৰিকলৰ পানীত জাইফল ঘঁহি বা খুব মিহিকৈ গুৰি কৰি মুখত ঘঁহক। প্ৰতিদিনে ৰাতি আৰু ৰাতিপুৱা ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক। ৩ ৰ পৰা ৬ সপ্তাহমানলৈকে এই ব্যৱস্থা মানি চলক। পিছত দেখিব ‘মুখৰ স্বাস্থ্য’ সঁচাকৈ সুস্থ আৰু সুন্দৰ হৈ উঠিছে।
শ্বেত প্ৰদৰ বা বগা স্ৰাৱে বৰ অশান্তি দিয়ে। এই অশান্তি দূৰ কৰিবৰ বাবে গা-ধোৱাৰ আগতে ঘৰতে তৈয়াৰ কৰা দৈ যোনিত প্ৰয়োগ কৰি দহ মিনিটমানৰ পিছত ভালদৰে ধুই পেলাওক। একেৰাহে পোন্ধৰ দিন ব্যৱহাৰ কৰিলে এই অসুবিধা দূৰ হয়।
লেখিকা: ডা° জ্যোতিমা দত্ত, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
অসমৰ খোৱাপানীৰ ফ্ল’ৰাইডৰ সমস্যাটো
অসমৰ জলবায়ু পৰিবৰ্তন: এক জ্বলন্ত সমস্যা
উচ্চ শিক্ষা, চৰকাৰৰ আৰু আমাৰ সমস্যাৰ সমীকৰণ
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...