অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৰায়ুৰ টিউমাৰ আৰু প্ৰজনন ক্ষমতাত ইয়াৰ প্ৰভাৱ

প্ৰজনন ক্ষমতা প্ৰাপ্ত এগৰাকী মহিলাৰ জৰায়ুত হোৱা টিউমাৰক মায়’মা বোলা হয়। এনে টিউমাৰ এটা মাত্ৰ মায়’মেট্ৰিল কোষৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱাৰ ববে ইয়াক ক্ল’ন বুলিও ক’ব পাৰি। সাধাৰণতে মহিলাৰ পোন্ধৰ-বিশ বছৰ বয়সৰ পৰা চল্লিশ বছৰ বয়সৰ ভিতৰত এনে টিউমাৰ হোৱা দেখা যায়।

এই বিধ টিউমাৰ শতকৰা বিশৰ পৰা ছল্লিশ শতাংশ মহিলাৰ শৰীৰত অক্ষতিকাৰক টিউমাৰ ৰুপে থকা দেখা যায়। এনে টিউমাৰ খুব লাহে লাহে বাঢ়ে অৰু ইয়াৰ লক্ষণ কেন্সাৰৰ দৰে নহয়।

মহিলাৰ দেহত এনে টিউমাৰ জৰায়ুৰ মাংস পেশীৰ পৰা উতপন্ন হয়। মাংপেশী থকাৰ উপৰিও ইয়াত কিছুমান নতুন কোষৰ জন্ম হয় আৰু এই কোষবোৰ আঁহযুক্ত হয়। সেইবাবে ইয়াক ফাইব্ৰ্যেড নামেৰেও জনা যায়। মায়’মা বা ফাইব্ৰয়েড অথবা টিউমাৰে জৰায়ু আৰু ইয়াৰ আশে পাশে থকা বিভিন্ন অংগত থিতাপি লয় আৰু অংগবিশেষৰ অৱস্থান অনুযায়ী ইয়াক বিভিন্ন নামেৰে বুজোৱা হয়। জৰায়ুৰ বাহিৰৰ অংশত হ’লে চাবছেৰাছ, জৰায়ুৰ গুহা বা ভিতৰত হ’লে চাবমিউকাচ আৰু মাংপেশীৰ ভিতৰত হ’লে ইনট্ৰমুৱেল নামেৰে বুজোৱা হয়।

এই বিধ টিউমাৰে স্থিতি লোৱা অংশৰ চাৰিওফালে চাপ আৰু বিষৰ সৃষ্টি কৰে লগতে মূত্ৰনলী আৰু গুহ্যনলী অৱৰোধ কৰিব পৰাকৈ চাপ দিয়ে। এনেধৰণৰ সমস্যাৰ লগতে নাৰীৰ প্ৰজনন ক্ষমতাতো প্ৰভাৱ পেলায়। টিঊমাৰ ডাঙৰ হ’লে শৰীৰত অস্বস্তি অনুভৱ হয়। জৰায়ুৰ ভিতৰৰ পৰিধি বাঢ়ি গৈ ইয়াৰ তৰপবোৰত তেজৰ সঞ্চালন বৃদ্ধি হয় আৰু ৰক্তক্ষৰণ হয়। তাৰোপৰি ই ওচৰৰ অন্য অংগসমূহক হেঁচা দিয়ে। যাৰ ফলত মূত্ৰনলী আৰু গুহ্যনলীত চাপ পৰি ঘনাই প্ৰস্ৰাৱ, পায়খানাৰ অনুভূতি হৈ অসুবিধাৰ সৃষ্টি কৰে। প্ৰজনন তন্ত্ৰৰ আশে-পাশে এই টিউমাৰ থাকিলে গৰ্ভপাত হোৱাটো প্ৰায় নিশ্চিত হয়। মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত অস্বাভাৱিক আৰু দীঘলীয়াকৈ ৰক্তক্ষৰণ হোৱাটো আন এক উপসৰ্গ। এনে টিউমাৰে ভ্ৰুণ স্ংস্থাপন আৰু শুক্ৰাণু ডিম্বাণুৰ মিলনত বাধা জন্মায়। ডিম্ববাহী নলীৰ স্ংযোগস্থলত হোৱা মায়’মাই শুক্ৰাণু সঞ্চালনৰ পথ বন্ধ কৰে।

জৰায়ুৰ বিবৰলৈ প্ৰৱেশ নকৰা ইনট্ৰামুৱেল বা চাচ্ছেৰাছ টিউমাৰে সাধাৰণতে বিশেষ ক্ষতি নকৰে। এইখিনিতে উল্লেখনীয় যে, কোনো কোনো ক্ষেত্ৰত মায়’মাৰ কোনো ধৰণৰ বাহ্যিক লক্ষণ প্ৰকাশ নাপায় আৰু এইবোৰ টিউমাৰক অলক্ষণযুক্ত টিউমাৰ হিচাপে চিহ্নিত কৰা হয়।

এনে ধৰণৰ টিউমাৰ হোৱাৰ মুখ্য কাৰণ কেইবাটাও। প্ৰথমতে, ইয়াৰ কাৰণ বংশগত হ’ব পাৰে। দ্বিতীয়তে, এষ্ট্ৰোজেন হৰমোনৰ আধিক্য বা প্ৰভাৱ। মায়’মাৰ গঠন আৰু বিকাশৰ বাবে এষ্ট্ৰোজেন হৰমোনৰ প্ৰয়োজন হয়। সেয়ে শৰীৰত এই হৰমোন বেছিকৈ থাকিলে টিউমাৰ গঠনৰ আশংকা থাকে। তৃতীয়তে, প্ৰজেষ্টেৰণ হৰমোন আৰু স্থানীয় আন কিছুমান কাৰকে ইয়াৰ গঠন আৰু বিকাশতৰ্সহায় কৰে। বংশগত মায়’মাৰ গঠন আৰু বিকাশত হৰমোনজনিত আৰু স্থানীয় অন্য কাৰকসমূহে সহায় কৰে।

মায়’মা আৰু প্ৰজনন অক্ষমতা

সমীক্ষাৰ পৰা জনা গৈছে যে, পাঁচৰ পৰা দহ শতাংশ ৰোগীৰ ক্ষেত্ৰত এনে টিউমাৰ প্ৰজনন অক্ষমতাৰ অন্য কাৰণসমূহ বাদ দিলে অকল দুইৰ পৰা তিনি শতাংশ ৰোগীৰ ক্ষেত্ৰতহে মায়’মাই প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায়। অৰ্থা্ৎ অন্য কাৰণ নাথাকিলে মায়’মা বা জৰায়ুৰ টিউমাৰ ৰোগৰ বাবে প্ৰজনন অক্ষম মহিলাৰ স্ংখ্যা অতি নগন্য।

জৰায়ুৰ টিউমাৰে বিভিন্ন ধৰণে প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায়। টিউমাৰৰ বাবে জৰায়ুৰ ভিতৰত আৱৰণৰ পৰিৱৰ্তন হয়। যাৰ বাবে ভ্ৰুণে থিতাপি ল’ব নোৱাৰে। অতিৰিক্ত ৰক্তক্ষৰণ, তেজৰ মখা বন্ধা আদিয়েও ভ্ৰুণ স্ংস্থাপনত বাধা জন্মায়।

এই ৰোগত জৰায়ুৰ মাংসপেশীৰ স্ংকোচন প্ৰৱণতাৰ পৰিৱৰ্তন হয় আৰু ইয়াৰ প্ৰভাৱ শুক্ৰাণুৰ গতি বিধিৰ ওপৰত পৰে। তাৰোপৰি ডিম্ববাহী নলীৰ সন্মুখভাগৰো বিকৃতি ঘটে। সমীক্ষাৰ পৰা জনা গৈছে যে মায়’মাৰ বাবে হোৱা জৰায়ুৰজ্বিবৰৰ বিকৃতিয়ে প্ৰজনন ক্ষমতা প্ৰত্যক্ষভাৱে হ্ৰাস কৰে।

গৰ্ভাৱস্থা আৰু মায়’মা

১.৪ৰ পৰা ৮.৬ শতাংশ মহিলাৰ গৰ্ভাৱস্থাত পূৰ্বৰ পৰা টিউমাৰ থকা দেখা যায়। গৰ্ভাৱস্থাত এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰণৰ দৰে যৌন ষ্টেৰইড গঠন আৰু বিকাশৰ ই এক কাৰণ হৈ পৰে। অৱশ্যে আন এক সমীক্ষাৰ পৰা জনা গৈছে যে, গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহতহে ইয়াৰ গঠন আৰু বৃদ্ধি বেছিকৈ হয়। গৰ্ভাৱস্থাৰ শেষৰ ফালে ডাঙৰ আকাৰৰ টিউমাৰ সাধাৰণতে সৰু হৈ পৰে। ইয়াৰ কাৰণ হ’ল গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহত টিউমাৰ গঠনৰ সহায়ক হৰমোন্সমূহৰ নি:সৰণ মাত্ৰা অধিক হৈ থাকে আৰু পিছলৈ ই কমি আহে।

খুব কম স্ংখ্যক ৰোগীৰ ক্ষেত্ৰত কেতিয়াবা মায়’মাৰ আভ্যন্তৰীণ মাংসপেশীত কিছুমান পৰিৱৰ্তন দেখা যায়। ইয়াৰ ফলত পোন্ধৰৰ পৰা বিশ শতাংশ গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদবনা সময়তকৈ আগতে হয়। শতকৰা দহ শতাংশ মহিলাৰ গৰ্ভজাত শিশুৰ বিকাশ বাধাগ্ৰস্ত হৈ কম ওজনৰ শিশু প্ৰসৱ হয় আৰু শতকৰা বিশ শতাংশ গৰ্ভজাত শিশু পথালি বা ওলোটা হৈ থাকে।

গৰ্ভৱতী মহিলাৰ ক্ষেত্যৰত মায়’মাৰ অৱস্থান অতি গুৰুত্বপূৰ্ণ। যদি ফুলৰ অংশত এনে টিউমাৰ থাকে তেন্তে গৰ্ভপাত হ’ব পাৰে অতিৰিক্ত ৰক্তক্ষৰণ হ’ব পাৰে নাইবা আগতীয়াকৈ শ্লেস্মাৱৰণ ফাটি গৈ পানী ভাঙিব পাৰে। জৰায়ুৰ টুমাৰ কাটি আঁতৰ কৰা অস্ত্ৰোপচাৰক মায়’মেক্টমি বোলা হয়। গৰ্ভাৱস্থাত সাধাৰণতে মায়’মেক্টমি কৰা নহয়। কাৰণ এনে অস্ত্ৰোপচাৰৰ ফলত অতিৰিক্ত ৰক্তক্ষৰণ হোৱাৰ ভয় থাকে।

ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা পদ্ধতি

এগৰাকী প্ৰজনন অক্ষম মহিলাৰ যদি জৰায়ুত টিউমাৰ পোৱা যায় তেন্তে ইয়াৰ চিকিতসা প্ৰদান কৰাৰ আগতে প্ৰথমতে প্ৰজনন অক্ষমতাৰ আন কিবা কাৰণ আছে নেকি সেইটো বিশ্লেষণ কৰি চোৱা হয়। ডিম্বস্ংশ্লেষণ, ডিম্ববাহী নলীৰ সঠিক কাৰ্যক্ষমতা, পুৰুষ স্ংগীৰ শুক্ৰাণু সমস্যা, গৰ্ভাশয়ৰ ভিতৰত টিউমাৰৰ প্ৰভাৱ আৰু লগতে মানুহগৰাকীৰ বয়স আদি বিভিন্ন দিশ চালি-জাৰি চোৱা হয়।

ৰোগ চিনাক্তকৰণৰ বাবে পৰীক্ষাগাৰৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু আলট্ৰাচাউঅণ্ডৰ সহায় লোৱা হয়। আলট্ৰাচাউণ্ডে টিউমাৰৰ চিনাক্তকৰণৰ ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা পালন কৰে। কাৰণ ই টিউমাৰ চিনাক্তকৰণৰ লগতে ইয়াৰ অৱস্থান নিৰ্ণয় কৰাতো সহায় কৰে। জৰায়ুৰ ভিতৰখন চাবলৈ এইচ. এচ. জি. কৰা হয় বা প্ৰয়োজন সাপেক্ষে যন্ত্ৰ সুমুৱাই জৰায়ুৰ ভিতৰখন চোৱা হয়। ইয়াক হিষ্ট্ৰ’স্কপি বোলে। যদি টিউমাৰৰ অৱস্থান সঠিকভাবে ধৰিব পৰা নেযায় বা অতিমাত্ৰা ৰক্তক্ষৰণ হয়, তেন্তে এবিধ জুলীয়া ৰাসায়নিক দ্ৰৱ্য প্ৰৱেশ কৰোৱাই জৰায়ুৰ ভিতৰৰ ছ’ন’গ্ৰাফী কৰা হয়।

এই ৰোগৰ চিকিৎসাত শল্য চিকিৎসাই মুখ্য ভূমিকা লয়। অলক্ষণযুক্ত টিউমাৰৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ বাৰ সপ্তাহত জৰায়ুৰ আকাৰ যিখিনি বৃদ্ধি পায়, তাতকৈ বেছি ডাঙৰ হোৱা টিউমাৰ অস্ত্ৰোপচাৰ কৰি আঁতৰোৱা হয়। লক্ষণযুক্ত টিউমাৰ বা জৰায়ুৰ ভিতৰত থকা টিউমাৰো লেপাৰস্ক’পি বা লেপাৰ’টমিৰ সহায়ত অপাৰেচন কৰা হয়। জৰায়ুৰ ভিতৰত থকা নিচেই ক্ষুদ্ৰ টিউমাৰ সাধাৰণতে হিষ্ট্ৰস্ক’পিৰ সহায়ত আঁতৰ কৰা হয়।

জৰায়ুৰ টিউমাৰৰোগৰ চিকিৎসাৰ বাবে ঔষধৰ সহায় লোৱা হয়। ইয়াৰ ভিতৰত অন্যতম হৈছে প্ৰজেষ্টিন থেৰাপি। লক্ষণযুক্ত মায়’মাৰ চিকিৎসাৰ বাবে এই থেৰাপীত গৰ্ভ নিৰোধক বড়ি খাবলৈ দিয়া হয়। হৰমোন সমৃদ্ধ এনে ঔষধে গৰ্ভাশয়ৰ আকাৰ সৰু কৰে আৰু আৱৰণ শুকুৱাই ৰক্তক্ষৰণ বন্ধ কৰে। কিন্তু সকলো ক্ষেত্ৰতে এই থেৰাপীৰ সুফল পোৱা নাযায়। ইয়াৰ উপৰি এই ৰোগত এণ্ড্ৰোজেন সমৃদ্ধ গ্ৰেষ্টিনন বা ডানাজ’ল ঔষধো ব্যৱহাৰ কৰা হয়। কিন্তু এই আটাইবোৰক সাময়িক চিকিতসা বুলিহে ক’ব পাৰি। কাৰণ এনে ধৰণৰ ঔষধৰ পাৰ্শ্চক্ৰিয়া বেছি আৰু মূল ৰোগ সমূলঞ্চে নিৰ্মূল কৰিব নোৱাৰি।

থোৰতে ক’বলৈ গ’লে এগৰাকী প্ৰজনন অক্ষম মহিলাৰ জৰায়ুৰ টিউমাৰ ৰোগত টিউমাৰটোৰ অৱস্থান অতি গুৰুত্বপূৰ্ণ। টিউমাৰৰ অৱস্থান স্পৰ্শকাতৰ অঞ্চলত নহ’লে আৰু গৰ্ভাশয়ৰ ভিতৰত ইয়াৰ প্ৰভাৱ নপৰিলে ৰোগীৰ গৰ্ভধাৰণ স্বাভাৱিকভাৱে হ’ব পাৰে। অৱশ্যে ৰোগীৰ প্ৰজনন অক্ষমতাৰ অন্য কাৰণ থাকিব নালাগিব।

লিখক: ডা: সাৰংগ বৰা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate