অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰীৰ যৌন ইন্দ্ৰিয়সমূহ

নাৰীৰ যৌন ইন্দ্ৰিয়সমূহ

প্ৰাচীন কালৰ এফাঁকি সৰ্ব্বজন স্বীকৃত প্ৰবচন আছে। প্ৰবচন ফাঁকি হৈছে যে “সৃষ্টিৰ মূলতে নাৰী আৰু ধ্বংসৰ মূলতেও নাৰী।” মানৱ প্ৰজাতিৰ বংশবৃদ্ধি হয় নাৰীৰ প্ৰজনন ক্ষমতাৰ জৰিয়তে। অৰ্থাত নাৰীৰ জননেন্দ্ৰিয়তে অঙ্কুৰিত হয় ভৱিষ্যত প্ৰজন্মৰ মানৱৰ বীজ। সেয়েহে এই নিৱন্ধত আজি চমুকৈ নাৰীৰ বিভিন্ন যৌনাঙ্গবোৰৰ বিষয়ে পঢ়ুৱৈসকলক অৱগত কৰিব খুজিছোঁহক। এই যৌনাঙ্গবোৰক এনেদৰে ভগোৱা হৈছে-

(১) ভগাঙ্কুৰ

(২) যোনিপথ

(৩) জৰায়ু

(৪) ডিম্ববাহী নলী

(৫) ডিম্বাশয়।

নাৰীৰ উৰুদ্বয় আৰু উদৰ যি স্থানত স্ংলগ্ন হৈছে- সেই ত্ৰিকোণাকৃতি যুক্ত স্থানকে যোনি প্ৰদেশ বোলে। এই স্থানডোখৰ ক্ৰমান্বয়ে ওপৰৰ তললৈ সৰু হৈ মলদ্বাৰলৈকে বিস্তৃত হৈ আছে। এই স্থানডোখৰৰ নামেই হৈছে ভগাঙ্কুৰ। এই ভগাঙ্কুৰৰ দুয়োপিনে একোটাকৈ ভাঁজ দেখা যায়। ওপৰভাগত যি অংশত যোনি দেশ আটাইতকৈ বেছি স্ফীত হৈ থাকে তাকে পিউবিছ বোলে। এই স্থানত বয়:সন্ধি কালত নোম গজে। এই অংশত চৰ্বি জমা হয় আৰু অন্য অংশৰ তুলনাত কিছু ওখ হেন দেখা যায়। পিউবিছৰ তলতে থিক মাজভাগৰ পৰা দুপিনে দুডোখৰ ছালৰ ভাঁজ ওঁঠৰ লেখীয়াকৈ নামি মলদ্বাৰৰ পিনে গৈছে-ইয়াক বৃহদোষ্ঠ বোলে। এই ওঁঠ দুখনৰ ওপৰ অংশ স্ফীত হৈ থাকে যদিও নিম্নাংশ পাতল হৈ নামি যায়। বয়:সন্ধিকালত ইয়াতো নোম গজে। পিউবিছ আৰু বৃহদোষ্ঠৰ ত্বকৰ মাজত ভালেমান্তেল নি:সৰণকাৰী আৰু ঘৰ্ম নি:সৰণকাৰী গ্ৰন্থি থাকে।এইবোৰৰ পৰা হোৱা নি:সৰণৰ ফলত অভ্যন্তৰ ভাগ ভিজি থাকে। বৃহদোষ্ঠ্ৰ দ্বাৰা সমগ্ৰ যোনিপথ ঢাক খাই থাকে। এই বৃহদোষ্ঠৰ উপস্থিতিৰ বাবেই স্বাভাৱিক অৱস্থাত এগৰাকী নাৰী থিয় হৈ থাকিলে বা শুই থকা অৱস্থাত যোনি মুখ দৃষ্টিগোচৰ নহয়। তদুপৰি বৃহদোষ্ঠৰ ভিতৰৰ পিনে দুটি ক্ষুদ্ৰাকৃতিৰ ত্বকৰ দ্বাৰা গঠিত ওঁঠৰ দ্বাৰা যোনি মুখ আবৃত হৈ থাকে। এই ওঁঠ দুখনক ক্ষুদ্ৰোষ্ঠ বোলে। ক্ষুদ্ৰোষ্ঠৰ ভিতৰত অস্ংখ্য তেল নি:সৰণকাৰী গ্ৰন্থি আছে।

ক্ষুদ্ৰোষ্ঠ আৰু ভগাঙ্কুৰৰ স্ংযোগস্থলত মাংসাঙ্কুৰ অৱস্থিত। এই অংশৰ গঠন আৰু প্ৰাকৃতিৰ সৈতে পুৰুষাঙ্গৰ ভালেখিনি সাদৃশ্য দেখা যায়। অৱশ্যে স্নায়ুৰ স্ংখ্যাধিকতাৰ হেতুকে এই অংশটো পুৰুষৰ অঙ্গৰ তুলনাত বেছি স্পৰ্শকাতৰ আৰু সহজেই উত্তেজিত হৈ উঠে।

মূত্ৰনলীটোৰ মুখ ভগাঙ্কুৰৰ ঠিক তলতে যোনোপথৰ ওপৰ অংশত অৱস্থিত। এই পথটো মূত্ৰাশয়ৰ পৰা নামি আহিছে। মূত্ৰনলীৰ মুখৰ অলপ তলতে আৰু কিছু পাছপিনে যোনো মুখ অৱস্থিত। বহুতৰে মাজত এক ভুল ধাৰণা আছে পুৰুষৰ লেখীয়াকৈ নাৰীৰো মূত্ৰনলী আৰু যোনিপথ একেই। প্ৰকৃততে নাৰীৰ মূত্ৰনলী আৰু যোনীপথ ভিন্ন। ওঁঠ দুখন ফাঁক কৰিলে যোনি মুখ দৃষ্টিগোচৰ হয়। যোনিপথৰ পৰা জৰায়ুলৈ ৩-৪ ইঞ্চিদৈৰ্ঘ্য যুক্ত আৰু ২ ইঞ্চি ব্যাসযুক্ত নলী বা পথকে যোনিপথ বুলি কোৱা হয়। এই পথটো স্ংকোচন আৰু প্ৰসাৰণশীল। পেশী আৰু তন্তুৰ দ্বাৰা ই এনেদৰে গঠিত যে চাপ দি ইয়াৰ আকৃতি বৃদ্ধি কৰিব পৰি। সন্তান প্ৰসৱৰ সময়ত সেয়েহে ইয়াৰ পৰিধি ভালেখিনি বাঢ়ি যায়। জৰায়ুত যোনিপথ শেষ হৈছে। এই যোনিপথেদিয়েই পুৰুষৰ বীৰ্য নাৰীৰ জৰায়ুলৈ যায় আৰু মতৃদেহৰ পৰা সন্তান বাহিৰ ওলায় আহে।

বস্তিগহ্বৰত অৱস্থিত জৰায়ু হৈছে এটা মোনা যাৰ আকৃতি এটা অমিতাৰ লেখীয়া। ইয়াৰ মুখখন তলৰ পিনে যোনিপথৰ সৈতে মিলি থাকে। ইয়াৰ দৈৰ্ঘ হৈছে তিনি ইঞ্চি আৰু বহল হৈছে ২ ইঞ্চি। জৰায়ুৰ সংকোচন আৰু প্ৰসাৰণৰ ক্ষমতা ইমানেই বেছি যে গৰ্ভাৱস্থাত ইয়াৰ আকৃতি স্বাভাৱিকতকৈ ৬-৮ গুণ বাঢ়ি যায়। জৰায়ুৰ ভিতৰখন এখন শ্লেস্মিক আৱৰণিৰ দ্বাৰা আবৃত হৈ থাকে।

জৰায়ুৰ দুয়ো কাষত অলপ ওপৰত দুটা গ্ৰন্থি আছে আৰু এই দুটাৰ আকৃতি একোটা বাদামৰ লেখীয়া। ইয়াকে ডিম্বাশয় বোলে। এই ডিম্বাশয়ৰ পৰা অলপ দূৰৈত দুটা নল বা টিউব দুই পিনৰ পৰা আহি জৰায়ুত মিলিছে। ডিম্বাশয়ৰ সন্মুখত এইযোৰৰ মুখ প্ৰস্ফুতিত ফুলৰ লেখীয়াকৈ শাখাবিশিষ্ট হৈ পৰে আৰু এইযোৰৰ প্ৰত্যেকৰে দৈৰ্ঘ ৪ ইঞ্চিৰ বেছি নহয়। এই দুডালক ডিম্ববাহী নলী বোলে।

যোনো মুখৰ অলপ পশ্চাদ অংশত থক এখন পাতলীয়া ধৰণৰ আৱৰণিৰ দ্বাৰা যোনিমুখ প্ৰায় আবৃত হৈ থাকে। ইয়কে সতীচ্ছদ বোলে। সাধাৰণতে প্ৰথম যৌনমিলনৰ সময়ত আৰু কেতিয়াবা অন্য কোনো কাৰণবশত: এই পৰ্দা ফাটি যায়। এই সময়ত ৰক্তস্ৰাৱৰ পথ সুচল কৰিবলৈ ভিন্ন আকৃতিৰ আৰু পৰিমাণৰ এটা বা একাধিক ছিদ্ৰ থাকে।

নাৰীসকলৰ স্তনযুগল ৰতিক্ৰিয়াৰ সৈতে প্ৰত্যক্ষভাৱে নহলেও ঘনিষ্ঠভাৱে সম্বন্ধযুক্ত হোৱা হেতুকে এই স্তনযুগলক যৌনাঙ্গৰ অন্তৰ্ভুক্ত কৰা হৈছে। যৌৱন অৱস্থাপ্ৰাপ্ত হোৱাৰ আগলৈকে ল’ৰা আৰু ছোৱালীৰ স্তনৰ মাজত আকৃতিগত কোনো প্ৰভেদ নাথাকে। যৌৱনৰ আৰম্ভণিৰ সময়তে নাৰীসকলৰ স্তন দুটা অৰ্দ্ধ গোলাকাৰ, দৃঢ় অৰু কোমল গুণাগুণ সম্পন্ন মাংসপিণ্ডত পৰিণত হয়। গৰ্ভধাৰণ কৰি থকা অৱস্থাত এই স্তনযুগলৰ আকৃতি বাঢ়ি যায়। এই সময়ত স্তনত গাখীৰ জমা হয় আৰু স্তনবৃন্তৰ চৌদিশে বৃত্তাকৃতিৰ এটা ক’লা দাগ পৰে। স্তনযুগল বুকুৰ উভয় পাৰ্শ্বৰ তৃতীয়ৰ পৰা ষষ্ঠ কামিহাড়ক আবৃত কৰি উত্থিত হৈ থাকে। ইয়াৰ ভিতৰত ভালেমান দুগ্ধ নি:সৰণকাৰী গ্ৰন্থি আছে। স্তনযুগল আৰু বিশেষকৈ স্তনবৃন্ত, অত্যন্ত অনুভূতিশীল হোৱা হেতুকে পুৰুষৰ স্পৰ্শ, মৰ্দন আৰু চোষণৰ ফলত নাৰীৰ সুখানুভূতি আৰু যৌন আকাংক্ষা বেছিকৈ উদ্দীপিত হয়।

ডা: মিহিৰ কুমাৰ গোস্বামী, সহকাৰী অধ্যাপক অসম চিকিৎসা মহাবিদ্যালয়, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate