অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম (PCOS) – মহিলাৰ এবিধ আচহুৱা ৰোগ

অলপতে লণ্ডনৰ ‘দি মিৰৰ’ নামৰ দৈনিক সংবাদপত্ৰত এগৰাকী ২৩বছৰীয়া শিখ যুৱতীৰ ফটোসহ বিস্তৃত বাতৰিয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল ৷ লণ্ডন নিবাসী এই সাহসী যুৱতীৰ কাহিনী চমুকৈ এনে ধৰণৰ – নাম তাইৰ হৰনাম কৌৰ৷ বাল্যকাল পাৰহৈ কৈশোৰৰ দুৱাৰডলিত ভৰি দিওঁতে তাই লক্ষ্য কৰিলে তাইৰ মুখমণ্ডলত আৰু শৰীৰৰ আন ঠাইতো অবাঞ্চিতভাবে নোম গজিব ধৰিছে৷ পোনতে ৰাসায়নিক পদাৰ্থ আৰু ব্লেডৰ সহায়ত আতৰাবৰ চেষ্টা কৰি ব্যৰ্থ হ’ল৷ পিছলৈ সকলো চেষ্টা বাদ দি ইয়াক ‘ভগবানৰ ইচ্ছা’ বুলি গ্ৰহণ কৰি ললে৷ শিক্ষানুষ্ঠানলৈ,দোকান-বজাৰলৈ যাওঁতে দাঢ়ি-গোফ থকা ছোৱালী বুলি অনেক তিৰস্কাৰ  শুনিলগীয়া হৈছিল৷ আনকি অচিনাকীলোকে মৃত্যুৰ ভাবুকি পৰ্যন্ত দিছিল৷ কিন্তু এতিয়া একোৱে  হৰনামক বিচলিত কৰিব নোৱাৰে৷ হাঁহি হাঁহি সাক্ষাৎকাৰৰ মুখামুখি হয়, নি:সংকোচে ফটো উঠে, ইউ টিউবত নিজৰ ভিডিঅ’ আপলোড কৰে৷ আগ্ৰহীসকলৰ বাবে প্ৰকাশিত বাতৰিৰ লিংকটো হ’ল:

http://www.mirror.co.uk/news/weird-news/harnaam-kaur-bearded-lady-ditched-3154463৷ হৰনামে ভোগী থকা ৰোগতোৰ নাম হ’ল– পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম (PCOS)৷ আহক এই দেখাত আচহুৱা যেন লগা ৰোগতোৰ সৈতে আমি পৰিচিত হওঁ:

পোনপ্ৰথমবাৰৰ বাবে এনে ৰোগৰ বৰ্ণনা ১৭২১চনত ইটালিৰ পৰা প্ৰকাশিত হয় ৷ ১৮৪৪ চনত  অভেৰিত চিষ্ট হোৱাৰ ফলত বিসংগতিয়ে দেখা দিয়ে বুলি কথাটো জ্ঞাত হয় ৷ ১৯৩৫ চনত দুজন আমেৰিকান গাইন’কলজিষ্টে এই ৰোগৰ বিষয়ে বিস্তাৰিত তথ্য প্ৰকাশ কৰে,যাৰ বাবে এই ৰোগ তেওঁলোক দুজনৰ নামেৰে ষ্টেইন লিভেন্থেল চিনড্ৰম ( Stein Leventhal Syndrome ) নামেৰে পৰিচিত হয় ৷

ৰোগৰ চমু পৰিচয়

সমগ্ৰ বিশ্বৰ পাঁচৰ পৰা দহ শতাংশ মহিলা পলিচিষ্টিক অভেৰিয়ান  চিনড্ৰমৰ ভূক্তভোগী৷  যি কোনো জাতি বা গোষ্ঠিৰ লোকেই ইয়াত ভোগিব পাৰে৷  মহিলাৰ সন্তানহীনতাৰ (Infertility  ) প্ৰধান কাৰণ হ’ল পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম ৷ ১৫ৰ পৰা ৪৫বছৰ বয়সৰ যি কোনো  মহিলাৰ এই ৰোগ হব পাৰে৷ ব্ৰিটেইনত প্ৰতি ৫জনী মহিলাৰ বিপৰীতে ১জনী আৰু ভাৰতত প্ৰতি ১০জনীৰ ভিতৰত এজনী মহিলাৰ এই ৰোগ হব পাৰে৷  অবশ্যে ৰোগৰ লক্ষণসমূহ ব্যক্তি ভেদে কম বা বেচি হব পাৰে ৷ বাংগালোৰৰ এখন বিশ্ববিদ্যালয়ে (SVYASA) কৰা সমীক্ষাত প্ৰকাশ পাইছে যে ভাৰতত এই ৰোগ যোৱা দহ বছৰত দহ গুণ বৃদ্ধি পাইছে৷ চমুকৈ অভেৰিত চিষ্ট হোৱা, অভেৰিৰ পৰা ডিম্বানু নোলোৱা, মহিলাৰ শৰীৰত পুৰষৰ দৰে নোম হোৱা এই কেইটা বিশেষত্ব সাধাৰণতে পলিচিষ্টিক অভেৰিয়ান  চিনড্ৰমত দেখা যায়৷

ৰোগ উৎপত্তিৰ সম্ভাব্য কাৰণ

এই ৰোগ একে ঘৰৰ একাধিক মহিলাৰ সাধাৰণতে দেখা যায় – যেনে মাক-জীয়েক বা বায়েক-ভনীয়েক৷ সেয়ে ৰোগৰ জেনেটিক কাৰণ থাকিব পাৰে বুলি ভবা হয়৷  ইয়াৰ ওপৰত পাৰিপাৰ্শ্বিকতাৰো হয়তো কিছু  প্ৰভাৱ পৰিব পাৰে৷  ৰোগীৰ পুৰুষ হৰমোন বা এণ্ড্ৰোজেন  লেভেল বঢ়াৰ ফলত মহিলাৰ শৰীৰত পুৰুষৰ দৰে দাঢ়ি গোফ, বুকু-পিঠি-নিতম্বত নোম গজিব ধৰে ৷  তেজত ইনচুলিনৰ পৰিমাণ বাঢ়ে কিন্তু  ইনচুলিনে কাম নকৰাৰ  (Insulin resistance) ফলত ৰোগীৰ ডায়েবেটিজ আৰু মেদবহুলতা হয়৷ তদুপৰি ডিচলিপিডেমিয়া (বৰ্ধিত চৰ্বিজনিত ৰোগ) হোৱাৰ ফলত উচ্চ ৰক্তচাপ, ষ্ট্ৰোক জাতীয়  হৃদৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ে৷

ৰোগৰ  লক্ষণসমূহ

অনিয়মীয়া মাহেকীয়া

সাধাৰণতে বছৰত  ৮বাৰতকৈ কম মাহেকীয়া হয়৷  মাহেকীয়াৰ ৰক্তস্ৰাৱ সাধাৰণতে কম দিনৰ আৰু কম পৰিমাণত হয়৷ কিন্তু কাচিৎ অতিৰিক্ত ৰক্তস্ৰাৱো হব পাৰে৷

মহিলা ৰোগীৰ শৰীৰত পুৰুষৰ দৰে নোমৰ বিতৰণ

আগতে উল্লেখ কৰাৰ দৰে নোম আৰু  দাঢ়ি গজাক Hirsutism বোলে৷  আনহাতে পুৰুষৰ দৰে তালুত চুলি সৰিব পাৰে৷ মূৰৰ চুলি পাতল হব পাৰে৷ মূৰত উফি, ছাল তেল তেলিয়া হোৱা, ছালৰ ঠাই বিশেষে (যেনে ডিঙি,বাহু ,পিঠিৰ) ৰঙ সলনি (কলা বা মুগা বৰণৰ হোৱা) মুখত আচিনাই (Acne ) ওলোৱা দেখা যায়৷

শৰীৰ ক্ৰমে স্থলকায় হবলৈ ধৰে৷ বি এম আই নৰ্মাল ২৫ৰ সদায় ওপৰত দেখা যায়৷

মানসিক অৱস্থা – এনে ৰোগী সাধাৰণতে ডিপ্ৰেচনত ভোগে৷

চিনাক্তকৰণৰ পৰীক্ষাসমূহ

আলট্ৰাচাউণ্ড স্কেনিং কৰিলে অভেৰিত সৰু সৰু অনেক চিষ্ট ধৰা পৰে৷ এই পানীজ্বলাৰ দৰে চিষ্ট ৮মিলিমিটাৰ পৰ্যন্ত হব পাৰে৷

এনে অভেৰিৰ পৰা সাধাৰণতে ডিম্বানু ওলোৱাৰ  সম্ভাৱনা ক্ষীণ – সেয়াই হ’ল সন্তানহীনতাৰ কাৰণ৷ চিটিস্কেন বা এম আৰ আই কৰিও অভেৰিও অৱস্থা জানিব পাৰি৷  বৰ্ধিত চি-ৰিয়েক্টিভ প্ৰটিনে হৃদৰোগৰ সম্ভাৱনা সূচায়৷ ক’লেষ্টৰেল, ট্ৰাইগ্লিচাৰাইড আৰু এল ডি এল জাতীয় ক্ষতিকাৰক চৰ্বিৰ পৰিমাণ বেচি পোৱা যায়৷ লাভজনক এইচ ডি এলৰ পৰিমাণ কম ওলায়৷ ডায়েবেটিজৰ হেতু তেজত চুগাৰ বেচিকৈ পোৱা যায়৷

ৰোগীৰ হিষ্ট্ৰি আৰু শাৰীৰিক লক্ষনসমূহৰ পৰাই ৰোগৰ বিষয়ে ধাৰণা এটি কৰিব পাৰি ৷  নিশ্চিতকৰণৰ বাবে আন আন পৰীক্ষাসমূহ কৰাৰ প্ৰয়োজন  হয় ৷ হাইপ’থাইৰয়েডিজমত যে ৰোগী গৰাকী ভোগা নাই জানিবলৈ থাইৰইড হৰমোনৰ পৰীক্ষা কৰাটো বাঞ্চনীয়৷

চিকিৎসা

এই ৰোগৰ নিৰাময় নাই কিন্তু চিকিৎসাৰ  দ্বাৰা লক্ষণসমূহ নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ ব্যামায়,সুষম খাদ্য, শৰীৰৰ ওজনৰ নিয়ন্ত্ৰণ, চুগাৰ নিয়ন্ত্ৰণৰ বাবে মেটফৰমিন টেবলেট৷ উচ্চ ৰক্ত চাপ আৰু চৰ্বি নিয়ন্ত্ৰিণ কৰাৰ উপযুক্ত দৰব প্ৰয়োগ কৰিব লাগে৷ ইনফাৰ্টিলিটিৰ  বাবে ক্লমিফেন,

মাহেকীয়া নিয়মীয়াকৰণৰ বাবে প্ৰজেষ্টৰেন বা আন হৰমোনৰ উপযুক্ত চিকিৎসা  কৰা হয়৷

স্পাইৰেনলেক্টন জাতীয় ডাইয়ুৰেটিকৰ উচিত ব্যৱহাৰে ওজন কমায়, অতিৰিক্ত চুলিৰ বৃদ্ধি  হ্ৰাস কৰে ৷ মূখমণ্ডলৰ নোম কমাবলৈ আজিকালি এফ্লৰনিথিন নামৰ দৰবৰ প্ৰয়োগ কৰি সুফল পোৱা যায় ৷ আনহাতে কোনো চিকিৎসাই কাম নিদিলে লেপাৰস্কপিক অভেৰিয়ান ড্ৰিলিং নামৰ অপাৰেচনৰ দ্বাৰা অভেৰিৰ কিছু অংশ কটৰাইজ কৰি আতৰাই দিয়া হয় ৷

চিকিৎসা নকৰিলে এনে ৰোগীৰ জৰায়ুৰ কেঞ্চাৰো হব পাৰে৷

(বি০দ্ৰু০ -খৰখেদাকৈ লিখা এই নিবন্ধতোৰ দ্বাৰা পাঠকক ৰোগ সম্বন্ধে এক থুলমুল আভাস দিয়াৰ প্ৰয়াস কৰা হ’ল, ইয়াত আৰু ভালেমান তথ্য যোগ দিয়াৰ থল আছে ৷)

ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate