‘পলিচিষ্টিটিক অভাৰী ছিনড্ৰ’ম’ হ’ল মহিলাৰ প্ৰজনন বয়সত হোৱা এণ্ড’ক্ৰাইন বা হৰম’ন প্ৰণালীৰ বিশৃংখলৰ পৰিণাম। পি চি অ’ এছ হ’ল মহিলাৰ অণ্ডকোষত হোৱা জুলীয়া পদাৰ্থৰে ভৰ্তি কিছুমান সৰু সৰু গুটি, যাক ফলিকল বুলি কোৱা হয়। আলট্ৰা ছাউণ্ড কৰিলে অতি সহজেই ইয়াক ধৰা পেলাব পাৰি।
পি চি অ’ এছ-ৰ কাৰণ এতিয়াও সম্পূৰ্ণকৈ বুজিব পৰা হোৱা নাই। কিন্তু অনুসন্ধানৰ পৰা পোৱা গৈছে যে পি চি অ’ এছ হ’লে শৰীৰৰ হৰম’নৰ মাজত থকা সমতা নোহোৱা হোৱা। শৰীৰত থকা হৰম’নবোৰৰ এটাৰ ক্ৰিয়াৰ লগত আন এটাৰ ক্ৰিয়াৰ গভীৰ সম্পৰ্ক থাকে। উদাহৰণস্বৰূপে অভাৰী বা মহিলাৰ অণ্ডকোষে অতি কম পৰিমাণৰ পুৰুষ হৰম’ন, এনড্ৰ’জেন প্ৰস্তুত কৰে। কিন্তু পি চি অ’ এছ হ’লে অণ্ডকোষ স্বাভাৱিকতেই অলপ বেছি পুৰুষ হৰম’ন প্ৰস্তুত কৰে, যাৰ ফলত মহিলাৰ অনিয়মীয়া মাহেকীয়া, গৰ্ভধাৰণ নকৰা, মুখত শালমইনা, মুখত বা গাত অতিৰিক্ত চুলি হোৱা দেখা যায়।
বংশগত বা জেনেটিক কাৰণতো পি চি অ’ এছ হ’ব পাৰে। পৰীক্ষাৰ পৰা ধাৰণা কৰা হৈছে যে যিবোৰ পৰিয়ালৰ মহিলাৰ অনিয়মীয়া মাহেকীয়া আৰু মধুমেহ আছে সেই পৰিয়ালৰ আন আন মহিলাৰ পি চি অ’ এছ হোৱাৰ সম্ভাৱনা বেছি। পি চি অ’ এছ পিতৃ বা মাতৃৰ দিশৰ পৰা হ’ব পাৰে।
প্ৰথম অৱস্থাত কোনো ধৰণৰ শাৰীৰিক লক্ষণ দেখা নাযায় যদিও সময় যোৱাৰ লগে লগে তলত আলোচনা কৰা লক্ষণবোৰ দেখা যায়।
পলিচিষ্টিক অভাৰী ছিনড্ৰমৰ চিকিৎসা আৰম্ভ হয় ইয়াৰ সঠিক অনুসন্ধানৰ পিছত। চিকিৎসা নিৰ্ভৰ কৰে মহিলাগৰাকীৰ লক্ষণ, বয়স আৰু ভৱিষ্যত্ গৰ্ভধাৰণৰ পৰিকল্পনাৰ ওপৰত। তলত উল্লেখ কৰা চিকিৎসাকেইটা কৰা হয়।
পি চি অ’ এছ-ৰ আটাইতকৈ ভাল চিকিৎসা হ’ল সঠিক আৰু স্বাস্থ্যৱান জীৱন ধাৰণ। তাৰ বাবে আমি দৈনন্দিন জীৱনত অলপ পৰিৱৰ্তন আনি লাভৱান হ’ব পাৰো।
মহিলাসকলে সদায় এনে আহাৰ খাব লাগে, যত পৰিশ্ৰুত শ্বেতসাৰৰ মাত্ৰা কম থাকে। কিয়নো, এনে আহাৰে তেজত চেনিৰ মাত্ৰা সঠিক কৰি ৰাখে। নিয়মীয়া শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিলে ইনছুলিন সঠিকভাৱে পৰিফলিত হয় আৰু শৰীৰৰ ওজন অতিৰিক্তভাৱে বাঢ়ি নাযায়।
পি চি অ’ এছ থাকিলে মহিলাৰ নিজৰ ওজন কমোৱাটো এক প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। কিন্তু ওজন কমাব পাৰিলে ই দেহত থকা পুৰুষ হৰম’নৰ মাত্ৰা কমাই দিয়ে আৰু মহিলাগৰাকীয়ে স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰিব পাৰে।
সঠিক ৰোগ নিৰ্ণয়, দৈনন্দিন জীৱনত পৰিৱৰ্তন আৰু পি চি অ’ এছ-ৰ চিকিৎসা কৰিলে ওপৰত উল্লেখ কৰা সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।
লেখকঃ ডাঃ ৰাজুল আলমজি, এনআৰচি স্বাস্থ্য।
শেহতীয়া উন্নীতকৰণ: : 5/8/2020
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ
গৰ্ভৱতী মহিলাৰ খাদ্য নিয়ন্ত্ৰণ আৰু শিশুৰ হৃদৰোগ
উচ্চ ৰক্তচাপ আৰু ইয়াৰ নিয়ন্ত্ৰণ