অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেলভিক ইনফ্লেমেটৰী ডিজিজ

পেলভিক ইনফ্লেমেটৰী ডিজিজ

স্ত্ৰীজননেন্দ্ৰিয়ৰ ওপৰৰ অংশৰ প্ৰদাহ আৰু স্ংস্ক্ৰামণকে ‘পেলভিক ইনফ্লেমেটৰী ডিজিজ’ বা চমুকৈ পি আই ডি বুলি কোৱা হয়।‘পেলভিক’ বোলোতে সাধাৰণতে তল পেটৰ খোৰোঙত সোমাই থকা আভ্যন্তৰীণ জননেন্দ্ৰীয়ৰ অংগসমূহকে বুজোৱা হৈছে। ইয়াৰ ভিতৰত চাৰ্ভিক্স বা জৰায়ুৰ মুখ, জৰায়ু, ডিম্বনলী বা ফেল’পিয়ান টিউব আৰু ডিম্বাশয় দুয়োটা অৰ্থাত সামগ্ৰিকভাৱে এই চাৰিটা অংশৰ স্ংক্ৰমণ আৰু প্ৰদাহকে স্ংক্ষেপে পি আই ডি বোলা হয়। পি আই ডি সচৰাচৰ মহিলাৰ প্ৰজনন কালছোৱাত বেছিকৈ হোৱা দেখা যায় বিশেষকৈ যিসকল যুৱতী যৌন ক্ৰিয়া কলাপত সক্ৰিয় সেইসকলৰ মাজত এই ৰোগ হোৱাৰ প্ৰৱণতা বেছি। ঋতু দৰ্শনৰ পুৰ্বে, গৰ্ভাৱস্থাত, কিম্বা ৰজো:নিবৃতিৰ পিছত পি আই ডি সাধাৰণতে নহয়। এবিধ বা ততোধিক জীৱাণুৰ সংক্ৰমণত এই ৰোগৰ সৃষ্টি হয়। এই বীজাণুসমূহ (মাইক্ৰঅৰগেনিমজ্‌ম) সাধাৰণতে যৌন মিলনৰ সময়ত যৌনাংগৰ পথেৰে প্ৰৱেশ হয়, পিছত যোনোদ্বাৰৰ পথকে আধাৰ কৰি চাৰ্ভিক্স আৰু জৰায়ুক আক্ৰমণ কৰে। অথবা জৰায়ুৰ পথ অতিক্ৰম কৰি ডিম্বনলীত প্ৰৱেশ কৰি তাতেই প্ৰদাহ আৰম্ভ কৰে। ডিম্বাশয় দুটাৰ প্ৰতিৰোধ ক্ষমতা তুলনমূলকভাৱে বেছি হোৱাৰ বাবেই সাধাৰণ স্ংক্ৰমণে ঢুকি নাপায়গৈ, কিন্তু স্ংক্ৰমণ গুৰুতৰ প্ৰকৃতিৰ ‘লে অথবা বেছি মাতেৰাৰ জীৱাণুৰ অনুপ্ৰৱেশ ঘটিলে এটা বা দুয়োটা অভেৰি আক্ৰান্ত হ’ব পাৰে। ইয়াকে ওভোৰাইটেছ বা উফোৰাইটিছ বুলি কোৱা হয়।

আক্ৰমণকাৰী জীৱাণুৰ ভিতৰত গণৰিয়া নামৰ যৌন ব্যাধি সৃষ্টি কৰিব পৰা গনোকক্কাই প্ৰধান, তদুপৰি পি আই ডিত ভোগাব পৰা আন এবিধ জীৱাণুৰ নাম হ’ল ক্লেমেডিয়া। অন্যান্য প্ৰকাৰ স্ংক্ৰমণৰ ভিতৰত গ্ৰাম নিগেটিভ কক্কাইও আছে। আকৌ কাচিত টিউবাৰকুলোছিছ কৰা বেকটেৰিয়াৰ পৰা জৰায়ু আৰু ফেলপিয়ান টিউব আক্ৰান্ত হয়। মহিলাগৰাকী আগৰেপৰা যদিহে হাঁওফাঁও, অন্ত্ৰ বা পেৰিটনিয়ামৰ টিউবাৰকুলোছিছ ৰোগত ভুগি থাকে তেনেহ’লে সিও জীৱাণুৰ উতস হ’ব পাৰে। ওপৰত উল্লেখ কৰা গনকক্কেল জীৱাণুৰ দ্বাৰা সাধাৰণতে গনকক্কেল ইউৰেথ্ৰাইটিছ, বাৰ্থোলিন গ্লেণ্ডৰ সাধাৰণ প্ৰদাহ নতুবা বাৰ্থলিন এব্‌ছেছ পৰ্যন্ত হ’ব পাৰে। সচৰাচৰ যৌন ৰোগব পুৰুষৰ লগত যৌন মিলন হ’লে সেই সময়তে বীজাণু জননেন্দ্ৰিয়ত প্ৰৱেশ কৰে। তদুপৰি অপৰিস্কাৰ বা অপৰিছন্ন প্ৰসৱ, ছেপ্টিক গৰ্ভপাত ইত্যাদিৰ পৰাও জননেন্দ্ৰিয়ৰ ভিতৰলৈ বিষাক্ত জীৱাণুৰ প্ৰৱেশ ঘটে। আগেয়ে পি আই ডি-ত ভোগা মহিলাই জন্ম নিয়ন্ত্ৰণৰ বাবে IUD বা কপাৰজাতীয় সামগ্ৰী ব্যৱহাৰ কৰিলে বিষাক্ত বীজাণুৰ প্ৰৱেশ পথ সুগম হৈ উঠে আৰু গুৰুতৰ পি আই ডি-ত ভোগাব পাৰে ফেলপিয়ান টিউবৰ স্ংক্ৰমণ গুৰুতৰ হ’লে টিউবৰ পথ অবৰোধ হয় আৰু লাহে লাহে টিউবৰ ভিতৰত প্ৰচুৰ পৰিমাণে পুঁজ আদি জমি টিউব ফুলি উঠে। ইয়াকে হাইড্ৰ্ছেলপিংছ বোলা হয়। বাৰম্বাৰ এনে ধৰণৰ স্ংক্ৰমণত ভুগি থাকিলে বেমাৰ পুৰণি বা ক্ৰণিক হৈ পৰে আৰু ‘টিউব’ অভেৰিয়ান মাচ’ বা লডা উতপন্ন হ’ব পাৰে। লক্ষণসমূহৰ ভিতৰত তলপেতটৰ বেদনা, কষ্টকৰ যৌন মিলন আৰু অৱশেষত বন্ধ্যাত্ব হ’ল এই ৰোগৰ শোচনীয় পৰিণতি।আকৌ টুবৰ ভিতৰত জমা ৰস হৈ পেলভিক পেৰিটনিয়ামত পৰিলে সি পেৰিটনাইটিছৰ দৰে মাৰাত্মক জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াক পেলভিক পেৰিটনাইটিছ বোলা হয়।

অন্যান্য লক্ষণসমূহৰ ভিতৰত

তলপেট সকলো সময়তে গধুৰ লগা, যেতিয়াই তেতিয়াই পেটৰ বিষ, জ্বৰৰ প্ৰকোপ, মূৰৰ বিষ, বমি ভাব বা বমিও হ’ব পাৰে। অলসভাৱ আৰু তন্ত্ৰাৰ ভাব অনবৰতে থাকিব পাৰে। এই সকলোবোৰ উপসৰ্গৰ মূলতে হৈছে ক্ৰণিক পেলভিক পেইন। অৰ্থাত পি আই ডি যিমানেই পুৰণি হৈ আহিব তলপেটৰ বিষে সিমানেই স্থায়িত্ব লাভ কৰিব।

অনিয়মিত ঋতুস্ৰাৱ ইয়াৰ অন্য এক লক্ষণ। অনিয়মিতভাৱে যৌনাংগৰে বগা বা পুঁজৰ লেখীয়া ৰস বৈ থাকিব পাৰে।

স্ংক্ৰমণৰ জীৱাণু গনকক্কেল হ’লে সাধাৰণতে জ্বৰৰ মাত্ৰা ৩৮ ডিগ্ৰি চেণ্টিগ্ৰেডৰ ওপৰত থাকে। যৌনাংগৰ ভিতৰৰে পৰীক্ষা কৰি চালে বাৰ্থলিন গ্ৰন্থি ফুলি থাকিব পাৰে, চুলে ৰোগীয়ে প্ৰচণ্ড বিষ অনুভৱ কৰে।

পৰীক্ষাসমূহ

  • সম্পূৰ্ণভাৱে তেজৰ পৰীক্ষা।
  • প্ৰসাৱ পৰীক্ষা।
  • ভি ডি আৰ এল।
  • তেজ, প্ৰসাৱ দুয়োটাৰে কালচাৰ আৰু এণ্টিবায়টিকছৰ স্ংবেদনশীলতা।
  • জৰায়ু আৰু জৰায়ুৰ মুখৰ পৰা ওলোৱা ৰসৰ গ্ৰামষ্টেইন কৰি অণুবীক্ষণ যন্ত্ৰৰ তলত সলাইড পৰীক্ষা কৰি চোৱা উচিত; কিয়নো পি আই ডি ইনফেকচন গনকক্কেল জীৱাণুৰ পৰা হ’লে এই পৰীক্ষাত সাউতকৈ ধৰা পৰে। এনে ধৰণৰ ডিচাৰ্জ ৰস বা পুঁজৰ কালচাৰ কৰিলে অন্যান্য বীজাণুৰ উপস্থিতিও ধৰা পেলাব পাৰি।
  • লেপাৰস্কপিৰ সহায়েৰে চেলপিংজাইঅটিছ, টি ও মাছ, হাইড্ৰ্চেলপিক্স, টিচু এডহেচন আদিৰ উপস্থিতি ধৰা পেলাব পাৰি, আভ্যন্তৰীণ জননেন্দ্ৰিয়ত টিউবাৰকুলোছিছ ইনফেকচন হ’লেও লেপাৰস্কপি পৰীক্ষাৰ দ্বাৰা সাউতকৈ ধৰা পৰে।
  • ছোন’গ্ৰাফী: যৌনাংগৰে কৰা হাতৰ পৰীক্ষা বেদনাদায়ক হ’লে ছোন’গ্ৰাফীৰ সহায়ত ৰোগ ধৰা পেলাব পাৰি।

চিকিৎসাৰ লক্ষ্য

  • পৰীক্ষাসমূহৰ দ্বাৰা জীৱাণু উপযুক্তভাৱে চিনাক্ত কৰাটো চিকিৎসকৰ প্ৰথম দায়িত্ব। দ্বিতীয়টো হ’ল কেনেধৰণৰ বা কি গ্ৰুপৰ এণ্টিবায়টিকৰ সহায়েৰে চিকিৎসা চলালে ৰোগ একেবাৰে নিৰাময় হ’ব।
  • উপযুক্ত এন্টিবায়টিকৰ ব্যৱহাৰ কৰি জীৱাণুৰ শিপা মাৰি চিকিৎসা কৰাৰ উদ্যোগ লোৱাটো উচিত।
  • কালচাৰ পৰীক্ষাৰ পিছত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা এন্টিবায়টিকৰ বিচাৰ কৰাৰ প্ৰয়োজন।
  • বন্ধ্যাত্বৰ পৰা মহিলাগৰাকীক মুক্ত কৰিব পৰাটো চিকিৎসাৰ অন্যতম লক্ষ্য হোৱা উচিত।
  • পুনৰ সংক্ৰমণ যাতে নঘটে তাৰ ব্যৱস্থা লোৱা উচিত।
  • অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’লে উপযুক্ত এন্টিবায়টিকৰ ছত্ৰছায়াত ৰাখিহে অস্ত্ৰোপচাৰ কৰিব লাগিব।

ডা০ দীনেশ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate