অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৌষধিৰে স্ত্ৰী ৰোগ চিকিৎসা

তিৰোতাসকলৰ বিভিন্ন কাৰণত অসুখ-বিসুখ হয়। বৰ্তমান আধুনিক যুগত কুমাৰী ছোৱালী অৱস্থাৰ পৰা প্ৰকৃতিৰ নিয়ম উলংঘা কৰি আহাৰ-বিহাৰত সাৱধানতা অৱলম্বন নকৰি জীৱন নিৰ্বাহ কৰোতে অসুখত ভোগে। আধুনিক জীৱনৰ চাল-চলন খাদ্যভাস আৰু কৃত্ৰিম জীৱন যাপন কৰোতে স্বাস্থ্য ৰক্ষাৰ নিয়মতন্ত্ৰ অৱজ্ঞা কৰে। ফলত বহুতো বেমাৰত ভুগিব লগাত পৰে। এই প্ৰৱন্ধটিৰ যোগেদি বনৌষধিৰে কেইটামান বেমাৰ চিকিৎসা কৰাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু বেমাৰ নিৰাময়ৰ প্ৰাকৃতিক বিধান দিয়া হৈছে। তিৰোতাসকলৰ প্ৰধান ৰোগ ৰজোবিকাৰ। শাৰীৰিক নিয়ম লংঘনৰ বাবে কেতিয়াবা অনিয়মিত ঋতুৰ পৰাই বাধক, ৰজ অনিৰ্গম, পেটৰ বিষ, অকাল প্ৰসৱ, প্ৰদৰাদি ৰোগত তেওঁলোকে ভুগিব লগাত পৰে।

ৰজোৰোধ

মহিলাসকলৰ এই ৰোগৰ কাৰণ হ’ল কুমাৰীচ্ছদ (Hymen) চিন্ন নোহোৱাৰ বাবে ঋতুস্ৰাৱ বন্ধ হয়। কেতিয়াবা ঋতু বিলম্বিত বা বন্ধ থাকে। তাৰোপৰি অত্যাধিক মানসিক চিন্তা-ভাৱনা হ’লে, ডিম্বকোষত বিস হ’লে এই ৰোগ হয়। সাধাৰণতে ৰজোৰোধ দুবিধ। প্ৰথম পাটগাভৰু অৱস্থাত ভৰি দিলেও ঋতু নহ’ব পাৰে। দ্বিতীয় ঋতু হৈ কেইদিন মানৰ পিছত পুনৰাই ঋতু বন্ধ হৈ যায়।

ৰোগৰ প্ৰধান লক্ষণবোৰ হ’ল

শৰীৰৰ দুৰ্বলতা বাঢ়ে, মূৰ ঘুৰণি হয় আৰু কেতিয়াবা মুৰ্চ্ছা যায়, তলপেটত বিষ হৈ ৰোগী অধৈৰ্য্য হয় ইত্যাদি।

দৰৱ

  • দুবৰিবন আৰু উখুৱা চাউল সমজোখে লৈ বটি খাব। ৫/৬ দিন খালে পাটগাভৰু ছোৱালী ঋতুমতী হ’ব।
  • বন কপাহৰ শিপাৰ ক্কাথ আৰু তুতিয়া দুয়োবিধৰে ১ ৰতি (প্ৰায় ০.১২ গ্ৰাম) পৰিমাণে মিহলাই লৈ দিনে ৩ বাৰকৈ ৩ দিন খুৱাব লাগে।
  • বগা দুবৰিবন, আৰৈ চাউল আৰু দেলিদাহী শাক বটি ১২ গ্ৰাম পৰিমাণে দিনে ২ বাৰকৈ ৪ দিন খালে ছোৱালী পুষ্পিতা হয়।
  • নুনি শাক বটি ২/৩ দিন নাভিত ভৰণ ল’লে পাটগাভৰু ছোৱালী ঋতুমতী হয়।
  • অশোক ফুলৰ গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে ঋতুস্ৰাৱ হয় আৰু জৰায়ুৰ ক্ৰিয়া ভাল হয় আৰু শৰীৰত শক্তি পায়।
  • ঋতুকালত পেট কামোৰণি হ’লে, তলপেট বিষালে বা কামুৰিলে মচব্বৰ তিতা এমহা (২.১২ গ্ৰাম) জিকাৰ গুটি এমহা আৰু পাণৰ পিপলি এমহা সবাকো বটি বাৰটা বড়ি কৰি দিনে ৩ টাকৈ ৪ দিন খাব।
  • পেটৰ বিষ হ’লে তপত পানী এগিলাছত ১ চামুচ মৌ মিহলাই দিনে ২ বাৰ খাব। পেট কামুৰিলে তুলসী পাতৰ ৰস ১ চামুচ মিচিৰি পানী ১ চামুচেৰে খাব।
  • কৰ্পূৰ ৪ ৰতি (০.১২ গ্ৰাম) অলপ ময়দা মিহলাই পানীদি বড়ি কৰি ল’ব লাগে। এই বড়ি দিনে ২/৩ টা মাজে মাজে খাই থাকিলে পেটৰ বিষ গুচে আৰু ঋতুমতী হয়।
  • ঋতুকালত জ্বৰ হ’লে অশোক ফুলৰ পাত এছটাক, ছাল এছটাক একেলগে মিহলাই পানীত সিজাই ২৫০ গ্ৰাম থকাত নমাব। এই ক্কাথ ২/৩ দিন ঋতু কালত খালে জ্বৰ কমে।
  • বেল ১ টা আৰু বাঁহৰ পাত সমজোখে লৈ মৌৰ সৈতে ৭ দিন খাব। (বাঁহৰ পাত ১০০ গ্ৰাম। মৌ ২ চামুচ) দিনে ২/৩ বাৰ খাব।
  • ঋতুস্ৰাৱত তলপেট বিষালে এৰাপাত (৪/৫ গ্ৰাম) সিজাই ৰস খালে (দিনে ২ বাৰ) ঋতুস্ৰাৱ নিয়মীয়া হয়।

মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’লে পুনৰ ঋতু হোৱাৰ চিকিৎসা

  • আধাতোলা জালুকৰ গুড়ি এতোলা কেঁচা আমলখিৰ ৰসেৰে মিহলাই দিনে ২ পালিকৈ ৫ দিন খালে সহজেই ঋতুস্ৰাৱ হয়।
  • ছালকুঁৱৰীৰ ৰস ১০/১১ টোপ অলপ গৰুৰ ঘিউ মিলাই কিছুদিন খালে ঋতু মুকলি হয়।
  • তিলৰ গাজী এচামুচ, পুৰণি গুড় ১ চামুচ, ৫ গ্ৰাম গৰুৰ ঘিউ মিহলাই কিছুদিন খালে নষ্ট ঋতু ভাল হয়।
  • শুকান তেজপাত আৰু জবা ফুল বটি খালে নষ্ট ঋতু মুকলি হয়। (তেজপাত ১০ খিলা, জবাফুল ৫টা) ৪/৫ দিন দিনে ২ বাৰকৈ খাব।

প্ৰদৰ ৰোগ বা গা-সুৰা

যিবিলাক মহিলাৰ সঘনে গৰ্ভপাত কৰায়, দিনটোৰ বেছি ভাগ সময় শুই বহি আলস্য জীৱন যাপন কৰে, শোক সন্তাপ আৰু ক্ৰোধান্বিত হৈ থাকে, ভোক নলগাকৈ খায়, অপথ্য বস্তু খায়, লঘোণে থাকে তেওঁলোকৰ বিষৰ সৈতে যোনি দ্বাৰে তেজ বয়, তেতিয়া গা-সুৰা বা প্ৰদৰ ৰোগ বুলি কোৱা হয়। এই ৰোগত বেছিকৈ ৰক্তক্ষয় হোৱাৰ বাবে ৰোগিনী বৰ দুৰ্বল হয়। মূৰ ঘুৰণি হয়, হাত ভৰি চেঁচা পৰে, কাণতাল মাৰি ধৰে আৰু শেষত মুৰ্চ্ছা যায়। এনে ক্ষেত্ৰত বনৌসধি চিকিৎসাত আৰোগ্য লাভ কৰিব পাৰে।

খোৱা দৰৱ

  • ৰঙা জবা ফুলৰ শিপা এতোলা, ফুল ৬টা, তোকমাহ মিচিৰি পানীৰে খচি দিনে ১ বাৰকৈ ৩/৪ দিন খালে গা-সুৰা কমি যায়।
  • আমলখিৰ ৰস ২ চামুচ ১ তোলা চেনিৰে মিহলাই দিনে ২/৩ বাৰকৈ ৩ দিন খাব।
  • ডিমৰুৰ ৰস ১ তোলা, ২০০ গ্ৰাম গৰুৰ গাখীৰ ১ চামুচ মৌ জোল মিহলাই খালে প্ৰদৰ ৰোগ গুচে।
  • শিমলু গছৰ কেঁচা ফুল ৫ টা, ঘিউ ১ চামুচ আৰু অকণমান নিমখ ভাজি মিহলাই খালে গা-সুৰা কমি যায়।
  • এতোলা তুলসী (ক’লা) পাতৰ ৰস ১ চামুচ চেনি মিহলাই খালে এই ৰোগ গুচে।
  • ২ চামুচ গুড়ৰ লগত বগৰী বা পুৰাকলৰ গুড়ি ১ চামুচ মিহলাই বড়ি কৰি দিনে এটা বড়ি ৫ দিন খাব।
  • আমলখি ২ তোলা বটি মৌ জোল ১ চামুচ মিহলাই খালে বীজল যোৱা প্ৰদৰ ৰোগ ভাল হয়।
  • কপাহৰ শিপা ১ তোলা চাউল খচা পানীৰে বটি খালে বীজল যোৱা প্ৰদৰ ৰোগ ভাল হয়।
  • বগা দুৱৰি বন থেতালি লৈ উখোৱা শালি চাউলৰ পিঠাগুড়ি কৰি খালি পেটে দিনে ১ বাৰকৈ ৩ দিন খালে প্ৰদৰ ৰোগ ভাল হয়।
  • এই ৰোগৰ আৰম্ভণিত এক ৰতি আফিং খালে প্ৰদৰ ভাল হয়।

পথ্যাপথ্য

পুৰণি চাউলৰ ভাত, মগু, মচুৰ, কলডিল, কাচকল, কেৰেলা, কোমোৰা, মাগুৰ, কাৱৈ মাছৰ জোল খাব। জ্বলা, মিঠা বা বেচি টেঙা বস্তু নাখাব। খাদ্য প্ৰাণ ‘ই’ যুক্ত বস্তু খাব। ৰোগী মূৰ্চ্ছা গ’লে আদাৰ ৰস শুঙাব লাগে

সমূলি সন্তান নোহোৱা বা বাঁজীৰোগ

কোনো মহিলাৰ যদি জৰায়ুৰ দুয়োকাষে থকা ডিম্বকোষ দুটা সৰু হয় তেতিয়া তেনে মহিলাক বন্ধ্যা বা বাঁজী বুলি ক’ব পাৰি। এনে মহিলাৰ সন্তান নহয়। মহিলাৰ সতি-সন্তান নোহোৱাৰ প্ৰধান কাৰণ হ’ল– স্নায়ৱিক দুৰ্বলতাত ভোগা, জৰায়ু স্থানচ্যুত হ’লে, প্ৰদৰ চিফিলিচ, গনোৰিয়া, মাইগ্ৰেণ আদি মূৰৰ বিষত ভোগা, অনিয়মিত মাহেকীয়া ঋতু হোৱা, অতিশয় মেদযুক্ত হ’লে এই ৰোগ হয়।

দৰৱ

  • পিপলি ৪টা, জিৰা ৫ গ্ৰাম, বনজিৰা ৩ গ্ৰাম সবাকে গুৰি কৰি ১ তোলা গৰুৰ ঘিউৰে মিহলাই ৫/৬ দিন খালে গৰ্ভ সঞ্চাৰ হয়।
  • আধাতোলা সোণ বৰিয়ালৰ শিপা একেবৰণীয়া গাই-দামুৰিৰ গাখীৰেৰে বটি ঋতুৰ তিনি দিন খালে গৰ্ভ সঞ্চাৰ হয়।
  • দোৰোণ ফুলৰ শিপা দুতোলা চেঁচা পানীৰে বটি ঋতুৰ দিনৰ পৰা ৭ দিন খাই পতিসংগ কৰিলে গৰ্ভ সঞ্চাৰ হয়।
  • পলাশ গছৰ পাত এটা গাখীৰেৰে বটি ৭ দিন খালে বাঁজী দোষ গুচা দেখা যায় ।
  • এফুটা (সৰু) নহৰু পুৰণি মৰাপাটৰ গুটি ৫ টা, জলকীয়া এটাৰে বটি ঋতু স্নানৰ পাচত চতুৰ্থ দিনত একোটা বড়ি কৰি ৩ মাহ খাব।
  • ক’লা বা নীলা অপৰাজিতাৰ শিপা ১ তোলা ছাগলী গাখীৰ ১০০ গ্ৰামৰ সৈতে বটি ঋতু হোৱাৰ দিন কেইটাত খালে বাঁজী তিৰোতা গৰ্ভৱতী হয়।
  • ভীমকল গছত থকা কেচু এটা বা দুটা আৰু জোনাকী পৰুৱা এটা মালভোগ কলত সুমুৱাই ৩ দিন খালে গৰ্ভৱতী হোৱা দেখা যায়। (এই বিধান ড° গুণাৰাম খনিকৰ দেৱেও তেওঁৰ বনদৰৱৰ গ্ৰন্থত উল্লেখ কৰিছে)।

মহিলাৰ গৰ্ভৰক্ষা

যি সকল গৰ্ভৱতী মহিলাৰ তিনি-চাৰিমহীয়া গৰ্ভ নষ্ট হয় অথবা সন্তান উপজিয়েই মৃত্যু হয় সেই সকল মহিলাই চিকিৎসা লোৱাৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থা সমূহ হ’ল –

  • কুমাৰৰ চাকৰ মাটি ৪ তোলা আৰু মৌ ১ চামোচ ২০০ গ্ৰাম ছাগলী গাখীৰত গুলি দিনে ১ বাৰকৈ ৭ দিন খাব। তেতিয়া এই দোষ আঁতৰিব।
  • ষষ্ঠিমধু, আমলখি গুড়ি, ভঁইৰা গুটি তিনিবিধৰ সমান পৰিমাণৰ (১২ গ্ৰামকৈ) লৈ এঁৱা গাখীৰ ২০০ গ্ৰামৰ সৈতে ৭ দিন খালে গৰ্ভ নিৰ্বিঘ্নে থাকে।
  • বগা অপৰাজিতাৰ ফুল বা শিপা কঁকালত বান্ধি থ’লে গৰ্ভপাত হোৱাৰ ভয় নাথাকে।
  • গৰ্ভৱতী তিৰোতাৰ পেটৰ বিষ হ’লে, খোচাবিন্ধা কৰিলে – কুশবনৰ শিপা ১ তোলা, এৰা গছৰ শিপা ১ তোলা আৰু ৫ গ্ৰাম গোক্ষুৰ মিহলাই ৫০০ গ্ৰাম এঁৱা গাখীৰত কিছু পানী মিহলাই সিজাব। গোটেইখিনি দ্ৰব্য ২০০ গ্ৰাম হ’লে দুই তোলা আখৈ গুড়ি মিহলাই ৪/৫ দিন খালে পেটৰ বিষ কমে।
  • গৰ্ভৰ ১ম মাহত ৰক্তাক্ষৰ হ’লে – আমৰ ছাল ১ তোলা, জামুৰ ছাল ১ তোলা আধাসেৰ পানীত সিজাই ১০০ গ্ৰাম ক্কাথ ৰাখি তাত অলপ আখৈ গুড়ি মিহলাই ৫/৬ দিন খালে এই দোষ গুচে। পেটৰ বিষতো কাম দিয়ে।
  • ২য় মাহত গৰ্ভৰ বিষ হ’লে পদ্মমূল আৰৈ চাউল খচা পানীৰে বটি খাব। ১ চামোচকৈ দুবাৰ ৭ দিন খাব।
  • ৩য় মাহত গৰ্ভৰ বিষ অনুভৱ কৰিলে শতমূলৰ শিপা ১ তোলা, আমলখি ২ টাৰে বটি তপত পানীৰে খাব।
  • ৪ৰ্থ মাহত গোক্ষুৰ আৰু কণ্টিকাৰী এঁৱা গাখীৰেৰে বটি খাব।
  • ৫ম মাহত এনে লক্ষণ দেখা দিলে শেলুকৰ ৰস ১ চামোচ আৰু শতমূলৰ শিপা আধাতোলা এঁৱা গাখীৰেৰে বটি খাব। দিনে ২ বাৰকৈ ৫ দিন খাব।
  • ৬ষ্ঠ মাহত গৰ্ভৰ বেদনা হ’লে ৰবাব টেঙাৰ ৪ টা গুটি, ৰঙা চন্দন ২ গ্ৰাম বটি গাখীৰেৰে খাব। দিনে ২ বাৰকৈ ৫ দিন।
  • ৭ম মাহত পেটৰ বিষ আৰু তেজ ভাগিলে শতমূল পদ্মফুলৰ শিপা ১ তোলা পৰিমাণৰ বটি এঁৱা গাখীৰেৰে খাব। তেজ ভাগিলে শিঙৰীৰ মূল, ষষ্ঠিমধু চেনিৰে খাব আগত উল্লেখ কৰা নিয়মে।
  • ৮ম মাহত এই লক্ষণত শতমূলৰ শিপা আধাতোলা চাউল খচা পানীৰে বটি খাব।
  • ৯ম মাহত গৰ্ভৱতীৰ পেটত বিষ হ’লে এৰা গছৰ শিপাৰ ১ তোলা কাঁজিৰ সৈতে বটি খাব।
  • ১০ম মাহত অসময়ত তেজ ভাগিলে শুকান আদাৰ গুড়ি এঁৱা গাখীৰত সিজাই খাব।

গৰ্ভৱতী তিৰোতাৰ গৰ্ভাৱস্থাত হোৱা নানাবিধ অসুখৰ চিকিৎসা

গৰ্ভাৱস্থাত জ্বৰ হ’লে

  • ৰঙা চন্দন, ষষ্ঠিমধু, বিৰিণাৰ মূল ১ তোলা পৰিমাণে বটি চেনি আৰু মৌৰে খাব।
  • অনন্তমূল, ভঁইৰা গুটি আৰু ১০ টা মান কিচ্‌মিচ মিহলাই বটি চেনিৰ সৈতে খালে জ্বৰ কমি যায়।
  • এৰাৰ শিপা ১ তোলা, ৰঙা চন্দন ১০ গ্ৰাম সিজাই ক্কাথকৰি দিনে ২ বাৰকৈ ২ দিন খালে জ্বৰ গুচে।

এনে অৱস্থাত হাগনি হ’লে

  • আম আৰু জামুৰ ২ চামোচ ৰস উলিয়াই থৈ মাটিৰ গুড়ি মিহলাই খালে তেজ হাগনি ভাল হয়।
  • ডালিম এটাৰ ৰসত অলপ ছাগলীৰ গাখীৰ মিহলাই খালে হাগনি ভাল হয়।
  • মচন্দৰীৰ পাত দহোটা সিজাই এফুটা নহৰুৰ সৈতে দিনে ২/৩ বাৰ ২/৩ দিন খালে তেজ হাগনি ভাল হয়।

শৌচ কঠিন হ’লে

পকাবেল, পকা অমিতা তপত গাখীৰেৰে খাব লাগে। শৌচ খোলোচা ৰাখিবলৈ এৰা গুটিৰ তেল ১ চামোচ তপত গাখীৰেৰে খাব লাগে।

শোথ হ’লে

তিয়ঁহৰ ১০ টা গুটি, কেৰেলাৰ ১০ টা গুটি, গোক্ষুৰ, সোণ বৰিয়াল আৰু শুকান মূলাৰ ক্কাথ পগাই চেনি মিহলাই খাব লাগে। উখহা ঠাইত সিজুৰ পাতৰ ৰস ঘঁহিব।

ওকবাতি বা বমি বমি ভাব হ’লে

১) নিতৌ ৰাতিপুৱা এঁৱা গাখীৰ এগিলাচ বা মিচিৰি পানী খাব লাগে।

২) খৈ মাটিৰ গুড়ি চেনি পানীৰে খাব।

তিৰোতাৰ পিয়াহসিৰা হ’লে বনৌষধিৰে চিকিৎসা :

  • ডালিমৰ ছাল পানীৰে সিজাই ফিটকিৰি মিহলাই পিয়াহত (Breast) দিলে পিয়াহসিৰা গুচে।
  • গৰখীয়া তিয়ঁহৰ শিপা আধাতোলা বটি ২/৩ বাৰ পিয়াহত ঘঁহি দিলে পিয়াহসিৰা কমি যায়।
  • সৰু বৰিয়ালৰ দক্ষিণৰ শিপা ১ বেগেত আৰু নেওঠনীয়া শাকৰ শিপা ১ বটি দিলে পিয়াহসিৰা কমে।

স্ত্ৰীৰোগত এৰা গছেৰে চিকিৎসা

  • মহিলাৰ ঋতুস্ৰাৱ ৰোগত তলপেট বিষালে ৪/৫ গ্ৰাম এৰাপাত সিজাই ১ চামোচকৈ দিনে ২ বাৰকৈ ৩ দিনমান খালে ঋতু নিয়মীয়া হয়।
  • মহিলাৰ অম্ল শূল (Gastric Colic) হ’লে আৰু মূৰৰ বিষ হ’লে ৪/৫ গ্ৰাম এৰাপাত সিজাই ২/৩ দিন দিনে ২ বাৰকৈ খাব লাগে।
  • মহিলাৰ শ্বেত প্ৰদৰ (Whitish Discharge) ৰোগ হ’লে এৰাপাত সিজাই ৰস খাব লাগে। দিনে ২ বাৰকৈ ১৫ দিন পৰ্যন্ত খাব লাগে।
  • মাতৃৰ স্তনত দুগ্ধ বঢ়াবলৈ এৰাপাত ১০০ গ্ৰাম আৰু গৰুৰ গাখীৰ ১০০ গ্ৰাম মিহলাই পগাই দিনে ২ বাৰকৈ ৪/৫ দিন খালে দুগ্ধ বৃদ্ধি হয়।
  • মেদবহুল (Obesity) তিৰোতাই এৰাপাত ক্ষাৰ হিঙৰ লগত ১ তোলা পৰিমাণে মিহলাই দিনে ১ বাৰকৈ ১ মাহ খালে মেদৰোগ বা শকত হোৱা কমি যায়।
  • তিৰোতা, কুমাৰী ছোৱালীৰ মূৰৰ বিষত এৰাগছৰ পাত থেতেলাই কপালত লেপ দিলে বিষ নাইকিয়া হয়।
  • বাত বেমাৰত ভোগা তিৰোতাই এৰাপাতৰ শিপাৰ ৰস মালিচ কৰিলে নিৰাময় হয়।
  • তিৰোতা সকলৰ কোষ্ঠবদ্ধতাত (Constipation) ভুগিলে এৰাগুটিৰ বীজ ৪/৫ টা বটি আহাৰৰ লগত কিছুদিন খালে কোষ্ঠকাঠিন্যতা কমি যায়।
  • তিৰোতা সকলৰ কোনো কোনো চায়েটিক (Sciatica) বা গৃধ্যষী ৰোগত ভোগে। তেওঁলোকে এৰাগছৰ বাকলি গাখীৰৰ লগত (২০০ গ্ৰাম) মিহলাই সিজাই দিনে ২ বাৰকৈ কিছুদিন খালে বাতবিষ কমে।
  • পেটৰ চৰ্বি বঢ়া তিৰোতাই এৰাগছৰ শিপাৰ ৰস ৩/৪ চামোচ চেঁচা পানীত মিহলাই নিতৌ পুৱা ১ বাৰকৈ কিছুদিন খালে পেটৰ চৰ্বি কমি যায়।
  • তিৰোতা সকলে প্ৰসাৱৰ অসুখত বিশেষকৈ প্ৰসাৱ কম হোৱা, তলপেট বিষোৱা আদি উপসৰ্গত এৰাপাতৰ ১০/১৫ গ্ৰাম শিপা পানীত পগাই নিতৌ ২ বাৰকৈ ৭ দিনমান খালে এনেবোৰ অসুবিধা দূৰ হয়।

লিখক: ডা° উপেন দত্ত, বনদৰব আৰু আৰোগ্য।

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate