অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ বগাস্ৰাৱজনিত সমস্যাত

মহিলা এগৰাকী গাভৰু হোৱাৰ পৰা ঋতুস্ৰাৱ বন্ধ হোৱালৈ এই দীঘলীয়া সময়ছোৱাত এবাৰ হ’লেও স্ৰাৱজনিত সমস্যাত ভোগা দেখা যায়। ইয়াৰে কিছুমান স্বাস্থ্য হানিকাৰক। বহুতো ক্ষেত্ৰত ই এক সাধাৰণ পৰিঘটনাহে, যাক চিকিৎসকৰ পৰামৰ্শৰো আৱশ্যক নহয়। কোনটো সাধাৰণ, কোনটো স্বাস্থ্য হানিকাৰক নজনাৰ বাবে মহিলাগৰাকী মানসিক অশান্তিত ভোগে। বেয়া বেমাৰ হোৱা বুলি, কাকো নোকোৱাকৈ থাকি চিন্তাত দিন কটায়।

স্বাভাৱিকতে মহিলা এগৰাকীৰ যৌনাংগ সিক্ত কৰি ৰাখিবলৈ জৰায়ুৰ মুখ, যৌনাংগৰ বিভিন্ন গ্ৰন্থিৰ পৰা পাতল ‘মিউকাচ’জাতীয় পদাৰ্থৰ নিঃসৰণ হয়। আমাৰ মুখৰ পৰা ওলোৱা লেলাউটিৰ দৰে। ইয়ে মহিলাগৰাকীৰ যৌনাংগ মসৃণ, পিছল বা সিক্ত কৰি ৰাখে। এই পাতল বৰণীয়া বগাস্ৰাৱে যৌনাংগক সুৰক্ষা প্ৰদান কৰাৰ লগতে ভিতৰৰ পৰা বিষাক্ত জীৱাণু, মৃত কোষবোৰ আঁতৰাই পেলায়। ঋতুস্ৰাৱৰ আগত বা ঋতুস্ৰাৱৰ পাছত, গৰ্ভাৱস্থাৰ সময়ত নতুবা যৌন উত্তেজনাৰ সময়ত এই স্ৰাৱ বেছিকৈ হয়।

মাহেকীয়া ঋতুৰ সময়ভেদে বগাস্ৰাৱ ভিন ভিন ধৰণৰ হয়। ঋতুস্ৰাৱ বন্ধ হোৱাৰ পাছত বগাস্ৰাৱ ডাঠ, ঋতুস্ৰাৱৰ দুসপ্তাহ পাছত বগাস্ৰাৱ পাতল, স্বচ্ছ আৰু সূতাৰ দৰে দীঘল হয়। সাধাৰণ অৱস্থাত হোৱা বগাস্ৰাৱ মাহেকীয়া ঋতুৰ মাজভাগত প্ৰায় ৩০ গুণ বেছি হয়। ইয়ে ডিম্বাণু নিঃসৰণ (অভিউলেশ্বন) হোৱাৰ জাননী দিয়ে। ঋতুস্ৰাৱৰ আগে আগে আকৌ বগাস্ৰাৱ ডাঠ হ’বলৈ ধৰে। গৰ্ভাৱস্থাৰ সময়তো বগাস্ৰাৱ হৈ থকা দেখা যায়। সাধাৰণ অৱস্থাৰ পৰিমাণতকৈ ইয়াৰ পৰিমাণ অধিক হয় আৰু ই সন্তান প্ৰসৱ নোহোৱালৈকে থাকে। গৰ্ভাৱস্থাৰ হৰম’ন এষ্ট্ৰ’জেনৰ প্ৰভাৱতে স্ৰাৱ বেছিকৈ হয়।

চিকিৎসকৰ পৰামৰ্শ কেতিয়া ল’ব?

সাধাৰণ বগাস্ৰাৱ পৰিষ্কাৰ, বগা আৰু নোগোন্ধায়। শুকালে কাপোৰত মুগা-হালধীয়া বৰণৰ দাগ পৰে। যেতিয়া এই বগাস্ৰাৱ হালধীয়া বা সেউজীয়া বা মটীয়া বৰণৰ হয়, গোন্ধায়, দৈৰ মখাৰ দৰে স্ৰাৱ ওলায় বা ৰঙচুৱা বৰণৰ হয়। তেতিয়া ই যৌনাংগৰ সোঁচৰণ (ইনফেকশ্বন) হোৱা বুজায়। তেনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

বগাস্ৰাৱৰ কাৰণসমূহ

(১) সোঁচৰণ (ইনফেকশ্বন):  সোঁচৰণৰ ফলত সাধাৰণ অৱস্থাৰ বগাস্ৰাৱে বৰণ সলায়। কেতিয়াবা ই হালধীয়া, সেউজীয়া বা কেতিয়াবা মুগা বৰণৰ হয়। যৌনাংগৰ ভিতৰত খজুৱতিৰ সৃষ্টি কৰে, গোন্ধায়। বিভিন্ন ধৰণৰ বীজাণুৰ দ্বাৰা সৃষ্ট সোঁচৰণৰ ভিতৰত বেক্টেৰিয়েল ভেজিন’ছিছ, টাইক’ম’নিয়েছিছ, কেণ্ডিডিয়েছিছ আদিয়েই প্ৰধান।

বেক্টেৰিয়েল ভেজিন’ছিছ- ইয়াত মহিলাগৰাকীৰ স্ৰাৱ অত্যধিক হয়। স্ৰাৱৰ বৰণ বগা বা মটীয়া বৰণৰ আৰু পনীয়া হয়। বেয়া গোন্ধায়। মাছৰ দৰে কেচেমা-কেচেম গোন্ধ ইয়াৰ প্ৰধান বৈশিষ্ট্য। একাধিক যৌনসংগী থকা মহিলাৰ ক্ষেত্ৰত বেক্টেৰিয়েল ভেজিন’ছিছ সঘনাই দেখা যায়।

ট্ৰাইক’ম’নিয়েছিছ- প্ৰট’জোৱাৰ পৰা হোৱা ই এক বেমাৰ। অসুৰক্ষিত যৌন সম্পৰ্ক ইয়াৰ প্ৰধান কাৰণ। স্ৰাৱ হালধীয়া বা সেউজীয়া বৰণৰ, দুৰ্গন্ধযুক্ত আৰু মাত্ৰাধিক হয়। লগতে যৌনাংগৰ খজুৱতি, প্ৰস্ৰাৱ কৰোতে অসুবিধা পোৱা, গুপ্তাংগ উখহি উঠা আদি লক্ষণে দেখা দিয়ে।

কেণ্ডিডিয়েছিছ- ‘ইষ্ট’ৰ পৰা ই এক যৌন সংক্ৰামক ৰোগ। বগাস্ৰাৱ প্ৰচুৰ পৰিমাণে হয়, বৰণ বগা, দৈ গাখীৰৰ মখাৰ দৰে। যৌনাংগৰ ভিতৰত খজুৱায়, যৌনাংগ উখহি উঠে, ৰঙা পৰে। দীঘলীয়া সময় ধৰি এণ্টিবায়’টিক ব্যৱহাৰ কৰা মহিলা, মধুমেহ ৰোগত আক্ৰান্ত মহিলা, গৰ্ভাৱস্থা, অত্যধিক মানসিক চাপত ভোগা মহিলা এই ৰোগত বেছিকৈ আক্ৰান্ত হয়।

(২) গৰ্ভনিৰোধক ঔষধৰ ব্যৱহাৰে বগাস্ৰাৱৰ সৃষ্টি কৰিব পাৰে। এনে ঔষধ এৰাৰ পাছত বগাস্ৰাৱ কমি যায়।

(৩) দীঘলীয়া সময় ধৰি এণ্টিবায়’টিক/ষ্টেৰ’ইড ব্যৱহাৰ কৰাৰ ফলতো মহিলা এগৰাকী বগাস্ৰাৱৰ সমস্যাত ভোগে।

(৪) মধুমেহ ৰোগ (ডায়েবেটিছ) বগাস্ৰাৱত আক্ৰান্ত হোৱাৰ আন এক কাৰণ। শৰীৰত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হ’লে ই নাইকিয়া হয়।

(৫) জৰায়ুৰ কৰ্কট ৰোগ বগাস্ৰাৱৰ আন এক কাৰণ। প্ৰথম অৱস্থাত স্ৰাৱ বগা বা মাখন বৰণৰ হয়। পাছৰ ফালে ই ৰঙচুৱা, পূঁজৰ বৰণ লয় আৰু গোন্ধায়।

(৬) জৰায়ুৰ মুখৰ ঘা (ইৰ’জন)- ইয়াত জৰায়ুৰ মুখৰ পৰা প্ৰচুৰ পৰিমাণৰ পৰিষ্কাৰ বগাস্ৰাৱ নিঃসৰিত হয়।

(৭) মানসিক অস্থিৰতা, উদ্বিগ্নতা, এলেহুৱা জীৱনশৈলী, দীঘলীয়া সময় ধৰি হোৱা অসুস্থতা, গৰম পৰিৱেশত দীঘলীয়া সময়জুৰি থিয় হৈ থকা, বগাস্ৰাৱৰ অন্যতম কাৰক।

(৮) গাভৰু অৱস্থাত, সাধাৰণতে ঋতুমতী হোৱাৰ আগেয়ে বা ঠিক পাছত বগাস্ৰাৱ অধিক হোৱা দেখা যায়।

(৯) বহুতো ছোৱালী কেঁচুৱাৰ প্ৰথম ১০ দিনমানত যোনিৰ পৰা বগাস্ৰাৱ নিৰ্গত হোৱা দেখা যায়। মাকৰ এষ্ট্ৰ’জেন হৰম’নৰ প্ৰভাৱতে সদ্যোজাত কন্যা শিশুটিৰ এনে হয়।

(১০) বহুতো মহিলাই হানিকাৰক ঔষধ বা ক্ৰীম বা সুগন্ধিকৰ দ্ৰব্যৰে যৌনাংগ পৰিষ্কাৰ কৰে। এনে কৰিলে যৌনাংগৰ ৰক্ষাকাৰী জীৱাণুবোৰৰ মৃত্যু ঘটে। ফলত যৌনাংগৰ সোঁচৰণ (ইনফেকশ্বন) হৈ বগাস্ৰাৱৰ সৃষ্টি কৰে। নিয়মিতভাৱে এনে কৰাটো হানিকাৰক।

(১১) ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ হোৱাৰ পাছত বয়সীয়া মহিলা এগৰাকী হৰম’নৰ অভাৱত বগাস্ৰাৱৰ সমস্যাত ভুগিব পাৰে।

বগাস্ৰাৱৰ চিকিৎসা আৰু ল’বলগীয়া সাৱধানতা

বগাস্ৰাৱৰ প্ৰকৃত কাৰণ বিচাৰি ইয়াৰ প্ৰতিকাৰ কৰিলেই বগাস্ৰাৱৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি।

প্ৰতিকাৰসমূহ

  • বগাস্ৰাৱ অপকাৰী নহ’লে ইয়াৰ বিষয়ে বিতং আলোচনা আৰু ই যে স্বাস্থ্যৰ বাবে হানিকাৰক নহয় তাক ভালকৈ বুজাই দিব পাৰিলে মহিলাগৰাকীয়ে যথেষ্ট সকাহ পায়।
  • স্বাস্থ্য ভালে ৰাখিবলৈ খোৱা-লোৱাৰ যত্ন ল’ব লাগে। প্ৰচুৰ পৰিমাণে পানী, ফলৰ ৰস, সুষম আহাৰ ভাল স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। স্বাস্থ্য ভালে থাকিলে বগাস্ৰাৱৰ সমস্যাত ভোগাৰ সম্ভাৱনা কম। মনৰ পৰা মানসিক দুশ্চিন্তা আঁতৰাই ৰখাটো সুস্বাস্থ্যৰ বাবে অতি জৰুৰী।
  • যৌনাংগ শুকান, পৰিষ্কাৰ কৰি ৰাখিব লাগে। হানিকাৰক কোনো সামগ্ৰী যৌনাংগ পৰিষ্কাৰ কৰাত ব্যৱহাৰ কৰিব নালাগে। অপৰিষ্কাৰ কাপোৰ-কানি ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰিব নালাগে।
  • চিকিৎসকৰ পৰামৰ্শ অবিহনে দীঘলীয়া সময়জুৰি ষ্টেৰ’ইড, এণ্টিবায়’টিক গ্ৰহণ কৰিব নালাগে।
  • যৌন সংক্ৰামক ৰোগৰ পৰা আঁতৰি থাকিবলৈ লগৰীয়াজনক যৌন-সম্ভোগৰ সময়ত গৰ্ভনিৰোধক নিৰোধ ব্যৱহাৰ কৰিবলৈ দিব লাগে।
  • পৰাপক্ষত সূতাৰ অন্তৰ্বাস পৰিধান কৰিব লাগে।
  • প্ৰস্ৰাৱ-পায়খানা কৰাৰ পাছত যৌনাংগ সন্মুখৰ পৰা পাছলৈ চাফা কৰাৰ কৌশল অৱলম্বন কৰিলে শৌচদ্বাৰৰ পৰা ইনফেকশ্বন বিয়পাৰ সম্ভাৱনা কমে।

বগাস্ৰাৱৰ মূল চিকিৎসা

  • বেক্টেৰিয়েল ভেজিন’ছিছ মেট্ৰ’নিডাজ’ল টেবলেট দহৰ পৰা চৈধ্য দিন খালে বগাস্ৰাৱ নাইকিয়া হয়।
  • ট্ৰাইক’ম’নিয়েছিছ- ওপৰত দিয়া ধৰণৰ একেই ঔষধ।
  • কেণ্ডিডিয়েছিছ- ফ্লুক’নাজ’ল জাতীয় এণ্টিফাংগেল ঔষধ ব্যৱহাৰ কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি।
  • জৰায়ুৰ মুখৰ ইৰ’জন- লেজাৰ বা ক্ৰায়ো ব্যৱহাৰ কৰি ইৰ’জন নাইকিয়া কৰা হয়।
  • জৰায়ুৰ কৰ্কট ৰোগ হ’লে কৰ্কট ৰোগৰ চিকিৎসা কৰাব লাগে।

লেখক: ডাঃ ৰাজীৱ লোচন শৰ্মা, ইষ্ট এণ্ড নাৰ্ছিং হোমৰ চিকিৎসক, বামুণীমৈদাম, জিএনআৰচি, স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate