অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে

যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে

যৌন ৰোগ কেৱল অসুৰক্ষিত যৌন সম্বন্ধৰ ফলতেই নহয়, অন্য কাৰণতো হয়। সেয়ে সময় থাকোঁতেই ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’বগৈ পাৰে।

যৌন ৰোগত সংক্ৰমিত মহিলা বা যুৱতীৰ সৈতে যদি কোনো লোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁৰ শৰীৰলৈ যৌন ৰোগৰ সংক্ৰমণ হ’ব পাৰে। যৌন ৰোগ চিনাক্ত কৰি তৎকালীনভাৱে চিকিৎসা নল’লে শৰীৰৰ বিভিন্ন অংগলৈ এই ৰোগ বিয়পি পৰে আৰু ৰোগী মৃত্যু মুখতো পৰিব পাৰে।

সমগ্ৰ বিশ্বতেই যৌন ৰোগ একে সমস্যাতো পৰিণত হৈছে। এই ৰোগ ২৫ টা বেলেগ বেলেগ প্ৰকাৰৰ সংক্ৰমণৰ দ্বাৰা হয়। ছিফিলিচ আৰু গণোৰিয়া ৰোগৰ আগতে মহিলাসকল অধিক আক্ৰান্ত হৈছিল। এন্টিবায়’টিক ঔষধৰ দ্বাৰা এতিয়া এই ৰোগক নিয়ন্ত্ৰিত কৰিব পৰা হৈছে।

উন্নত দেশসমূহত হোৱা যৌন ৰোগৰ ভিতৰত ক্লেমাইডিয়া, ননস্পেচিফিক, ইউৰেটাইটিচ, জেনাইটেল হাৰ্পিজ আৰু জেনাইটেল ৱাৰ্টচ আদিয়ে প্ৰধান। ১৯৬০ চনৰ পৰা ১৯৭০ দশকত যেতিয়া মহিলাসকলে গৰ্ভনিৰোধৰ বাবে কনডোমৰ ব্যৱহাৰ এৰি গৰ্ভনিৰোধক টেবলেট খোৱা আৰম্ভ কৰিছিল তেতিয়া এই ৰোগবিলাক সমগ্ৰ বিশ্বতে অত্যাধিক মাত্ৰাত বৃদ্ধি পাইছিল। ক্লেমাইডিয়া আৰু জেনাইটেল হাৰ্পিজ ৰোগ ১৯৮০ ৰ পৰা ৯০ ৰ দশকত অতি মাত্ৰাত বিয়পি পৰিছিল। অনেক সময়ত ক্লেমাইডিয়া ৰোগ বন্ধ্যা আৰু নপুংসকতাৰ কাৰণো হয়গৈ। সেয়ে পশ্চিমীয়া উন্নত ৰাষ্ট্ৰসমূহৰ চৰকাৰী চিকিৎসালয়সমূহত প্ৰতি ছমাহৰ অন্তৰে অন্তৰে যৌন ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসা কৰা হয়। পুৰণা যৌন ৰোগৰ দৰে এই ৰোগকেইটাৰ লক্ষণো সহজতে দেখা নিদিয়ে আৰু বহুত কম পৰিমাণেহে লক্ষণ পৰিলক্ষিত হয়।

অধিকাংশ যৌন ৰোগ সংক্ৰমিত ব্যক্তিৰ সৈতে যৌন সম্ভোগ কৰিলেহে হয়। ইয়াৰ বাদেও হেপাটাইটিচ ‘বি’ আৰু এইচ আই ভি আদি ৰোগ যৌন সম্পৰ্কৰ যোগেদি বিয়পে। ৰোগৰ সংক্ৰমণ কেৱল শাৰিৰীক সম্বন্ধ স্থাপন কৰিলেই নহয় সংক্ৰমিত ব্যক্তিৰ পৰা তেজ ল’লে, সংক্ৰমিত ছিৰিঞ্জ ব্যৱহাৰ কৰিলেও এনেবোৰ ৰোগ হয়। এনে ধৰণৰ ৰোগ গৰ্ভত থকা শিশুৰো হয়।

যদি আপুনি যৌন ৰোগত আক্ৰান্ত হৈছে বুলি অনুমান কৰিছে, তেন্তে পলম নকৰি চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই সু-চিকিৎসা লওক। তেজ, মূত্ৰ পৰীক্ষা কৰিও ৰোগ ধৰা পেলোৱা হয়। প্ৰাৰম্ভিক অৱস্থাত এন্টিবায়টিক ঔষধৰ দ্বাৰাই এই ৰোগ ঠিক হৈ যায়, কিন্তু জেনাইটেল হাৰ্পিজৰ কোনো চিকিৎসা নাই। ঔষধৰ দ্বাৰা মাথো ইয়াক নিয়ন্ত্ৰতহে ৰাখিব পৰা যায়। আপুনি আপোনাৰ যৌন সংগীগৰাকীৰো পৰীক্ষা কৰাই ল’ব।

যৌন ৰোগৰ দ্বাৰা সংক্ৰমিত হ’লে লগে লগেই চিকিৎসা আৰম্ভ কৰি দিব লাগে। যৌন ৰোগত আক্ৰান্ত মহিলাৰ চিকিৎসা নকৰালে পেলভিক ক্ষেত্ৰতো ৰোগে ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে। ৰোগ বিয়পোৱা বেক্টেৰিয়াই পেলভিক কেভিটি লৈকে প্ৰৱেশ কৰি ডিম্ববাহী নলী (ফেলোপিয়ন টিউব) পৰ্যন্ত ক্ষতি কৰে। এই নলী সংক্ৰমিত হ’লে নলী বন্ধ হৈ মহিলাগৰাকী বন্ধ্যা হ’ব পাৰে।

যৌন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে অচিনাকি সংগীৰ সৈতে যৌন সম্ভোগত ৰত নোহোৱাই উত্তম। কিন্তু এয়া সম্ভৱপৰ নহয়। কোন যুৱতী বা মহিলাৰ যৌন ৰোগ আছে, আপুনি ওপৰেদি চাই অনুমানেইস কৰিব নোৱাৰিব। অধিকাংশ মডেল, চলচিত্ৰাভিনেত্ৰী, মিল-ফেক্টৰীৰ বনুৱা, বনুৱা, কলগাৰ্ল, পতিতা, সুৰাসক্ত নাৰী-যুৱতী, ড্ৰাগছ লোৱা মহিলা-যুৱতীসকল এই ৰোগত অধিককৈ ভোগে আৰু অন্যৰ শৰীৰলৈকো এই ৰোগ বিয়পায়। চহৰত ধুন পেচ মাৰি ঘূৰি ফুৰা যুৱতীসকলক চাই প্ৰলোভিত নহ’ব। এনে যুৱতীসকলৰ অধিকাংশই ধনৰ লোভত শৰীৰ বিক্ৰী কৰি ফুৰে। যৌন সম্বন্ধ স্থাপন কৰাৰ পূৰ্বে কিছু সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা বাচি থাকিব পাৰিব।

  • অধিক মহিলা-যুৱতীৰ সৈতে সম্ভোগ নকৰিব। যৌন সংগীৰ নিৰ্বাচন চিন্তা কৰিহে কৰিব।
  • সম্ভোগ কৰোতে কণ্ডোম ব্যৱহাৰ কৰিব।
  • সম্ভোগৰ পিছত নিজ গুপাংগ ভালকৈ ধুই পৰিষ্কাৰ কৰি ল’ব।
  • মুখ মৈথুন, বা গুহ্য দ্বাৰেৰে মৈথুন কৰিলে লগে লগেই পুৰুষাংগ ধুই এন্টিচেপটিক ক্ৰীম বা লোচন লগাব।

কেইটামান যৌন ৰোগৰ সাধাৰণ লক্ষণ ক্লেমাইডিয়া

ইয়াৰ লক্ষণ হৈছে যোনিৰ পৰা স্ৰাৱ অধিক মাত্ৰাত নিৰ্গত হ’ব। প্ৰস্ৰাৱ ঘনাই হ’ব। তল পেটত বিষ অনুভৱ হ’ব। যৌন সম্ভোগৰ সময়ত বিষ হ’ব। গৰ্ভধাৰণত অসফলত আহিব। পুৰুষসকলৰ লিঙ্গেৰে স্ৰাৱ নিৰ্গত হ’ব। প্ৰস্ৰাৱ কৰোতে জ্বলন হ’ব। এন্টিবায়টিক টেবলেট সেৱন কৰিলেই এই ৰোগৰ পৰা নিস্তাৰ পোৱা যায়।

জেনাইটেল ৱাটৰ্চ

এই সংক্ৰমণৰ ফলত যৌনাংগত গুটি গুটিৰ নিচিনা হয়, এই বিলাকত কোনো বিষ নহয়, কিন্তু হঠাতে খজুৱতি হ’ব পাৰে। ই বিলাক পোডোফিলিন বা তৰল নাইট্ৰ’জন দি শুকুৱাব পাৰি। বহুতৰ এই শুকাই যোৱা গুটিবিলাক পুনৰ উদ্ভৱ হয়।

ছিফিলিচ

লিংগ, যোনি, ডিঙি, গুহ্য দ্বাৰত ঘা হয়। ছাল ফাটি ফাটি যায়। জ্বৰ, কাহ, মূৰৰ বিষ হয়। হাড় পৰ্যন্ত বিষায়, ভোক নালাগে, এলাহ লাগি থাকি। পেনিচিলিন বা অন্য এন্টিবায়টিক ঔষধেৰে এই ৰোগ নিৰাময় কৰিব পাৰি। ৰোগ অধিক বৃদ্ধি পাই গ’লে অংগৰ হানি হ’ব পাৰে, চিকিৎসাও অসম্ভৱ হৈ উঠিব পাৰে।

পিউবিক লাইচ

পৰজীৱি কীটাণুৰ দ্বাৰা এই ৰোগ হয়। যৌন সম্ভোগ কালত এই কীটাণু প্ৰৱেশ কৰে। খজুৱতি হয়, জাঙ্গিয়াত কলা পাউদাৰৰ দৰে এক পদাৰ্থ জমা হয়। গুপাংগত যৌন কেশ থাকিলে দুৰ্গন্ধ ওলায়। গুপাংগ ঔষধ যুক্ত চেম্পুৰে ধুব লাগে। জাংগিয়া, বেডছিট, টাবেল আদি গৰম পানীৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে।

জেনাইটেল হাৰ্পিজ

গুপাংগত খজুৱতি হয়, গুহ্য দ্বাৰ, যৌনাংগত পানী যুক্ত ফোঁহাৰ উদ্ভৱ হয়। জ্বৰ, কাহ, পিঠি আৰু মূৰৰ বিষ হয়। এন্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰিলে সংক্ৰমণ কমে।

নন্‌স্পেছিফিক ইউৰেটাইটিচ

মূত্ৰ ত্যাগৰ সময়ত জ্বলন হয়। লিংগৰে বগা স্ৰাৱ নিৰ্গত হয়। বাৰম্বাৰ মূত্ৰ ত্যাগ কৰিব লগীয়া হয়। এন্টিবায়টিক টেবলেটৰ দ্বাৰা এই ৰোগ ঠিক হৈ যায়।

গণোৰিয়া

লিংগৰে বগা তৰল পদাৰ্থ নিৰ্গত হয়। মূত্ৰ ত্যাগ কৰোতে কষ্ট অনুভৱ হয়। গুহ্য দ্বাৰত যন্ত্ৰণা হয়। মহিলাৰ ক্ষেত্ৰতো একেই দশা। এন্টিবায়টিক ঔষধেৰেই এই ৰোগক নিয়ন্ত্ৰণলৈ আনিব পাৰি।

লিখক: এম এ ছাত্তাৰ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate