অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোনি সংক্ৰমণৰ কেইটামান প্ৰয়োজনীয় তথ্য আৰু ইয়াৰ প্ৰতিকাৰ

যোনি সংক্ৰমণৰ কেইটামান প্ৰয়োজনীয় তথ্য আৰু ইয়াৰ প্ৰতিকাৰ

যোনি সংক্ৰমণ হৈছে মহিলাসকলৰ ক্ষেত্ৰত দেখা দিয়া সংক্ৰমণ ব্যাধিসমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ সংক্ৰমণ ব্যাধি। প্ৰায়বিলাক মহিলাই নিজ নিজ জীৱন কালত এনে ধৰণৰ সমস্যাৰ সম্নুখীন হোৱা দেখা যায়। সাধাৰণতে, মহিলাসকলৰ যোনি সংক্ৰমণৰ ব্যাধিক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে- ইষ্ট ভেজিনেল ইনফেকছন, ট্ৰাইক’মনিএছিছ আৰু বেক্টেৰিয়েল ভেজিন’ছিছ।

ইষ্ট ভেজিনেল ইলফেক্‌ছন আৰু ইয়াৰ প্ৰতিকাৰ

যোনি সংক্ৰমণৰ ব্যধিবোৰৰ ভিতৰত ইষ্টভেজিনেল ইনফেকছনৰ সমস্যাটোৰ দ্বাৰাই বেছিভাগ মহিলা আক্ৰান্ত হোৱা দেখা যায়।

এবিধ ভেঁকুৰজাতীয় অনুজীৱই হৈছে ইষ্ট ভেজিনেল ইনফেক্‌ছনৰ মূল কাৰণ। এনে ধৰণৰ সংক্ৰমণ যোনিৰ আভ্যন্তৰীণ অংশত হোৱা দেখা যায়। এইটো এক সমীক্ষাৰ ভিত্তিত প্ৰমাণিত হৈছে যে প্ৰতি চাৰিগৰাকী মহিলাৰ ভিতৰত তিনিগৰাকীয়েই নিজ নিজ জীৱনকালত ইষ্টভেজিনেল ইনফেক্‌ছনৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

লক্ষণঃ

যোনি সংক্ৰমণৰ অন্যতম কাৰণ ইষ্টভেজিনেল ইনফেক্‌ছনৰ লক্ষণবোৰ হ’ল-

  • যোনিত সৃষ্টি হোৱা অত্যাধিক খজুৱতিৰ সমস্যা।
  • যোনিদ্বাৰত অনুভৱ হোৱা জ্বলন-পুৰণ।
  • যোনি ৰঙচুৱা পৰা।
  • সমগ্ৰ যোনিৰ অংশটোৰ সৃষ্টি হোৱা এক আমনিদায়ক জ্বলা-পুৰাৰ অৱস্থা।
  • এই সমস্যটো গভীৰ হ’লে যোনিৰ বাহ্যিক অংশটো ফুলি উঠা দেখা যায়। তদুপৰি কিছুমান বিশেষ পৰিস্থিতিত মহিলাসকলৰ সঘনাই প্ৰস্ৰাৱ হোৱা বা প্ৰস্ৰাৱ কৰোঁতে বিষ আৰু জ্বলন-পুৰণৰ অনুভৱ হোৱা দেখা যায়।
  • যোনিদ্বাৰেদি কিছুমান বগা ডাঠ ফেনযুক্ত পদাৰ্থ নিৰ্গত হোৱা দেখা যায়।
  • যৌনসংগমত অত্যধিক বিষ আৰু জ্বলন-পুৰণ অনুভৱ হোৱা দেখা যায়।

ইষ্টভেজিনেল ইনফেক্‌ছন সৃষ্টিকাৰী ভেঁকুৰ জাতীয় অণুজীৱৰ নাম হ’ল ‘কেনিডিডা এলবিকেনছ’। এই

অণুজীৱবিধ সাধাৰণতে মুখ, যোনিদ্বাৰ আৰু খাদ্যনলীৰ অৰ্থাৎ পাকস্থলীৰ পিছৰ অংশত দেখা যায়। এইবিধ অণুজীৱৰ দ্বাৰা আক্ৰান্ত হোৱা শিশুৰ তথা প্ৰাপ্তবয়স্ক লোকৰ মুখ আৰু ডিঙিত ঘাঁ হোৱ দৃষ্টিগোচৰ হয়। যেতিয়া ‘কেনিডিডা এলবিকেনছে’ যোনিক আক্ৰান্ত কৰে, তেতিয়া ইয়াক কোৱা হয়- ‘ইষ্ট ইনফেক্‌ছন’ বা মনিলিয়েল ভেজিনিটি। ইষ্ট ভেজিনেল ইনফেক্‌ছন ৰোধ কৰাৰ বাবে সাম্প্ৰতিক উন্নত মানৰ এণ্টিবায়টিক বা প্ৰতিজৈৱিক প্ৰচলন হোৱাৰ উপৰি ভেঁকুৰ জাতীয় অণুজীৱৰ অত্যধিক্যতা হ্ৰাস কৰাৰ বাবে বস্ত্ৰৰ পৰিধাণৰ ওপৰতো গুৰুত্ব দিয়া হ’ব।

ইষ্ট ইনফেকচনত অৰিহণা যোগোৱা অন্যান্য উপাদানবোৰ হ’ল-

  • গৰ্ভধাৰণ
  • অত্যধিক মেদবহুলতা
  • পি এম চি আৰু মধূমেহ
  • ভেজিনে ইষ্ট ইনফেক্‌ছন সাধাৰণতে দেখা যায় এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত মহিলাৰ ক্ষেত্ৰত।
  • আনহাতে, অত্যধিক গৰ্ভনিৰোধক ঔষধৰ ব্যৱহাৰ, অত্যধিক শৰ্কৰা আৰু অত্যধিক শ্বেতসাৰযুক্ত দ্ৰব্যৰ সেৱনেও এই ব্যাধিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

ইষ্টভেজিনেল ইনফেক্‌ছনৰ উপৰি মহিলাসকলৰ ক্ষেত্ৰত অন্য এক যোনিৰ ব্যাধিৰো ব্যাপকতা দেখা যায়, যাক কোৱা হয় বেক্টেৰিয়েল ভেজিনিটি। এইবিধ যোনি ব্যাধিৰ দ্বাৰা আক্ৰান্ত হোৱা মহিলাৰ যোনিদ্বাৰৰ পৰা অতি বেয়া গোন্ধ নিৰ্গত হয় যিটো সাধাৰণতে ‘ইষ্ট ভেজিনেল ইনফেক্‌ছনত নাথাকে। এই বেক্টেৰিয়েল ভেজিনিটিৰ দ্বাৰা আক্ৰান্ত হোৱা এগৰাকী নাৰীক যদি উপযুক্ত চিকিৎসা প্ৰদান কৰা নহয়, তেন্তে ই মহিলাগৰাকীৰ ৰাজহাড়ৰ মজ্জাত অত্যধিক বিষ আৰু জ্বলণ-পুৰণ সৃষ্টি কৰাৰ লগতে গৰ্ভধাৰণৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে।

‘গ’নৰিয়া’ আৰু ‘হাৰ্পছ’ ৰ দৰে কিছুমান যৌনৰোগৰ লক্ষণ ‘ইষ্টভেজিনেল ইনফেক্‌ছন’ ব্যাধিৰ লগত বহু মিল থকা দেখা যায়। গ’নৰিয়াৰ দ্বাৰা আক্ৰান্ত এগৰাকী মহিলাৰ যোনিদ্বাৰৰ পৰা কিছুমান বগা ফেনযুক্ত গোটা পদাৰ্থ নিৰ্গত হয়। আনহাতে হৰ্পছৰ দ্বাৰা আক্ৰান্ত মহিলাই যোনিৰ দ্বাৰত সঘনে খজুৱতিৰ অনুভৱ কৰে। গতিকে এনে পৰিস্থিতিত এগৰাকী মহিলাই কোনো অভিজ্ঞ যৌনৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লৈহে ব্যাধিটোৰ চিকিৎসাৰ দিশত অগ্ৰসৰ হোৱা উচিত।

ইষ্টভেজিনেল ইনফেক্‌ছনৰ চিকিৎসা আৰু প্ৰতিকাৰ

ইষ্ট ভেজিনেল ইনফেক্‌ছনৰ চিকিৎসাৰ ক্ষেত্ৰত এইটো সাধাৰণতে দেখা যায় যে অধিক সংখ্যাক মহিলাই এইবিধ ব্যাধিক চিনাক্তকৰণ কৰাত ব্যৰ্থ হৈ ইয়ৰ প্ৰতিকাৰৰ ক্ষেত্ৰ্ত ভিন্ন চিকিৎসা ব্যধিৰ উপশমৰ ক্ষেত্ৰত অভিজ্ঞ যৌনৰোগ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে ব্যক্তিগতভাৱে কৰা চিকিৎসা ব্যৱস্থাটো হ’ব এক ব্যৰ্থ প্ৰচেষ্টাহে মাথো। গতিকে এজন অভিজ্ঞ যৌনৰোগ বিশেষজ্ঞই কৰা ৰোগৰ সঠিক বিশ্লেষণ আৰু তাৰ ভিত্তিত তেওঁ আগবঢ়োৱা ৰোগ উপশমৰ বিধিয়ে হ’ব এগৰাকী আক্ৰান্ত নাৰীক আৰোগ্যৰ পথলৈ অনাৰ মূল চবিকাঠী।

ইষ্ট ভেজিনেল ইনফেক্‌ছনৰ ক্ষেত্ৰত সাধাৰণতে ব্যৱহাৰ কৰা কেইবিধমান ক্ৰীম হৈছে-

  • মনিষ্টেট
  • ফেমষ্টেট
  • গাইনি-ল’ট্ৰাইমিন
  • মাইকষ্টটেটিন ইত্যাদি।

এই ক্ষেত্ৰত ব্যৱহাৰ হোৱা হমিঅ’পেথিক ক্ৰীম এবিধ হৈছে ভেজিছলি। এইবিধ হমিঅ’ ক্ৰীমে ইষ্ট ভেজিনেল ইনফেক্‌ছনৰ ক্ষেত্ৰত একেৰাহে হোৱা খজুৱতিৰ বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰে। বিভিন্ন ক্ৰীমৰ উপৰি এইবিধ ব্যাধি ৰোধ কৰাত পিলৰ ব্যৱহাৰো কৰা হয়। উদাহৰণ স্বৰূপে- ডিফ্লুকেন আৰু নাইজ’ৰেল এই ক্ষেত্ৰত বিশেষভাৱে উপযোগী পিলিং ব্যৱস্থা। এনে ধৰণৰ পিলিং ব্যৱস্থা সাধাৰণতে দিনে এটা বা দুটাকৈ এসপ্তাহৰ পৰা চৈধ্যদিনলৈ সেৱন কৰাৰ পৰামৰ্শ দিয়া হয়। এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বৰিক এছিদ কেপছুলৰো ব্যৱহাৰ হয়, যিবোৰ নেকি মহিলাসকলে নিজৰ যোনিদ্বাৰত প্ৰতি পুৱা আৰু গধূলি এটাকৈ পাঁচৰ পৰা সাতদিনলৈকে ভৰাই যাব লাগে।

ইষ্ট ভেজিনেল ইনফেক্‌ছন ৰোধ কৰা কেইটামান সহজ কিটিপ

  • সদায় বগা কপাহী কাপোৰৰ আৰামদায়ক পেণ্টি ব্যৱহাৰ কৰিব।
  • নাইলন জাতীয় সামগ্ৰীৰে তৈয়াৰী অন্তৰ্বাস ব্যৱহাৰ নকৰিব।
  • অন্তৰ্বাসত কপাহী কাপোৰ পৰিধান নকৰাকৈ কেতিয়াও গাত লিপিট খাই থকা বস্ত্ৰ পৰিধান নকৰিব।
  • যিসকল মহিলাৰ ক্ষেত্ৰত মাহেকীয়া ঋতুস্ৰাৱৰ সমস্যা আছে বা যিসকলে সঘনে গৰ্ভনিৰোধক পিলৰ ব্যৱহাৰ কৰে, সেইসকলে যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত যোনিদ্বাৰত স্নেহজাতীয় দ্ৰব্য বা তেলজাতীয় দ্ৰব্য ব্যৱহাৰ কৰিলে এই সময়ছোৱাত অনুভৱ কৰা বিষ আৰু জ্বলন-পুৰণৰ সমস্যা নাইকিয়া হোৱাৰ উপৰি ইষ্ট সংক্ৰমণ ৰোধ কৰাত ই বিশেষভাৱে উপযোগী।
  • এণ্টিবায়টিক সেৱন কৰাৰ সময়ছোৱাত দৈনিক এগিলাচ দৈ সেৱন কৰাৰ অভ্যাস কৰক।
  • যোনিৰ বাহ্যিক বা আভ্যন্তৰীণ অংশত কোনো ধৰণৰ পাউদাৰ বা সুগন্ধীৰ ব্যৱহাৰ নকৰিব।

ট্ৰাইক’মনিয়াছিছ

মহিলাসকলৰ যোনি সংক্ৰমণৰ দ্বিতীয়টো ব্যাধি হৈছে ট্ৰাইক’মনিয়াছিছ। এইবিধ যোনি সংক্ৰমণ ব্যাধি উৎপত্তিৰ মূল কাৰণ হৈছে ট্ৰাইক’মনিয়াছিছ ভেজিনেলিছ নামৰ এবিধ অণুজীৱ। এইবিধ যোনি সংক্ৰমণৰ ব্যাধি কম বয়সীয়া মহিলাৰ ক্ষেত্ৰত সাধাৰণতে বেছিকৈ দেখা যায় আৰু ইয়াৰ প্ৰ্তিকাৰ আধুনিক চিকিৎসা ব্যৱস্থাৰ দ্বাৰা সম্ভৱ। এইটো এক সমীক্ষাৰ ভিত্তিত প্ৰতিপন্ন হৈছে যে, প্ৰতিবছৰ সাত মিলিয়নতকৈ অধিক মহিলা এই যোনি সংক্ৰমণৰ ব্যাধিৰ দ্বাৰা আক্ৰান্ত হয়। ট্ৰাইক’মনিয়াছিছ ব্যাধিটোৰ এক উল্লেখযোগ্য বৈশিষ্ট হ’ল ইয়াৰ দ্বাৰা পুৰুষ-মহিলা উভয়েই আক্ৰান্ত হ’ব পাৰে। মহিলাসকলৰ ক্ষেত্ৰত এইবিধ ব্যাধিয়ে যোনিদ্বাৰত সংক্ৰমণৰ সৃষ্টি কৰে, যাক কোৱা হয় ভেজিনিটিছ। আনহাতে পুৰুষসকলৰ ক্ষেত্ৰত এইবিধ ব্যাধিয়ে মূত্ৰনলীত সংক্ৰমণৰ সৃষ্টি কৰে। এইবিধ যোনি সংক্ৰমণৰ ব্যাধি সাধাৰণতে, মহিলাসকলৰ পৰাই পুৰুষৰ দেহলৈ অহা দেখা যায় যদিও ই এজন পুৰুষৰ পৰা এগৰাকী নাৰীলৈ আৰু এগৰাকী নাৰীৰ পৰা আন এগৰাকী নাৰীলৈ সংক্ৰমণ ঘটাৰ সম্ভাৱনা থাকে যদিহে তেওঁলোকৰ মাজত দৈহিক সম্পৰ্ক স্থাপন হয়।

পুৰুষসকলৰ মাজত দেখা দিয়া ট্ৰাইক’মনিয়াছিছৰ লক্ষণ

এই সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত পুৰুষসকলৰ যদিও কোনো বিশেষ লক্ষণ দেখা নাযায় তথাপিও কিছুমান ক্ষেত্ৰত বিসংগতিয়ে দেখা দিব পাৰে। তাৰে কেইটামান হ’ল-

  • পুৰুষাংগত অসহ্য অনুভৱ হ’ব পাৰে।
  • প্ৰস্ৰাৱ কৰোতে বিষ অনুভৱ হ’ব পাৰে।
  • বীৰ্য বাহিৰ হোৱা সময়তো বিষ অনুভৱ হ’ব পাৰে।

এইবিধ সংক্ৰমণৰ ব্যাধিৰ লক্ষণ সমূহ পুৰুষৰ তুলনাত মহিলাসকলৰ ক্ষেত্ৰত বেছি স্পষ্ট তথা গুৰুতৰভাৱে দেখা যায়। মহিলাসকলৰ ক্ষেত্ৰত এই ব্যাধিৰ সংক্ৰমণ হোৱাৰ এসপ্তাহৰ পৰা চাৰি সপ্তাহৰ ভিতৰত ইয়াৰ নিৰ্দিষ্ট লক্ষণসমূহ প্ৰতিফলিত হয়। তাৰে কেইটামান হৈছে-

  • যোনিদ্বাৰেদি ডাঠ ফেনযুক্ত বগা পদাৰ্থ নিৰ্গত হোৱা।
  • যোনিৰ অংশত অতি তীব্ৰ দুৰ্গন্ধ নিৰ্গত হয়।
  • যোনিৰ সমগ্ৰ অংশটোৰ অত্যধিক খজুৱতি আৰু জ্বলাপুৰা অনুভৱ হয়।

ট্ৰাইক’মনিয়াছিছ্‌ৰ চিকিৎসা ব্যৱস্থাঃ

এইবিধ যোনি সংক্ৰমণৰ ব্যাধিৰ ক্ষেত্ৰ্ত সাধাৰণতে পিলিং ব্যৱস্থাই অৱলম্বন কৰা হয়। এই ব্যাধিৰ চিকিৎসাত ব্যৱহৃত হোৱা ঔষধবিধ হৈছে মেট্ৰনাইডেজল আৰু ইয়াৰ সেৱনৰ পৰিমাণ নিৰ্ভৰ কৰিব চিকিৎসকৰ পৰামৰ্শৰ ওপৰত। এইখিনিতে এইটো উল্লেখযোগ্য যে- যদি শাৰীৰিক সম্পৰ্ক থকা এহাল পুৰুষ-মহিলাৰ যিকোনো এজন এই ব্যাধিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। গতিকে এজনৰ চিকিৎসা আৰম্ভ থাকে। গতিকে এজনৰ চিকিৎসা আৰম্ভ হোৱাৰ লগে লগে একে সময়তে আনজনৰো চিকিৎসা কৰা উচিত।

প্ৰতিৰোধৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাঃ

আমি সকলোৱে জানো যে এটা ৰোগৰ চিকিৎসাতকৈ সেই ৰোগ প্ৰতিৰোধৰ বাবে আগতীয়াকৈ গ্ৰহণ কৰা ব্যৱস্থাই হ’ব এক উত্তম পন্থা। গতিকে ট্ৰাইক’মনিয়াছিছ্‌ৰ দৰে এটা গুৰুতৰ সংক্ৰমণ ব্যাধিৰ ক্ষেত্ৰত উপৰোক্ত প্ৰবচনটোৰ যথেষ্ট তাৎপৰ্যপূৰ্ণ। এই ব্যাধিৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আমি ল’ব পৰা কেইটামান সহজ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে কিছু কথা জানি থওঁ আহক।

  • যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত সদায় কনডম ব্যৱহাৰ কৰিব লাগে। সমকামী নাৰীৰ মাজত যৌনসম্বন্ধ স্থাপন হোৱাৰ সময়ত যৌনাংগত এক বিশেষ আৱৰণ ৰখা উচিত।
  • ট্ৰাইক’মনিয়াছিছৰ দ্বাৰা আক্ৰান্ত এগৰাকী নাৰী বা এজন পুৰুষ এইচ আই ভি ৰ দ্বাৰা আক্ৰান্ত হোৱাৰো সম্ভাৱনা থাকে।
  • এই ব্যাধিৰ দ্বাৰা যদি এগৰাকী গৰ্ভৱতী মহিলা আক্ৰান্ত হয়, তেন্তে তেওঁৰ গৰ্ভস্থ সন্তানৰ অপৈণত অৱস্থাতে প্ৰসৱ কাৰ্য সম্পাদন হ’ব পাৰে। গতিকে এই ব্যাধিয়ে সমগ্ৰ গৰ্ভধাৰণ প্ৰক্ৰিয়াটোতে বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে।

বেক্টেৰিয়েল ভেজিন’ছিছ্‌ঃ

বহু সংখ্যক মহিলাই ইষ্টভেজিনেল ইনফেক্‌ছন ব্যাধিটো সঘনে দেখা দিয়া যোনিৰ ব্যাধি হিচাপে বিশ্বাস কৰে যদিও প্ৰকৃততে বেক্টেৰিয়েল ভেজিন’চিছ হৈছে মহিলাসকলৰ মাজত অত্যধিকভাৱে দেখা দিয়া যোনি সংক্ৰমণৰ ব্যাধি। এইটো এক সমীক্ষাৰ ভিত্তিত প্ৰমাণিত হৈছে যে এই ব্যাধিয়ে মুঠ জনসংখ্যাৰ ১০-৬৪ শতাংশ পৰ্যন্ত মহিলাক যিকোনো সময়ত আক্ৰান্ত কৰি তুলিব পাৰে। এইবিধ ব্যাধি উপযুক্ত চিকিৎসা ব্যৱস্থাৰে উপশম কৰিব পাৰি যদিও সঠিক সময়ত সঠিক চিকিৎসা ব্যৱস্থা গ্ৰহণ নকৰিলে ই মহিলাগৰাকীৰ ৰাজহাড়ৰ মজ্জাত অত্যাধিক বিষ আৰু জ্বলণ-পূৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে এনে পৰিস্থিতিয়ে এগৰাকী মহিলাৰ গৰ্ভধাৰণৰ ক্ষেত্ৰতো জটিলতাৰ সৃষ্টি কৰাৰ লগতে অন্যান্য শাৰীৰিক সংক্ৰমণ ঘটাতো অৰিহণা যোগাব পাৰে। বিশেষকৈ গৰ্ভধাৰণৰ সময়ছোৱাত এই ৰোগ উদ্ভৱ হোৱাৰ সম্ভাৱনীয়তা অতি বেছি হোৱ দেখা যায়।

বেক্টেৰিয়েল ভেজিন’ছিছ উদ্ভৱ হোৱাৰ মূল কাৰণঃ

বেক্টেৰিয়েল ভেজিন’ছিছ উদ্ভৱ হোৱাৰ প্ৰাথমিক কাৰণ হিচাপে উল্লেখ কৰিব পাৰি এনাইৰবিক, উদ্ভিদ জীৱাণু আৰু গাৰ্ডনাৰেলা অণুজীৱ বিধৰ অতিৰিক্ত গঠন-প্ৰক্ৰিয়া। স্বাস্থ্যসন্মত যোনিত এই দুবিধ উদ্ভিদ জীৱাণু আৰু অণুজীৱৰ পৰিমাণ তেনেই সীমিত পৰিমাণে থাকে। আনহাতে নাৰী দেহৰ যোনিত প্ৰকৃতিগতভাৱে থকা লেক্ট’বেচিলি নামৰ উদ্ভিদ জীৱাণুবিধে অন্যান্য অণুজীৱ বা উদ্ভিদ জীৱাণুৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। কিন্তু যোনিৰ সমগ্ৰ অংশটোত যদি এনাইৰবিক আৰু গাৰ্ডনাৰেলা জাতীয় উদ্ভিদ জীৱাণু আৰু অণুজীৱৰ সংক্ৰমণ অত্যাধিকভাৱে বৃদ্ধি পায়, তেন্তে এনে পৰিস্থিতিত লেক্টবেচিলিয়ে সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হয়।

যিসকল মহিলা মাহেকীয়া ঋতুস্ৰাৱৰ সমস্যাত সঘনে ভূগে আৰু যিসকল মহিলাৰ ক্ষেত্ৰত এনে ধৰণৰ যোনি সংক্ৰমণ ব্যাধিৰ সম্ভাৱনীয়তা অধিক।

বেক্টেৰিয়েল ভেজিনছিছ্‌ৰ লক্ষণঃ

যোনি সংক্ৰমণৰ এইবিধ ব্যাধিৰ দুটা মুখ্য লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • যোনিৰ পৰা নিৰ্গত হোৱা তীব্ৰ বেয়া গোন্ধ।
  • যোনিদ্বাৰত অনুভৱ হোৱা অত্যাধিক খজুৱতি আৰু জ্বলন-পুৰণ।

বেক্টেৰিয়েল ভেজিন’ছিছ্‌ৰ চিকিৎসাঃ

এইবিধ পদ্ধতিৰ চিকিৎসা পদ্ধতিটো হৈছে তুলনামূলকভাৱে সহজ চিকিৎসা পদ্ধতি আৰু সঠিক বিশ্লেষণৰ দ্বাৰা এইবিধ ৰোগ নিৰাময় কৰাটো সম্ভৱ। এই ব্যাধিৰ চিকিৎসাৰ বাবে cleocin-20% মানৰ এবিধ ক্ৰীম যোনিদ্বাৰত ৰাতি শোৱাৰ সময়ত তিনিৰ পৰা সাতদিন নিয়মীয়াকৈ লগালে সুফল পোৱা যায়। তদুপৰি এণ্টিবায়টিক পিলিং ব্যৱস্থাও এইৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহৃত হয়।

বেক্টেৰিয়েল ভেজিন’ছিছ্‌ৰ প্ৰতিৰোধৰ উপায়ঃ

  • যোনিদ্বাৰ সদায় পৰিষ্কাৰ আৰু শুকান অৱস্থাত ৰাখিব লাগে।
  • যোনিদ্বাৰত জ্বলন-পূৰণৰ দৰে অসহ্য অনুভৱ কৰিলে সুগন্ধীযুক্ত চাবোন বা অন্য কোনো সুগন্ধীযুক্ত চাবোন বা অন্য কোনো সুগন্ধীযুক্ত সামগ্ৰী ব্যৱহাৰ কৰা অনূচিত।
  • যৌন সম্পৰ্ক স্থাপনৰ আগতে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা উচিত।
  • যোনি সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হোৱা কোনো লক্ষণ যদি আপুনি নিজৰ দেহত প্ৰত্যক্ষ কৰে, তেন্তে আপোনাৰ প্ৰথম কৰণীয় হ’ব এজন যৌনৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লৈ এই ব্যধিৰ চিকিৎসাৰ দিশত অগ্ৰসৰ হোৱা।

উৎসঃ সৌন্দৰ্য্য আৰু স্বাস্থ্য আলোচনী

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate