অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্থ নাৰীৰ স্তনযুগল

সুস্থ নাৰীৰ স্তনযুগল

নাৰীদেহৰ স্তনযুগলৰ লগত জনন্দ্ৰেয়ৰ যথেষ্ট সম্পৰ্ক থাকে। স্ত্ৰী জননেন্দ্ৰিয় বিষয়ে লিখিবলৈ লওঁতেই স্তনযুগলৰ গঠন আৰু ক্ৰিয়াকলাপ সম্বন্ধে আলোচনা নকৰিলে স্ত্ৰীৰোগ বিষয়ৰ লেখাবোৰ উদ্দেশ্যবিহীন হৈ পৰিব।

যৌৱন আৰম্ভ হোৱাৰ আগলৈকে ল’ৰা-ছোৱালী উভয় লিংগতে স্তনৰ কোনো পাৰ্থক্য নেথাকে কিন্তু যৌৱনৰ আগমন হোৱাৰ লগে লগে হৰমনৰ প্ৰভাৱত নাৰীদেহৰ স্তনযুগলৰ বিকাশ ঘটে। স্তনযুগলৰ ভিতৰত চৰ্বি জমা হ’বলৈ ধৰে। গ্ৰন্থিবোৰৰ বৃদ্ধি ঘটে লগে লগে স্তনযুগলৰ ভৰপুৰ, উন্নত আৰু কোমল হ’বলৈ লয়। প্ৰতিটো স্তনৰ গ্ৰন্থীয় কলাবোৰ ১৫ ৰ পৰা ২০ টা মান খণ্ডত বিভক্ত হৈ থাকে আৰু প্ৰতিটো খণ্ডতে বহুবোৰ কোষৰ সমষ্টি থাকে। এইবোৰক এলভিঅ’লি বা লোবিউল বোলা হয়। এই গ্ৰন্থিবোৰৰ কাম দুগ্ধ নি:সৰণ কৰি সৰু সৰু দুগ্ধবাহী নলীৰে বোৱাই নি স্তনমুকুলত (স্তন যুগলৰ অগ্ৰভাগ) মুক্ত কৰি দিয়ে। স্তনমুকুলৰ চাৰিওফালে এক ইঞ্চিমান ব্যাসাৰ্দ্ধৰ গোলাকাৰ এটি ক্ষেত্ৰ আছে যাক এৰিওলা বোলা হয়। গাৰ ৰঙতকৈ আপেক্ষিকভাৱে এৰিওলাৰ ৰং গাঢ় হয়। নি:সন্তান অৱস্থাত এই ৰং পাতল গোলাপী বা মুগা বৰণৰ হয় আৰু অন্ত:সত্ত্বা হোৱাৰ পিছতে এই ৰং সলনি হৈ ক’লা পৰে। গৰ্ভাৱস্থা চাৰিমাহত পৰাৰ লগে লগে এৰিওলাৰ ওপৰত ১০ ৰ পৰা ২০ টা মান ক্ষুদ্ৰ ক্ষুদ্ৰ দানাৰ সৃষ্টি হয়। ইয়াকে মন্ট গোমৰিছ টিউবাৰক’ল বোলা হয়। ওপৰত উল্লেখ কৰি অহা স্তনযুগলৰ ভিতৰত থকা দুগ্ধগ্ৰন্থিৰ পৰা ওলাই অহা সৰু সৰু নলীবোৰক দুগ্ধবাহী নলী বা চিকিৎসা শাস্ত্ৰৰ ভাষাত Lactiferous duct ৰ বোলা হয়। এই নলী স্তন মুকুলৰ আগভাগত মেলখোৱাৰ ঠিক আগতে বেলুনৰ দৰে ফুলা অৱস্থাত থাকে তাকে লেক্টিফেৰাচ চাইনাচ বা এম্পুলা বুলি কোৱা হয়।

নৱজাতক শিশুৱে যেতিয়া মুখেৰে স্তন চুপিবলৈ লয় তেতিয়া এই দুগ্ধবাহী এম্পুলাবোৰত হেচা পৰে লগে লগে শৰীৰত থকা পষ্টেৰিয়ৰ পিটুটিয়াৰি নামৰ আন এবিধ গ্ৰন্থিৰ পৰা অক্সিটোচিন নামৰ হৰমন অধিক পৰিমাণত নি:সাৰিত হয় যিয়ে স্তন দুগ্ধ ক্ষৰণত সহায় কৰে। এই ক্ৰিয়াৰ সামগ্ৰিক প্ৰভাৱত নৱজাতক শিশুৱে খাবলৈ মুখতে গাখীৰকণ পায়।

মাহেকীয়া ঋতুৰ সময়ত স্তন যুগলৰ আকাৰ বাঢ়ে। আকৌ গৰ্ভাৱস্থাত আৰু প্ৰসৱৰ পিছত দুগ্ধ নি:সৰণকালত ইয়াৰ আকাৰ আৰু যথেষ্ট পৰিমাণে বাঢ়ি যায়। মেন’পজ বা ঋতু সমাপ্ত কালত নাৰীদেহৰ স্তনগ্ৰন্থি ক্ৰমশ: শুকাই আহে।

স্তনযুগলৰ কৰ্কটৰোগৰ কথা কিছু পৰিমাণে বুজ ল’বলৈ হ’লে আগতীয়াকৈ স্তন কলাৰ বিষয়ে জনাৰ দৰকাৰ; তেতিয়া বিষয়টো বুজিবলৈ সহজ হৈ পৰে। এই স্তনকলা গঠনকাৰী কোষবোৰৰ অনিয়ন্ত্ৰিত আৰু ক্ষতিকৰ সংঘ্যাত বৃদ্ধিকে স্তন কেঞ্চাৰ হ’ব পাৰে। সাধাৰণতে স্তনৰ কেঞ্চাৰ নলীতেই হয় লবিউলত কেঞ্চাৰ হোৱা সংখ্যা বিৰল।

লিখক: ডা: দীনেশ শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate