অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্ত্ৰীৰোগ

স্ত্ৰীৰোগ

স্ত্ৰীৰোগ বুলিলেই মুখ্যত: স্ত্ৰী বা মহিলাই জননেন্দ্ৰিয় সম্পৰ্কত ভোগ কৰা কষ্ট বা পীড়াৰ কথাই সাধাৰণতে বুজোৱা হয়। সৰ্বসাধাৰণে মানুহে ভোগাৰ দৰেই এগৰাকী মহিলায়ো দেহৰ যিকোনো এবিধ ৰোগত ভুগিব পাৰে। হ’লেও, যিকোনো এবিধ ৰোগত ভুগিলেই মহিলাগৰাকী স্ত্ৰীৰোগত ভোগ বুলি গণ্য কৰা নহয়। এইখিনিতেই স্ত্ৰী-জননেন্দ্ৰিয়ৰ বেমাৰৰ কথাটো আহি পৰে। গাইনোক’লজী শব্দটোৰ আভিধানিক অৰ্থ হ’ল চিকিৎসা শাস্ত্ৰৰ যিটো বিভাগ বা শাখাই স্ত্ৰী-জননেন্দ্ৰিয় বা স্ত্ৰী যৌনাংগৰ ৰোগ সম্বন্ধে আলোচনা কৰে আৰু শিক্ষা দিয়ে তাক গাইনক’লজী বোলা হয়। আকৌ যিহেতু এই স্ত্ৰী যৌনাংগই হ’ল মহিলাৰ প্ৰজনন অংগ বা Reproductice Organ গতিকে প্ৰসূতি বা গৰ্ভস্থ সন্তান জন্ম দিয়াৰ বিষয়টো ‘অৱষ্টেট্‌ৰিক্স’ ইয়াৰ লগত জড়িত হৈ পৰে। অৱষ্টেট্‌ৰিক্স শব্দটোৰ অসমীয়া অৰ্থ হ’ব প্ৰসূতি বিজ্ঞান বা প্ৰসৱবিদ্যা, যাৰ ভিতৰতে নাৰীৰ গৰ্ভাৱস্থা, প্ৰসৱ আৰু প্ৰসৱোত্তৰকাল এই তিনিটা পৰ্য্যায় বা ষ্টেজ সোমাই আছে। Obstetrics শব্দটো লেটিন শব্দ ‘Obsterix’ ৰ পৰা নিৰ্গত হৈছে। Obsterix মানে ধাত্ৰী বা Midwife সেয়েহে বিষয়টোক Midwifery বা ধাত্ৰীবিদ্যা বুলিও কোৱা হয়। যদি শব্দ দুটা অৰ্থ প্ৰকাশৰ ক্ষেত্ৰত দুয়োটা একাৰ্থক শব্দ, থোৰতে স্ত্ৰীৰোগ শাস্ত্ৰ বুলিলেই ই Obstetrics (প্ৰসূতিবিদ্যা)আৰু Gynacology দুয়োটা বিষয়কে সামৰে, চমুকৈ O&G বোলা হয়। দৰাচলতে কিন্তু গৰ্ভাৱস্থা বহন কৰিলেই মহিলাগৰাকীক এগৰাকী ৰুগীয়া দেহৰ মহিলা বুলি ক’ব নোৱাৰি। গৰ্ভাৱস্থাৰ সময়খিনি মহিলাৰ মহিলাৰ শৰীৰ তত্বৰ এক স্বাভাৱিক অৱস্থা আৰু গৰ্ভাৱস্থাৰ বাবে দেহাত পৰিলক্ষিত হোৱা বিভিন্ন পৰিৱৰ্তনসমূহকো স্বাভাৱিক লক্ষণ বুলিয়েই গণ্য কৰা হয়। তেতিয়াহ;লে গৰ্ভৱতী মাতৃগৰাকী চিকিৎসকৰ ওচৰলৈ যাব লাগে। কিয়? এগৰাকী গৰ্ভৱতী মাতৃয়ে ৯ মাহ ১০ দিনৰ এটা স্বাভাৱিক গৰ্ভাৱস্থাৰ পৰিক্ৰমা অতিবাহিত কৰি এটি স্বাস্থ্যৱান নিপোটল সন্তান স্বাভাৱিক প্ৰসৱ ক্ৰিয়াৰ মাজেৰে প্ৰসৱ কৰিব পৰাটোহে সুস্থ গৰ্ভৱতী আৰু স্বাভাৱিক প্ৰসৱৰ লক্ষণ। প্ৰশ্নটো তাতেই কেতিয়াবা দেখা যায়, গৰ্ভাৱস্থাৰ কালছোৱাতেই হওক, প্ৰসৱ ক্ৰিয়াৰ মাজতেই হওক বা প্ৰসৱোত্তৰ কালছোৱাতে হওক মহিলাগৰাকী নানান তৰহৰ অস্বাভাৱিক সমস্যা বা আহুকলীয়া ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। কিয় হয়- এই কাৰণবোৰ পৰীক্ষাৰ মাজেৰে উদ্‌ঘাটন কৰি তাৰ নিৰাময় বা দূৰীকৰণ কৰি গৰ্ভৱতী মহিলাক সকাহ দিবলৈ হ’লে এগৰাকী ধাত্ৰী বা এগৰাকী চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন।

অজ্ঞতাৰ বাবেই হওক বা গৰ্ভাৱস্থাৰ যত্নৰ প্ৰতি আওকণীয়া মনোভাৱৰ বাবেই হওক বহু ক্ষেত্ৰত এটি স্বাভাৱিক গৰ্ভাৱস্থাই অস্বাভাৱিক ৰূপ ধাৰণ কৰি অবাঞ্ছিত প্ৰসৱৰ দুৰ্ভোগ ভোগ কৰিবলগীয়া হয় বা কোনো সময়ত মৃত্যুৰ দৰে এক ভয়ানক পৰিণতি আঁকোৱালি ল’ব লগা হয়। আকৌ স্বাভাৱিকভাৱে গৰ্ভাৱস্থাৰ সময়ছোৱা সুপৰিকল্পিতভাৱে পাৰ কৰিবলৈকো কিছুমান বিধিগত শাৰীৰিক পৰীক্ষা, লেবৰেটৰী পৰীক্ষা, আহাৰ, ব্যায়াম, দৰৱ আদি বিষয়সমূহৰ দিহা ল’বলৈ এগৰাকী ধাত্ৰী বা চিকিৎসকৰ প্ৰয়োজন। অৱশ্যে যুগৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষা-দীক্ষা, জ্ঞান-বিজ্ঞান আৰু সভ্যতাৰ পৰিসৰে মাতৃ আৰু শিশু মংগলৰ কথাবোৰে আজিৰ নাৰীসকলক সতৰ্ক কৰি তুলিবলৈ শিকাইছে। প্ৰাগৈতিহাসিক যুগত হয়তো পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ মানৱ সন্তানটিও সাধাৰণ জন্তু-জানোৱাৰৰ দৰেই হাবিয়ে-জংঘলে, পৰ্বতে-পাহাৰে, গছৰ খোৰোং, শিলৰ গুহাৰ মাজতে জন্ম হৈছিল। কিন্তু মানৱ সভ্যতাৰ ক্ৰমবৰ্দ্ধমান গতিত আহি আহি সি আজিৰ পৰ্য্যায়ত উপনীত হৈছে। সভ্য জগতৰ মানুহে এদিন বুজি পালে যে পৰিয়ালত, সমাজত মাতৃত্বৰ দায়িত্বপূৰ্ণ কথা।

পৌৰাণিক কালত ইহুদীসকলৰ মাজত এটা জনবিশ্বাস আছিল মানৱ সৃষ্টিকৰ্তা ভগৱানে হেনো সৃষ্টিৰ ঠিক পিছতেই হঠাৎ ভাবিবলৈ আৰম্ভ কৰিলে যে এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ মানৱ জাতিটোক উপযুক্তভাৱে লালন-পালন দি ৰাখিবলৈ হ’লে আৰু এক সহায়ক শক্তিৰ প্ৰয়োজন হ’ব। এই বিকল্প শক্তিৰ কথা চিন্তা কৰি থাকোতেই হেনো অন্তৰ্যামী ভগৱানৰ সৃষ্টি কল্পনাত স্বত:স্ফূৰ্তভাৱে ধৰা দিলে মানৱৰূপী এগৰাকী নাৰীৰ প্ৰতিচ্ছবি এখনে। এই নাৰীয়েই হ’লগৈ সহায়ক শক্তিৰ এক বিকল্প সৃষ্টি-ঈশ্বৰ তেওঁৰ ধৈৰ্যশক্তি আৰু মানৱ জাতিৰ পৰিয়ালৰ লালন-পালনৰ দায়িত্ব ল’ব পৰা কাৰ্য্যৰ মুখ্য আধাৰ। গতিকে নাৰীয়ে নিজকে এই কাৰ্য্যৰ বাবে সৰ্বাঙ্গীনভাৱে উপযুক্ত কৰি তুলিবলৈ আৰু সৰ্বপ্ৰকাৰে অজ্ঞতাৰ পৰা নিজে নিজকে মুক্ত কৰিব জানিব লাগিব। প্ৰথম প্ৰজনন কালত দেহত হোৱা পৰিৱৰ্তনবোৰ; গৰ্ভাৱস্থাৰ স্বাভাৱিক আৰু অস্বাভাৱিক লক্ষণবোৰ, তাৰ প্ৰতিকাৰৰ উপায় সম্পৰ্কত জ্ঞান আহৰণ কৰিব লাগিব। তেওঁলোকে বুজিব লাগিব যে পুৰুষ-মহিলাৰ বৈষম্যমূলক আচৰণৰ কোনো বিজ্ঞানসন্মত যুক্তি নাই বৰঞ্চ সমাজৰ প্ৰগতি আৰু দেশৰ উন্নয়ন নাৰী জগতৰ প্ৰগতিৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰে সেইবাবেই নাৰীয়ে নিজকে প্ৰস্তুত কৰিবলৈ হ’লে তলত উল্লেখ কৰা বিষয়বোৰত ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োজন।

  • দৈহিক অংগ আৰু দৈহিক পৰিৱৰ্তন প্ৰজনন সম্পৰ্কে বিজ্ঞানসন্মত দিশটোৰ প্ৰতি জ্ঞান ধাৰণা।
  • নিৰাপদ মাতৃত্বৰ বিষয়ে জ্ঞান।
  • মাতৃ আৰু শিশু মংগল সম্পৰ্কত স্বাস্থ্য উন্নয়নৰ চৰকাৰী আৰু বেচৰকাৰী আঁচনিসমূহৰ প্ৰতি আগ্ৰহ।
  • কেৱল এইখিনিতেই সন্তুষ্টি লভিলে নহ’ব। সমাজত বিশেষকৈ মহিলাৰ দেহত বা মনত জ্বলন্ত  সমস্যাৰ সৃষ্টি কৰিব পৰা কিছুমান বিষয়ে পুথিগত জ্ঞান প্ৰত্যক্ষভাৱে পঢ়ি বা চিকিৎসা বৃত্তিগত শিক্ষাৰে শিক্ষিতসকলৰ পৰা আয়ত্ত কৰিব লাগিব।
  • এইচ আই ভি সংক্ৰমণ আৰু এইডছ সংক্ৰমণৰ বিষয়ে।
  • জৰায়ু আৰু স্তনৰ কেঞ্চাৰ, টিউমাৰ বা কৰ্কট ৰোগৰ বিষয়ে।
  • বন্ধ্যাত্ব , ইয়াৰ চিকিৎসা, পৰিত্ৰাণ আৰু দত্তক গ্ৰহণৰ আইনগত ব্যৱস্থাৰ বিষয়ে।

গতিকে দেখা গ’ল যে চিকিৎসা শাস্ত্ৰত প্ৰসূতি বিদ্যাৰ লগতে স্ত্ৰীৰোগৰ বিষয়টোৱেও এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আছে।

গৰ্ভাৱস্থাৰ বাবেই হওক বা স্ত্ৰীৰোগত ভোগা অসুস্থতাৰ বাবেই হওক ঘৰখনৰ মানুহগৰাকী অসুস্থ হৈ পৰা মানেই, মানুহজনৰ ক্ষতি, সন্তানকেইটিৰ ক্ষতি, ঘৰখনৰ ক্ষতি লগতে সমাজখনৰ ক্ষতি, বৃহৎ পৰিসৰত ভাবিবলৈ গ’লে দেশৰ ক্ষতি।

লিখক: ডা: দীনেশ শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate