স্ত্ৰীৰোগ বিষয়ক ৰোগসমূহ সঠিকভাৱে নিশ্চিত কৰিবলৈ হ’লে সচৰাচৰ কৰা শাৰীৰিক স্বাস্থ্য পৰীক্ষা আৰু লেব’ৰেটৰীত কৰা টেষ্টসমূহৰ উপৰি এক ব্যাপক পৰিসৰত বিশেষ কিছুমান যান্ত্ৰিক আৰু অনুবীক্ষণ পৰীক্ষাৰ সহায় ল’বলগীয়া হয়।
ভাৰতবৰ্ষত জৰায়ুত হোৱা কেঞ্চাৰ ৰোগৰ ভিতৰত জৰায়ুৰ মুখ বা চাৰ্ভিক্সত হোৱা কেঞ্চাৰেই প্ৰধান। ইয়াক সঠিকভাৱে নিৰ্ণয় কৰিবলৈ হ’লে নিৰ্ভৰযোগ্য আৰু একেবাৰে প্ৰাৰম্ভিকতে কৰিবলৈ দিয়া পৰীক্ষাবিধৰ নামেই হ’ল পেপ টেষ্ট। স্পেকুলাম নামৰ ষ্টেইনলেছ ষ্টীলৰ যন্ত্ৰ এবিধ যৌনাঙ্গৰ পথেৰে সুমুৱাই দি প্ৰজনন নলীত সোমাই থকা জৰায়ুৰ মুখ বা চাৰ্ভিক্সৰ পৰা ৰস সংগ্ৰহ কৰি তাক ‘পেপানুকুলা’ নামৰ ষ্টেইন বা ৰাসায়নিক ৰঙৰ পদাৰ্থৰ লগত কাচৰ শ্লাইডত আট খুৱাই অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰা হয়। অণুবীক্ষণ পৰীক্ষাৰটোৰ দ্বাৰা চাৰ্ভিক্সৰ ৰসৰ লগত সংগৃহীত হৈ অহা কোষবোৰৰ গঠনৰ বুজ লৈ কোষবোৰৰ মাজত কেঞ্চাৰ কোষৰ পৰিৱৰ্তন দেখা যায় নেকি বা কে়ঞ্চাৰ প্ৰসাৰ আৰম্ভ হৈছে নেকি তাৰ ৯০ শতাংশ সঠিকভাৱে, আনকি চাৰভাইকেল কেঞ্চাৰৰ পূৰ্বৱৰ্তী অৱস্থা এটাৰো সিদ্ধান্ত ল’ব পাৰি। যুক্তৰাজ্য, ইংলেণ্ড, ফ্ৰাণ্স, জাৰ্মানী আদি উন্নত দেশসমূহৰ মহিলাই মহিলাৰ কেঞ্চাৰ স্ক্ৰিনিং ক্লিনিকসমূহত নিয়মীয়াভাৱে পৰীক্ষা কৰি লোৱাটো প্ৰায় বাধ্যতামূলক হৈছে। উল্লেখযোগ্য যে ‘পেপ টেষ্ট’ৰ বাবে নমুনা সংগ্ৰহ কৰা ব্যৱস্থা কেই মিনিটমানৰ ভিতৰতে সম্পন্ন কৰা হয়। মহিলাগৰাকীয়েও কোনো কষ্টবোধ নকৰে আৰু এনাস্থেছিয়াৰ দৰে জটিল প্ৰক্ৰিয়াৰ প্ৰয়োজন নহয়। আমাৰ দেশৰ মহানগৰ আৰু নগৰসমূহত থকা সকলো উন্নত মানৰ পেথ’লজিকেল পৰীক্ষাগাৰসমূহত এই সুবিধা এতিয়া সহজলভ্য হৈ উঠিছে।
ভাৰতবৰ্ষত যিহেতু জৰায়ুৰ মুখ বা চাৰ্ভাইকেল কেঞ্চাৰৰ হাৰ সবাতোকৈ বেছি, সেয়েহে ৩৫ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই বছৰত অন্ততঃ এবাৰলৈ হ’লেও অভিজ্ঞ প্ৰসূতি চিকিত্সকৰ তত্ত্বাৱধানত এই পেপ টেষ্ট কৰোৱা দৰকাৰ। কিয়নো মহিলাৰ জৰায়ুৰ কেঞ্চাৰ ৰোগ ধৰা পেলাবলৈ এইটোৱেই হ’ল প্ৰাৰম্ভিক পৰীক্ষা।
জৰায়ুৰ ডায়েগ্ন’ষ্টিক ডি এণ্ড চি অপাৰেশ্যনঃ জৰায়ুৰ ‘ডি এণ্ড চি’ কৰোৱা মানে জৰায়ুৰ মুখৰ(চাৰ্ভিক্স)প্ৰসাৰণ ঘটাই ভিতৰৰ আৱৰণখন চুৰুকি পৰিষ্কাৰ কৰা। এই পৰিষ্কৰণৰ পিছত যিখিনি ভিতৰৰ এণ্ডোমেট্ৰিয়েল টিছু উলিয়াই অনা হয় তাক পেথলজিকেল লেবৰেটৰীত বায়প্সীৰ মাধ্যমেৰে পৰীক্ষা কৰোৱা হয়। টিছুখিনিৰ ভিতৰত অস্বাভাৱিক বা সন্দেহজনক কেনছাৰ কোষ অনুবীক্ষণ যন্ত্ৰৰ তলত ধৰা পৰিলে, পৰৱৰ্তী পৰীক্ষাসমূহলৈ আগবঢ়া হয়।
এনে পৰীক্ষা কিন্তু ক্ষন্তেকীয়া এনাস্থেটিক ইনজেকচন ব্যৱহাৰ ককৰি হাস্পতালৰ অপাৰেচন কক্ষৰ ভিতৰতহে কৰা হয়। দেহৰ কোনো সন্দেহজনক সতেজ অংশৰ পৰা কিঞ্চিত টিছু কাটি বা ৰুকি বা বেজিৰে খঁচি আনি মাইক্ৰ’স্কোপৰ দ্বাৰা কৰা পৰীক্ষাকে বায়’প্সী পৰীক্ষা বোলা হয়। ইয়াক চিকিত্সা বিজ্ঞানৰ ভাষাত হিষ্ট’ল’জিকেল ষ্টাডী বা কোষপুঞ্জৰ পৰীক্ষা বুলি কোৱা হয়; ৰোগ বিশেষকৈ কৰ্কট বা কেঞ্চাৰ ৰোগৰ শ্ৰেণী, ধৰণ-ৰকম আৰু প্ৰসাৰ বা বিস্তাৰৰ হাৰ ইত্যাদি সম্বন্ধে নিশ্চিতকৈ আৰু পৰিষ্কাৰভাৱে জনা যায়। প্ৰসঙ্গক্ৰমে জানি লওক যে চিকিত্সকে বায়’প্সী কৰিবলৈ দিয়া মানেই কেঞ্চাৰ সন্দেহ কৰা নুবুজায়। কেঞ্চাৰ ৰোগৰ উপৰি টিবি(যক্ষ্মা), কুষ্ঠ, ফাঙ্গেল ইনফেকশ্যন বা হানিকাৰক ভেঁকুৰৰ বাবে হোৱা ৰোগ, প্ৰদাহজনক ৰোগ বা ইনফেকচাছ ডিজিজ আদি নিৰ্দ্দিষ্টকৈ ঠাৱৰ কৰিবলৈকো এই পৰীক্ষা কৰোৱা হয়। শৰীৰত দেখা দিয়া যিকোনো টিউমাৰ বা টেমুনাৰ পৰা লোৱা বায়’প্সীৰ টিছুৰপৰা টেমুনাবিধ হানিকাৰক কেঞ্চাৰ নে অহানিকাৰ বিনাইন জানিব পৰা যায়।
লেখক: ডাঃ দীনেশ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 4/21/2020
থেল্ছৰ পৰীক্ষা
চহা-মইনাহঁতৰ আঁৰে আঁৰে ২
অধ্যয়নৰ ভাৰসমতা
কেকোঁৰা, মিছামাছৰ মাজত ম’বাইল ফ’ন পৰীক্ষা