অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্ত্ৰীৰোগ নিৰ্ণায়ক যান্ত্ৰিক পৰীক্ষা

স্ত্ৰীৰোগ নিৰ্ণায়ক যান্ত্ৰিক পৰীক্ষা

হিষ্টেৰোস্ক’পী

জৰায়ুৰ গহ্বৰৰ ভিতৰখন পৰীক্ষা কৰি চাবলৈ ব্যৱহাৰ হোৱা ই এক ধৰণৰ এণ্ডাস্ক’পী। এই যন্ত্ৰটি যৌনাঙ্গৰ পথেৰে জৰায়ুৰ ভিতৰত চাৰভাইকেল কেনেলেৰে সুমুৱাই দি জৰায়ুৰ মুখখনৰ(চাৰ্ভিক্স) লগতে অন্তৰ গহ্বৰৰ সকলোখিনি প্ৰত্যক্ষভাৱে চকুৰে চাই পৰীক্ষা কৰা হয়। সৰু প্ৰায় এক ছেণ্টিমিটাৰ ব্যাসাৰ্দ্ধৰ এটা টিউবৰ লগত নমনীয় ফাইবাৰ অপটিক্সযুক্ত হৈ থাকে যাৰ জৰিয়তে পোহৰৰ সহায়ত জৰায়ুৰ গহ্বৰৰ ভিতৰখন স্পষ্ট দেখা যায়। এই যন্ত্ৰটিৰ লগত আকৌ বায়স্পিৰ বাবে ভিতৰৰ পৰা টিছু নমুনা সংগ্ৰহৰ ব্যৱস্থা আৰু ৰুগ্ন টিছু পুৰি দিয়া ব্যৱস্থাও সংযুক্ত থাকে। জৰায়ুৰ ভিতৰৰ পৰা হৈ থকা ৰক্ত ক্ষৰণৰ উৎসৰ বুজ ল’বলৈ নতুবা জৰায়ু গহ্বৰৰ ভিতৰত টিউমাৰ বা অন্য কোনো অস্বাভাৱিকতা সন্দেহ হ’লে হিষ্টেৰোস্ক’প যন্ত্ৰেৰে পৰীক্ষা কৰি ততাতৈয়াকৈ ৰোগৰ বুজ ল’ব পাৰি।

লেপাৰোস্ক’পী পৰীক্ষা

লেপাৰোস্ক’প যন্ত্ৰটিও হ’ল এবিধ এণ্ডোস্ক’প। এই যন্ত্ৰৰ সহায়েৰে পেটৰ ভিতৰত থকা পেৰিচনিয়েল কেভিটি বা শ্ৰোণীচক্ৰৰ খোলোঙত সুমাই থকা অংগ-প্ৰত্যঙ্গসমূহ প্ৰত্যক্ষভাৱে চকুৰে চাই পৰীক্ষা কৰিব পৰা যায়। কোৱা বাহুল্য যে এই যন্ত্ৰৰ সহায়েৰে ৰোগ নিৰ্ণয় আৰু ৰোগ চিকিত্সা দুয়োবিধ কাৰ্য সাধন কৰিব পৰা যায়। এই পৰীক্ষাত এনাস্থেছিয়াৰ প্ৰয়োজন আছে বাবেই চিকিত্সালয়ৰ অস্ত্ৰোপচাৰ কক্ষত হৈ সমাধা কৰা হয়। এই পৰীক্ষাত পেটৰ নাভীৰ ঠিক তলদেশত এটি সৰু ছিদ্ৰ কৰি লেপাৰোস্ক’প যন্ত্ৰটি পেট গহ্বৰলৈ সুমুৱাই দিয়া হয়। ইয়াৰ পিছত যন্ত্ৰ সংলগ্ন অপটিক্সৰপৰা নিৰ্গত পোহৰৰ সহায়ত গহ্বৰৰ ভিতৰত থকা অংগসমূহৰ সুস্থতা বা অস্বাভাৱিকতা যন্ত্ৰটি ঘূৰাই পকাই তন্ন-তন্নকৈ পৰীক্ষা কৰি চাব পাৰি। সমগ্ৰ তল পেট আৰু পেলভিছৰ খোলোংটো যাতে ভালদৰে দৃষ্টিগোচৰ হয় তাৰ বাবে ভিতৰলৈ কাৰ্বন-ডাই-অক্সাইড গেছ সুমুৱাই পেটৰ ভিতৰখন ফুলাই দিয়া হয়। আভ্যন্তৰীণ জননেন্দ্ৰিয়ৰ লগত জড়িত হৈ থাকিব পৰা বন্ধ্যাত্বৰ কিবা কাৰণ জানিবলৈ, তলপেটৰ বিষৰ কাৰণ বিচাৰি আৰু আভ্যন্তৰীণ জননেন্দ্ৰিয়ৰ অন্যান্য ৰোগসমূহ নিৰ্ণয়ৰ বাবে লেপাৰোস্ক’পী পৰীক্ষাৰ সহায় লোৱা হয়। এনেবিলাক পৰীক্ষাৰ উপৰি পেটৰ ভিতৰৰপৰা বায়স্পি ল’বলৈ, ষ্টেৰিলাইজেচন বা বন্ধ্যাত্বকৰণ প্ৰক্ৰিয়া টিউবেল লাইগেছন বা টিউবেল কটাৰী কৰিবলৈকো লেপাৰোস্ক’পী ব্যৱহাৰ হয়।। ইয়াৰো ষ্ষ্টেৰিলাইজেচন বুলিও জনা যায়। আধুনিক স্ত্ৰীৰোগ চিকিত্সা বিজ্ঞানত লেপাৰোস্ক’প যন্ত্ৰৰ সহায়েৰে এক বিশেষ কৌশল খটুৱাই জৰায়ুৰ ফাইব্ৰয়েদ জাতীয় টেমুনা বা টিউমাৰৰ স্থান বিশেষে আৰু দহ ছেঃমিঃ ভিতৰৰ ব্যাসাৰ্দ্ধ হ’লে অপাৰেচনৰ সহায়ত গুচাই পেলাব পাৰি। লেপাৰোস্ক’পীক মায়’মেকট’মী বোলা হয়। এনে কৌশল অৱলম্বনত পেট ফালি টিউমাৰ গুচোৱাৰ প্ৰয়োজন নপৰে আৰু চিকিত্সালয়ত ১/২ দিনতকৈ বেছি আৱদ্ধ হৈ থাকিব নালাগে।

লেখকঃ ডাঃ দীনেশ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate