অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰজোনিবৃত্তি বা মেনোপ'জৰ বিষয়ে কেইটিমান জানিবলগীয়া কথা

চমু বিৱৰণি

আজিৰ স্বাস্থ্য-কথাত ৰজোনিবৃত্তি বা মেনোপ'জৰ বিষয়ে কেইটিমান লাগতিয়াল কথা পাঠকক অৱগত কৰাৰ খুজিছোঁ ৷ ৰজোদৰ্শন আৰু ৰজোনিবৃত্তি এই শব্দ দুটা কিছু আচহুৱা আৰু অপ্ৰচলিত হলেও প্ৰতিগৰাকী নাৰীৰ জীৱনৰ সৈতে ওত:প্ৰোতভাবে শব্দ দুটা জড়িত ৷ তিৰোতাৰ মাহেকীয়া হোৱাক বুজাবলৈ অসমীয়াত প্ৰয়োগ কৰা শব্দকেইটা হ'ল ৰজস্বলা হোৱা, ঋতুমতী হোৱা, পুষ্পবতী হোৱা আৰু চুৱা হোৱা ৷ এগৰাকী নাৰীৰ পোন প্ৰথমবাৰৰ বাবে মাহেকীয়া আৰম্ভ হোৱাৰ অৱস্থাক ৰজোদৰ্শন (Menarche) বোলে আৰু মাহেকীয়া একেবাৰে বন্ধ হৈ যোৱা অৱস্থাক ৰজোনিবৃত্তি (Menopause)বোলে ৷ সমীক্ষামতে আমাৰ ভাৰতবৰ্ষত ১৩ৰ পৰা ১৪বছৰ বয়সৰ ভিতৰত ৰজোদৰ্শন হয় আৰু ৪৭ৰ পৰা ৪৮বছৰ বয়সৰ ভিতৰত ৰজোনিবৃত্তি হয় ৷ দুয়োক্ষেত্ৰতে ব্যতিক্ৰমো অৱশ্যে দেখা যায়৷ ৪০বছৰ বয়স নৌহওতেই ৰজোনিবৃত্তি হোৱা অৱস্থাক অপৰিপক্ব ৰজোনিবৃত্তি (Premature menopause)বোলে ৷ ধূম্ৰপান, ৰেডিয়েচন, কেমোথেৰাপি আদিৰ ফলত অভেৰি বিকল হলে শৰীৰত অইষ্ট্ৰজেন হৰমোন কমি যোৱাৰ ফলত এনে হব পাৰে ৷ প্ৰসূতি আৰু স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ মতে ভাৰতবৰ্ষত অপৰিপক্ব ৰজোনিবৃত্তিৰ পৰিসংখ্যা ক্ৰমাত বৃদ্ধি পাব ধৰিছে ৷
এই আলোচনাৰ পৰৱৰ্তী পৰ্য্যায়ত পাঠকৰ সুবিধাৰ্থে সচৰাচৰ প্ৰচলিত শব্দ মেনোপ'জ শব্দটোকে ব্যৱহাৰ কৰিম ৷

মেনোপ'জ হোৱাৰ কাৰণ

মহিলাসকলৰ প্ৰজনন তন্ত্ৰত এযোৰকৈ ডিম্বাশয় (অভেৰি) থাকে ৷ ডিম্বাশয়ৰ পৰা প্ৰতিমাহে একোটাকৈ ডিম্ব নিৰ্গত হয় ৷ এই ডিম্বই পুৰুষৰ শুক্ৰানুৰ সৈতে লগ লাগিলে গৰ্ভধাৰণ হয় ৷ গৰ্ভধাৰণ হলে গৰ্ভস্থ সন্তান প্ৰসৱ নোহোৱালৈ মাহেকীয়া বন্ধ থাকে ৷ আকৌ গৰ্ভধাৰণ নহলে মহিলাগৰাকী ঋতুমতী হয় ৷ ডিম্বাশয়ৰ পৰা অ'ষ্ট্ৰেজন আৰু প্ৰজেষ্ট্ৰৰন নামৰ হৰমোনৰ নি:সৰণ হয় ৷ সেই হৰমোন দুবিধৰ প্ৰভাৱৰ ফলতেই মহিলাসকলৰ এইসমূহ স্বাভাবিক প্ৰক্ৰিয়া সুচাৰুৰূপে চলি থাকে ৷ এই হৰমোন দুবিধৰ নি:সৰণ বয়স বঢ়াৰ লগে লগে ক্ৰমে কমিবলৈ ধৰে ৷ ফলত মাহেকীয়া পোনতে অনিয়মীয়া হবলৈ ধৰে আৰু এটা সময়ত নোহোৱা হয় ৷ আকৌ মস্তিষ্কৰ পিটিউটৰি গ্লেণ্ডৰ পৰা ওলোৱা ফলিক'ল ষ্টিমুলেটিং হৰমোনে ডিম্বাশয়ৰ ক্ৰিয়াকলাপক নিয়ন্ত্ৰণ কৰি ৰাখে ৷ সাধাৰণ অৱস্থাত মেনোপ'জ হয়গৈ মানে মহিলাগৰাকীৰ বয়স ৪৫ৰ ৫০ৰ কাষ পায়গৈ ৷ কিন্তু উল্লেখিত বয়সৰ পূৰ্বে আন কিছুমান কাৰণত অ'ষ্ট্ৰেজন আৰু প্ৰজেষ্ট্ৰৰন হৰমোনৰ দেহত অভাৱ ঘটিব পাৰে ৷ উদাহৰণ হ'ল-অপাৰেচন কৰি ডিম্বাশয় আৰু জৰায়ু আঁতৰ কৰিলে; ৰেডিয়েচন বা কেমোথেৰাপি লোৱাৰ ফলত; নিকোটিনৰ কুপ্ৰভাৱৰ ফলত ৷

মেনোপ'জৰ লক্ষণসমূহ

গৰম চকমকনি (Hot flashes) অনুভূত হোৱা - শৰীৰ ৰঙা পৰি হঠাতে গৰম অনুভৱ হোৱা -৩০চেকেণ্ডৰ পৰা কেইমিনিটমান সময়ৰ বাবে৷ শৰীৰৰ উত্তাপ আৰু হৃদগতি সেই সময়ত বাঢ়ি যায় ৷ ঘাম ওলায় আৰু ভাগৰ অনুভৱ হয় ৷ নিদ্ৰাত ব্যাঘাত জন্মে ৷ মেনোপ'জ হোৱা মহিলাৰ ২৷ ৩ বছৰলৈ এনে হব পাৰে ৷
প্ৰসাব জ্বলা পূৰা আৰু সঘনাই হোৱা ৷ প্ৰসাব নিয়ন্ত্ৰণ কৰাত অসুবিধা পোৱা ৷ হাঁহিলে, কাহিলে, হাঁচিয়ালে বা গধুৰ বস্তু দাঙিলে প্ৰসাব আপোনা-আপুনি বাহিৰ হোৱা ৷

যৌনাংগত হোৱা শাৰীৰিক পৰিবৰ্তন

যোনিৰ স্বাভাবিক ৰস শুকাই যোৱা, জৰায়ুৰ আকাৰ সৰু হব ধৰা, জননাংগৰ চুলি কমিবলৈ ধৰা ৷ সহবাসত কষ্ট অনুভৱ হোৱা ৷ যৌন সংগমৰ ইচ্ছা কমি যোৱা ৷
স্তন কোমল হৈ পৰে আৰু তাত বিষো অনুভৱ হব পাৰে ৷
অ'ষ্ট্ৰেজনৰ অভাৱত চুলি পাতল হয় আৰু সৰিব ধৰে ৷ ছালো শুকান আৰু পাতল হব ধৰে ৷

মানসিক পৰিবৰ্তন

মেজাজ খিংখিঙিয়া হৈ পৰা, চিন্তা ভাৱনাত ডুবি থকা, কথা পাহৰি যোৱা, মনোযোগ দিব নোৱৰা, মূৰৰ বিষ হৈ থকা, অকাৰণে দুখী হোৱা আদি ৷
হৰমোনৰ অসন্তুলনৰ ফলত শৰীৰৰ ওজন বাঢ়িবলৈ ধৰে ৷ নিতম্ব আৰু স্তনৰ আশে পাশে চৰ্বি জমা হব ধৰে ৷
টটেল ক'লেষ্টৰল, এল ডি এলৰ দৰে অপকাৰী ক'লেষ্টৰল বঢ়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷
হাড়বিলাকৰ ঘনত্ব কমাৰ ফলত গাঠিৰ বিষ হব পাৰে আৰু হাড় ভঙাৰ সম্ভাৱনা বাঢ়ি যায় ৷

মেনোপ'জৰ ফলত হব পৰা জটিলতাসমূহ

থোৰতে হব পৰা জটিলতাসমূহ হ'ল - ১-হৃদৰোগ (তেজত অনিষ্টকাৰী লিপিড বঢ়াৰ হেতুকে) ২-হাড়ৰ ঘনত্ব কমি যোৱাৰ ফলত সহজতে হাড় ভঙা ৩-প্ৰসাবৰ সংক্ৰমণ আৰু অন্যান্য উপসৰ্গ ৪- মেদবহুলতাৰ দিশে গতি কৰা ৫- যৌন জীৱনত প্ৰভাৱ পৰা ৷

মেনোপ'জৰ চিকিৎসা

হৰমোনৰ দ্বাৰা চিকিৎসা- ন্যুনতম পৰিমানৰ অ'ষ্ট্ৰেজন যোগান ধৰিলে গৰম লগা ভাৱ অহাটো বন্ধ হয় আৰু হাড়ৰ ক্ষয় ৰোধ হয় ৷হৰমোনৰ চিকিৎসা ৰোগীভেদে কেবল অ'ষ্ট্ৰেজন, নহলে প্ৰজেষ্ট্ৰৰন মিহলাই দিয়া হয় ৷ এই চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া হ'ল পিত্ত আৰু লিভাৰৰ অহিত হোৱা, ৰক্তক্ষৰণ, স্তনৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা ৷
শুকান যোনিত লগাবলৈ হৰমোনযুক্ত ক্ৰিম পোৱা যায় ৷
মানসিক দিশটোৰ উন্নতি কৰিবলৈ এন্টিডিপ্ৰেচেন্ট প্ৰয়োগ কৰিব পাৰি ৷
ফিট হোৱা ৰোগীক দিয়া গাবাপেন্টিন ঔষধ, উচ্চ ৰক্তচাপত ব্যৱহাৰ হোৱা ক্লনিডিন দৰবৰ দ্বাৰায়ো কিছুসংখ্যক ৰোগীক চিকিৎসা কৰা হয় ৷
উচিত মাত্ৰাত কেলচিয়াম আৰু ভিটামিন-ডি যোগান ধৰা ৷ ৰ'দৰ যোগেদি ভিটামিন-ডি আহৰণ কৰিব পাৰিব ৷

ঘৰুৱা ব্যৱস্থাৱলী

পাতল কাপোৰ পৰিধান কৰিব ৷
কফি,মদ, ধূম্ৰপান, গৰম মছলা আদি এৰাই চলিব ৷
টোপনি নিয়মীয়া সময়মতে যথোচিত সময়ৰ বাবে লব ৷
ৰাগিয়াল দ্ৰব্য একো গ্ৰহণ নকৰিব৷
নিয়মীয়া ব্যায়াম আৰু যোগাসন কৰা ভাল ৷৷
কোনো কোনোজন ৰোগী একোপাংচাৰৰ দ্বাৰায়ো উপকৃত হয় ৷

খাদ্য নিৰ্দেশনা

গাখীৰ, তিল,চয়াবিন,পনীৰ, বুট,মটৰ,মাহ, গাজৰ,বন্ধাকবি, সেউজীয়া শাক পাচলি আদি নিয়মিত সেৱন কৰা ভাল ৷ এনে খাদ্যৰ যোগেদি প্ৰাকৃতিক অ'ষ্ট্ৰেজন (Phytoestrogen ) উপলব্ধ হয় ৷সদায় সুষম খাদ্য গ্ৰহণ কৰিব ৷এই সময়ত অমেগা-৩ ফেটি এচিডযুক্ত খাদ্য যেনে – চলমান আৰু টুনা মাছ, অলিভ অইল, আখৰুট, ৰঙালাউ-সূৰ্যমূখীৰ গুটি বেচ উপকাৰী । চুলি আৰু ছালৰ সুৰক্ষাৰ বাবে অমেগা-৩ ফেটি এচিড লাগতিয়াল তত্ব৷

মোখনিত দুআষাৰ

একেলেথাৰিয়ে ১২টামাহ মাহকীয়া নহলে মেনোপ'জ বুলি নিশ্চিত হব পাৰিব ৷ মেনোপ'জ হোৱাৰ পূৰ্বে অনিয়মীয়া মাহেকীয়া হৈ থকা সময়তো গৰ্ভধাৰণ হব পাৰে ৷ মেনোপ'জ হোৱাৰ অৰ্থ জীৱন ভাটি পৰি যোৱা নহয় ৷ যৌন জীৱনো শেষ হৈ নাযায় ৷ গৰ্ভধাৰণৰ আশংকাৰ পৰা মুক্তহৈ নিৰ্ভয়ে নিজ সংগীৰ সৈতে সহবাস কৰিব পাৰিব ৷ ইয়াৰ দ্বাৰা আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যও অটুট থাকিব ৷

লেখাটোত এটা কথা উল্লেখ নকৰিলে নহব৷ বহুতো মহিলাই নিজৰ মাহেকীয়া হোৱাত পলম হলে আনক দেখি বা সুধি নহলে ফাৰ্মেচীৰ দৰব বিক্ৰেতাৰ পৰামৰ্শলৈ দৰব খায়৷ সেয়া অতি বিপদজনক৷ ইয়াৰ পাৰ্শ্বক্ৰিয়াস্বৰূপে অনিয়মীয়া মাহেকীয়া, ৰক্তস্ৰাৱ, উচ্চ ৰক্তচাপ আদি হব পাৰে৷ সেয়ে মাহেকীয়া সময়মতে নহলে চিকিৎসকৰ পৰামৰ্শমতেহে দৰব খোৱা উচিত৷ কাৰোবাৰ অবাঞ্চিত গৰ্ভধাৰণ হলেও চিকিৎসকৰ হাতত তাৰ প্ৰতিকাৰ উপলব্ধ৷

পাঠকৰ জ্ঞাতাৰ্থে জনাওঁযে প্ৰতিবছৰে ১৮ অক্টোবৰত 'বিশ্ব মেনোপ'জ দিবস' পালন কৰা হয় ৷ যাৰ উদ্দেশ্য হ'ল নাৰী সমাজত স্বাস্থ্য সজাগতা অনা ৷

লেখক: ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate