অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপোনাৰ গৰ্ভাৱস্থা আশংকাময় নেকি?

আপোনাৰ গৰ্ভাৱস্থা আশংকাময় নেকি? সেই বিষয়ে লিখা হৈছে ।

 

সকলো মহিলাই বিচাৰে এটি সুস্থ-সবল শিশু জন্ম হওক। কিন্তু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে মহিলাগৰাকীক গৰ্ভাৱস্থাত বিশেষ আশংকাই দেখা দিয়ে। বিশেষকৈ মাতৃগৰাকী যদি হৃদৰোগ, মধুমেহ ৰোগ অথবা উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হয় তেতিয়া হ’লে মাতৃগৰাকী বহু সমস্যাৰ সন্মুখীন হয়। এনে বিশেষ আশংকাত ভোগা মহিলা যেনে-

১) ধূমপানত বিষাক্ত ৰাসায়নিক পদাৰ্থ যেনে নিক’টিন, কাৰ্বন মন’ক্সাইড আদিয়ে শৰীৰৰ ধমনীসমূহ শুকুৱাই অক্সিজেনৰ মাত্ৰা শৰীৰত কমাই দিয়ে। ফলত গৰ্ভত থকা শিশুটিলৈ কম পৰিমাণৰ পুষ্টিকৰ পদাৰ্থ সৰবৰাহ হয়। শিশুটিৰ এনে অৱস্থাত কম পুষ্টিকৰ পদাৰ্থৰ বাবে মগজু অথবা হাঁওফাওঁত ক্ষতিসাধন হ’ব পাৰে। কেতিয়াবা সময়তকৈ আগত অথবা বিকাৰগ্ৰস্ত শিশু জন্ম দিব লগা হ’ব পাৰে। সুৰাপানে গৰ্ভাৱস্থাত মাতৃৰ লগতে শিশুটিৰ বিভিন্ন শাৰীৰিক, মানসিক, বৌদ্ধিক দিশত ক্ষতিসাধন কৰে আৰু বহু সময়ত স্থায়ীভাৱে ক্ষতি কৰিব পাৰে।

২) গৰ্ভাৱস্থাত মেদ বহুলতা এক বিশেষ আশংকা হিচাপে ধৰিব পাৰি। মাতৃৰ ইয়াৰ ফলত শাৰীৰিক অসুস্থতা যেনে- জেষ্টেচনেল ডায়েবেটিছ, প্ৰি এক্লেমচিয়া, চিলপএপেনিয়া (Sleep apnea) ৰোগত ভুগিব পাৰে। শিশুটি আশংকাৰ পৰা মুক্ত নহয়। যাৰ ফলত মেক্ৰচমিয়া অৰ্থাৎ জোখতকৈ ডাঙৰ শিশু বা আগতীয়াকৈ প্ৰসৱ অথবা জন্মতে মৃত অৱস্থাত প্ৰসৱ হ’ব পাৰে।

৩) যদিহে মহিলাগৰাকী পূৰ্বৰে পৰা কোনো ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি ঔষধ সেৱন কৰি আহিছে যেনে- উচ্চ ৰক্তচাপ, থাইৰয়ড , মধুমেহ ৰোগ ইত্যাদিত তেনে মহিলাই গৰ্ভৱতী হোৱাৰ পূৰ্বৰে পৰা সুচিকিৎসকৰ দ্বাৰা পৰামৰ্শ লৈ ঔষধ সেৱন কৰিব লাগে। অন্যথা শিশুটিৰ লগতে মাতৃৰো জীৱনৰ প্ৰতি আশংকা আহিব পাৰে। বিশেষকৈ শিশুটিৰ ছুপাৰ ইম্প’ছড প্ৰি এক্লেমচিয়া (Super imposed pre Ecclampsia) , গ্ৰ’থ ৰিটাৰডেড ফিটাছ (Growth Retarded Fetus) আদি সমস্যাত ভুগিব পাৰে।

৪) এগৰাকী গৰ্ভৱতী মহিলাই শৰীৰত ৰক্তহীনতাই দেখা দিলে গৰ্ভাৱস্থাৰ প্ৰতি বিশেষ আশংকাত পৰাৰ সম্ভাৱনা অধিক। এনে সময়ত গৰ্ভৱতী মহিলাৰ ৰক্তক্ষৰণ, ওজন বৃদ্ধিত বাধা বা সময়তকৈ আগত প্ৰসৱ হ’ব পাৰে।

৫) হৃদৰোগত আক্ৰান্ত এগৰাকী মহিলা গৰ্ভাৱস্থাৰ বিশেষ আশংকাৰ শাৰীত পৰাৰ সম্ভাৱনা অধিক। এনে মহিলাই নিয়মিতভাৱে সুচিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাব লাগে।

৬) ইয়াৰ উপৰি কোনো মহিলাই যদি এজমা , পূৰ্বতে গৰ্ভুপাত, ১৮ বছৰৰ তলৰ বয়সৰ আৰু ৩৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ হয় তেনেহ’লে গৰ্ভাৱস্থাৰ বিশেষ আশংকাৰ শাৰীত পৰাৰ সম্ভাৱনা অধিক।

৭) যদিহে যমজ বা তাতোকৈ অধিক শিশু গৰ্ভধাৰণ হয় তেনেহ’লে এনে মাতৃ আৰু শিশুৰ জটিলতা বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। জটিলতাবোৰ যেনে- আগতীয়াকৈ প্ৰসৱৰ আশংকা, প্ৰি এক্লেমচিয়া, জেষ্টেচনেল ডায়েবেটিছ ইত্যাদিত ভুগিব পাৰে।

৮) যদিহে মহিলাগৰাকীয়ে কোনো নিৰ্দিষ্ট ঔষধ গ্ৰহণ কৰি আছে যেনে Lithium Phenytoin     যেনে Dilatin, Valproic Acid(Valprex), Carbamazepine (Tegretol)   , তেনে মহিলাসকল বিশেষ আশংকাৰ শাৰীত পৰে।

৯) পূৰ্বতে স্বাস্থ্যজনিত সমস্যা যেনে কৰ্কটৰোগ, অংগ প্ৰতিষ্ঠান, যৌন সংক্ৰমিত ৰোগ, ওজন হ্ৰাস কৰা অস্ত্ৰোপচাৰত ভুগিলেও গৰ্ভধাৰণৰ সময়ছোৱাত বিশেষ আশংকাৰ শাৰীত পৰে।

১০) পূৰ্বতে গৰ্ভাৱস্থাৰ সময়ত যদিহে মহিলাগৰাকী কোনো জটিলতাই দেখা দিছিল যেনে  প্ৰি এক্লেমচিয়া, জেষ্টেচনেল ডায়েবেটিছ সময়তকৈ আগত প্ৰসৱ (preterm birth) হ’লে বিশেষ আশংকাৰ শাৰীত পৰে।

১১) যদিহে শিশুটিৰ ওলোটা, পথালি, জোখতকৈ সৰু বা জন্মগত বিকৃতি থাকে তেতিয়াহ’লে মহিলাগৰাকী গৰ্ভাৱস্থাৰ বিশেষ আশংকাই দেখা দিব পাৰে। গৰ্ভাৱস্থাত দেখা দিয়া আশংকাসমূহ কিদৰে প্ৰতিৰোধ কৰিব পাৰি-

ক) মহিলাসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে অলোচনা, নিয়মীয়া স্বাস্থ্য পৰীক্ষা লগতে মহিলাসকলক চিকিৎসকৰ কাষ চপাৰ বাবে উৎসাহিত কৰিব লাগে।

খ) গৰ্ভধাৰণৰ পূৰ্বে সুচিকিৎসকৰ দ্বাৰা আগতীয়াকৈ পৰামৰ্শ আৰু পৰীক্ষণ কৰোৱাব লাগে।

গ) এনে আশংকা থকা মহিলাই প্ৰসৱৰ বাবে আগতীয়াকৈ উন্নত মানৰ সুবিধা থকা স্বাস্থ্য কেন্দ্ৰ অথবা চিকিৎসালয়ত সম্পৰ্ক স্থাপন কৰিব লাগে।

ঘ) গৰ্ভত থকা শিশুটিক উপযুক্ত মাত্ৰাত বৃদ্ধিৰ লগতে কোনো ধৰণৰ জটিলতাই যাতে দেখা নিদিয়ে তাৰ বাবে নিয়মীয়া যত্ন ল’ব লাগে। যদিহে আপুনি এনে বিশেষ আশংকাৰ শাৰীত পৰিছে তেনেহ’লে গৰ্ভৱতী হোৱাৰ পূৰ্বে সজাগ হোৱা উচিত।

*নিয়মীয়া আৰু নিৰ্দিষ্ট সময়ত আলট্ৰাছ’ন’ গ্ৰাফী কৰোৱা উচিত।

*শিশুটিৰ গতিবৃদ্ধি পৰ্যবেক্ষণ কৰিব পৰা ইলেক্ট্ৰ’নিক ফেটেল মনিটৰিং… অথবা কাৰ্ডিঅ’টপ’গ্ৰাফী কৰা প্ৰয়োজন। দৰাচলতে গৰ্ভাৱস্থাৰ বিশেষ আশংকাসমূহ এটা ৰোগ নহয়। ই আচলতে গৰ্ভাৱস্থাৰ সময়ছোৱাত দেখা দিব পৰা বিভিন্ন জটিলতা, লগতে মাতৃ আৰু শিশুটিৰ প্ৰতি ভাবুকি আনিব পৰা  বিভিন্ন স্বাস্থ্যজনিত সমস্যা। সুচিকিৎসাৰ দ্বাৰা গৰ্ভৱতীয়ে এটি সুস্থ-সবল শিশু জন্ম দিবলৈ সক্ষম হয়। সেয়েহে মহিলাগৰাকীয়ে নিজকে মানসিকভাৱে প্ৰস্তুত হৈ গৰ্ভধাৰণৰ পূৰ্বৰে পৰা প্ৰসৱলৈকে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত।

সেয়েহে গৰ্ভধাৰণ কৰিব বিচৰা মহিলাসকলৰ লগতে সকলো মহিলাই মুকলিমনে আলোচনা কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহক অৰু সুচিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

লেখিকা: ডা: আয়না বৰঠাকুৰ

উৎস: (আমাৰ অসম পূৰ্বাচল)

 

3.05
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top