অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপোনাৰ স্ত্ৰী গৰ্ভৱতী নেকি :

স্ত্ৰী গৰ্ভৱতীৰ বিষয়ে লিখা হৈছে ।

 

গর্ভাৱস্থাত এজনী মহিলাৰ প্রতি তেখেতৰ স্বামীৰ দায়িত্ব -

পৃথিৱীত নাৰী জীৱনৰ আটাইতকৈ ৰোমাঞ্চকৰ অনুভূতিয়েই হৈছে মা হোৱাৰ অনুভূতি।সন্তান ধাৰণৰ এই ন মাহ সময়ত প্ৰতিজনী নাৰীৰ জীৱনত ব্যাপক পৰিৱৰ্তন আহে।

এই পৰিৱৰ্তন শাৰীৰিক, মানসিক আদিকে ধৰি সকলো ক্ষেত্ৰতে হয়। স্বামী হিচাপে প্রথমে আপুনিয়েই আপোনাৰ স্ত্রীৰ এই পৰিৱৰ্তনৰ লগত খাপ খোৱাৰ মানসিকতা তৈয়াৰ কৰিব লাগিব।

স্বামী হিচাপে আপোনাৰ কৰণীয় -

১.আপোনাৰ স্ত্রীয়ে যে আপোনাৰ জীৱনৰ এক অসাধাৰণ প্রাপ্তি সেয়া নিজকে অনুধাৱন কৰাওক। এই সময়ত নাৰীৰ শাৰিৰীক পৰিৱৰ্তন ওজন বঢ়াৰ লগে লগে মুৰ ঘুৰণি, বমি বমি ভাৱ আৰু শৰীৰ দুৰ্বল ও এলেহুৱা হয়।

এই সময়ত আপোনাৰ স্ত্রী হয়তো নিজৰ শাৰিৰীক সৌন্দর্য্য লৈ হীনমন্যতাত ভুগিব পাৰে। এইখিনি সময়ত আপুনি তেখেতৰ প্রশংসা কৰক।ইয়াৰ দ্বাৰা আপোনাৰ স্ত্ৰীৰ আত্মবিশ্বাস বঢ়াৰ লগতে আপুনি যে তাইক বহুত বেছি মৰম কৰে সেয়া অনুধাৱন কৰিব।

২.স্ত্রীক চিকিৎসকৰ ওচৰত লৈ যোৱাৰ দায়িত্ব আপুনিয়েই পালন কৰক। ইয়াৰ দ্বাৰা আপুনি যে আপোনাৰ স্ত্রীক গুৰুত্ব দিছে সেয়া আপোনাৰ স্ত্ৰী অনুভৱ কৰিব। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে উন্নয়নশীল দেশৰ মহিলাই সম্পূৰ্ণ গর্ভকালীন সময়ত ন্যূনতম চাৰি বাৰ চিকিৎসকৰ পৰামৰ্শ লব লাগে। ইয়াক এন্টি-নেটেল চেক-আপ বুলি কোৱা হয়।

এইমতে:

*প্রথম ১৫ৰ পৰা ১৮ সপ্তাহৰ ভিতৰত এবাৰ

*১৮ ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত এবাৰ

*২৪ ৰ পৰা ৩৬ সপ্তাহৰ ভিতৰত এবাৰ

*৩৬ সপ্তাহৰ পিছৰ পৰা প্রতি সপ্তাহতেই চিকিৎসকৰ লগত যোগাযোগ অব্যাহত ৰাখিব লাগে।

৩.ঘৰত থকা সময়খিনিত স্ত্রীক সকলো সময়তে সহযোগ কৰক।এইখিনি সময়ত শৰীৰ অত্যন্ত ক্লান্ত থাকে। বিশেষকৈ প্রথম ভাগ(ফার্স্ট টার্ম)ও তৃতীয় ভাগ (থার্ড টার্ম)ত।এই সময়ত ঘৰুৱা প্ৰতিটো কামত পাৰ্যমানে সহযোগ কৰক।

৪.স্ত্রীক(Surprised)চমক দিয়ক।গৰ্ভাৱস্থাত নাৰীৰ মানসিক অৱস্থা যেতিয়া তেতিয়াই পৰিৱৰ্তিত হয়।মন বেয়া লগা, সৰু কথাতেই উত্তেজিত হৈ যোৱা আদি খুবেই স্বাভাৱিক এইখিনি সময়ত। আপোনাৰ মৰম ভালপোৱাই স্ত্রীৰ এনেধৰণৰ পৰিৱর্তনত বাধা দিব পাৰে।

স্ত্রীৰ বাবে সময়ে সময়ে উপহাৰ লৈ অহাৰ অভ্যাস গঢ়ি তোলক। এটা কথা মনত ৰাখিব আপোনাৰ স্ত্ৰী মানসিকভাৱে সুস্থ থাকিলেহে আপোনাৰ হব লগা সন্তান সুস্থ হব।

৫.গৰ্ভাৱস্থাত আপোনাৰ স্ত্রীৰ বিৰুদ্ধে কোনো অভিযোগ নানিব। আপোনাৰ স্ত্রী হয়তো গৰ্ভধাৰণৰ আগত সংসাৰৰ ঘৰুৱা সকলো কাম নিজেই কৰিছিল।গৰ্ভধাৰণৰ পিছত সেয়া নকৰাৰ বাবে কোনো অভিযোগ নকৰিব, বৰঞ্চ আপুনি তাইক উৎসাহ দি কামত সহযোগ কৰক। আপোনাৰ এই সৰু কথাটোৱেই আপোনাৰ স্ত্ৰীক দিব পাৰে আনন্দৰ এক বিশাল অনুভূতি।

৬.গৰ্ভাৱস্থাত আপোনাৰ স্ত্ৰীৰ খোৱা-লোৱাৰ প্রতি ধ্যান ৰাখক। এই সময়ত নাৰীৰ শৰীৰৰ বাবে কেলৰিযুক্ত তথা অতিৰিক্ত খাদ্যৰ দৰকাৰ। খাদ্য তালিকাত মাছ, মাংস, শাক-পাচলি, গাখীৰ, কল, কণী, ফল-মুল ইত্যাদি ৰাখক।

৭.সাম্ভাব্য প্ৰসৱৰ তাৰিখ মনত ৰাখি অন্তত এমাহ আগৰ পৰাই প্রস্তুত থাকক। কিয়নো কেতিয়াবা কেতিয়াবা নির্ধাৰিত তাৰিখৰ আগতেই সন্তান প্ৰসৱ হ'ব পাৰে।

বিশেষ আহ্বানঃ

গৰ্ভধাৰণৰ পিছত আপোনাৰ স্ত্ৰীক পুষ্টিকৰ খাদ্য যোগান ধৰাৰ লগতে মানসিক চাপ,কষ্ট আদিৰ পৰা আতঁৰত ৰাখক আৰু সুস্থ-সবল সন্তানৰ পিতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰক!

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top