অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আৰ এইচ নিগেটিভ

আৰ এইচ নিগেটিভ

আৰ এইচ উপাংশ হৈছে মানুহৰ দেহৰ তেজৰ এক উপাংশ। সকলো মানুহৰে তেজৰ rhesus যোগাত্মক অথবা ঋণাত্মক থাকে। অধিকাংশ লোকৰে rhesus কাৰক দেহত থাকে আৰু তেওঁলোকৰ rhesus যোগাত্মক হয় (Rh+), আনহাতে কিছুমান লোকৰ দেহত rhesus ঋণাত্মক কাৰক(Rh-) থাকে আৰু তেওঁলোকৰ Rh কাৰক নাথাকে। উল্লেখ্য যে এই rhesus কাৰকৰ বাবে দেহত কোনো সমস্যাৰ সৃষ্টি নহয়। কিন্তু যেতিয়া এগৰাকী মাতৃৰ দেহত ঋণাত্মক থাকে আনহাতে তেওঁৰ গৰ্ভজাত শিশুটি যদি Rh যোগাত্মক হয় তেন্তে গৰ্ভজাত সন্তানৰ বাবে বিপদ অধিক হয় আৰু তাৰ লগতে পৰৱৰ্তী সময়ত গৰ্ভধাৰণৰ ক্ষেত্ৰতো একেধৰণৰ সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে। তলত এই সম্বন্ধীয় কিছু প্ৰশ্নোত্তৰ আমি পাঠকৰ বাবে আগবঢ়ালো যিয়ে গৰ্ভধাৰণৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায় কৰিব।

  • তেজৰ গ্ৰুপ Rh ঋণাত্মক। এই ক্ষেত্ৰত মই গৰ্ভধাৰণ কৰিব পৰা যাব নে?
  • তেজৰ গ্ৰুপ Rh ঋণাত্মক হোৱা দিশটোৱে প্ৰজনন ক্ষমতাৰ ওপৰত একো প্ৰভাৱ নেপেলায়। গৰ্ভধাৰণ কৰিব পাৰি।
  • তেজৰ গ্ৰুপৰ পৰিপ্ৰেক্ষিতত গৰ্ভাৱস্থাত কোনোধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে নেকি?
  • স্বামীৰ তেজৰ গ্ৰুপ Rh যোগাত্মক হয় তেন্তে গৰ্ভজাত সন্তানটিও Rh যোগাত্মক হ’ব পাৰে। গৰ্ভজাত সন্তানটি যদি Rh যোগাত্মক হয় তেন্তে আপোনাৰ দেহে আপোনাৰ গৰ্ভজাত সন্তানটিৰ বিপৰীতে প্ৰতিৰোধ গঢ়ি তুলিব পাৰে যিটোৱে স্বয়ংক্ৰিয়ভাৱে তাক ক্ষতি কৰিব পাৰে। অৱশ্যে এনে হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ।
  • দেহত প্ৰতিষেধক কেনেদৰে আৰু কিয় গঠিত হয়?
  • Rh যোগাত্মক ভ্ৰূণ (বা গৰ্ভজাত সন্তান)ৰ এনে ক্ষমতা থাকে যিয়ে ইয়াৰ নিজৰ দেহতে ৰোগ প্ৰতিৰোধ গঢ়ি তুলিব পাৰে। গৰ্ভধাৰণ কালছোৱাত কেতিয়াবা ভ্ৰূণটোৰ সামান্য অংশ তেজ মাকৰ শৰীৰৰ তেজৰ সৈতে মিহলি হ’ব পাৰে। যিয়ে মাতৃৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাক উথিত কৰি তোলে আৰু ইয়াৰ ফলতেই কেঁচুৱাটিৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিৰুদ্ধে এণ্টিব’ডি প্ৰস্তুত হৈ উঠে। এই এণ্টিব’ডিসমূহ শিশুটিৰ দেহতন্ত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু তাৰ দেহৰ ৰক্তকোষসমূহ নষ্ট কৰি পেলায় আৰু ইয়াৰ ফলতেই এনিমিয়াৰ দৰে ৰোগ হয়।
  • কেঁচুৱাটিক সুৰক্ষিত কৰি ৰাখিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে?
  • এইক্ষেত্ৰত আপোনাৰ প্ৰসূতি বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে প্ৰথমে আপোনাৰ স্বামীৰ তেজৰ গ্ৰুপ পৰীক্ষা কৰিব। তেওঁৰ তেজৰ গ্ৰুপ যদিহে Rh ঋণাত্মক হয় তেন্তে আপোনাৰ গৰ্ভধাৰণত কোনো বিপদ নাই। আনফালে আপোনাৰ স্বামীৰ তেজৰ গ্ৰুপ যদি Rh যোগাত্মক হয় তেন্তে আপোনাৰ চিকিৎসকে প্ৰতি ৬-৮ সপ্তাহৰ মূৰে মূৰে ভ্ৰূণটোৰ বিপৰীতে কাম কৰি থকা আপোনাৰ দেহৰ এণ্টিব’ডিসমূহ পৰীক্ষা কৰিব। যদি পৰীক্ষাটোত ঋণাত্মক থাকে অৰ্থাৎ দেহত যদি কোনো এণ্টিব’ডি গঠিত হোৱা নাই তেন্তে আপোনাৰ শিশুটি সুৰক্ষিত আছে।
  • কেঁচুৱাটোক সুৰক্ষা প্ৰদান কৰিবলৈ কোনোধৰণৰ চিকিৎসা বা বেজি ল’ব লাগে নেকি?
  • গৰ্ভাৱস্থাৰ দ্বিতীয় পৰ্যায়ত দেহত এণ্টিব’ডি প্ৰস্তুত হোৱা দিশটোৱেই সবাতোকৈ অধিক বিপদ কঢ়িয়ায়। তেনেস্থলত আপোনাৰ চিকিৎসকে গৰ্ভাৱস্থাৰ অন্তিম অৱস্থাত এণ্টিব’ডি প্ৰতিৰোধ কৰিবলৈ ২৮ সপ্তাহত আপোনাক এটি বেজি দিব।

গৰ্ভাৱস্থাৰ যিকোনো সময়ত যদিহে আপোনাৰ যৌনাঙ্গৰ ৰক্তক্ষৰণ হয় তেন্তে আপোনাক এটা অতিৰিক্ত ইনজ্যেকশ্যন এণ্টি ডি প্ৰদান কৰা হ’ব যাতে দেহত এণ্টিব’ডি উৎপাদন হোৱাটো প্ৰতিৰোধ কৰে। সন্তান প্ৰসৱৰ পিছত চিকিৎসকে কেঁচুৱাটিৰ দেহৰ তেজৰ গ্ৰুপ পৰীক্ষা কৰিব। যদি কেঁচুৱাটি Rh যোগাত্মক হয় তেন্তে আপোনাক অতিৰিক্তভাৱে এটা ইনজেকশ্যন এণ্টি ডি প্ৰদান কৰা হ’ব, যাতে আপোনাৰ ভৱিষ্যতৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত গৰ্ভস্থ সন্তানক ক্ষতি কৰিব পৰা এণ্টিব’ডি দেহত গঢ়ি তোলা প্ৰক্ৰিয়াত প্ৰতিৰোধ কৰিব পাৰে।

  • প্ৰতিগৰাকী নাৰীয়ে এই বেজিটো গ্ৰহণ কৰিব লাগে নেকি?
  • নালাগে। কেৱল আপোনাৰ গৰ্ভস্থ সন্তানটি বা কেঁচুৱাটি যদি Rh যোগাত্মক হয় তেনেক্ষেত্ৰতহে আপুনি ২৪ ঘণ্টাৰ ভিতৰত বা যথাসম্ভৱ সোনকালে এই বেজি গ্ৰহণ কৰিব লাগে।
  • গৰ্ভাৱস্থাত যিকোনো সময়ত যদিহে এণ্টিব’ডিৰ বাবে ৰক্ত পৰীক্ষাই যোগাত্মক ফল প্ৰদৰ্শন কৰে তেতিয়া কি হ’ব? ই কেঁচুৱাটিৰ ওপৰত কেনে প্ৰভাৱ পেলাব?
  • গৰ্ভাৱস্থাত আপোনাৰ দেহত যিকোনো সময়তেই যদি আপোনাৰ কেঁচুৱাটিৰ বিপৰীতে এণ্টিব’ডি গঠিত হয় তেতিয়া আপোনাৰ কেঁচুৱাটি গৰ্ভতে এনিমিয়া আৰু জণ্ডিচ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে, যিটো পৰৱৰ্তী পৰ্য্যায়ত অতি গুৰুতৰ ৰূপ ধাৰণ কৰে। কেতিয়াবা এই এনিমিয়া ৰোগে গুৰূতৰ ৰূপ ধাৰণ কৰি হৃদযন্ত্ৰ ডাঙৰ হৈ পৰাৰ লগতে সমগ্ৰ দেহ ফুলাই তোলে।
  • কেঁচুৱাটি প্ৰসৱৰ পিছতেই বা ২৪ ঘণ্টাৰ ভিতৰত জণ্ডিচত আক্ৰান্ত হ’ব পাৰে। তেনেক্ষেত্ৰত তাক কি চিকিৎসা প্ৰদান কৰিব লাগিব?
  • যদি গৰ্ভকালীন সময়ছোৱাত দেহত এণ্টিব’ডি গঠিত হয় তেতিয়া আপোনাৰ গৰ্ভস্থ সন্তানটি কি ধৰণে আক্ৰান্ত হৈছে সেয়া জানিবলৈ তাৰ ৰক্ত পৰীক্ষা কৰিব লাগিব (ইয়াৰ বাবে ক’ৰ্ড’চেণ্টেটিছ নামৰ সিৰা এডালত এটা বেজি সুমুৱাই তেজ আহৰণ কৰা হ’ব)। যদি তাৰ পৰিস্থিতি অধিক গুৰুতৰ হয় তেন্তে কেঁচুৱাটি তাৎক্ষণিকভাৱে চিকিৎসকে প্ৰসৱ কৰোৱাব লাগিব পাৰে অথবা ভ্ৰূণটো বা কেঁচুৱাটো যদিহে অধিক প্ৰাককালীন অৱস্থাতে আছে তেন্তে গৰ্ভৰ ভিতৰতেই এক ‘Exchange transfusion’ কৰিব লাগিব পাৰে। ইয়াতেই ভ্ৰূণটোৰ তেজ সংগ্ৰহ কৰা হ’ব আৰু O পজিটিভ তেজ প্ৰদানকাৰীৰপৰা গ্ৰহণ কৰা সতেজ তেজ তাক প্ৰদান কৰা হ’ব। এই পদক্ষেপ গ্ৰহণ কৰি মাকৰ দেহৰপৰা এণ্টিব’ডি আঁতৰোৱাত হয়। অৱশ্যে কেঁচুৱাটি সুৰক্ষিতভাৱে প্ৰসৱ নোহোৱা পৰ্যন্ত এই প্ৰক্ৰিয়াটো কেইবাবাৰো কৰিবলগীয়া হ’ব পাৰে।
  • প্ৰসৱৰ পিছত যদি এনিমিয়া আৰু জণ্ডিচ ৰোগত আক্ৰান্ত হয় তেতিয়া কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব?
  • প্ৰসৱৰ পিছত কেঁচুৱাটি যদি এনিমিয়া আৰু জণ্ডিচ ৰোগত আক্ৰান্ত হয় তেন্তে ততালিকে ইণ্টেনছিভ কেয়াৰ ইউনিটত ভৰ্তি কৰিব লাগিব আৰু ইয়াৰ তেজত থকা বিলিৰুবিন নষ্ট কৰিবলৈ ফটোথেৰাপী প্ৰদান কৰিব লাগিব আৰু এনিমিয়াৰ চিকিৎসা কৰিবলৈ ‘ব্লাড ট্ৰান্সফিউজন’ কৰিব লাগিব।
  • পৰৱৰ্তী গৰ্ভধাৰণত কোনো সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে নেকি?
  • আপোনাৰ বৰ্তমানৰ গৰ্ভধাৰণ প্ৰক্ৰিয়াত যদি কোনো সমস্যা নাই আৰু আপুনি যদিহে ইনজেকশ্যন এণ্টি ডি সময়মতে প্ৰসৱৰ পিছতেই গ্ৰহণ কৰিছে তেন্তে আপোনাৰ পৰৱৰ্তী গৰ্ভধাৰণ প্ৰক্ৰিয়াত সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ (এক শতাংশতকৈ কম) হয়। তথাপি প্ৰথমবাৰ গৰ্ভধাৰণত গ্ৰহণ কৰা সকলো সাৱধানতা পৰৱৰ্তী গৰ্ভধাৰণ কালতো গ্ৰহণ কৰা উচিত।

লিখকঃ ডাঃ গৌতম বৰুৱা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate