অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এম্‌নিয়টিক ফ্লুইড এম্বলিজম

এম্‌নিয়টিক ফ্লুইড এম্বলিজম

‘এম্বলিজম’ মানে ৰক্তবাহী শিৰাৰ মাজত সোপা লাগি তেজ চলাচল অৱৰুদ্ধ হোৱাটোকে বুজায়। ‘এম্বলিজম’ সৃষ্টি হয় কেনেকৈ? তেজৰ মখা (ক্ষুদ্ৰই হওক বা ডাঙৰেই হওক) যাক ইংৰাজীত ‘ব্লাড ক্লট’ বুলি কোৱা হয় বা অন্যান্য বিজতৰীয়া শৰীৰ ৰসৰ পৰা উৎপন্ন বস্তু যেনে, চৰ্বী, ছাল, চুলি, বায়ু কনিকা ইত্যাদি যেতিয়াই ডাঙৰ ৰক্তবাহী নলীৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তবাহী নলীৰ ভিতৰলৈ প্ৰৱেশ কৰিব তেতিয়াই ৰক্তবাহী নলিকাৰ ভিতৰত সোপা লাগি ধৰি ৰক্ত প্ৰবাহ অৱৰুদ্ধ হ’ব-ঠিক এই অৱস্থাটোকে এম্বলিজম বুলি কোৱা হয়। একোটা ঘটনাই ঘটিব পাৰে। গৰ্ভৱৰ্তী মাতৃৰ গৰ্ভাৱস্থা বা প্ৰসৱৰ মাজত। গৰ্ভ মোনাৰ ভিতৰত থকা ‘এম্‌নিয়াটিক ফ্লুইড’ নামৰ তৰল পদাৰ্থ বা ৰসত উপঙি থকা বিজতৰীয়া পদাৰ্থ কেনেবাকৈ গৰ্ভৱতী মাতৃৰ ৰক্তবাহী নলীৰ মাজেৰে সোমাই চলাচল কৰা ৰক্ত প্ৰবাহৰ অৱৰোধ ঘটায় তাকে কোৱা হয় ‘এম্‌নিয়টিক ফ্লুইড এম্বলিজম’ বুলি।


‘এম্‌নিয়টিক ফ্লুইড এম্বলিজম’ এই তিনিটা শব্দৰ শিৰোনামাটোৰে প্ৰসূতি বিজ্ঞানত উল্লেখিত এক ভয়ানক আৰু জটিল অৱস্থাৰ কথা বুজোৱা হৈছে। দৰাচলতে প্ৰসূতি চিকিৎসাৰ বহল পৰিসৰৰ ভিতৰত আবদ্ধ হৈ থাকি কেইজন চিকিৎসকে নিজৰ ব্যৱহাৰিক জীৱনত ‘এম্‌নিয়টিক ফ্লুইড এম্বলিজম’ নামৰ এই মাৰাত্মক ঘটনা ঘটা প্ৰসূতিৰ সন্মুখীন হৈছে তাক কোৱা টান আৰু ইয়াৰ কোনো পৰিসংখ্যাও আমাৰ হাতত নাই।

যি আছে পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ হৈ আছে। এই ঘটনা ইমানেই বিৰল। প্ৰসূতি শাস্ত্ৰৰ দুই চাৰিখন উল্লেখযোগ্য বিদেশী পাঠ্যপুথিত ইয়াৰ পৰিসংখ্যা বিৰল বুলিয়েই উল্লেখ কৰিছে। চৰম বা খাটাং অৰ্থত ক’বলৈ গ’লে দেশ ভেদে, চিকিৎসালয়ৰ অৱস্থিতি ভেদে, ২০,০০০ ৰ পৰা ৪০,০০০ মান প্ৰসৱৰ ভিতৰত এগৰাকী মাতৃৰ এনে হোৱা দেখা যায়। কিন্তু এনে অৱস্থাৰ সন্মুখীন হোৱা মাতৃ মৃত্যুৰ মুখত পৰাটোৱেই বেছি স্বাভাৱিক কথা। মৃত্যুৰ পিছত মৃত্যুৰ কাৰণ যে এম্‌নিয়টিক ফ্লুইড এম্বলিজম যে হয় তাক দহদহীয়া হৈ ক’বলৈকে মৃত দেহটোৰ পৰীক্ষা কৰিব লগা হয়। পোষ্টমৰ্টেম পৰীক্ষাৰ দ্বাৰা যদি হাওঁফাওঁ লৈ যোৱা ৰক্তবাহী পালম নাৰী ধমনীৰ ভিতৰত এম্‌নিয়টিক ফ্লুইড বা গৰ্ভমোনাৰ পানী বা পানীত থকা ভ্ৰূণৰ ছাল, চুলি নতুবা বিজতৰীয়া বস্তু পোৱা যায় তেতিয়াহে ইয়াক এম্‌নিয়টিক ফ্লুইড এম্বলিজম বুলি দৃঢ়ভাৱে ক’ব পৰা হয়।

“এম্‌নিয়টিক ফ্লুইড এম্বলিজম” ৰ দৰে বিৰল ঘটনাবিধ গৰ্ভাৱস্থাৰ যিকোনো স্তৰতে ঘটিব পাৰে। সচৰাচৰ যিবোৰ গৰ্ভত অত্যাধিক পৰিমাণৰ পানী থাকে (হাইড্ৰেম্‌নিয়াছ) আৰু দ্ৰুত প্ৰসৱবেদনা হৈ গৰ্ভাৱৰণ বা মোনাখন হঠাতে ফাটি যায় তেনে ক্ষেত্ৰত এই অৱস্থা হোৱাৰ সম্ভাৱনা থাকে। চিজাৰিয়ান ডেলিভাৰিৰ মাজতো মেমব্ৰন ফটাই দিয়াৰ লগে লগেই বা কিছু পিছত এনে হোৱাৰ আংশকা থাকে। কিন্তু পুনৰ উল্লেখ কৰিব বিচাৰিছো যে এই দুয়োক্ষেত্ৰতে এনে ধৰণৰ ঘটনা খুবেই বিৰল। ‘এম্‌নিয়টিক ফ্লুইড এম্বলিজম’ ঘটনা চকুৰ পচাৰতে নাটকীয় পৰিস্থিতিৰ দৰে ঘটিব পাৰে। লক্ষণসমূহৰ গতি সক্ৰিয় আৰু প্ৰচণ্ড গতিশীল। হঠাতে বা আচম্বিতে শৰীৰত ধৰফৰণি হয়। শ্বাস-প্ৰশ্বাস বাধাগ্ৰস্ত হৈ উশাহৰ মাত্ৰা ত্বৰান্বিত হয়। ফোঁচ-ফোঁচ শব্দ কৰি ডিঙিৰ পৰা শব্দ নিৰ্গত হয় আৰু মুখেৰে ফেন ওলাবলৈ ধৰে। নাৰীৰ গতি প্ৰথমে দ্ৰুততৰ হৈ লাহে লাহে কমি আহে। ৰক্তস্ৰাৱৰ মাত্ৰা তললৈ নামি যায় হৃদস্পণ্ডনৰ গতি কমি আহে। কোনো ক্ষেত্ৰত ৰোগীয়ে দেহাৰ মাংসপেশীবোৰ মৃগী বেমাৰীৰ দৰে কোঁচ খুৱাই দিয়ে অৱশেষত হৃদপিণ্ড আৰু হাঁওফাঁওৰ ক্ৰিয়া বন্ধ হৈ ৰোগীয়ে অকাল আৰু কৰুণ মৃত্যুক আঁকোৱালি লয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত DIC নামৰ ৰক্তবাহী নলীৰ ভিতৰত তেজ গোট মৰা বিসংগতিয়ে গা কৰি উঠে আৰু দেহত সঞ্চালিত ৰক্ত ধাৰাৰ মাজত তেজৰ চেকুৰা বা ক্লট সৃষ্টি হৈ বৃক্ক, যকৃত, হাঁওফাঁও ইত্যাদি মুখ্য অংগসমূহৰ ধমনীবোৰ বন্ধ কৰি দিয়ে? ‘এম্‌নিয়টিক ফ্লুইড এম্বলিজমৰ ক্ষেত্ৰ ৰক্তবাহী নলীৰ ভিতৰত তেজ গোট মৰা বিসংগতি হোৱাৰ ফলাফলত হঠাতে হাঁওফাঁলৈ যোৱা তেজৰ ৰক্তস্ৰাৱ বৃদ্ধি হয় আৰু হৃদপিণ্ডৰ পৰা দেহৰ অন্যান্য অংশলৈ যোৱা ৰক্তসঞ্চানতো ব্যাঘাত জন্মি হৃদপিণ্ডৰ সোঁফালটো বিকল হ’বলৈ আৰম্ভ কৰে লগে লগে হৃদপিণ্ডৰ বাঁওফালটো আলায়ক হৈ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া বিকল কৰে। তেজ আৰু অন্যান্য টিছুসমূহৰ ভিতৰত অক্সিজেন কমি যায়। সামগ্ৰিকভাৱে সকলো অংগৰ টিছুসমূহতে অক্সিজেনৰ যোগান বাধা পৰি যোৱাৰ ফলতে ধৰফৰণি লাগে। মাংসপেশী কোঁচখাই আহে অৱশেষত মানুহগৰাকীয়ে ‘চায়েনেচিচ’ বা নীলা পৰি গৈ মৃত্যুৰ মুখত পৰে।

চিকিৎসা ব্যৱস্থা

বিজ্ঞানসন্মতভাৱে চিকিৎসা কৰিবলৈ চূড়ান্ত পৰ্য্যায়ৰ চিকিৎসা কিবা আছে বুলি খাটাংকৈ মতামত দিব পৰা নাযায়। নিবাৰক ব্যৱস্থা হিচাপে প্ৰসৱৰ সময়ত জৰায়ুৰ সংকোচন তমোময় বা ভয়ানক প্ৰকৃতিৰ হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গৰ্ভ নিৰাপদ ছিডেটিভ দৰব ব্যৱহাৰ কৰিব পাৰি। ইতিমধ্যে বহু সন্তান জন্ম দিয়া মাতৃক আৰু জৰায়ুত সন্তানৰ আকৃতি বা ওজন বেছি হোৱা বুলি আগতীয়াকৈ জানিলে বিষ উঠাবলৈ জৰায়ু সংকোচক দৰব যেনে, ‘চিনটচিনন’ ৰ ব্যৱহাৰ নকৰাই ভাল।

আই ভি এমইনফইলিন আই ভি হাইড্ৰকৰ্টিচন আদি দৰবৰ ব্যৱহাৰ আৰু পজিটিভ প্ৰেছাৰ অক্সিজেন আদিৰ প্ৰয়োগেৰে বিপদৰ মাত্ৰা কমাব পাৰে। পেপেভেৰিন নামৰ দৰবেও হাঁওফাঁওৰ ওপৰত ভেছ’স্পাজ’ম বা চাপ কমাব পাৰে।

লিখক: ডা: দীনেশ শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate